অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

Monday March 21, 2016,

4 min Read

স্নেপ শ্বট ১:

বাহিৰত চিপচিপীয়া বৰষুণ । ঘৰৰ বাৰান্দাত থিয় হৈ হুলস্থুল কৰি আছে এজাক শিশুৱে। অভিভাৱকৰ ৰূপত এগৰাকী যুৱতী। শিশু কেইটা আনন্দত আত্মহাৰা । ঘনে ঘনে চুই চাইছে বৰষুণৰ টোপাল, অন্য দিন হোৱা হলে মাকে ভালকৈ এজাউৰি দিলেহেতেন । আজি কিন্তু বৰষুণৰ টোপাল বোৰ চুই চাবলৈ কোনেও বাধা দিয়া নাই।

স্নেপ শ্বট ২ :  

এইবাৰ পুনৰ এজাক শিশু । প্ৰত্যেকটো লুতুৰি পুতুৰি বোকাত । সিহঁতৰ লগত আপোন মনে খেলি আছে এজন যুবকে ।কোনোৱাই বোকা খেলিবলৈ যদি ইতস্ততঃ কৰিছে, তেওঁ উৎসাহ দিছে সমনীয়াৰ লগত খেলিবলৈ । সিহঁতক দেখুৱাইছে কি দৰে বোকাৰে সাজিব পাৰি নিজৰ প্ৰিয় পুতলাটো । তেওঁৰ মুখত আখৈ ফুটাদি ফুটিছে তৰাৰ দেশৰ সাধু ।

কোন এই যুৱক-যুৱতী? কিয় অকনমানিহঁতক শিকাইছে বৰষুণ আৰু বোকাৰে খেলিবলৈ। কথাবোৰ জানিব বিচাৰি আমি লগ কৰিছিলো তেওঁলোকক । উৎসাহেৰে জনাইছিল তেওঁলোকে এইয়া শিশুহঁতৰ মানসিক বিকাশৰ প্ৰশিক্ষণৰ এক কাৰ্য্যসূচী। 

আমি ওপৰত উল্লেখ কৰা যুৱক-যুৱতীদ্বয় সম্পৰ্কত স্বামী স্ত্ৰী । তেওঁলোকৰ নাম "শান্তনু ফুকন" আৰু "উৎপলা বৰা ফুকন" । অসমৰ সমাজ জীৱনৰ ন-পুৰুষৰ মানসিক উত্তৰণৰ বাবে তেওঁলোকে আৰম্ভ কৰিছে এক অভিনৱ পদক্ষেপ "GOOD WORDS"। তেওঁলোকৰ কামৰ সম্পৰ্কত জানিব বিচৰাত উৎসাহেৰে জনাইছিল "আমাৰ চেষ্টা মানুহৰ মনৰ ভিতৰত থকা সুকুমাৰ অনুভূতি সমূহ জাগৃত কৰা । এই যে অকণমানি কেইটা, সিহঁতক আমি প্ৰকৃতিৰ লগত আত্মীয়তা গঢ়িবলৈ শিকাব বিচাৰিছো । যাতে সিহঁতৰ মনত কোমল অনুভূতি সমূহে প্ৰাণ পায়।" 

 

image


শান্তনু আৰু উৎপলা দুয়ো উচ্চশিক্ষিত । উচ্চ হাৰৰ বেতনত দুয়োজন চাকৰি কৰিছিল বহুজাতিক প্ৰতিস্থানত । কিন্ত নিজাকৈ কিবা এটা কৰাৰ হেপাঁহে আমনি কৰি আছিল দুয়োকে । তাৰেই ফলশ্ৰুতিত কৰ্মস্থল বাংগালুৰুতে সৃষ্টি কৰিছিল OMIZ নামৰ এটা ফাষ্টফুড ৰেষ্টোৰাঁ চেইন । জনপ্ৰিয় হৈছিল যথেষ্ট । কিন্তু হেঁপাহ যেন পূৰ হোৱা নাছিল তেওঁলোকৰ । পুনৰ সৃষ্টি কৰিছিল "GOOD WORDS" নামৰ এই L & D Consultancy টোৰ । সহাঁৰিও পাইছিল আশানুৰূপভাৱে । 

"ইমান সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ এৰি অসমলৈ কিয় আহিল ?" আমি কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে জনাইছিল "দায়িত্ব, আমাৰ অসমৰ সমাজ জীৱনলৈ আমাৰ কৰিব লগীয়া কাম বহুখিনি আছে । আমি অনুভৱ কৰিছিলো আমাৰ ইয়াত GOOD WORDSৰ দৰে অনুস্থানৰ সাংঘাটিক প্ৰয়োজন আছে । সেয়েহে আমি সিদ্ধান্ত ললো অসমৰ পৰা আমাৰ কাম কৰাৰ । আমি লক্ষ্য কৰিছিলো অসমত গৰিষ্ঠ সংখ্যক লোকৰ সন্তান সকল সাধাৰণতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে । যদিও এই বিদ্যালয় সমূহৰ ফলাফল যথেষ্ট উন্নত, শিক্ষকক সকলৰ সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক দিশৰ উত্তৰণ সম্পৰ্কীয় কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাথাকে । ই এক উদ্বেগৰ বিষয় ।"

image


২০১৪ চনৰ পৰা অসমলৈ ঘূৰি আহি তেওঁলোকে অসমত আৰম্ভ কৰে GOOD WORDSৰ কাম কাজ । প্ৰাৰম্ভিক অৱস্থাত সন্মুখীন হোৱা বিভিন্ন অসুবিধা সমূহৰ সম্পৰ্কত আমি জানিব বিচৰাত তেওঁলোকে জনাইছিল যে প্ৰথম অৱস্থাত তেওঁলোক বিদ্যালয় সমূহলৈ কাম বিচাৰি যাব লগা হৈছিল । কামৰ সংখ্যাও আছিল নিচেই কম । তথাপিতো তেওঁলোক হতাশ হোৱা নাছিল । শান্তনু আৰু উৎপলাৰ ভাষাৰে "প্ৰথম প্ৰথম আমি যেতিয়া কাম বিচাৰি স্কুল সমূহলৈ যাওঁ, তেতিয়া তেওঁলোকে একো ধাৰণাই কৰিব পৰা নাছিল আমি কি শিকাম । আমি জানিছিলো আমি বহু সংগ্ৰাম কৰিব লাগিব , কাৰণ এনেকুৱা প্ৰশিক্ষণৰ ধাৰণাটো আমাৰ ইয়াত নাই বুলি কলেও বোধকৰো ভুল নহব । এতিয়া কিন্তু লাহে লাহে তেওঁলোকে আমাক আদৰি লৈছে । ইয়াত এনে এটা অনুষ্ঠানৰ প্ৰয়োজন বহুদিনৰ পৰাই আছিল । ভাৰতৰ অন্য উন্নত ৰাজ্য সমূহত এনে বহতো অনুষ্ঠান গঢ় লৈ উঠিছে । তেনেবোৰ ঠাইত এই প্ৰশিক্ষণসমূহৰ অপৰিসীম গুৰুত্ব আছে । সৰ্বভাৰতীয় পৰীক্ষা সমূহত তেনে ঠাইৰ ল'ৰা ছোৱালী সমূহে ভাল ফল দেখুৱাব পৰাৰ ইয়ো এক অন্যতম কাৰক । কাৰণ এই প্ৰশিক্ষণ সমূহত ব্যক্তিত্বৰ বিকাশ সাধনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয় । শিক্ষক সকলকো শিকোৱা হয় কিদৰে পাঠদানৰ সময়ত নিজৰ কথাখিনি আকৰ্ষণীয় ধৰণে উপস্থাপন কৰিব " 

image


 প্ৰশিক্ষণৰ সময়ত লাভ কৰা বিভিন্ন অম্ল-মধুৰ অভিজ্ঞতাৰ সৰ্ম্পকে প্ৰশ্ন কৰোতে তেওঁলোকে জনাইছিল যে শিক্ষক সকলৰ প্ৰশিক্ষণৰ সময়ত বহু শিক্ষকে আবেগিক হৈ কান্দি দিয়া তেওঁলোকৰ এক অনিৰ্বচনীয় অভিজ্ঞতা । শান্তনু আৰু উৎপলাৰ ভাষাৰে "তেওঁলোকে যেতিয়া প্ৰশিক্ষণ সমাপ্তিৰ অন্তত আমাক সজল চকুৰে ধন্যবাদ দিয়েহি আমি এক অনাবিল আনন্দ পাওঁ। আমাৰ কষ্ট সাৰ্থক হৈছে যেন লাগে । দৰাচলতে আমি তেওঁলোকক শিক্ষকৰ পৰা গুৰুলৈ উত্তৰণত সহায় কৰোঁ ।আমি বিচাৰোঁ তেওলোকে ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত মানৱ সম্পদ হিচাবে সৃষ্টি কৰক । আমি এনে এটা কাম কৰিব বিচাৰিছিলো য'ত আত্মসন্তুষ্টি থাকে, আৰু আমাৰ বাবে গুড্‌ ৱৰ্ডছ এনে এটা কাম । বৰ্তমান আমি আমাৰ কৰ্পৰেট বিভাগটোও আৰম্ভ কৰিছো"

GOOD WORDSৰ বৰ্তমান গুৱাহাটী, যোৰহাট, মৰাণ আৰু দুলীয়াজানত চাৰিটা শাখা কাৰ্যালয় আছে । শান্তনু আৰু উৎপলাৰ এই  প্ৰচেষ্টালৈ আমাৰ শুভেচ্ছা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভগত সিঙক লৈ হঠাৎ কিয় এই টনা-আঁজোৰা 

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন 

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত   

স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে