বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী

এজন বিদেশীয়ে ভাৰতক কৰা ইতিকিঙৰ পোতক তুলিবলৈ তেওঁ সমগ্ৰ বিশ্বকে দিলে এক উপহাৰ.... যি বৈপ্লবিক পৰিৱৰ্তন আনিলে বিশ্বৰ বায় ফাৰ্মা ক্ষেত্ৰখনলৈ ...,, সমগ্ৰ বিশ্বৰ বহু দেশক সকাহ দিয়া তেওঁৰ উদ্ভাৱনক পিছে ভাৰতৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাই স্বীকৃতি দিলে বহু পলমকৈ ... শান্তা বায়টেকনিক্সৰ প্ৰতিষ্ঠাতা ৱৰপ্ৰসাদ ৰেড্ডিৰ উপন্যাসোপম কাহিনী.... 

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী

Friday May 27, 2016,

10 min Read

তেওঁ আছিল এজন ইলেক্ট্ৰনিক্স অভিযন্তা, বৈজ্ঞানিক । সততা আৰু দেশপ্ৰেম যাৰ শিৰাই শিৰাই । দুৰ্নীতি, ভ্ৰষ্টাচাৰ যি সহ্য কৰিব নোৱাৰিছিল । কৰদাতা আৰু সাধাৰণ জনতাৰ ধনৰ ওপৰত চলা লুন্ঠন আৰু দুৰ্নীতিত অতিষ্ঠ হৈ দুবাৰ চৰকাৰী চাকৰি এৰি দিলে তেওঁ । প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু দ্বিতীয়বাৰ ৰাজ্য চৰকাৰৰ । ভৱিষ্যতে আৰু কেতিয়াও চাকৰি নকৰি এজন উদ্যোগী হোৱাৰ সিদ্ধান্ত লৈ পেলাইছিল তেওঁ । এটা মৃতপ্ৰায় প্ৰতিষ্ঠানত বিনিয়োগ কৰি তাক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাত নামি পৰিল তেওঁ । নতুন নতুন ব্স্তু উৎপাদন আৰু উদ্ভাৱনেৰে প্ৰতিষ্ঠানটোক নতুন পৰিচয় দিয়াৰ লগতে বিভিন্ন পুৰষ্কাৰ দিয়াবলৈ সক্ষম হ'ল তেওঁ । কিন্তু সেই প্ৰতিষ্ঠানটোত হোৱা অনিয়মৰ বিৰোধিতা কৰাৰ অপৰাধত তেওঁক তাৰপৰা বহিষ্কাৰ কৰা হ'ল । কপালৰ ঘাম মাটিত পেলাই গঢ় দিয়া কোম্পানীটোৰপৰা এইদৰে বহিষ্কৃত হৈ অশান্ত হৈ পৰিল তেওঁ । কি কৰিব কি নকৰিব ভাবি নোপোৱা হ'ল । চাকৰিয়েই কৰিব নে পুনৰ ব্যৱসায়ত ধৰিব নে গাঁৱলৈ গৈ খেতি কৰিব এইবোৰ ভাবি থকাৰ মাজতে জেনেভালৈ এজন আত্মীয়ৰ ঘৰলৈ গ'ল তেওঁ । তাতেই বিশ্ব স্বাস্থ্য সংস্থাৰ এখন সমাবেশত ভাগ লবলৈ গৈ তেওঁৰ জীৱনৰ গতি সলনি হৈ গ'ল । এজন বিদেশীয়ে ভাৰতীয় মানুহৰ বিষয়ে অত্যন্ত অপমানজনক কথা কিছুমান ক'লে । তেওঁ ক'লে যে ভাৰতীয় মানুহ ভিক্ষাৰী আৰু ভিক্ষাৰ জোলোঙা লৈ তেওঁলোকে পশ্চিমীয়া দেশৰ আগত হাত পাতেগৈ । এই কথা শুনি বৈজ্ঞানিকজন যথেষ্ট আহত হ'ল আৰু তেওঁ প্ৰতিজ্ঞা কৰিলে এই অপমানৰ পোতক তেওঁ ল'ব । বিশ্বক দেখুৱাব ভাৰতৰ শক্তি কিমান । ভাৰতলৈ উভটি আহি তেওঁ যি কাম কৰিলে তাৰপৰা অকল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে মানুহৰ উপকাৰ হ'ল । তেওঁ প্ৰস্তুত কৰা চিটা ব্যৱহাৰ কৰি পৃথিৱীৰ কোটি কোটি শিশু এক ভয়ানক ৰোগৰপৰা হাত সাৰিবলৈ সক্ষম হ'ল । আনকি পশ্চিমীয়া দেশেও আমদানি কৰিবলৈ ধৰিলে এই চিটা । তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ভাৰত ভিক্ষাৰীৰ দেশতো নহয়েই বৰঞ্চ দানী দেশহে । 

image


এই বৈজ্ঞানিকজন হৈছে শান্তা বায়টেকনিক্সৰ প্ৰতিস্থাতা ৱৰপ্ৰসাদ ৰেড্ডি যি হেপাটাইটিছ বি আৰু অন্যান্য মাৰাত্মক বেমাৰৰ চিটা সমগ্ৰ বিশ্বক অতি কম দামত উপলব্ধ কৰোৱালে । ইয়াৰ পূৰ্বে এই চিটা কেৱল ধনীক শ্ৰেণীৰ লোকেহে কিনিব পাৰিছিল । কিন্তু ৰেড্ডিৰ প্ৰচেষ্টাত এই চিটা সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিবপৰা হ'ল । এই অৱদানৰ কাৰণে তেওঁক ২০০৫ চনত দেশৰ চতুৰ্থ উচ্চতম সন্মান পদ্ম ভূষণেৰে সন্মানিত কৰা হয় । 

হায়দৰাবাদৰ তেখেতৰ বাসভৱনত হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয়, 'মই মোৰ সম্পৰ্কীয় ভাতৃ এজনৰ সৈতে জেনেভালৈ গৈছিলো । বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিশেষ সন্মিলনত তেওঁ এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰিছিল । এই সন্মিলনৰ বিষয়বস্তু আছিল চিটাৰ প্ৰয়োজনীয়তা । মই ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰ আছিলো আৰু এই বিষয়টো মোৰ বাবে নতুন আছিল । ইয়াতেই প্ৰথমবাৰৰ বাবে মই হেপাটাইটিছ বিৰ কথা শুনোঁ । মই ইয়াকো শুনিলো যে ভাৰতত পাঁচ কোটি মানুহ এই বেমাৰত আক্ৰান্ত । চীনতে এই সংখ্যা আছিল চাৰে পাঁচ কোটি । সেই সময়ত অৰ্থাৎ নব্বৈৰ দশকত এই চিটা মাত্ৰ দুখন দেশত বনোৱা হৈছিল আৰু ই কেৱল ধনী মানুহেহে ঢুকি পাব পাৰিছিল । মই যিহেতু কামৰ সন্ধানত আছিলো সেয়েহে মই সিদ্ধান্ত ল'লো যে এই চিটা মই ভাৰততে বনাম আৰু কম দামত সাধাৰণ মানুহে পোৱাৰ ব্যৱস্থা কৰিম ।' 

নিজৰ লক্ষত উপনীত হবলৈ তেওঁ সকলো চেষ্টা আৰম্ভ কৰিলে কিন্তু পদে পদে সমস্যাৰ সন্মূখীন হ'ল । হেপাটাইটিছ বি ভাইৰাছৰ চিটা প্ৰস্তুতকৰণৰ প্ৰযুক্তি বুজিবলৈ আৰু তাক ভাৰতলৈ আনিবলৈ যেতিয়া তেওঁ চেষ্টা কৰিলে তেতিয়া এজন বিদেশীয়ে কোৱা তিনিটা কথাই তেওঁক ভালকৈয়ে বিন্ধিলে । বিদেশীজনে ক'লে যে ভাৰত ভিক্ষাৰীৰ দেশ আৰু সদায় পশ্চিমীয়া দেশ সমূহৰ ওপৰত নিৰ্ভৰশীল । 'আমি কেতিয়ালৈকে তোমালোকৰ দায়িত্ব লৈ থাকিম ?' তেওঁ প্ৰশ্ন কৰিছিল । ২য় কথাটো তেওঁ কৈছিল যে ভাৰতক এই প্ৰযুক্তি দিলেও ভাৰতীয় বিজ্ঞানীয়ে এই প্ৰযুকিত বুজি পাওঁতেই বছৰ বছৰ লাগি যাব । আৰু তৃতীয়তে তেওঁ এটা ঘৃণনীয় কথা ক'লে । তেওঁ ক'লে যে ভাৰতত কোটি কোটি মানুহ আছে গতিকে কেইহাজাৰমান শিশুৰ মৃত্যু হ'লেও কোনো লোকচান নাই । 

image


এই কথাকেইটা শুনাৰ পাছত মূৰৰ ভিতৰত যেন জুই একুৰা লৈহে ভাৰতলৈ উভতিল ৱৰপ্ৰসাদ ৰেড্ডি । স্থাপন কৰিলে শান্তা বায়টেকনিক্স । সমূখত আছিল বিশাল প্ৰত্যাহ্বান । 

সেই সময়ত ভাৰতত এটাও বায়' ফাৰ্মা প্ৰতিষ্ঠান নাছিল । কলেজ সমূহত বায়'টেকনলজী পঢ়োৱা হৈছিল কিন্তু এই ক্ষেত্ৰত কাম বিশেষ হোৱা নাছিল । সেই কাৰণে তেওঁৰ সন্মূখত প্ৰথম যিটো সমস্যাই দেখা দিলে সেইটো হ'ল দক্ষ কৰ্মদলৰ অভাৱ । সেয়েহে তেওঁ এনে লোক নিৰ্বচনত গুৰুত্ব দিলে যাৰ শিকাৰ আগ্ৰহ, স্বাভিমান আৰু দেশভক্তি প্ৰৱল কিয়নো তেনে লোকক কাম শিকাই বুজাই লবলৈ সহজ । 

কোনোমতে মিজৰ আঠষষ্ঠি লাখ টকাৰ সৈতে আনৰপৰা কিছু বিনিয়োগ আনি এক কোটি নব্বৈ লাখ টকাৰ পুঁজি জমা কৰিবলৈ সক্ষম হ'ল তেওঁ। কিন্তু ব্যাপক হাৰত গৱেষণাৰ বাবে এই টকা একোৱেই নাছিল । 

ৰেড্ডিয়ে কয়, 'যিহেতু আমাৰ উদ্দেশ্য সৎ আছিল সেয়েহে ভগৱানে আমাক সহায় কৰিলে । ওমানৰ বিদেশ মন্ত্ৰীয়ে আমাৰ প্ৰকল্পটো ভাল পালে আৰু নিজে গেৰান্টি লৈ ওমানৰ পৰা দুই কোটি টকাৰ বিনিয়োগ আমাক দিয়ালে । 

ৰেড্ডিয়ে আজিও ভীষণ অসন্তুষ্টিৰে সোঁৱৰে কিদৰে ভাৰতীয় বেংক সমূহে তেওঁৰ প্ৰকল্পৰ প্ৰতি অনীহা দেখুৱাইছিল । বিশেষকৈ ভাৰতীয় বিত্তীয় নিগম আৰু ইন্ডাষ্ট্ৰিয়েল ডিভেলপমেন্ট বেংক অৱ ইণ্ডিয়াক লৈ তেওঁ বেছি ধৰণে অসন্তুষ্ট । ৰেড্ডিৰ মতে এই প্ৰতিষ্ঠান দুটাৰ কৰ্তব্য আছিল ভাৰতীয় ভাৰতত নতুন উদ্যোগ বিশেষকৈ গৱেষণামূলক প্ৰতিষ্ঠানক উদগণি যোগেৱা কিন্তু বাস্তৱত এই প্ৰতিষ্ঠানকেইটাৰ ভূমিকা আছিল ওলোটা । 

বেংক বিষয়াসকলে তেওঁক অদ্ভুত প্ৰশ্ন কৰিছিল । এজন ইলেক্ট্ৰনিক্স ইঞ্জিয়াৰে বায় টেক প্ৰতিষ্ঠান কেনেকৈ চলাব ? ভাৰতত বায়টেক আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ কি কাম ? এইবোৰ আছিল তেওঁলোকৰ আপত্তি । কোনো কোনো বেংক বিষয়াই তেওঁক প্ৰশ্ন কৰিছিল যে ভাৰতত চিটাৰ চাহিদা কিমান ? উত্তৰত তেওঁ কৈছিল- ভাৰতত প্ৰতি বছৰে আঢ়ৈ কোটি শিশু জন্ম হয় আৰু তেওঁলোকক তিনিবাৰকৈ হেপাটাইটিছ বিৰ চিটা দিয়া হয় । এই চিটা বিদেশৰপৰা ৮৪০ টকা প্ৰতি চিটা দৰত কিনা হয় কিন্তু শান্তা বায়টেকনিক্সে এই চিটা মাত্ৰ ৫০ টকাত বেচিব । কিন্তু এই উত্তৰেও সন্তুষ্ট কৰিব নোৱাৰিছিল তেওঁলোকক । এই প্ৰকল্পক লৈ ভাৰত চৰকাৰো আছিল আচৰিত ধৰণে নিৰ্লিপ্ত আৰু উদাসীন আৰু এই প্ৰকল্পত কোনো সহায় আগবঢ়োৱা নাছিল । অথচ ওমানৰ বিদেশ মন্ত্ৰীজনে এই প্ৰকল্পৰ ভৱিষ্যৎ আৰু উন্নয়নশীল দেশসমূহৰ বাবে ইয়াৰ গুৰুত্ব বুজিছিল আৰু সকলো সহায় আগবঢ়াইছিল । একমাত্ৰ ওমানৰ সহযোগিতাতে আগবাঢ়ি গৈছিল ভাৰতৰ প্ৰথমটো বায় ফাৰ্মা প্ৰতিষ্ঠান শান্তা বায়টেকনিক্স ।

image


অৱশেষত সকলো বাধা বিপত্তি নেওচি শান্তা বায়টেকনিক্সে প্ৰস্তুত কৰি উলিয়ালে হেপটাইটিছ বি ৰোগৰ চিটা । কিন্তু এইবাৰ আহিল এই চিটা বিক্ৰীৰ অনুজ্ঞাপত্ৰ লোৱাৰ কাম । সেই সময়ত এই চিটাৰ বাবে কোনো প্ৰট'কলো নাছিল আৰু ঔষধৰ তালিকাতো ই তালিকাভুক্ত নাছিল । এই কামবোৰো ৰেড্ডিয়ে নিজেই কৰিবলগীয়া হৈছিল । 

১৯৯৭ চন। ভাৰতৰ স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ । এই বছৰেই ইতিহাস ৰচি মুকলি কৰা হ'ল হেপাটাইটিছ বি ৰোগৰ চিটা । বায়টেক আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ভাৰতে নতুন খোজ পেলালে । সাধাৰণ মানুহৰ বাবে উপলব্ধ হ'ল হেপাটাইটিছ বি ৰোগৰ চিটা । ইয়াৰ পাছত শান্তা বায়টেকনিক্সে আৰু কেইবাটাও চিটা বজাৰত কম দামত মুকলি কৰিলে আৰু বহুৰাষ্ট্ৰীয় কোম্পানীসমূহক দাম কমাবলৈ বাধ্য কৰিলে । পাকিস্তানকে ধৰি ভাৰতৰ অন্যান্য চুবুৰীয়া দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ দেশে এই চিটা শান্তা বায়টেকনিক্সৰপৰা আমদানি কৰিবলৈ ধৰিলে । আৰু ভাৰত ? ভাৰত চৰকাৰে কিন্তু আচৰিত ধৰণে এই চিটাক ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত নকৰি বিদেশৰপৰাই চৰা দামত হেপাটাইটিছ বি ৰোগৰ চিটা কিনি থাকিল । বিশ্বত খলকনি লগোৱা এই চিটাক ভাৰত চৰকাৰে গ্ৰহণ কৰিবলৈ লগালে সূদীৰ্ঘ ১৪ বছৰ । ৰেড্ডিয়ে ক্ষোভেৰে জনায় যে যি সময়ত বিশ্বৰ বিভিন্ন দেশে নিজৰ দেশৰ নাগৰিকক সকাহ দিবলৈ এই চিটা আমদানি কৰিছিল সেই সময়ত ভাৰতৰ কেইবাজনো স্বাস্থ্য মন্ত্ৰীয়ে এই চিটাক ৰাষ্ট্ৰীয় কাৰ্যসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবদ তেওঁৰপৰা ঘোচ বিচাৰিছিল । ঘোচ দিবলৈ অমান্তি হোৱাৰ বাবেই এই চিটাক চৰকাৰে স্বীকৃতি দিয়া নাছিল ।

আদৰ্শত অটল হৈ থাকিবলৈ ৱৰপ্ৰসাদ ৰেড্ডিয়ে শিক্ষা পাইছিল নিজৰ মাক আৰু মোমায়েকৰপৰা । ১৯৪৮ চনৰ ১৭ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ নেল্লুৰ জিলাৰ পাপিৰেড্ডিপালেমত জন্ম হৈছিল ৱৰপ্ৰসাদ ৰেড্ডিৰ । তেওঁৰ পিতৃ ভেংকটৰমণ ৰেড্ডি আছিল এজন ধনী কৃষক আৰু মাতৃ শান্তা আছিল এগৰাকী গৃহিণী । তেওঁ বেছিভাগ সময় পূজা পাতলত ব্যস্ত থাকিছিল । মাতৃৰ নামেৰেই তেওঁ শান্তা বায়টেকনিক্সৰ নাম ৰাখিছিল । পিতৃয়ে ষষ্ঠ শ্ৰেণীলৈকে শিক্ষালাভ কৰিছিল আৰু মাতৃয়ে অষ্টম শ্ৰেণীলৈকে পঢ়িছিল । যৌথ পৰিয়ালত থকা বৰপ্ৰসাদৰ শিক্ষা ভালকৈ যাতে হয় তাৰবাবে তেওঁক মোমায়েকৰ ঘৰত ৰখাৰ সিদ্ধান্ত লৈছিল মাকে । তেওঁৰ মোমায়েক আছিল এজন সমাজকৰ্মী আৰু এজন সমৰ্পিত বামপন্থী । তেওঁ সহজ সৰল জীৱন যাপন কৰিছিল । 

মাতৃৰ আধ্যাত্মিকতা আৰু মোমায়েকৰ বামপন্থী আদৰ্শৰ মাজত কিছু পৰিমাণে উভয়সংকটত পৰা ৱৰপ্ৰসাদে সিদ্ধান্ত ললে তেওঁ জীৱনত মধ্যমপন্থা অৱলম্বন কৰিব । মতৃয়ে বিশ্বাস কৰা আধ্যাত্মিকতাক তেওঁ উলাই কৰিব নোৱাৰে অথচ মোমায়েকৰ নিস্বাৰ্থ সমাজসেৱাকো তেওঁ জীৱনৰ ব্ৰত কৰি ল'ব । 

স্কুলত থকা অৱস্থাতে তেওঁৰ তেলুগু শিক্ষকজনৰ দ্বাৰা তেওঁ ইমানেই প্ৰভাৱিত হৈছিল যে কলেজত তেওঁ তেলুগু সাহিত্য অধ্যয়ন কৰাৰ কথা চিন্তা কৰিছিল । অৱশ্যে মোমায়েকে তেওঁক ইঞ্জিনীয়াৰিং পঢ়ি সেই সময়ত দেশত চলি থকা 'নিৰ্মাণৰ যুগ'লৈ অৰিহণা যোগাবলৈ নিৰ্দেশ দিলে । তেওঁক বিজ্ঞান পঢ়িবলৈ বাধ্য কৰোৱা হ'ল । তেওঁ কয়, 'মই কোনো অসাধাৰণ ছাত্ৰ নাছিলো । মই মাত্ৰ এজন ছাত্ৰ আছিলো। '

ৱৰপ্ৰসাদ ৰেড্ডিয়ে ১৯৬৭ চনত বি এছ চি ডিগ্ৰী লাভ কৰে আৰু তাৰপাছত কাকিনাড়া আভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেছনত উচ্চস্তৰীয় ডিগ্ৰী লাভ কৰে । ১৯৭০ চনত তেওঁ বি ই ডিগ্ৰী লৈ কম্পিউটাৰ বিজ্ঞান পঢ়িবলৈ জাৰ্মানীলৈ যায় । জাৰ্মান জীৱনশৈলী আৰু নিয়মানুৱৰ্তীতই তেওঁক যথেষ্ট মুগ্ধ কৰে । এই সময়তে তেওঁ আমেৰিকালৈও যায়। অৱশ্যে আমেৰিকাত বৰ ভাল নাপালে তেওঁ । তেওঁৰ মতে আমোৰিকাত ফুৰিবলৈ যাবলৈ ভাল কিন্তু থাকিবলৈ ভাল নহয় । ১৯৯১-৭২ চনত তেওঁ ভাৰতলৈ ঘুৰি আহে আৰু হায়দৰাবাদস্থিত প্ৰতিৰক্ষা গৱেষণাগাৰত কাম কৰে । কিন্তু ইয়াৰ কাৰ্যপ্ৰণালীয়ে তেওঁক বিব্ৰত কৰে । আৱিষ্কাৰৰ তুলনাত একাংশ বিষয়াৰ ব্যক্তিগত লাভালাভৰ চিন্তা, ৰঙা ফিটাৰ মেৰপাক আৰু স্বাধীনতাৰ অভাৱে তেওঁক বাৰুকৈয়ে বিব্ৰত কৰিছিল । অৱশেষত পাঁচ বছৰৰ পাছত চাকৰি বাদ দিলে ৱৰপ্ৰসাদ ৰেড্ডিয়ে ।

সেই সময়তে তেওঁক অন্ধ্ৰ প্ৰদেশ ঔদ্যোগিক বিকাশ নিগমত চাকৰিৰ প্ৰস্তাৱ দিলে নিগমৰ অধ্যক্ষ ড° ৰাম কে ৱেপাই । ড° ৰাম কে ৱেপাৰ কাৰ্যকুশলতালৈ চাই ৰেড্ডিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৭৭ চনত ইলেক্ট্ৰনিক্স উদ্যোগ সমূহৰ গোটৰ সঞ্চালক মনোনীত কৰা হয় । অচিৰেই তেওঁ আৱিষ্কাৰ কৰে যে উদ্যোগ প্ৰতিস্থাৰ নামত ৰাজলৈতিক নেতাৰ অঙহী বঙহীক ভূৱা উদ্যোগৰ বাবদ ধন দিয়া হৈছে । এই ভূৱা উদ্যোগী সকলে চৰিখনকৈ বেলেন্স শ্বীট বনাইছিল- নিজৰ, নিজৰ ব্যাৱসায়িক সহযোগী, চৰকাৰ আৰু উদ্যোগৰ বাবে । এই দুৰ্নীতিৰ ওৰ পেলাবলৈ যেতিয়া তেওঁ উঠি পৰি লাগিল তেতিয়া সৃষ্টি হল সংঘাতৰ । এজন সহকৰ্মীয়ে এদিন তেওঁক কলে - 'উদ্যোগ স্থাপন কৰাটো সহজ কথা নহয় । ইয়াত অলপ অচৰপ ইফাল সিফাল কৰিবলগীয়া হয় । তুমি নিজে কৰি চোঁৱাচোন । তেতিয়া তুমিও তেনেকুৱা কৰিবা ।' এই কথাই তেওঁক ভবাই তুলিলে আৰু তেওঁ সিদ্ধান্ত ল'লে তেওঁ প্ৰমাণ কৰি দেখুৱাব যে সততাৰেও উদ্যমী হ'ব পাৰি । এই লক্ষ্য পুৰণৰ বাবে তেওঁ আকৌ চাকৰি এৰি দিলে ।

অচিৰেই হায়দৰাবাদ বেটেৰীজ নামৰ এটা মৃতপ্ৰায় প্ৰতিষ্ঠানত তেওঁ বিনিয়োগ কৰিলে আৰু অংশীদাৰ হৈ পৰিল । এই প্ৰতিস্থানটোৰ প্ৰম'টাৰজন বিদেশৰ এখন বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছাৰ আছিল আৰু এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতো তেওঁ শিক্ষাদান কৰিছিল । ৰেড্ডিয়ে দিনে ৰাতিয়ে কাম কৰি এই প্ৰতিষ্ঠানটোক পুনৰুজ্জীৱিত কৰি তুলিলে আৰু প্ৰতিষ্ঠানটোৱে বিমানৰপৰা মিচাইললৈকে সকলো বেটেৰীৰ অৰ্ডাৰ পাবলৈ ধৰিলে । লাভ হ'ল প্ৰচুৰ । 

কিন্তু ইয়াতো সমস্যাৰ সৃষ্টি হ'ল । প্ৰম'টাৰজনে অধিক লাভৰ আশাত কৰ ফাঁকি দিয়াৰ প্ৰস্তাৱ ৰখাত ৰেড্ডি তাত মান্তি নহ'ল । লগে লগে অপমানজনকভাৱে তেওঁক বহিষ্কাৰ কৰা হ'ল ।

এই সময়ছোৱাৰ বিষয়ে ৰেড্ডিয়ে কয়, 'সেই দিনটো মোৰ বাবে বৰ দুখৰ দিন আছিল । মই বৰ আঘাট পাইছিলো । মোৰ সততা আৰু পৰিশ্ৰমেৰে প্ৰতিষ্ঠানটোক এটা ভাল পৰ্যায়লৈ নিছিলো । কিন্তু মোৰ সততা একাংশ লোকৰ হজম নহ'ল ।'

হতাশাই ঘেৰি ধৰাৰ সময়ত কেইবাবাৰো গাঁৱলৈ উভতি যাম বুলি ভবাৰ পাছতো আকৈ কিয় ঘূৰি আহিল ৱৰপ্ৰসাদ ৰেড্ডি ? এটা মৃদু হাঁহিৰে তেওঁ উত্তৰ দিয়ে, 'মই যে বিৰক্ত হৈ কেতিয়াবা গাঁৱলৈ ঘুৰি আহিম সেই কথা মোৰ পিতৃয়ে সন্দেহ কৰিছিল আৰু সেয়েহে মোৰ উভটি অহাৰ বাট বন্ধ কৰিবলৈ তেওঁ সকলো খেতি পথাৰ বিক্ৰী কৰি দিছিল ।'

ৰেড্ডিৰ মতে শান্তা বায়টেকনিক্সৰ যাত্ৰাৰ আটাইটকৈ সুখকৰ মুহুৰ্ত আছিল যেতিয়া বিদেশী প্ৰতিষ্ঠান ছনোফিয়ে শান্তা বায়টেকনিক্স কিনি ল'লে তেতিয়া সকলো কৰ্মচাৰী অত্যন্ত লাভান্বিত হ'ল । কিয়নো বিজ্ঞানীৰপৰী ড্ৰাইভাৰলৈকে প্ৰতিজন কৰ্মচাৰীকে কোম্পানীটোৰ লভ্যাংশ দিয়া আছিল আৰু ছনোফিয়ে এই লভ্যাংশৰ প্ৰকৃত দৰ ৫০০ টকাৰ সলনি ২৩৪৫ টকাত প্ৰতিটো লভ্যাংশ ক্ৰয় কৰিছিল । ছনোফিয়ে এই কোম্পানী অধিগ্ৰহণ কৰাৰ পাছতো ৰেড্ডি ইয়াৰ অধ্যক্ষ তথা ব্ৰেণ্ড এম্বেছেডৰ হৈ আছে ।

image


ৰেড্ডিয়ে কয়, 'ভাৰতক সেই বিদেশীজনে কৰা অপমানৰ মই প্ৰতিশোধ লৈ ল'লো । আমি ভাৰতত প্ৰস্তুত কৰা এই চিটা ইউনিচেফেও ক্ৰয় কৰিছে । আমি দেশে বিদেশে, আনকি পশ্চিমীয়া দেশতো কিছুমান চিটা বিনামূল্যে বিতৰণ কৰিছো । আমি প্ৰমাণ কৰি দিলো যো আমি অনুগ্ৰহ লোৱা দেশ নহয় বৰং দানী ৰাষ্ট্ৰহে । '

জুখি মাখি কথা কোৱা ৱৰপ্ৰসাদ ৰেড্ডিয়ে কয়, 'মই ব্যৱসায় কৰিবলৈ বা ভাবি চিন্তি শান্তা বায়টেকনিক্স আৰম্ভ কৰা নাছিলো। মোক প্ৰভ'ক কৰা হৈছিল আৰু এই কাৰণেই মই এই প্ৰতিস্থান আৰম্ভ কৰিলো আৰু বিদেশীজনে ভাৰতক কৰা অপমানৰ প্ৰতিশোধ ল'লো ।' 

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’