প্ৰত্যাহ্বানক হাঁহিৰে গ্ৰহণ কৰিব খোজা তাপসী পান্নু

প্ৰত্যাহ্বানক হাঁহিৰে গ্ৰহণ কৰিব খোজা তাপসী পান্নু

Sunday February 07, 2016,

5 min Read

য’তে ইচ্ছা ত'তে বাট।সদায় নিজৰ অন্তৰৰ কথা শুনা এগৰাকী অভিযন্তা,মডেল আৰু অভিনেত্ৰী তাপসী পান্নুয়ে বৰ্তমান উদ্যোগশীলতাটোক এক প্ৰত্যাহ্বান হিচাপে লৈছে।

তাপসীয়ে তেওঁৰ বান্ধৱী ফাৰাহ পাৰভাৰেছ আৰু ভনীয়েক সগুন পান্নুৰ সৈতে লগলাগি দ্য ৱেডিং ফেক্টৰী গঠন কৰিছে।বিবাহ পৰিকল্পক হিচাপে তেওঁলোকে গ্ৰাহকক এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব বিচাৰিছে যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হোৱাৰ লগতে গ্ৰাহকৰ বাজেটৰ ভিতৰতে থাকিব।

image


তাপসীৰ মতে সফল বিবাহ এখনৰ ধাৰণাটো হৈছে, অতিথিসকলে আহি পৰিৱেশটো দেখি যাতে মোহিত হয় আৰু ঘূৰি যাওঁতে কেৱল খাদ্য ভাল হৈছিল অনুভৱটোকে নহয় গোটেই বিয়াখনৰে এক সুন্দৰ স্মৃতি লগত যাতে লৈ যাব পাৰে।

“প্ৰতিখন বিয়াৰে আনক ক’ব পৰাকৈ একোটা সুকীয়া কাহিনী থাকে বুলি আমি বিশ্বাস কৰোঁ,” তাপসীয়ে এইদৰে ক’লে।

য়’ৰ ষ্টৰীয়ে তাপসীৰ সৈতে তেওঁৰ এই যাত্ৰাৰ সম্পৰ্কে কথা পাতিছিল আৰু তেওঁৰ উদ্যোগশীলতাৰ পৃথিৱীখনৰ বিষয়ে কিছু উমান ল’বলৈ চেষ্টা কৰিছিল।

সোঁতৰ লগত কৰা গতি

দিল্লীতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা তাপসীয়ে ২০১০ চনত চলচিত্ৰ জগতত খোজ পেলায়।তাপসীৰ মতে তেওঁ অত্যন্ত সক্ৰিয় শিশু আছিল, যিয়ে সকলো ধৰণৰ বাহিৰত খেল খেলিছিল, কিন্তু ঘূৰি আহি পুনৰ কিতাপ মেলি লৈছিল আৰু পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।বিভিন্ন ধৰণৰ কামত ব্যস্ত থকাৰ বাবে, তেওঁ প্ৰায়েই শ্ৰেণীত অনুপস্থিত থাকিছিল।শ্ৰেণীত সদায় নিজৰ পছন্দ অনুযায়ী প্ৰথম বেঞ্চত বহা তাপসীৰ শিক্ষকসকলৰ সৈতে ভাল-বেয়া দুইধৰণৰ সম্পৰ্কই আছিল।শ্ৰেণীত উপস্থিতিৰ সংখ্যা কম হ’লেও তেওঁ লাভ কৰা ভাল নম্বৰৰ বাবে সেয়া তল পৰি থাকিছিল।

“মই নৃত্য কৰি আৰু ৰাজহুৱা ভাষণ দি ভালপাইছিলো, কিন্তু ইঞ্জিনিয়াৰিং পঢ়িবলৈ আহি কথাবোৰ সলনি হৈ থাকিল।মই এইবাৰ মডেলিং কৰিবলৈ ল’লো,যাতে কিছু অতিৰিক্তভাৱে উপাৰ্জন কৰি বজাৰ কৰিব পাৰো বা হলত চিনেমা চাব পাৰো।”

তেওঁৰ ছমহীয়া মডেলিঙৰ অভিজ্ঞতাই তেওঁলৈ আত্মবিশ্বাস আনি দিলে যে, তেওঁ স্বাধীনভাৱেও কিবা কৰিব পাৰে আৰু তেওঁ যি ধৰণেৰে জীৱনটো যাপন কৰিব খুজিছে সেয়া তেওঁ কৰিব পাৰে।তদুপৰি তেওঁ এয়াও বুজি উঠিল যে,তেওঁ নিয়নীয়াকৈ পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৫ বজালৈকে চাকৰি কৰিব নোৱাৰে, সেয়ে তেওঁ বিখ্যাত ইনফচিছৰ চাকৰি ত্যাগ কৰি এমবিএ কৰাৰ কথা ভাৱিলে।

কিন্তু ভাগ্যই তেওঁৰ বাবে আন ধৰণেৰে কথাবোৰ থিক কৰি থৈছিল।দক্ষিণৰ চলচিত্ৰ পৰিচালকৰ পৰা তেওঁলৈ চিনেমাত অভিনয় কৰাৰ বাবে প্ৰস্তাৱ আহিল আৰু তাৰ পাছৰে পৰা তেওঁ পিছলৈ উভতি চাব লগা হোৱা নাই।তেওঁ ইতিমধ্যে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ ১৭ খন চিনেমাত অভিনয় কৰিলে।

“মই মোৰ জীৱনৰ পৰিকল্পনা কৰিবলৈ বাদ দিলো,কাৰণ মই ভৱাৰ দৰে কথাবিলাক হৈ নুঠেগৈ।অৱশ্যে,ইয়াৰ বাবে মোৰ কোনো অভিযোগ নাই, যিহেতু ভাগ্যই সদায় মোৰ বাবে সৌভাগ্যই কঢ়িয়াই আনিছে।মই মাথোঁ সোঁতৰ গতিৰ সৈতে গতি মিলাই গৈ আছো।”

দ্য ৱেডিং ফেক্টৰী

‘দ্য ৱেডিং ফেক্টৰী’ আৰম্ভ কৰাটোও সোঁতৰ সৈতে যোৱাৰে এটা সিদ্ধান্ত আছিল,যিটো তেওঁ স্বাধীনভাৱে আৰু সৰলভাৱে কৰিব পাৰিব বুলি ভাৱিছিল যিহেতু তেওঁ অভিনয়ৰ কেৰিয়াৰৰ জৰিয়তে বহুতো মানুহৰ সৈতে চিনা-পৰিচয় আছে।

এই ক্ষেত্ৰখনলৈ তাপসী আকৰ্ষিত হোৱাৰ মূলতে হ’ল বিবাহ এনেকুৱা এক অনুষ্ঠান য’ত মন্দাৱস্থা হোৱাৰ কোনো শংকা নাথাকে।ই এনে এক ক্ষেত্ৰ যিয়ে কেৱল সৃষ্টিশীলতাই নহয়,ইয়াৰ সৈতে স্মাৰ্ট আৰু কৌশলী চিন্তাও জড়িত হৈ থাকে আৰু ইয়াক কাৰ্যকৰী কৰিবৰ বাবে ঠাইও পোৱা যায়।

তেওঁলোকৰ ব্যাৱসায়িক মন্ত্ৰটো হৈছে,“গ্ৰাহকৰ বাজেট অনুযায়ী কাম কৰা,কাৰণ আমি গ্ৰাহকক আমাৰ দাবীবোৰ জাপি দি তেওঁলোকৰ খৰচ বঢ়াব নোখোজো।” আৰু এইটোৱে তেওঁলোকৰ গ্ৰাহক বৃদ্ধি কৰাত সহায় কৰিছে।

ত্ৰিমূৰ্তি

বাঁওফালৰ পৰা ক্ৰমে সাগুন,তাপসী আৰু ফাৰাহ

বাঁওফালৰ পৰা ক্ৰমে সাগুন,তাপসী আৰু ফাৰাহ


সহযোগী দুগৰাকীৰ কথা ক’বলৈ গৈ তাপসীয়ে ক’লে যে,“ফাৰাহে এই ক্ষেত্ৰখনত কাম কৰা কিছু বছৰ হ’ল।তেওঁক মই যোৱা ৮ বছৰ ধৰি জানো আৰু এই সময়ছোৱাতে মই গম পাই গৈছো যে, তেওঁ অত্যন্ত সৃষ্টিশীল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী।মোৰ ভণ্টি সগুনৰ ইভেণ্ট মেনেজমেণ্টৰ অভিজ্ঞতা আছে।সেয়ে তেওঁলোক দুয়ো মোৰ প্ৰথম পছন্দ।”

এক মিশ্ৰিত সংস্কৃতিত ডাঙৰ-দীঘল হোৱা ফাৰাহ পাৰভেছ পেছাগত হিচাপে এগৰাকী চিত্ৰ-নাট্যকাৰ।আনহাতে, সগুন পান্নু দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ স্নাতক আৰু মুম্বাইৰ চোফিয়া কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰীও গ্ৰহণ কৰিছে।তেওঁৰ মাৰ্কেটিং আৰু পৰিকল্পনা কৌশলৰ লগতে ডেকৰেশ্যন কৰাত থকা আগ্ৰহে গোটেই দলটোকে শক্তি যোগাইছে।

ইফালে তাপসী সৃষ্টিমূলক সিদ্ধান্ত আৰু মাৰ্কেটিঙৰ লগত জড়িত থাকে।তেওঁ সাধাৰণতে বস্তুবোৰ কাৰ্যকৰী কৰা কামত জড়িত নাথাকে, সেয়ে অভিনয়ৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ যথেষ্ট সময় পায়।

তিনিওৰে অভিজ্ঞতা, যোগাযোগ আৰু কৌশলৰ সংমিশ্ৰণে দলটোলৈ বৈচিত্ৰ কঢ়িয়াই আনিছে,যাক তাপসীয়ে এইদৰে দৰ্শাইছে, “এই গোটেইখিনিয়ে আমাক গ্ৰাহকক ভাল কিবা এটা দিয়াত সহায় কৰিছে।”

আকাশখনেই হৈছে সীমা

তাপসীৰ মতে, যদি এগৰাকী মহিলাই নিজৰ প্ৰতিভা বিকাশ কৰিব খোজে,তেন্তে তেওঁৰ বাবে আকাশখনেই হৈছে সীমা।সদায় প্ৰত্যাহ্বান গ্ৰহণ কৰি ভালপোৱা আৰু তেওঁৰ প্ৰতি মানুহে কৰা পূৰ্বানুমানক সদায় ভুল প্ৰমাণিত কৰি অহা তাপসীয়ে ভালদৰেই জানে তেওঁৰ কাৰণে কি ভাল আৰু কি বেয়া।আনকি চলচিত্ৰৰ জগতখনলৈ যাঁওতেও তাপসীয়ে জানিছিল যে, দেউতাকে নিশ্চয় তেওঁৰ পৰা এয়া আশা কৰা নাছিল।কিন্তু দেউতাকৰ সৈতে থকা সুন্দৰ সম্পৰ্কৰ বাবে তেওঁৰ কাৰণে এয়া এক সুন্দৰ অনুভৱ হৈ ৰ’ল।

ৰাণীৰ দৰে জীয়াই থাকা

“জীৱনত ৰাণীৰ দৰে জীয়াই থাকা,”তাপসীয়ে এইদৰে কৈ ক’লে, “আপুনি যি কামেই নকৰক কিয়, কামটো কৰি যাতে আপুনি সুখী হয় আৰু দিনটোৰ অন্তত নিচিন্ত মনে শুব পাৰে,কাৰণ এইবিলাকৰ কাৰণেই আচলতে আমি ইমান কষ্ট কৰোঁ।”

তাপসীয়ে ব্যস্ততাময় জীৱনৰ পৰা অকণমান আহৰি পালেই ফুৰিবলৈ যায়।ভ্ৰমণে তেওঁক নতুন নতুন ঠাই চোৱা আৰু ভাগৰুৱা আত্মাক পুনৰ উদ্যমী কৰি তোলাত সহায় কৰে।আৰু যেতিয়াই তেওঁ দোধোৰ-মোধোৰ অৱস্থাত পৰে, তেতিয়াই তেওঁ এবাৰ পাছলৈ উভতি চায় আৰু তেওঁ কৰি অহা যাত্ৰাটোক এবাৰ ফহিঁয়াই চায়-তেওঁ ক’ত আছিল আৰু আজি ক’ত আহি পালেহি।“এই কামটোৱে মোৰ মনত বিশ্বাস জন্মায় যে, গৈ থকা কামটো ইমান কঠিন নহয়।আপোনাৰ যি আছে, তাৰ পৰাই প্ৰেৰণা লওক আৰু আপোনাৰ হাতত যি নাই, তাৰ বাবে কেতিয়াও হতাশ নহ’ব।”

মূলঃ তন্বী ডুবে

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী