প্ৰধানমন্ত্ৰীয়ে মনোযোগ দিয়ক

প্ৰধানমন্ত্ৰীয়ে মনোযোগ দিয়ক

Saturday January 23, 2016,

5 min Read

বিখ্যাত অৰ্থনীতিবিদ আনাতলি কালেটস্কীয়ে ২০১০ চনত ভবিষ্যবাণী কৰিছিল যে এনেকুৱা এক নতুন অৰ্থনীতিৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে যি বজাৰকেন্দ্ৰিকো মৌলবাদ অথবা চবজান্তা চৰকাৰবাদ - এই দুয়োটাৰ পৰাই পৃথক । ২০০৮ চনৰ গোলকীয় মন্দাৱস্থাৰ সৈতে বিশ্বই তেতিয়াও যুঁজ দি আছিল । তেওঁ লগতে কৈছিল যে ইতিমধ্য অৰ্থনৈতিক উন্নয়নৰ তিনিটা পৰ্যায় পাৰ হৈ গৈছে আৰু চতুৰ্থটো প্ৰাৰম্ভিক অৱস্থাত আছে ।

তেওঁ লিখিছে- "উনবিংশ শতিকাৰ আৰম্ভণীৰ পৰা ১৯৩০ চনলৈকে সময়ছোৱা আছিল মুক্ত বজাৰ অৰ্থনীতি আৰু ব্যৱসায়সমূহত চৰকাৰে হস্তক্ষেপ নকৰিছিল । ইয়াৰ পিছত আহিল মহা মন্দাৱস্থা আৰু ছোভিয়েচ ইউনিয়নত কমিউনিষ্ট সমপৰীক্ষাই এটা নতুন ভাৱধাৰাৰ জন্ম দিলে যে বজাৰসমূহক নিজৰ ওপৰতে এৰি দিব নোৱাৰি আৰু চৰকাৰে জনকল্যানকামী ৰাষ্ট্ৰৰ স্বাৰ্থত অধিক দায়িত্ব পালন কৰিব লাগিব ।"

এয়া আছিল অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবৰ বাবে ৰুছভেল্টৰ নতুন চুক্তি তত্ব । ৰাষ্ট্ৰ হঠাৎ পৰিণত হৈছিল বৰককাইত । কিন্তু ৭০ৰ দশকৰ তৈল সংকটে চিন্তাবিদসকলক পুনৰ মূল বজাৰ যুকতিৰ কথা ভাবিবলৈ বাধ্য কৰাইছিল । নতুন অৰ্থনীতিৰ দেৱদূতত পৰিণত হৈছিল ৰণাল্ড ৰেগন আৰু মাৰ্গাৰেট থেচাৰ । বজাৰৰ সন্মূখত ৰাষ্ট্ৰ আকৌ এবাৰ গৌণ হৈ পৰিছিল । কিন্তু অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ তুলনাত এইবাৰৰ বিশেষত্ব আছিল যে এতিয়া ৰাষ্ট্ৰক শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰা হৈছিল । সকলো ধৰণৰ নিয়ন্ত্ৰণক ভেঙুচালি কৰা হৈছিল আৰু বজাৰ হৈ পৰিছিল উদঙীয়া গৰুৰ দৰে । যুক্তি দিয়া হৈছিল যে ৰাষ্ট্ৰ আৰু গীৰ্জাৰ পৃথকীকৰণৰ দৰে ৰাষ্ট্ৰ আৰু অৰ্থনীতিৰ পৃথকীকৰণ বিপদমুক্ত অাৰ্থিক উন্নয়নৰ বাবে দৰকাৰী । কিন্তু ২০০৮ চনৰ মন্দাৱস্থাই এই যুক্তিৰ দুৰ্বলতা উদঙাই দেখুউৱাৰ লগতে চিন্তাবিদসকলক নতুন পথৰ সন্ধান কৰিবলৈ বাধ্য কৰিলে ।

বৰ্তমানৰ সংকট অধিক গুৰুতৰ আৰু ই অধিক ভাবুকি কঢ়িউৱা যেন ভাৱ হয় কাৰণ নতুন ধাৰণাই গাকৰি উঠা নাই । ভাৰতীয়সকলৰ বাবে ই বেছি ভয়লগা কাৰণ বিশ্ব ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত বিশ্ব অৰ্থনীতিৰ এক গুৰুত্বপুৰ্ণ অংশীদাৰ আৰু ভাৰতৰ ওপৰত আৰ্থিক উথ্থান বহুপৰিমাণে নিৰ্ভৰ কৰিছে । কিন্তু চিন্তাৰ কথাটো এইটোৱেই যে চৰকাৰৰ যুযুধান মনোবৃত্তিৰ বাবেই আৰ্থিক উন্নয়ন সম্ভৱপৰ হোৱা নাই যেন ভাৱ হয় । মোডী ডাঙৰীয়াক মহা আড়ম্বৰেৰে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা হ'ল । তেওঁক এনে এজন মানুহ হিছাপে দেখা হ'ল যি অৰ্থনীতিৰ চকৰি ঘুৰাই দিব আৰু মনমোহন সিং চৰকাৰৰ কাৰ্যকালৰ শেষৰফালে দেখা দিয়া উন্নয়নৰ লেহেমীয়া গতি দ্ৰুততৰ কৰিবলৈ সক্ষম হ'ব । কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে হোৱা চকুত পৰা নাই ।

image


দেশৰ অৰ্থনীতিৰ স্বাস্থ্যৰ বেৰমিচাৰস্বৰুপ চেনচেক্স অতি দ্ৰুতগতিত তললৈ নামিছে । মোডীয়ে প্ৰধানমন্ত্ৰীৰুপে শপতগ্ৰহণ কৰাৰ সময়ত ই ২৭০০০ৰ ওপৰত আছিল । কিন্তু এতিয়া ই ২৪০০০ৰ তলত । এয়া বিত্তমন্ত্ৰীৰ বাবে এক বেয়া লক্ষণ । টকাৰ মূল্য ৭০ ডলাৰ হওঁ হওঁ । প্ৰতিদিনেই ই দুৰ্বল হ'বলৈ ধৰিছে । দা হিন্দুৰ মতে -"নৱেম্বৰ মাহত আঠটা মূল খণ্ডৰ ফলাফল আছিল চিন্তাজনক । ই হ্ৰাস পাইছিল ১.৩ শতাংশলৈ আৰু ই আছিল এটা দশকৰ আটাইতকৈ বেয়া হাৰ । যোৱা বছৰকেইটাত যথেষ্ট উন্নতিৰ মূখ দেখা নিৰ্মাণ খণ্ডটোত দেখা গ'ল ৪.৪ শতাংশ হ্ৰাস।" দা হিন্দুৱে পুনৰ উল্লেখ কৰিছে- "যোৱা বছৰ অক্টোবৰত ৯.৮ লৈ উঠা ঔদ্যোগিক উৎপাদন সূচক ৩.২ শতাংশ অৱনমিত হ'ল । এয়া অছিল ২০১১ চনৰ পৰা সৰ্বনিম্ন ।" ইফালে ইকনমিক টীইমছৰ ভাষ্য- "যদিও ভাৰতৰ আৰ্থিক বিকাশৰ হাৰ এই বছৰ ৭-৭.৫ শতাংশ হ'ব বুলি আশা কৰা হৈছে, কৰ্পৰেট ভাৰতৰ বিকাশ ঋণৰ গধুৰ বোজা, প্ৰচণ্ড হেঁচাত থকা বেংকিং খণ্ড আৰু দুটাকৈ বিফল বাৰিষাৰ ফলত গ্ৰাম্যাঞ্চলত পুতৌলগা চাহিদাৰে আক্ৰান্ত।"

ভাৰত ভাগ্যশালী যে তেলৰ গোলকীয় মূল্য নীটকীয়ভাৱে হ্ৰাস পাইছে । যেতিয়া মোডীয়ে ক্ষমতাৰ বাঘজৰী হাতত লৈছিল তেতিয়া ই আছিল ১৩৩ ডলাৰ প্ৰতি বেৰেল আৰু এতিয়া ই ৩০ ডলাৰ প্ৰতি বেৰেল । মুদ্ৰাস্ফীতি হ্ৰাস কৰাত আৰু বিদেশী মুদ্ৰাভাণ্ডাৰ অক্ষত ৰখাত ই সহায় কৰিছে । কিন্তু যোৱা ২৫ বছৰৰ আটাইতকৈ শোচনীয় চীনা অৰ্থনৈতিক সংকটে সৃষ্টি কৰা অস্থিৰতাই নতুলকৈ আতংকৰ সৃষ্টি কৰিছে । চীনা সংকটে ইমানেই সমস্যাৰ সৃষ্টি কৰিছে যে এই বৰ্ষৰ জানুৱাৰী মাহটো দশকটোৰ ভিতৰতেই সংকটপুৰ্ণ বিবেচিত হৈছে । বেংক অৱ এমেৰিকা মেৰীল লিন্সৰ মতে "জানুৱাৰীৰ তিনিটা সপ্তাহত প্ৰায় ৭.৮ ট্ৰিলিয়ন ডলাৰ গোলকীয় ষ্টক বজাৰৰ পৰা ওলাই গৈছে। " মাৰ্কিন অৰ্থলীতিবিদসকলে ইতিমধ্যে সঁকীয়াইছে যে বিশ্বৰ বৃহত্তম অৰ্থনীতি মন্দাৱস্থাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ১৫ শতাংশৰ পৰা ২০ শতাংশ হৈছেগৈ । গোলকীয় বজাৰৰ বাবে ই এক বিপদ সংকেত ।

কিন্তু এই সংকটৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে আত্মবিশ্বাস প্ৰদৰ্শন কৰিব পৰা নাই । ১৯৮৫ৰ পাছৰ প্ৰথমখন সংখ্যাগুপু চৰকাৰ হোৱা স্বত্তেও প্ৰাৰম্ভিক মাহকেইটাত মোডী চৰকাৰে সংস্কাৰ কাৰ্যসূচী হাতত ল'ব পৰা নাছিল । এই কাৰ্যসূচী নিম্নসদনৰ সংখ্যাগৰিষ্ঠতাৰ সহায়ত হেলাৰঙে সকলো বাধা অতিক্ৰম কৰিব বুলি ভবাৰ দৰে মাৰাত্মক ভুল কৰি পেলাইছিল চৰকাৰে । ঔদ্ধত্য প্ৰদৰ্শন কৰাৰ সলনি চৰকাৰখন কিছু নমনীয় হোৱা হলে আডিৰ তাৰিখত GST বিধেয়কখনে উজুটি নেখালেহেতেন । বিহাৰ আৰু দিল্লীৰ শোচনীয় পৰাজয়ে প্ৰধানমন্ত্ৰীক দুৰ্বল কৰিছে । তেজৰ সোৱাদ পোৱা বিপক্ষই তেওঁক গতি ঘুৰাই পাবলৈ এক মুহুৰ্ও শান্ততি দ্ব বিচৰা নাই।

বজাৰ যেতিয়া নিজে সকলো সমস্যাৰ পৰা মুক্ত হৈ ঠিয় দি উঠিব পৰা নহয় তেতিয়া ৰাষ্ট্ৰৰ হস্তক্ষেপ বাঞ্চনীয় । ই এনে এক পৰিবেশ সৃষ্টি কৰিব লাগিব যাতে উদ্যোগজগতৰ নেতাসকলে কিছুমান সাহসী পদক্ষেপ ল'বলৈ আত্মবিশ্বাসী অনুভৱ কৰে । কিন্তু তাৰ বাবে লাগিব আইনগত আৰু প্ৰাতিষ্ঠানিক সমৰ্থন । কিন্তু চৰকাৰখনে যেন এই কথা অনুধাৱন কৰিব পৰা নাই । এটা নতুন অৰ্থনৈতিক মডেল সৃষ্টি হ'বৰ বাবে বজাৰ আৰু চৰকাৰৰ মাজত সহযোগিতা বাঞ্চনীয় । এই দুয়োটা গোটে ইটোৱে সিটোৰ বিপৰীত দিশত গতি কৰাৰ দিন আৰু নাই । ভৰতে এই কথাটোএ বুজা দৰকাৰ যে ই এতিয়াও পশ্চিমীয়া দেশবোৰৰ দৰে সম্পুৰ্ণ নিখুঁত গণতন্ত্ৰ নহয় আৰু এক উন্নয়নশীল অৰ্থনীতিহে । সেয়েহে আমাৰ সন্মূখৰ বাধা আৰু বিশাল । ভাৰত ৰাষ্ট্ৰ অধিক নম্ৰ হৈ সকলোকে লগত লৈ আগবাঢ়িলেহে এই সংকট জয় কৰিব পৰা যাব । সকলো গণতান্ত্ৰিক প্ৰতিষ্ঠানে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । চৰকাৰে বিপক্ষক বুজাবলৈ সক্ষম হ'ব লাগিব যে তেওঁলোক আৰ্থিক পুনৰুত্থানৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ । এই ক্ষেত্ৰত চৰকাৰখন বিফল হৈছে ।

ভাৰতৰ নিতি নিৰ্ধাৰকলকলৰ বাবে মই কালেটস্কীৰ উদ্ধৃতি দিবলৈ বিচাৰিম, " পুঁজিবাদ ৪.০ ই স্বীকাৰ কৰিব যে চৰকাৰ আৰু বজাৰসমূহে ভুল কৰাৰ একমাত্ৰ কাৰণ দুৰ্নীতিগ্ৰস্ত নেতা, লোভী বেংকাৰ, অযোগ্য ব্যৱসায়ী আৰু মুৰ্খ ভোটাৰ নহয় । ইয়াৰ অন্যতম কাৰণ এইটোও যে পৃথিৱীখন অতি জটিল আৰু যিকোনো নীতিনিৰ্ধাৰক তন্ত্ৰৰ বাবে একেৰৈহে শুদ্ধ হৈ থকাটো সম্ভৱ নহয় । সেয়েহে ৰাজহুৱা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বাস্তৱবাদী হোৱা দৰকাৰ " মোডী ডাঙৰীয়া , আপুনি অধিক বাস্তৱবাদী হোৱা দৰকাৰ । নতুন পৃথিৱীত পুৰণি পদ্ধতি কামত নাহে ।

(মতামত লেখকৰ নিজৰ)

মূল- আশুতোষ (প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান আম আদমী পাৰ্টিৰ মূখপাত্ৰ )

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

>

>