বিনিয়োগৰ সঠিক ঠিকনাৰ সন্ধান দিছে কলকাতাৰ ‘ৰুপীভেষ্টে’

বিনিয়োগৰ সঠিক ঠিকনাৰ সন্ধান দিছে কলকাতাৰ ‘ৰুপীভেষ্টে’

Sunday January 10, 2016,

3 min Read

২০১৩ চনত বাংগাৰুলুত অৰেকল নামে প্ৰতিষ্ঠানত চাকৰি কৰাৰ সময়ত বৰুণে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব বিচাৰিছিল। তাৰ বাবে এজন এজেণ্টৰ সৈতে কথাও পাতিছিল। তাৰ বাবে এজাপ কাগজত চহী কৰিব লাগিব। বাছি উলিয়াব লাগিব সঠিক বিনিয়োগৰ ঠিকনা। লাহে লাহে বৰুণৰ মনত ভাব হ’ল বিনিয়োগৰ বাবে সঠিক ঠিকনা বিচাৰি উলিওৱা আৰু খেৰৰ মেজিত বেজী বিচৰা একে কথা। বন্ধুসকলৰ সৈতে আলোচনা কৰিবলৈ গৈ তেওঁ দেখিলে যে এইবোৰ জঞ্জাল এৰাই চলিবলৈ তেওঁৰ বন্ধুসকলে বেংকত ফিক্সড ডিপ’জিটত ধন জমা ৰখাটোকেই অধিক প্ৰাধান্য দিয়ে। জীৱনৰ যাত্ৰা পথত সন্মুখীন হোৱা সমস্যাবোৰে বহু সময়ত নতুন চিন্তাৰ জন্ম দিয়ে। হঠাৎ বৰুণৰ মনত খেলালে যে আমাৰ দেশত সহজ বিনিয়োগৰ এটি ৱেব পৰ্টেল অতি জৰুৰী। এই চিন্তাই জন্ম দিলে ‘ৰুপীভেষ্ট’ৰ। যাৰ জন্মস্থান কলকাতা।

মিউচ্যুৱেল ফাণ্ড, ফিক্সড ডিপ’জিট, বীমা, ঋণ, ক্ৰেডিট কাৰ্ডৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ ফাইনেন্সিয়েল প্ৰডাক্টক কেন্দ্ৰ কৰি গ্ৰাহকৰ সমস্যা সমাধানৰ এক নাম হৈ পৰিল ৰুপীভেষ্ট। ৰুপীভেষ্টে গ্ৰাহকসকলৰ যিকোনো অৰ্থনৈতিক সিদ্ধান্ত সহজে গ্ৰহণ কৰাৰ ৰাস্তা খুলি দিলে।

ৰুপীভেষ্টৰ আইডিয়াটো মূৰত খেলোৱাৰ পিছতে বৰুণে ফোন কৰিলে তেওঁৰ আইআইটি খড়গপুৰৰ সহপাঠী মায়ঙ্কলৈ। টীমত ল’লে শ্বেতা নামৰ এক তৰুণীকো। নিজা প্ৰযুক্তিগত জ্ঞানক হাথিয়াৰ কৰি বৰুণ আৰু মায়ঙ্কে তৈয়াৰ কৰিলে ‘ৰুপীভেষ্ট।’ যিকোনো ব্যক্তিক বজাৰত উপলব্ধ ফাইনেন্সিয়েল প্ৰডাক্ট ক্ৰয় কৰাতেই কেৱল সহায় নকৰে, তেওঁৰ বাবে কোনটো সঠিক হ’ব তাৰ পৰামৰ্শও দিয়ে।

অতি কম নথি-পত্ৰৰ সাহাযøতে এনেবোৰ ফাইনেন্সিয়েল প্ৰডাক্ট ক্ৰয় কৰাটোও ৰুপীভেষ্টে সহজ কৰি দিলে। ৰুপীভেষ্টৰ এজন ইউজাৰে কেৱল এখন ৰেজিষ্ট্ৰেচন ফৰ্ম পূৰণ কৰি পঠাব লাগে। তাৰ পিছত তেওঁ এক ইমেল আৰু এখন ছপা কাগজ পাব। সেই ফৰ্মত চহী কৰি চাহিদামতে প্ৰামাণ্য নথি পঠালেই শেষ হয় ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। তাৰ পিছত সকলো কাম হ’ব অনলাইন। ইউজাৰসকলৰ সিদ্ধান্ত লোৱাত সুবিধাৰ বাবে প্ৰত্যেক কেটেগৰীত কেৱল শ্ৰেষ্ঠ দুই-তিনিটা ফাণ্ডহে ৰুপীভেষ্টে দেখুৱায়। যাতে এসোপামান ফাণ্ডৰ ভিৰত নিজৰ বাবে সঠিক ফাণ্ডটো নিৰ্বাচন কৰোতে ইউজাৰসকলৰ কষ্ট নহয়।

image


মায়ঙ্কে জনালে, ৰুপীভেষ্টৰ সহায়ত ইউজাৰসকলে মাত্ৰ পাঁচ মিনিটত পচন্দৰ ফাণ্ডত বিনিয়োগ কৰিব পাৰে। এবাৰ বিনিয়োগ কৰিলে তেওঁলোকে লগে লগে তাৰ বিস্তাৰিত বিৱৰণ অনলাইন দেখিবলৈ পাব। এক কথাত নিজৰ পৰ্টফলিঅ’ৰ যাৱতীয় তথ্যবোৰ ছবিৰ দৰে তেওঁৰ সন্মুখত ধৰা পৰিব বুলি জনালে ৰুপীভেৰটৰ অন্যতম প্ৰতিষ্ঠাতাজনে। সকলোতকৈ ডাঙৰ কথা ৰুপীভেষ্টৰ মাধ্যমত ইমান সহজে বিনিয়োগ কৰিব পাৰিলেও তাৰ বাবে ইউজাৰসকলৰ পৰা ৰুপীভেষ্টে এটকাও চাৰ্জ নিবিচাৰে। কিন্তু এইদৰে বিনা পইচাই সেৱা আগবঢ়াই লাভ কি? তাৰো উত্তৰ দিলে মায়ঙ্কে। ৰুপীভেষ্টৰ সৈতে বিভিন্ন এছেট মেনেজমেণ্ট সংস্থাৰ যোগাযোগ আছে। বিনিয়োগৰ এছেট ক্লাছৰ ভিত্তিত তাৰ বাবে সংস্থাসমূহে একোটা দালালী আদায় দিয়ে। এয়াই ৰুপীভেষ্টৰ উপাৰ্জন।

আপাততঃ ৰুপীভেষ্টৰ এছেট আণ্ডাৰ মেনেজমেণ্ট বা এইউএমৰ পৰিমাণ ১০ কোটি। আছে ৭০ জন ট্ৰেনজেকশ্যন ক্লায়েণ্ট। দিনে দিনে বাঢ়িছে ক্লায়েণ্টৰ সংখ্যা। বৰ্তমান দেশৰ যাৱতীয় ফাইনেন্সিয়েল প্ৰডাক্টবোৰক একেখন ছাদৰ তললৈ আনি ইউজাৰসকলক সেইবোৰ অনলাইন ক্ৰয়-বিক্ৰয়ৰ সুবিধা প্ৰদানৰ বাবে প্ৰাণপণে শ্ৰম কৰিছে ৰুপীভেষ্টে। পৰিসংখ্যাৰ তথ্য ২০১৯ চনৰ ভিতৰত আমাৰ দেশৰ ৬০ শতাংশ মানুহে স্মাৰ্টফোন ব্যৱহাৰ কৰিব। য’ত থাকিব ইণ্টাৰনেটৰ সুবিধা। মূলতঃ এই খতিয়ানেই অৰ্থনৈতিক ক্ষেত্ৰখনক নতুন আশাৰ পোহৰ দেখুৱাইছে। সেয়ে সময় থাকোতেই নিজকে সৰ্বদিশে আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টাত কোনো তাৰতম্য ঘটাব বিচৰা নাই ৰুপীভেষ্টৰ সমগ্ৰ টীমটোৱে।

মূল- চন্দ্ৰচুড় দাস

অনুবাদক – ৰুণুমী শইকীয়া