কাৰ্চনভাই পেটেলে ঘৰে ঘৰে বিক্ৰী কৰা নিৰ্মা আজি বজাৰৰ ৰজা

কাৰ্চনভাই পেটেলে ঘৰে ঘৰে বিক্ৰী কৰা নিৰ্মা আজি বজাৰৰ ৰজা

Wednesday August 24, 2016,

2 min Read

কাৰ্চনভাই পেটেলৰ ছোৱালী নিৰ্মাৰ মৃত্যু হৈছিল এক দুৰ্ঘটনাত । নিৰ্মাৰ স্মৃতিত তেওঁ স্থাপন কৰিলে এটা ব্ৰেণ্ড যিটো ব্ৰেণ্ডক তেওঁ নিজৰ ছোৱালীৰ দৰেই লালন-পালন কৰি আহিছে । 'আজি সবকি পচণ্ড নিৰ্মা' বাক্যষাৰি সকলোৰে মূখে মূখে । এসময়ত কাৰ্চনভায়ে ঘৰে ঘৰে বিক্ৰী কৰা নিৰ্মাই আজি চাবোনৰ বজাৰৰ ২০ শতাংশ আৰু ডিটাৰজেন্টৰ বজাৰৰ ৩৫ শতাংশ নিয়ন্ত্ৰণ কৰে । 

Image : (L) - Reddif; (R) - India Case Laws

১৯৬৯ চনত যেতিয়া কাৰ্চনভায়ে নিৰ্মা আৰম্ভ কৰিছিল তেতিয়া এই বজাৰখনত মাত্ৰ কেইটামান কোম্পানী আছিল । যিকেইটা আছিল সেইকেইটাও মূলতঃ বহুজাতিক কোম্পানী আছিল যি আঢ্যৱন্তসকলক লক্ষ্য কৰি ব্যৱসায় কৰিছিল । দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিটাৰজেন্ট হাতেৰে ঢুকি পোৱা বস্তু নাছিল । আহমেদাবাদৰ খোকৰাৰ সমীপত কাৰ্চনভায়ে নিজৰ ঘৰৰ পিছ চোতালত ডিটাৰজেন্ট বনোৱা আৰম্ভ কৰিলে আৰু ঘৰে ঘৰে প্ৰতি কিলোগ্ৰামত তিনি টকা মূল্যত বিক্ৰী কৰা আৰম্ভ কৰিলে । সেই সময়ত আন ব্ৰেণ্ডৰ মূল্য আছিল ১৩ টকা প্ৰতি কিলেগ্ৰাম ।

আশীৰ দশকত যেতিয়া নিৰ্মাৰ ব্যৱসায় কিছু স্তিমিত হৈ পৰিল তেতিয়া কাৰ্চনভায়ে এটা নতুন উপায় উলিয়ালে । তেওঁ বজাৰৰ সকলো নিৰ্মা সামগ্ৰী নিজে কিনি পেলালে । ইয়াৰ পাছত তেওঁ আৰম্ভ কৰিলে সেই বিখ্যাত বিজ্ঞাপনটো যত দেখা গ'ল বগা ফ্ৰক পিন্ধা এজনী সৰু ছোৱালী আৰু শুনা গল সেই বিখ্যাত নিৰ্মা জিংগল । এই বিজ্ঞাপন দেখি গ্ৰাহকে দোকানে দোকানে ভীৰ কৰিলেগৈ কিন্তু তেওঁলোক শুদাহাতে উভতি আহিবলগীয়া হ'ল । লাহে লাহে নিৰ্মাৰ চাহিদা বাঢ়ি যোৱাত তেওঁ বজাৰ ওপচাই দিলে নিৰ্মাৰ সামগ্ৰীৰে । সেই বছৰ নিৰ্মাই নিকটতম প্ৰতিদ্বন্দী হিন্দুস্তান লিভাৰৰ চাৰ্ফক পিছ পেলাই বহুদূৰ আগবাঢ়ি গ'ল ।

এই বছৰ কাৰ্চনভায়ে লাফাৰ্জ হলচিমৰ চিমেন্ট ব্যৱসায় কিনি পেলালে ১৪০ কোটি মাৰ্কিন ডলাৰেৰে । জনচক্ষুৰপৰা আতঁৰত থাকি ভাল পোৱা কাৰ্চনভায়ে ১৯৯৫ চনত নিৰ্মা ইনষ্টিটিউট অৱ টেকনলজী, ২০০৩ চনত নিৰ্মা ইউনিভাৰচিটি অৱ চাইন্স এণ্ড টেকনলজী, ২০০৪ চনত উদ্যমীসকলক সহায়ৰ বাবে নিৰ্মালেবছ এডুকেচন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে । ২০১০ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পুলিচৰ লাঠিৰে পুলিচৰ মুৰ ফালি দিছিল আন্না হাজেৰেই

অান্না হাজাৰেই এবাৰেই ফাকি দিছিল....

মাক দেউতাকৰ আদৰ্শৰে কিষণ হৈ পৰিছিল আন্না

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে