বাৰাণসীৰ সমীপত এখন গাঁও তুলি ল’লে কেইজনমান ছাত্ৰই, জেপখৰচেৰে পূৰাইছে জৰুৰী সামগ্ৰীৰ অভাৱ

বাৰাণসীৰ সমীপত এখন গাঁও তুলি ল’লে কেইজনমান ছাত্ৰই, জেপখৰচেৰে পূৰাইছে জৰুৰী সামগ্ৰীৰ অভাৱ

Wednesday January 06, 2016,

4 min Read

২০১৫ চনৰ ৩জানুৱাৰীত আশীঘাটত এজন বন্ধুৰ জন্মদিন উদযাপন কৰি উভটি অহাৰ পথত চাৰিজন বন্ধুৰ চকুত পৰিছিল আৱৰ্জনাৰ দ’মত খুচৰি খুচৰি আহাৰ বিচাৰি থকা কেইটিমান শিশু আৰু কেইগৰাকীমান মহিলা।জাৱৰৰ দ’মটোত এফালে কুকুৰ আৰু আনফালে জীৱশ্ৰেষ্ঠৰ টনাটনি।সৰু ল’ৰা-ছোৱালীকেইটা আৰু মহিলাকেইগৰাকীয়ে বাৰে বাৰে কুকুৰকেইটা খেদিবলৈ চেষ্টা কৰি আছিল যদিও সেই ঠাই এৰা নাছিল কুকুৰকেইটাই।দুটুকুৰা পেলনীয়া ৰুটীক লৈ এই সংগ্ৰামে চাৰিওজন বন্ধুক বেয়াকৈ জোকাৰি থৈ গ’ল।এপলকতে জন্মদিন উদযাপনৰ সকলো আনন্দ যেন পানী হৈ পৰিল।সেইসময়তে চাৰিওজনে ঠিৰাং কৰে যে সমাজ আৰু গাঁৱৰ পৰিৱৰ্তনৰ বাবে তেওঁলোকে যেনেকৈ নহ’লেও অৰিহণা আগবঢ়াব।এই চাৰিজন বন্ধু আছিল ৰবি মিশ্ৰা, দিব্যাংশু উপাধ্যায়,ধৰ্মেন্দ্ৰ সিং যাদৱ আৰু বিপুল ত্ৰিপাঠী।তেওঁলোক কোনো ডাঙৰ কোম্পানীৰ কৰ্মচাৰী নাছিল।সেই সময়তো তেওঁলোক বাৰাণসীৰ পৃথক পৃথক বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল আৰু বৰ্তমানো তেওঁলোক ছাত্ৰই। কিন্তু সন্মুখত লক্ষ্য স্থিৰ হ’লে কম বয়স বা ধনৰ অভাৱ বাধা হ’ব নোৱাৰে।ইয়াত মাথো প্ৰয়োজন আগুৱাই যোৱাৰ মানসিকতা। কিবা এটা কৰাৰ হেঁপাহে লাহে লাহে নতুন ৰূপ লৈছিল।

image


সংগঠন

যুৱশক্তিয়ে ইচ্ছা কৰিলে দেশ ভৱিষ্যত অনায়াসে সলনি কৰিব পাৰে।ৰবি মিশ্ৰা, দিব্যাংশু উপাধ্যায়, ধৰ্মেন্দ্ৰ সিং যাদৱ আৰু বিপুল ত্ৰিপাঠীয়ে এনেধৰণৰ আদৰ্শই তুলি ধৰে। সমাজ সেৱাৰ সমানে সমানে এওঁলোকে এটা সংস্থাৰ জন্ম দিয়ে যাৰ নাম হৈছে হ’প ৱেলফেয়াৰ ট্ৰাষ্ট।এই ট্ৰাষ্ট কেৱল জেপখৰচেৰে পৰিচালিত।এই ট্ৰাষ্ট পৰিচালনা কৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ ছাত্ৰসমাজে। সময়ৰ সৈতে ইয়াত যুৱশক্তি বাঢ়ি অহাৰ লগতে পৰিসৰো বৃহৎ হোৱা দেখা গৈছে।ইয়াত এতিয়া কেৱল বাৰাণসীৰে নহয় দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰ লাল নেহৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলো জড়িত হৈছে।এই সংস্থাৰ সৈতে বৰ্তমান ২৮৭জন শিক্ষাৰ্থী সংযুক্ত হৈ আছে।

হ’প ৱেলফেয়াৰৰ আৰম্ভণিৰ কাম

ৰবি মিশ্ৰাই ইয়ৰ ষ্ট'ৰীৰ আগত কয়, “বাৰাণসীৰ দুৰ্গাকুণ্ডৰ পৰিষ্কৰণ, বৃদ্ধাশ্ৰমৰ কাম কৰাৰ পিছত আমি গাঁৱৰ বাবে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ কাৰণ আজিও এনে বহুত গাওঁ আমাৰ আশে-পাশে আছে যিসমূহ চৰকাৰী আঁচনি যেনে বিদ্যুৎসেৱা,পানীযোগান আদিৰ পৰা বঞ্চিত হৈ ৰৈছে।বাৰানসীৰ কেইবাখনো গাঁৱত পৰ্যৱেক্ষণ চলাই আমি ২০১৫চনৰ ৯ আগষ্টত খুছিয়াৰা গাওঁখন তুলি লওঁ। আমি এই গাওঁখন সম্পূৰ্ণ সলনি কৰাৰ লক্ষ্য বান্ধি লৈছিলো। খুছিয়াৰা গাওঁখন বাৰাণসীৰ পৰা ১২ কিলোমিটাৰ নিলগত আৰু কাশী বিশ্ববিদ্যালয় ব্লকত অৱস্থিত।

image


খুছিয়াৰা গাঁৱক নিৰ্বাচন কৰাৰ কাৰণ

হ’প ৱেলফেয়াৰৰ সংস্থাপকসকলৰ এজন দিব্যাংশু উপাধ্যায়ে জনোৱা মতে যেতিয়া তেওঁলোকে খুছিয়াৰা গাঁৱত উপস্থিত হৈছিল তেতিয়া ইয়াৰ বাসিন্দাসকলক দেখি তেওঁলোক অতি আচৰিত হৈছিল। দেশজুৰি চৰকাৰে অনাময় আঁচনি বলৱৎ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত এই গাঁৱখনত শৌচাগাৰ আছিল মাত্ৰ দুটা আৰু তাকো ব্যক্তিগত। সেইবাবে হ’প ৱেলফেয়াৰে এই গাওঁখনৰ বাবে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।লগতে বাৰাণসীৰ পৰা মাত্ৰ ১২কিলোমিটাৰ নিলগত থকা এই গাঁৱত বিজুলীবাতিৰ কোনো ব্যৱস্থা নথকাটোৱেও তেওঁলোকক আশ্বৰ্যচকিত কৰি তুলিছিল।ভগা-ছিগা পথ আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ লগতে আছিলেই।এনে পৰিস্থিতিত গাওঁবাসীৰ বাবে শিক্ষা এক বিলাসিতাৰ দৰেহে আছিল।বৰ্তমান খুছিয়াৰা গাঁৱৰ অৰ্ধেকসংখ্যক লোকে শিক্ষাৰ পোহৰ লাভ কৰিছে।অশিক্ষিত হোৱাৰ বাবে গাওঁবাসীৰ মাজত মাদকদ্ৰব্যৰ আসক্তি সাধাৰণ কথা হৈ পৰিছিল।ইমানবোৰ সমস্যা একেলগে একেখন গাঁৱত থাকিলে নিবনুৱা সমস্যা থকাটো নিশ্চিত।

image


গাঁৱত সম্পন্ন কৰা কাৰ্য

যুৱকসকলে বুজি উঠিছিল যে খুছিয়াৰা গাঁৱত অতি শীঘ্ৰেই কাম কৰাৰ প্ৰয়োজন। গাওঁবাসীৰ অত্যাৱশ্যকীয় প্ৰয়োজন পুৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰাৰ কথা বিবেচনা কৰে।গাঁৱৰ বাবে ৫০টা শৌচাগাৰ নিৰ্মাণৰ অনুমতি পোৱাৰ পিছত এই কাম দ্ৰুত গতিত আগুৱাই নিয়া হয়।গাঁৱত বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে সকলোধৰণৰ হেঁচা প্ৰয়োগ কৰে।এই প্ৰচেষ্টাৰ সুবাদতে আগন্তুক দুমাহৰ ভিতৰত গাঁৱখনে বিজুলী সংযোগ লাভ কৰিব। হ’প পৰিয়ালৰ তৰফৰ পৰা খুছিয়াৰা গাঁৱক নিচামুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। বিভিন্ন শিবিৰ আৰু বাটৰ নাটৰ মাধ্যমত ইয়াৰ লোকসকলক সজাগ কৰি তোলাৰ চেষ্টা চলোৱা হৈছে।ব্যক্তিসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ তেওঁলোকক লঘূ উদ্যোগৰ সৈতে জড়িত কৰোৱা হৈছে। মহিলাসকলক চিলাইৰ প্ৰশিক্ষণ দিয়াৰ লগতে ল’ৰা-ছোৱালীক শিক্ষাৰ বাটত আগবঢ়াই দিবলৈ পিতৃ-মাতৃৰ বাবে বিশেষ কাউন্সেলিঙৰো ব্যৱস্থা কৰা হৈছে।ইয়াৰ ফলতে এতিয়া ছাত্ৰীসকলেও স্কুল যাবলৈ লৈছে।কেইবাগৰাকীও ছাত্ৰীক চাইকেলো প্ৰদান কৰা হৈছে।লেপটপৰ দ্বাৰা ছাত্ৰীসকলক সপ্তাহত এদিন কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয়।ইয়াৰ লগতে আন এক উল্লেখনীয় উদ্যোগ হৈছে গাঁৱত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ ব্যৱস্থা কৰা।তেওঁলোকক চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰোৱা হয় যাতে তেওঁলোকে নিজৰ অধিকাৰৰ বিষয়ে বুজিব পাৰে।

image


গাঁৱত কৰ্মনিয়োজনৰ বাট মুকলি কৰা হৈছে। কিন্তু ইয়াৰ বাবে তেওঁলোকক পৰম্পৰাগত কৃষি কৰ্মৰ পৰা আঁতৰাই অনা হোৱা নাই। নতুন পদ্ধতিৰে খেতি কৰিবলৈ কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। হ’প ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰচেষ্টাৰ ফলতে ইউনিয়ন বেংকৰ সহায়ত গাঁৱত তিনিটা সৌৰবাতি স্থাপন কৰা হৈছে। সকলোৱে জানে দেশৰ বিকাশত প্ৰত্যেকৰে অৰিহণা বাঞ্ছনীয়।এনেক্ষেত্ৰত খুছিয়াৰা গাঁৱৰ বাবে হ’প ৱেলফেয়াৰ ট্ৰাষ্ট এক বৰদানৰ ৰূপত উদ্ভাসিত হৈছে।

image


image


প্ৰশংসা

হ’প ৱেলফেয়াৰ ট্ৰাষ্টৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত এখন গাঁৱত নতুন প্ৰাণবায়ুৰ সঞ্চাৰ হৈছে।গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে জীয়াই থকাৰ এক অৰ্থ বিচাৰি পাইছে। হ’প ৱেলফেয়াৰৰ যুৱকসকলৰ এই মহৎ কামৰ প্ৰতিধ্বনি গুঞ্জৰিত হৈছে বহু দূৰ-দূৰণিলৈ।ধৰ্মেন্দ্ৰ যাদৱ আৰু বিপুল ত্ৰিপাঠীয়ে ইয়ৰ ষ্টৰীক জনায়, “আমাৰ বাবে আটাইতকৈ স্মৰণীয় ক্ষণ হৈ ৰ’ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা খুছিয়াৰা গাঁৱক তুলি লোৱা কাৰ্যক উচ্চ প্ৰশংসা কৰাৰ সময়। তেওঁ কৈছিল দেশৰ অধিকসংখ্যক যুৱকে এই মহৎ প্ৰচেষ্টাৰ ভাগীদাৰ হোৱা উচিত। ইয়াৰোপৰি ৰাজ্যৰ ৰাজ্যপাল ৰাম নাইকেও আমাক সাক্ষাতৰ বাবে মাতিছে।”

image


ৰাজনীতিক দূৰৈত ৰখাটো হৈছে এই সংস্থাৰ আটাইতকৈ ডাঙৰ নীতি। কোনো সদস্যই ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ চলোৱাৰ কথা অৱগত হ’লে লগে লগে তেওঁৰ সদস্যপদ কাঢ়ি লোৱা হয়।

প্ৰধানমন্ত্ৰীয়ে নিজৰ সাংসদসকলক এখন এখন গাঁৱ তুলি ল’বলৈ কৈছিল। এই ছাত্ৰকেইজনেও নিজৰ দায়িত্ব অনুধাৱন কৰি নিজৰ দেশৰ বিকাশত অগ্ৰসৰ হৈছে। ইয়ৰ ষ্ট'ৰীয়ে এই ছাত্ৰকেইজনক লৈ গৰ্ব কৰে।

মূল-নবীন পাণ্ডে

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চাৰ্টাৰ্ড একাউনটেন্ট হোৱা এজন চাহ দোকানীৰ কথা

বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা বেছ জাম্পাৰ