বিশ্বৰ চাৰিটা বৃহৎ কোম্পানীৰ উত্থানৰ কাহিনী

0

এটা নতুন ব্যৱসায়ৰ আৰম্ভণিতে কিহৰ প্ৰয়োজন? অভিনৱ চিন্তা? এটা সুন্দৰ টীম? অথবা প্ৰচুৰ ধন? এই সকলোৰে ঊৰ্ধ্বত প্ৰয়োজন হোৱা বস্তুটো হৈছে বিশ্বাস। বিশ্বাসেই সকলো সমস্যাৰ সহজ সমাধানৰ পথ। বহু ক্ষেত্ৰত ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ উত্থানৰ কাহিনী সঁচাকৈয়ে অবিশ্বাস্য। আহক, তেনেকুৱা কেইটামান কাহিনীতেই অৱলোকন কৰোঁ।

১. ফ্ৰেড স্মিথ, ফেডাৰেল এক্সপ্ৰেছ


ফ্ৰেড স্মিথে ১৯৬৫ চনত য়েল বিশ্ববিদ্যালয়ত স্নাতক সম্পূৰ্ণ কৰিব নোৱাৰিলে। পঢ়ি থকাৰ সময়ছোৱাত তেওঁ আমেৰিকাত ব্যৱহৃত মালগাড়ী সম্পৰ্কে তথ্য আহৰণ কৰে। সেই সময়ছোৱাত তেওঁ এটা কথা মন কৰিছিল যে আমেৰিকাত এঠাইৰপৰা আন ঠাইলৈ বস্তুৰ অনা-নিয়াৰ ক্ষেত্ৰত জলপথে গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে। আনহাতে সৰু সামগ্ৰীবোৰ ট্ৰাকেৰে আৰু অত্যাৱশ্যকীয় সামগ্ৰীবোৰ অনা-নিয়াৰ বাবে বিমানৰ ব্যৱহাৰ কৰা হৈছিল। তেওঁ এই ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ সিদ্ধান্ত লয় আৰু এনেদৰেই ১৯৭১ চনত এটা ব্যক্তিগত প্ৰতিষ্ঠান স্থাপন কৰে। কিন্তু তিনি বছৰৰ কঠোৰ পৰিশ্ৰমৰ পাছতো তেওঁৰ কোম্পানী ফেডাৰেল এক্সপ্ৰেছ দেৱলীয়া ঘোষিত হ’ল। তেলৰ আকাশলংঘী দামেই আছিল ইয়াৰ কাৰণ। যাৰ বাবে কোম্পানীটোৱে এমাহতে এক মিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছিল। স্মিথে ধন যোগাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল কিন্তু সকলোতে তেওঁ নিৰাশ হ’বলগীয়া হ’ল।

এনে পৰিস্থিতিত যিকোনো ব্যক্তিয়ে নিজৰ প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়। কিন্তু স্মিথে হাৰ নামানিলে আৰু উচ্চশিৰ হৈ থিয় দি থাকিল। কিবা এটা কৰাৰ প্ৰবল ইচ্ছাৰে তেওঁ উপস্থিত হ’ল লাছ ভেগাছত আৰু নিজৰ হাতত জমা থকা পাঁচ হাজাৰ ডলাৰ পণ হিচাপে লগাই দিলে। ইয়াৰ পিছত ফেডাৰেল এক্সপ্ৰেছৰ বহীত ৩২ হাজাৰ ডলাৰ জমা হ’ল। এই ধনেৰে কোম্পানীৰ জাহাজত তেল ভৰোৱাই নহয়, কোম্পানীৰ কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈও সক্ষম হ’ল। শীঘ্ৰেই কোম্পানীটোৱে বিনিয়োগো লাভ কৰিলে। বৰ্তমান ফেডাৰেল এক্সপ্ৰেছে ২২০তকৈ অধিক দেশত ব্যৱসায় চলাই আছে আৰু বছৰি আয় হ’ল ৪৫ বিলিয়ন ডলাৰ।

২. ফাৰুশ্বিঅ’ লেম্ব’ৰ্গিনী, লেম্ব’ৰ্গিনী


বাস্তৱিকতে ফাৰুশ্বিঅ’ আছিল এজন কৃষক, যিয়ে ট্ৰেক্সৰো নিৰ্মাণ কৰিছিল। তেওঁৰ ব্যৱসায় যথেষ্ট ভাল চলিছিল আৰু তেওঁ আছিল ইটালীৰ ধনী ব্যক্তিসকলৰ মাজৰ এজন। অন্য কেইবাখনো কাৰৰ লগতে তেওঁৰ এখন ফেৰাৰীও আছিল, যিখন প্ৰায়েই বেয়া হৈ থাকে। পেছাত এজন মেকানিক ফাৰুশ্বিঅ’ই নীৰিক্ষণ কৰি গম পালে যে ফেৰাৰীত যি ক্লাটছ্ ব্যৱহাৰ কৰা হয় সেয়া তেওঁ ট্ৰেক্টৰতো ব্যৱহাৰ কৰিছে। ক্লাটছৰ সমস্যা কেৱল তেওঁৰেই নাছিল, তেওঁৰ চিনাকি যিসকলৰ ফেৰাৰী আছিল তেওঁলোকেও একেই সমস্যাত ভাৰাক্ৰান্ত আছিল। ফাৰুশ্বিঅ’ই যেতিয়া কাৰত থকা সমস্যা সমূহ দূৰ কৰিবলৈ যেতিয়া মেকানিকৰ কাষ চাপে, লগে লগে মেকানিকে সমস্যা সমাধান কৰি দিয়ে নাইবা নতুন ক্লাটছ্ লগাই দিয়ে। তথাপি গাড়ীখন যেতিয়া তীব্ৰ বেগত চলোৱা হয়, প্ৰতিবাৰেই ক্লাটছডালৰ পিছল হৈ অচল হৈ পৰে। বাৰে বাৰে মেকানিকৰ কাষ চপাত তেওঁৰ সময়ৰ যথেষ্ট লোকচান হয়। তেতিয়া তেওঁ সিদ্ধান্ত ল’লে তেওঁ এই সমস্যা সম্পৰ্কে এঞ্জো ফেৰাৰীৰ সৈতে কথা পাতিব। কিন্তু ইয়াৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। যেতিয়া ফাৰুশ্বিঅ’ই এঞ্জো ফেৰাৰীৰ সৈতে কথা পাতিলে তেওঁক কোৱা হ’ল তোমাৰ গাড়ীখন বেয়া হৈ পৰিছে। খঙত অগ্নিশৰ্মা হৈ এঞ্জো ফেৰাৰীয়ে ফাৰুশ্বিঅ’ক ক’লে তুমি ট্ৰেক্টৰ চলোৱাৰহে যোগ্য। ফেৰাৰীৰ দৰে অন্য কাৰবোৰৰ ব্যৱহাৰেই নাজানা। এই কথাষাৰে ফাৰুশ্বিঅ’ক চুই গ’ল। তেতিয়াই তেওঁ এখন অত্যাধুনিক কাৰ নিৰ্মাণৰ সিদ্ধান্ত ল’লে। আৰু এনেদৰেই আমি লাভ কৰিলোঁ এক অত্যাধুনিক কাৰ লেম্ব’ৰ্গিনী।

৩. কৰ্ণেল ছেণ্ডাৰ্ছ, কেণ্টৰী ফ্ৰাইড চিকেন


৬৫ বছৰ বয়সত কৰ্ণেল ছেণ্ডাৰ্ছে সামাজিক সুৰক্ষা চেক হিচাপে ৯৯ ডলাৰ লাভ কৰে। সেই সময়ত তেওঁ বস্তুবোৰলৈ পৰিৱৰ্তন অনাৰ চিন্তা কৰে। তেওঁ প্ৰস্তুত কৰা চিকেন তেওঁৰ বন্ধুবৰ্গৰ মাজত অতি প্ৰিয় আছিল। তেওঁ এই কামটো পেছা হিচাপে লোৱাৰ সিদ্ধান্ত লয়। তেওঁ কেণ্টকী চহৰ এৰি আমেৰিকাৰ অন্য ঠাইলৈ যাত্ৰা কৰে আৰু নিজৰ আইডিয়া আনকো বিক্ৰী কৰাৰ চেষ্টা কৰে। তেওঁ বহুকেইখন ৰেস্তোঁৰাৰ স্বত্বাধিকাৰীক অৱগত কৰে যে তেওঁৰ চিকেন প্ৰস্তুত কৰাৰ বিশেষ বিধি আছে। তেওঁলোকক এই বিধিটো বিনামূলীয়াকৈ শিকাব কিন্তু তাৰ পৰিৱৰ্তে যিমান বিক্ৰী হয় সেই ধনৰ এটা অংশ তেওঁক আদায় দিব লাগিব। কিন্তু এই ক্ষেত্ৰত তেওঁ বিফল হ’ল। এই চিন্তাৰে তেওঁ এহেজাৰ ব্যক্তিৰ কাষ চাপে কিন্তু তেওঁ সকলো ঠাইতে তেওঁ নিৰাশ হয়। এনেদৰে ১০০৯গৰাকী ব্যক্তিৰ কাষ চপাতহে তেওঁ প্ৰথমবাৰৰ বাবে সফলতা লাভ কৰিলে। এই সফলতাৰ পাছত কৰ্ণেল ছেণ্ডাৰ্ছে কেৱল নিজৰ দেশতেই নহয়, সমগ্ৰ বিশ্বতেই খোৱাৰ ৰুচিলৈ পৰিৱৰ্তন আনে। যি আজি জনপ্ৰিয় কেণ্টকী ফ্ৰাইড চিকেন, কে এফ চি নামেৰে।

৪. ছ’ইচিৰ’ হোণ্ডা, হোণ্ডা মটৰ কোম্পানী


ছ’ইচিৰ’ হোণ্ডাই এটা গেৰেজত মেকানিক হিচাপে কাম কৰিছিল। তেওঁৰ কাম আছিল ৰেচিঙৰ বাবে অনা কাৰবোৰ টিউন কৰা। হোণ্ডাই ১৯৩৭ চনত টোকাই ছেখি নামৰ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল, য’ত পিষ্টনত অংশ নিৰ্মাণ কৰা হৈছিল। কোম্পানীত নিৰ্মাণ কৰা পিষ্টনৰ অংশ টয়’টা কোম্পানীক যোগান ধৰা হৈছিল। কিন্তু বেয়া মানৰ বাবে টয়’টা কোম্পানীয়ে ল’বলৈ বাদ দিলে। ইয়াৰ পিছতে কোম্পানীটোৱে টয়’টাৰ কোৱালিটী কণ্ট্ৰ’ল পদ্ধতিৰ বিষয়ে বুজি ল’লে আৰু ১৯৪১ চনৰপৰা হোণ্ডাই পুনৰ বৃহৎ মাত্ৰাত পিষ্টনৰ অংশ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰি দিলে। টয়’টা কোম্পানীয়ে ইয়াৰ ব্যৱহাৰ পুনৰ আৰম্ভ কৰি দিলে। টয়’টাই টোকাই ছেখিৰ ৪০ শতাংশ অংশীদাৰিত্ব নিজৰ হাতলৈ আনিলে কিন্তু হোণ্ডাই অধ্যক্ষ পদৰপৰা জ্যেষ্ঠ প্ৰবন্ধন নিৰ্দেশক পদলৈ নিজৰ হাতত ৰাখিলে। ১৯৪৪ চনৰ যুদ্ধত টোকাই ছেখিৰ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিল। ইয়াৰ পিছত হোণ্ডাই এই কোম্পানী টয়’টাৰ ওচৰত বিক্ৰী কৰি দিলে। পৰৱৰ্তী সময়ত ছ’ইচিৰ’ হোণ্ডাই ১৯৪৬ চনত হোণ্ডা প্ৰযুক্তি অনুসন্ধান সংস্থাৰ সূচনা কৰিলে। প্ৰাৰম্ভিকভাৱে ১২জন লোকৰ সহযোগিতাত ১৭২ বৰ্গফুটৰ এটা কোঠাত কাম আৰম্ভ কৰি দিলে। য’ত তেওঁলোকৰ টীমটোৱে এক বিশেষ বাহন নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। বিশেষকৈ তেওঁলোকে এনে এক মটৰ নিৰ্মাণ কৰিলে যিটো গ্ৰাহকে চাইকেলতো ব্যৱহাৰ কৰিব পাৰে। কম সময়ৰ ভিতৰতে হোণ্ডা মটৰ কোম্পানী ডাঙৰ হৈ পৰিল আৰু ১৯৬৪ চনলৈ বিশ্বৰ সৰ্ববৃহৎ মটৰচাইকেল নিৰ্মাণ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল কোম্পানীটো। ইয়াৰ পিছত হোণ্ডাই পিক-আপ ট্ৰাক আৰু কাৰৰ বজাৰতো ভৰি থ’লে। আজি এই কোম্পানীটো টয়’টাৰ বাবেও প্ৰত্যাহ্বান।

নিঃসন্দেহে এইবোৰ কোম্পানী আজি যিটো পৰ্যায় পাইছে, সেই স্থানত উপনীত হ’বলৈ কেইবাদশকো সময়ৰ প্ৰয়োজন হৈছে। কিন্তু ইয়াৰ প্ৰতিষ্ঠাতাসকলৰ দূৰদৰ্শী চিন্তা আছিল আৰু নিজৰ চিন্তাক লৈ তেওঁলোকৰ বিশ্বাসো আছিল। ডাঙৰ কথাটো হৈছে তেওঁলোকৰ দূৰদৰ্শী চিন্তাক বাস্তৱত ৰূপায়িত কৰিবলৈ তেওঁলোকে কামতো আত্মনিয়োগ কৰিছিল।


মূলঃ হৰিষ বিষ্ট

অনুবাদঃ ৰুবুল দাস

Related Stories