মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

Friday December 23, 2016,

2 min Read

১৯৫০ চনৰ প্ৰথম ভাগত এটা দহ বছৰীয়া ল'ৰা মুম্বাইত আহি উপস্থিত হৈছিল । কৰ্ণাটকৰ এখন ভিতৰুৱা গাঁৱৰপৰা অহা এই ল'ৰাজনৰ মনত আছিল ডাঙৰ কিবা এটা কৰাৰ সপোন । দক্ষিণ মুম্বাইৰ এটা মন্দিৰৰ সমীপৰ এখন সৰু হোটেলত মাহে চাৰি টকা দৰমহাত কাম কৰিবলৈ আৰম্ভ কৰিলে তেওঁ । ইয়াৰ পাছত তেওঁ ৬ টকা দৰমহাত বম্বে পৰ্ট ট্ৰাষ্ট কেন্টিনত কাম কৰিবলৈ ধৰে । 

অচিৰেই তেওঁ নিজাকৈ ফলৰ ৰস আৰু পাউ ভাজিৰ এখন দোকান আৰম্ভ কৰিলে । প্ৰথমে এখন ঠেলাত ব্যৱসায় আৰম্ভ কৰাৰ কিছুদিন পাছত তেওঁ আন এখন দোকান আৰম্ভ কৰিলে আৰু ইয়াৰ নাম দিলে সুখ সাগৰ । বৰ্তমান সুখ সাগৰৰ ২২ টা শাখা আছে । ইয়াৰে আঠটা মুম্বাইত, সাতটা বাঙ্গালুৰুত আৰু মহীশুৰ, চেন্নাই আৰু চৌদি আৰবত একোটাকৈ শাখা অৱস্থিত । 

সিদিনাৰ দহ বছৰীয়া লৰাটো আজি ৭৬ বছৰীয়া সফল ব্যৱসায়ী সুৰেশ পুজাৰী ।

Source : Younisthan

Source : Younisthan


এখন সৰু ঠেলা গাড়ীৰে ব্যৱসায় আৰম্ভ কৰাৰপৰা অমিতাভ বচ্চনৰ সান্নিধ্য লাভ কৰালৈকে বহু নাটকীয় ঘটনাৰ সাক্ষী সুৰেশ। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজ তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণীৰ সময়ছোৱাত নিয়মিত সুখ সাগৰৰ নিয়মিত ক্ৰেতা আছিল আৰু তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব লাভ কৰাৰ পাছতো সুখ সাগৰলৈ আহিবলৈ বাদ দিয়া নাছিল । 

আনকি সময়ে সময়ে তেওঁৰ দোকানৰ খাদ্য তাৰকাযুক্ত হোটেললৈও নিয়া হয় । নৱম শ্ৰেণীলৈকে নৈশ বিদ্যালয়ত অধ্যয়ন কৰা সুৰেশৰ কিতাপ পঢ়াটো এটা অন্যতম চখ আৰু তেওঁৰ হাতত প্ৰায় ১০০০ কিতাপ আছে । সুখ সাগৰে দুখীয়া শিশুৰ বাবে শিক্ষা আৰু খাদ্যৰ যোগান ধৰে । সুৰেশৰ কৰ্মচাৰীৰ সংখ্যা ১০০০ আৰু তেওঁ ২২ খন ভোজনালয়ৰ উপৰিও এখন শ্বপিং মল এটা আইচ ক্ৰীম কাৰখানা আৰু তিনিখন ষ্টাৰ হোটেলৰ মালিক । 

ইমানখিনি সফলতাৰ পিছতো সুৰেশৰ জীৱন শৈলী সাধাৰণ । তেওঁ তেওঁৰ কৰ্মচাৰীসকলৰ সমস্ত চিকিৎসা ব্যয় বহন কৰে । নিজে জীৱনৰ কঠিন সময় দেখি অহা সুৰেশে নিজৰ কৰ্মচাৰীসকলক নিজা ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰতো সহায় কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ