নতুনকৈ আৰম্ভ হোৱা ষ্টাৰ্ট-আপৰ বাবে এপিইউএছ গ্ৰুপৰ ইণ্ডিয়া ফাণ্ড

নতুনকৈ আৰম্ভ হোৱা ষ্টাৰ্ট-আপৰ বাবে এপিইউএছ গ্ৰুপৰ ইণ্ডিয়া ফাণ্ড

Monday November 30, 2015,

3 min Read

চীন দেশৰ উদ্যোগশীল ব্যক্তি তথা এপিইউএছ গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া টাও লী বৰ্তমান ভাৰতবৰ্ষত। টাও লীসহ আৰু ৫ গৰাকী শীৰ্ষ বিষয়াই ভাৰতৰ ন-উদ্যোগীসকলক প্ৰেৰণা তথা অৰ্থনৈতিক দিশত সহায় কৰাৰ বাবে কেতবোৰ পদক্ষেপ হাতত লৈছে।

image


৩০০ কোটি টকাৰ এক পৰিকল্পনাৰে তেওঁলোকে প্ৰতিটো নতুন ষ্টাৰ্ট-আপৰ বাবেই ১ কোটিৰ পৰা ৫ কোটি টকাৰ বিনিয়োগৰ পৰিযোজনা কৰিছে।

এনড্ৰইড ফোনৰ সুৰক্ষাৰ ব্যৱস্থা কৰা ষ্টাৰ্ট-আপ কোম্পানী কিইহো ৩৬০ ৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী টাও লীক চীন দেশত মোবাইল ফোনৰ সুৰক্ষাৰ জনক আখ্যা দিয়া হয়। কিইহোক আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত সফল কৰা টাওয়ে একে পদ্ধতিৰে এপিইউএছ গ্ৰ্ৰুপকো সফল কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ বিশ্বজুৰি এপিইউএছ গ্ৰুপে প্ৰস্তত কৰা এনড্ৰইড ফোনৰ ব্ৰাউজাৰ তথা আন ছফটৱেৰসমূহ ব্যৱহাৰ কৰা লোক(ইউজাৰ) সমগ্ৰ বিশ্বত ৫১০ মিলিয়ন আছে আৰু ইয়াৰে ভিতৰত ভাৰতত ইয়াৰ ইউজাৰ ৩০ মিলিয়ন আছে। এই সংখ্যা পৰৱৰ্তী ১২ মাহত ৮০ নিযুতলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে কৰিবলগীয়া সকলো গৱেষণা আৰু সংলগ্ন ষ্টাৰ্ট-আপসমূহতো বিনিয়োগ কৰিবলৈ প্ৰস্তুত হৈছে এপিইউএছ গ্ৰুপ।

টাও লীয়ে কয় যে ভাৰতত মোবাইল ইন্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা অধিক। আৰু এই কথাটোৱে তেওঁলোকক অধিক ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰিব। ভাৰতত তেওঁলোকে সম্মুখীন হবলগীয়া স্থানীয় সমস্যসমূহ দূৰ কৰিবলৈ দেশৰ ষ্টাৰ্ট-আপ সমূহৰ সহায় লব। এপিইউএছৰ ওচৰত থকা আন্তৰাষ্টীয় অভিজ্ঞতাই আৰু ভাৰতৰ স্থানীয় ষ্টাৰ্ট-আপবোৰৰ সহায়ে কোম্পানীটোক গ্ৰাহকৰ ওচৰলৈ নিয়াত সহায় কৰিব।

টাও লীৰ লগত অহা আন এগৰাকী শীৰ্ষ বিষয়া ফেং ডেঙে জনোৱা মতে ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা অধিক। আৰু এই ক্ৰেতাসকলক আগত ৰাখিয়েই এপিইউএছৰ ব্যৱসায় বিস্তাৰৰ লক্ষ্য আছে। তেওঁ কয় যে এই সংখ্যা ২০০৫ চনত চীনৰ দেশৰ ইন্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যাৰ লগত তুলনা কৰিব পাৰি। তেওঁ লগতে কয় যে এই পৰ্যায়তে ভাৰততো ইন্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অধিক পৰিমাণৰ ষ্টাৰ্ট আপ, এঞ্জেল ব্ৰকাৰৰ বৃদ্ধিয়ে ভাৰতৰ বাবে সুখবৰ কঢ়িয়াই আনিছে।

২০০৫ চনত স্থাপিত হোৱা ৰেডপইন্ট চাইনাৰ প্ৰতিষ্ঠাপক ডেভিড য়ুয়ানে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱসাযিক সময় কটোৱাৰ পাছত ভাৰতত মনোনিৱেশ কৰি মতপোষণ কৰে ভাৰতত ষ্টাৰ্ট-আপবোৰে সংখ্যাগত দিশৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়। পৃথিৱীৰ অন্য দেশৰ তুলনাত ভাৰতৰ এই ধাৰা সচাঁকৈয়ে লক্ষ্যণীয়।

টাও লী তথা তেওঁৰ লগত অহা শীৰ্ষ বিষয়াসকলে ভাৰত আৰু চীনৰ মাজৰ বজাৰৰ পৰ্যালোচনা কৰি ইয়াক তিনিটা ভাগত বিভক্ত কৰিছে। ২০০০ পৰা ২০০৬ চনলৈ থকা পৰ্যায়টোক কপী টু চাইনা বা চীনৰ অনুকৰণ বুলি কব পাৰি। এই সময়ছোৱাত সফলকাম ইন্টাৰনেট মডেল সমূহ চীন দেশত অনুকৰণ কৰা হৈছিল। ২০০৬ পৰা ২০১৪ চনলৈ থকা সময়ছোৱাত ই-কমাৰ্ছ তথা চাৰ্ছ ইঞ্জিনৰ বহুল প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

২০১৪ চনৰ পৰৱৰ্তী পৰ্যায়টোত চীনৰ স্থানীয় ফাৰ্মসমূহ আন্তৰ্জাতিক ক্ষেত্ৰলৈ ধাৱমান হৈছে। ইয়াৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়ত বিজনেছ লীডাৰ তৈয়াৰ কৰাই হৈছে তেওঁলোকৰ লক্ষ্য। ইয়াৰ প্ৰথম ঢাপ হিচাপে চীনৰ ব্যৱসায়িক মহলে ভাৰতৰ বজাৰ বিচাৰি লৈছে। টাও লী তথা অন্য ব্যৱসায়িক নেতাসকলে ভাৰতক এতিয়া তেওঁলোকে ধাৰ্য কৰা তিনিটা স্তৰৰ প্ৰথমটো স্তৰৰ সৈতে তুলনা কৰে।

ভাৰতৰ বজাৰৰ ধৰণৰ ওপৰত মন্তব্য কৰিবলৈ গৈ টাও লী তথা তেওঁৰ সহকৰ্মীসকলে কয় যে চীনৰ বন্ধ বজাৰৰ তুলনাত ভাৰতৰ বজাৰ যথেষ্ট খোলা। চীনত ব্যৱসায়িক সম্প্ৰসাৰণৰ ক্ষেত্ৰত কিছু অসুবিধা আছে আৰু তাৰ বাবেই তাত বৈদেশিক বিনিয়োগৰ অভাৱ। তাৰ তুলনাত ভাৰতৰ মুক্ত বজাৰে নতুন ব্যৱসায়িক প্ৰচেষ্টাক উদগনি যোগোৱাৰ লগতে বৈদেশিক কোম্পানীকো ব্যৱসায়ৰ সম্প্ৰসাৰণত যথেষ্ট সহায় কৰে।

এপিইউএছ গ্ৰুপৰ ভাইচ প্ৰেছিডেন্ট-মাৰ্কেটিং পেনী পানে কোৱা মতে তেওঁলোকৰ ব্যৱসায়িক সফলতাৰ অন্যতম কাৰক হৈছে বিশ্বৰ ভিনিন্ন দেশৰ থলুৱা ব্যৱসায়ীৰ লগত কৰা সহযোগ। তেওঁলোকৰ নিজা প্ৰযুক্তি আৰু অন্য কাৰিকৰী প্ৰয়োগে থলুৱা গোটসমূহৰ সহযোগিতাত অধিক ফলপ্ৰসু হোৱা দেখা গৈছে। এইক্ষেত্ৰত আইএমৱাইৰ আৰু ইনমোবাইলৰ পৰা পোৱা সহযোগিতাৰ কথা তেওঁ প্ৰকাশ কৰে।

টাও লী আৰু তেওঁৰ সহযোগীসকলে ভাৰতত তেওঁলোকে শীঘ্ৰে আৰম্ভ কৰিবলগীয়া নতুন প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিব। তেওঁলোকে জনায় যে ২০১৬ চনৰ আৰম্ভণীত তেওঁলোকে এই বিষয়ে অৱগত কৰিব। এতিয়া সকলো ইন্টাৰনেট ষ্টাৰ্ট আপৰ বাবেই মাথো এটাই মন্ত্ৰ আৰু সেয়া হৈছে পূবলৈ চোৱা।

লেখক- প্ৰসন্ন সিং

অনুবাদ- শোণিত কুমাৰ গোস্বামী