ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি

Saturday December 31, 2016,

1 min Read

বাস্কেটবল খেলিবলৈ শিকাৰ এবছৰৰ ভিতৰতে ১৫ বছৰীয়া প্ৰিন্স পাল সিং নিৰ্বাচিত হল আমেৰিকাত খেলিবলৈ । এজন ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে ৫০ লাখ টকাৰ এক জলপানীও লাভ কৰিবলৈ সক্ষম হয় । ডি পি এছ, স্কুলৱ গেমছ ফেডাৰেছন অৱ ইণ্ডিয়া াৰু স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াই আয়োজন কৰা এক মুকলি পৰীক্ষণ শিবিৰৰপৰা তেওঁ বাচনি লাভ কৰে । 

Image: (L-R) CNN ; The Times Of India

Image: (L-R) CNN ; The Times Of India


প্ৰিন্সৰ বাবে আদৰ্শ হৈছে সৎনাম সিং ভামাৰ । ভামাৰ হৈছে এন বি এত বাস্কেটবল খেলা প্ৰথম ভাৰতীয় । তেওঁ ২০১৫ চনত এন বি এলৈ নিৰ্বচিত হৈছিল । তিনি বছৰৰ প্ৰশিক্ষণৰ অন্তত প্ৰিন্সে এন চি এ এ কলেজ লীগ খেলিবলৈ সুযোগ পাব । এি প্ৰতিযোগিতা এন বি এত খেলাৰ এক প্ৰথমিক যোগ্যতা বুলি গণ্য কৰা হয় । আমেৰিকাৰ আগশাৰীৰ ক্ৰীড়া প্ৰতিষ্ঠান স্পায়াৰ ইনষ্টিটিউটে প্ৰিন্সৰ দায়িত্ব লৈছে । 

ভ্ৰমণ আৰু ভিছাৰ বাহিৰে প্ৰিন্সৰ সকলো খৰচ বহন কৰিছে প্ৰতিষ্ঠানটোৱে । ৬ ফুট ৭ ইন্সি উচ্চতাৰ প্ৰিন্সৰ বাবে তেওঁৰ উচ্চতা এক অন্যতম গুৰত্বপূৰ্ণ ফেক্টৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

বেংকৰ চাকৰি বাদ দি সমাজ সেৱা আৰম্ভ কৰিছিল পি আৰ বিকাশে

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই