এনিমেছনৰ ক্ষেত্ৰত সমগ্ৰ ভাৰততে প্ৰশংসিত মায়াবিয়াস

0

স্পাইডাৰমেন, বেটমেন, শক্তিমান আনকি ৰামায়ণ-মহাভাৰত। টেলিভিছনৰ পৰ্দাৰ বহু অনুষ্ঠানেই এতিয়া এনিমেছনৰ দখলত। হাজাৰ হাজাৰ গ্ৰাফিকেল প্ৰেজেনটেছন, বিজ্ঞাপন, চিনেমা, ক্ৰীড়া আৰু বহুতো। এই তালিকাৰ শেষ নাই। যুগটোৱেই এনিমেছনৰ। টু-ডি, থ্ৰী-ডি এনিমেছনে ভাৰ্চুৱেল ৱালত যাদুকৰী খেলা দেখুৱায়। এনিমেছনৰ বজাৰ দেশতো আছে, দেশৰ বাহিৰতো আছে-আছে সমগ্ৰ বিশ্বজুৰি। আৰু এই বাবেই এই ক্ষেত্ৰত উজ্জ্বল ভৱিষ্যৎ দেখা পাইছিল কলকাতাৰ এজন তৰুণে, নাম তেওঁৰ অখিল বন্ধু পাল।

আন ৫ জন সাধাৰণ যুৱকৰ দৰেই শুই শুই লাখ টকাৰ সপোন দেখা নাছিল অখিলে। দস্তুৰমত ৰাস্তাৰ ধূলি খাই ঘূৰি-পকি কঁপালৰ ঘাম পেলাই এটা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হ’ল এই শান্ত যুৱকজন।

জীৱনত ডাঙৰ হৈ ভাল কৰ্মী হোৱাৰ সপোন দেখিছিল অখিলে। শৈশৱত যেতিয়া তেওঁৰ বন্ধুসকল দৌৰা দৌৰিত ব্যস্ত আছিল তেতিয়া অখিলে নিজৰ ছবিৰ বহীত আঁকিছিল পালতৰা নৌকাৰ ছবি। ভাৱটো আছিল যে তেওঁ বাণিজ্যত হাত দিবই।

ইউৰেকা ফ’ৰ্বচৰ চেলচমেনৰ পৰা কেৱল প্ৰতিভা, নিষ্ঠা আৰু ইচ্ছাশক্তিৰ ওপৰত নিৰ্ভৰ কৰি এটি সংস্থা গঢ়ি তুলিব পৰাৰ বিৰল উদাহৰণ দাঙি ধৰিছে অখিলে। তেওঁ এতিয়া ছল্টলেক চেক্টৰ ফাইভৰ অন্যতম তাৰকা। টু-ডি, থ্ৰী-ডি, এনিমেছন আৰু এপ্লিকেছনৰ পৃথিৱীৰ এজন বিশ্বস্ত কাৰিকৰ। অতি কমেও কেইবাশ যুৱক-যুৱতীৰ ৰ'ল মডেল।

তথ্য-প্ৰযুক্তি তথা এনিমেশ্যন, গ্ৰাফিকেল প্ৰেজেনটেছনত তীক্ষ্ণধী অখিলৰ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস আছিল। আৰু আস্থা আছিল নিজৰ পৰিশ্ৰমৰ ওপৰত। সেই বিশ্বাসৰ ওপৰতেই নিৰ্ভৰ কৰি ২০০৭ চনত কলকাতাত মায়াবিয়াসে যাত্ৰাৰ শুভাৰম্ভ কৰে। সময়ৰ লগে লগে এই মায়াবিয়াস এতিয়া এনিমেছনৰ পৃথিৱীৰ উজ্জ্বল নক্ষত্ৰ। বিগত ৭-৮ বছৰ ধৰি এইজন উদ্যোগীৰ সকলো অভিনৱ পৰিকল্পনাই মায়াবিয়াসক নতুন উচ্চতালৈ লৈ গৈছে। সৰ্বভাৰতীয় পৰ্যায়ত প্ৰদান কৰিছে পৰিচিতি। লাভ কৰিছে প্ৰচুৰ স্বীকৃতি। লাভ কৰিছে অনেক পুৰস্কাৰে। চিনেমাৰ জগতত বিশেষ অৱদানৰ বাবে ২০১৪ত চতুৰ্থ দাদা চাহেব ফাল্কে ফিল্ম ফেষ্টিভেলত জুৰিৰ সন্মান লাভ কৰিছে এই তৰুণ শিল্পীয়ে।

প্ৰযুক্তিবিদ্যাত দক্ষ বহুজনৰ এটা দল হ’ল টীম মায়াবিয়াস। তেওঁলোকক লৈয়েই নিজৰ প্ৰতিষ্ঠানটো পৰিচালনা কৰে অখিলে। ৰিয়েল ইষ্টেট ইণ্ড্ৰাষ্টিৰ নক্সা তথা গ্ৰাফিকেল চাৰ্পোট, অত্যাধুনিক হাই এণ্ড প্ৰযুক্তি বিদ্যা, এনিমেছন, আৰ্কিটেকচাৰেল ভিজুৱেলাইজেছন তথা নতুন প্ৰজন্মৰ বাবে ডিজিটেল মিডিয়া আৰু এনিমেছনৰ প্ৰশিক্ষণ প্ৰদান কৰে মায়াবিয়াসে। অখিলে জনালে ‘‘দুবছৰৰো অধিক সময় ধৰি এই সংস্থাটোৱে অধিক সময় ধৰি তথ্য-প্ৰযুক্তিৰ নানা প্ৰজেক্টত গ্ৰাফিক্স, এনিমেছন আৰু ছফটৱেৰত দক্ষতা বৃদ্ধিত সহায় আগবঢ়াই আহিছে। আপুনি সপোন দেখক আৰু টীম মায়াবিয়াসে সঘনে সলনি হোৱা প্ৰযুক্তিৰ সৈতে তাল মিলাই সম্পূৰ্ণ নতুন উপায়েৰে তথা বজাৰৰ চাহিদাৰ কথা মনত ৰাখি তাক পূৰ্ণাংগ ৰূপ দিব। ছফটৱেৰ ডেভেলপমেণ্টত (ৱেব এপ্লিকেশ্যন, ডেস্কটপ এপ্লিকেছন) বিশেষকৈ এনিমেছন বিশেষজ্ঞ হিচাপে আমি সকলো ধৰণৰ কাম (ডিজাইন, ইমপ্লিমেন্টেশ্যন, টেষ্টিং) কৰোঁ।’’

মায়াবিয়াসে মূলতঃ এনিমেছনৰ ওপৰত গুৰুত্ব দিয়ে। মায়াবিয়াসত কি কি পাব?

• থ্ৰী-ডি এনিমেছন

• টু-ডি এনিমেছন

• থ্ৰী-ডি আৰ্কিটেকচাৰেল ভিজুৱেলাইজেছন আৰু মডেলিং কম্পোজিটিং

• থ্ৰী-ডি গ্ৰাফিক্স ডিজাইন আৰু ইলাষ্ট্ৰেছন

• ৱেবচাইট এড ডিজাইন

• ৱেব এপ্লিকেছন (ৱেবচাইট ডিজাইন, প্ৰগ্ৰেমিং)

• ডেস্কটপ এপ্লিকেছন

• প্ৰেজেনটেছন ডিজাইন

• ফটো এডিটিং

শেহতীয়াকৈ CII ডিজাইন এক্সেলেন্স এৱাৰ্ড তথা পাব্লিক ৰিলেচন ছ’চাইটি অব ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় বঁটা পাইছে মায়াবিয়াসে।

CII পূব মণ্ডলৰ ICT ছাব কমিটীৰ সদস্য হ’ল অখিল। কেৱল সেয়ে নহয়, পাব্লিক ৰিলেশ্যন ছ’চাইটি অব ইণ্ডিয়াৰ কলকাতা চেপ্টাৰৰো সদস্য। তদুপৰি নেছকমৰ সদস্য তেওঁ। পশ্চিমবংগ চৰকাৰৰ IT টাস্ক ফ’ৰ্চৰ গুৰুত্বপূৰ্ণ সদস্য হ’ল অখিল বন্ধু।

‘‘মায়াবিয়াসে যেতিয়াৰে পৰা কাম আৰম্ভ কৰিছে তেতিয়াৰে পৰা সফলতাৰে বহু প্ৰকল্প সম্পূৰ্ণ কৰিছে। নিৰ্দিষ্ট সময়ত ক্লায়েণ্টৰ হাতত কাম চমজাই দিয়া হয়। গ্ৰাহক যে আমাৰ কামত সন্তুষ্ট সেই ফিডবেকো বহুবাৰ লাভ কৰিছো।’’ গৰ্বিত অখিলে ক’লে। কাম কৰি কৰি এনিমেশ্যনৰ পৃথিৱীৰ ভৱিষ্যতে কোন দিশে আগবাঢ়িছে সেয়া অখিলে পৰিস্কাৰকৈ বুজিব পাৰিছে। সেয়ে গঢ়ি তুলিছে স্কুল অব এনিমেশ্যন এণ্ড ভিজুৱেল এফেক্ট আৰু স্কুল অব ডিজিটেল মাৰ্কেটিং। লক্ষ্য হ’ল কলকাতা, বাংগালুৰু আৰু দিল্লীৰ আগবাঢ়ি অহা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান। মায়াবিয়াসে ইতিমধ্যে ভাৰতৰ প্ৰথম ১০খন এনিমেশ্যন কলেজৰ মাজত স্থান লাভ কৰিছে।

মূল: তিয়াসা বিশ্বাস

অনুবাদ : ৰুনুমী শইকীয়া

Related Stories