হাড়ে-হিমজুৱে এগৰাকী প্ৰযুক্তিবিদ: SOPRA Groupৰ এছ’ছিয়েট জেনেৰেল মেনেজাৰ সীমা লাল গুলাবৰাণী

হাড়ে-হিমজুৱে এগৰাকী প্ৰযুক্তিবিদ: SOPRA Groupৰ এছ’ছিয়েট জেনেৰেল মেনেজাৰ সীমা লাল গুলাবৰাণী

Sunday November 08, 2015,

3 min Read

সীমা লাল গুলবাৰাণীৰ কাহিনী অতিশয় হৃদয়স্পৰ্শী তথা অনুপ্ৰেৰণাদায়ক| তেওঁ প্ৰযুক্তিবিদ্যাক লৈ অতি উৎসাহী আৰু তেওঁ সৰ্বদাই এই ক্ষেত্ৰত ঘটি থকা সাম্প্ৰতিক আপডেট সমূহ আয়ত্ত কৰি ৰাখে| তেওঁৰ মতে বিভিন্ন কাৰণত মহিলাসকল প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থাকে, কিন্তু নিজস্ব অভিজ্ঞতাৰ পৰা তেওঁ দেখিবলৈ পাইছে যে আজিৰ যুগত মহিলাসকলেও উত্তম প্ৰগ্ৰামাৰ ৰূপে থিয় দিব পাৰে| আজিৰ এই স্থানত উপনীত হ’বলৈ সীমাই অনেক ব্যক্তিগত অৱৰোধ আৰু বিপত্তি প্ৰতিহত কৰিব লগীয়া হৈছিল| আমি চেষ্টা কৰিছোঁ তেওঁৰ জীৱন এভুমুকি মাৰিবলৈ ।

image


পটভূমি

ম‍ই কম্পিউটাৰ এপ্লিকেশ্বনত মাষ্টাৰ্ছ ডিগ্ৰী লোৱাৰ পিছত পুণেৰ ফুজিত্সু (Fujitsu) নামৰ কোম্পানী এটাত চাকৰি লাভ কৰিলো । তাৰ পিছত মই দিল্লী NIIT লৈ আহিলো । দুয়ো ঠাইতে মই এগৰাকী ছফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে কাম আৰম্ভ কৰিছিলো । NIITত মই চাৰিবছৰ কাম কৰিলো। তাৰ পিছত মই কৰ্প’’ৰেট জগতৰ পৰা কিছু সময়ৰ বাবে বিৰতি ল’লো । এই সময়খিনি মইি এক ষ্টাৰ্ট-আপ সংস্থাত আৰু দিল্লীৰ সৰু-ডাঙৰ ব্যৱসায় কিছুমানক কনছাল্ট কৰাত অতিবাহিত কৰিছিলো । মইু জাভাতো (Java) কাম কৰিছিলো । তাৰ পিছত মই গুৰগাৱঁৰ ছেপিয়েন্ট টেকন’লজীত দুবছৰৰ বাবে যোগদান কৰিলোহি । Sopra গোটৰ সৈতে মইঁ 2003 চনৰ পৰা সংযুক্ত । মই এগৰাকী ছফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে কাম আৰম্ভ কৰিছিলো- আৰু আজি মই এগৰাকী ছিনিয়ৰ লীড আৰ্কিটেক্ট হিচাপে কৰ্মৰতা ।

মইি এগৰাকী প্ৰফেছনেল টে’কী (প্ৰযুক্তিবিদ) । মইম প্ৰথম দিনাখনৰ পৰাই টেকনলজীৰ সতে জড়িত । মোৰ সমগ্ৰ কেৰিয়াৰত ইয়েই মোৰ শ্ৰেষ্ঠ শক্তি বুলি ক’ব পৰা যায় । মই জানিছিলো যে এই যাত্ৰা এক দীঘলীয়া যাত্ৰা হ’ব । আজি মই য’ত আছোঁ তাত মই অতি সুখী । মই মোৰ কামৰ প্ৰতি অনুৰাগৰ বাবে হে এই দীঘলীয়া যাত্ৰাত অংশগ্ৰহণ কৰিছিলো; কোনো স্থান বা উপাধিৰ বাবে নহয়।

এগৰাকী ছ্ফ্টৱেৰ আৰ্কিটেক্ট হিচাপে কৰ্ম

মই ইউৰোপস্থিত আমাৰ ক্লায়েন্টসকলৰ বাবে ছফ্টৱেৰ ছলিউশ্যন প্ৰস্তুত কৰোঁ| কোনো প্ৰডাক্ট এটিৰ ধাৰণা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি তাক গ্ৰাহকে ব্যৱহাৰ কৰিবপৰা অৱস্থালৈ লৈ যোৱালৈকে মই সেই প্ৰডাক্টৰ টেকনলজীৰ দিশটো চাওঁ । মই একে সময়তে কেইবাটাও প্ৰজেক্ট চাব পাৰো । মই নিতৌ আমাৰ ইঞ্জিনীয়াৰিং টীমৰ সৈতে এক অপাৰেশ্বনেল লেভেলত কাম কৰি যাওঁ ।

ব্যক্তিগত বাধাৰ নিৰসন

মোৰ ল’ৰাকেইটা একেবাৰে সৰু থাকোঁতেই মোৰ স্বামীৰ মৃত্যু হয় । মই একেবাৰে ভাগি পৰিছিলোঁ। সেই সময়ত ভাৰতত এগৰাকী অকলশৰীয়া মাতৃ হৈ চলাটো অতি কঠিন আছিল। কিন্তু মোৰ এটা চাকৰি আছিল; মই নিজৰ ভৰিত থিয় দিব পৰা হৈ আছিলো । গতিকে মই এই হতাশাৰ উৰ্দ্ধলৈ উজাই আহি মোৰ পুত্ৰ আৰু মোৰ জীৱনৰ নিয়ন্ত্ৰণ হাতত ল’লো । যদিও মাজে মাজে প্ৰবল বাধা আহি পৰিছিল, মই ক’ম যে মই মোৰ কাম আৰু জীৱনৰ মাজত এক ভাৰসাম্য আনিবলৈ সক্ষম হৈছো । এনেকুৱা সময় বহু আহিছিল যেতিয়া যাত্ৰা তীব্ৰভাবে কঠিন হৈ পৰিছিল; কিন্তু বাধা অতিক্ৰমি আগুৱাই যোৱাটোৱেই সফলতাৰ চাবিকাঠী ।

টেকন’লজীত মহিলা

মই টেকনলজীৰ পথাৰখনত অধিক মহিলা দেখিবলৈ বিচাৰোঁ । টেকন’লজীৰ ক্ষেত্ৰত আপুনি নিজকে সদায় আপডেট কৰি ৰাখিব লাগিব । এইবোৰ অতি দ্ৰুতবেগত ঘটে, গতিকে টেকনলজীৰ সৈতে কাম কৰাটো এক উত্তেজনাপূৰ্ণ কাম । আপুনি উন্নতি কৰাৰ লগে লগে নতুন কথাৰ বিষয়ে অৱগত হৈ থকাটো অতি জৰুৰী; কাৰণ আপোনাৰ টীমটোৱে আপোনাক আদৰ্শ হিচাপে অনুকৰণ কৰে । এক লীডাৰ হিচাপে আপুনি নিজকে প্ৰমাণিত কৰিব লাগিব । যি সকল যুৱতীয়ে টেকনলজীৰ ক্ষেত্ৰলৈ আগুৱাই যাব খুজিছে- তোমালোকৰ বাবে অনেক প্ৰেৰণা দিব পৰা মানুহ ৰৈ আছে- মাথোন আগবাঢ়ি যোৱা । মই টেকনলজীৰ কাম সঁচাকৈয়ে ভাল পাওঁ- সেয়েহে মই ইয়াৰ লগত নিজকে খাপ খুৱাই ল’ব পাৰিছো ।

মইা এনে এক ধাৰাও দেখিবলৈ পাইছোঁ য’ত মহিলাসকলে ক’ৰ ডেভেলপমেন্টৰ পৰা আঁতৰি যাব ধৰিছে। হয়তো নানান ঘৰুৱা অসুবিধা নাইবা অন্য বাধাৰ কাৰণে আজিৰ মহিলাসকলে ক’ৰ ডেভেলপমেন্টলৈ যাব নোখোজে। আমি তাতো আমাৰ অনুপাত বৃদ্ধি কৰিব লাগিব।

উচ্চাকাংক্ষাসমূহ

মই্ অহা দহবছৰত নিশ্চিত ভাবে কোনো কোম্পানীৰ টেকনলজী ডিপাৰ্টমেন্টৰ মুৰব্বী হ’ব বিচাৰিম ।

একোৱেই আপোনাক বাধা দি ৰাখিব নোৱাৰে । মহিলাসকল টেকনলজীৰ ক্ষেত্ৰত পদাৰ্পণ কৰাৰ ক্ষমতা নিশ্চয় আছে । এই ক্ষেত্ৰলৈ আগুৱাই যাওক আৰু ভাল লাগিলে ক্ষেত্ৰখন উপভোক কৰক ।