গাৱঁৰ মহিলাসকলে সৃষ্টি কৰিলে এটা বেংক, য’ত ঋণ হিচাপে দিয়া হয় কেৱল ঘেঁহু

গাৱঁৰ মহিলাসকলে সৃষ্টি কৰিলে এটা বেংক, য’ত ঋণ হিচাপে দিয়া হয় কেৱল ঘেঁহু

Tuesday December 29, 2015,

3 min Read

প্ৰধানমন্ত্ৰী মোডীয়ে যেতিয়া তেওঁৰ ধন যোজনা আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ মূখ্য উদ্দেশ্য এইটোৱেই আছিল যে গাৱঁত বাস কৰা প্ৰতিজন লোকেই বেংক একাউন্ট খোলে আৰু সেই একাউন্টত তেওঁলোকৰ ধনসমূহ জমা থয়। কিয়নো গাৱঁৰ সহজ-সৰল লোকসকলে বেংকৰ বিষয়ে ভালদৰে জ্ঞাত নহয়। যেতিয়াই তেওঁলোকৰ বেংকত ধন জমা হ’ব, তেতিয়াই তেওঁলোকে সেই ধনৰাশিৰে তেওঁলোকৰ প্ৰয়োজনীয় কাম সম্পন্ন কৰিব পাৰিব। এনেদৰে চৰকাৰে কোটিজনতকৈও অধিক লোকৰ বেংকৰ একাউন্টত ধন জমাও কৰাইছে। অৱশ্যে এনে কিছু লোকো আছে যিয়ে প্ৰধানমন্ত্ৰীয়ে এই যোজনা আৰম্ভ কৰাৰ আগতেই এনে কিছুমান কাম কৰি আছে, যি সচাঁকৈয়ে আশ্চৰ্যজনক।

image


আমি আপোনালোকক ক'ব খুজিছো উত্তৰ প্ৰদেশৰ পিছপৰা এখন গাৱঁৰ এনে কিছুসংখ্যক মহিলাৰ কথা যিসকলে এটা নতুন চিন্তাধাৰাক কাৰ্যকৰী কৰিলে আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিলে। কানপুৰ গামাঞ্চলৰ ভীখমপুৰ গাৱঁৰ মহিলাসকলে এনে এটা বেংকৰ সৃষ্টি কৰিলে, যাৰ বিষয়ে অৱগত হ’লে সকলোৱে আচৰিত হৈ যাব, কিয়নো এই গাওঁখনৰ মহিলাসকলে সৃষ্টি কৰিলে এটা ঘেহুঁ বেংকৰ। এই ঘেহুঁ বেংকত গাওঁখনৰ প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ নিজৰ নিজৰ ঘেহুঁ জমা কৰে। মহিলাসকলৰ ফালৰ পৰা জমা হোৱা ঘেহুঁ যাতে ভালদৰে থাকে তাৰ দায়িত্ব স্বয়ং সেই ঘেহুঁ বেংকে হাতত লয়। ইয়াৰ জৰিয়তে গাৱঁৰ অভাৱী লোকক প্ৰয়োজন অনুসৰি ঘেহুঁ ঋণ হিচাপে দিয়া হয়। এই বেংকৰ পৰা ঋণ লোৱা মহিলাসকলে নিজৰ কাম হৈ যোৱাৰ পাচত কোনোধৰণৰ সুদ নিদিয়াকৈ ঋণ হিচাপে লোৱা ঘেহুঁ পুনৰ জমা কৰি যায়।

image


শস্য বেংক আৰম্ভ কৰা ৰশ্মিয়ে ইয়ৰ স্ত'ৰীক কয়---

“তিনি বছৰৰ পূৰ্বে আমাৰ গাৱঁত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ ফলত কেইবাটাও পৰিয়ালে অলপমান খাদ্যৰ বাবেই হাহাকাৰ কৰিবলগা হৈছিল। তেতিয়া আমি সকলোবোৰ মহিলাই একেলগ হৈ এই ঘেহুঁ বেংকৰ আৰম্ভ কৰিছিলো, য’ত সকলোৱে মিলি প্ৰথমতে ঘেহুঁ গোট খোৱাই “পূজা গ্ৰেইন বেংক” ৰ সৃষ্টি কৰিলো। তাৰ পাছত এই বেংকৰ জৰিয়তে সেই মহিলাসকলক ঘেহুঁ ঋণ হিচাপে দিয়া হ’ল। যেতিয়া ফচলৰ উৎপাদন হ’ল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ ঘেহুঁ প্ৰয়োজনতকৈ অধিক পৰিমানেই উভতাই দি গ’ল। বচ্, তাৰ পাছতেই আমাৰ এই বেংকে এনেকৈয়ে সফলতা লাভ কৰিলে যে এতিয়া আকবৰপুৰ ক্ষেত্ৰৰ ২০ তকৈও অধিক গাৱঁত ঘেহুঁ বেংক সফলতাৰে চলি আছে”।

এই বেংকৰ বিশেষত্ব এয়াই যে, ঋণ হিচাপে প্ৰতিগৰাকী মহিলাই সময়মতেই তেওঁলোকৰ ঘেহুঁ ঋণ পৰিশোধ কৰি যায়। আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল যে, এই ঘেহুঁ বেংকৰ মহিলাসকলক কোনোধৰণৰ চৰকাৰী সাহাৰ্যৰ প্ৰয়োজন ন’হল অথবা কোনো বেপাৰীৰ সহযোগীতাৰো প্ৰয়োজন অনুভৱ ন’হল।

image


গাৱঁৰেই এগৰাকী মহিলা বিমলাই এনেদৰে কয়---

“মোৰ ল’ৰাৰ জন্মদিন আছিল। ঘৰত ঘেহুঁ নাছিল। মই বেংকৰ পৰা ঘেহুঁ ঋণ হিচাপে ল’লো আৰু পাছত যেতিয়া মোৰ ওচৰত ঘেহুঁ উপলব্ধ হ’ল, তেতিয়া মই নিজেই প্ৰয়োজনতকৈ অধিক ঘেহুঁ বেংকক উভতাই দিলো”।

ডাঙৰ কথাটো এইটোৱেই যে, মহিলাসকলৰ মাজত মিলা-প্ৰীতি ইমানেই যে প্ৰতিগৰাকীয়েই ইজনে সিজনৰ সহায়-সহযোগিতাৰ বাবে প্ৰস্তুত থাকে। উল্লেখনীয় যে, এই সকলোবোৰৰেই এটাই প্ৰচেষ্টা- প্ৰতিঘৰতেই যাতে জুইশাল জ্বলে, কোনেও যাতে ভোকত নাথাকে। গাৱঁৰ মহিলাসকলে অজানিতে এনে এটা কাম কৰি আছে যি কাম কেৱল চৰকাৰেহে কৰে। সেইবাবেই কোৱা হয় যে, যদিহে মহিলাসকলে মন বান্ধি লয়, তাক সফল কৰিহে এৰে। ইয়াৰ শ্ৰেষ্ঠ উদাহৰণেই হৈছে ঘেহুঁ বেংক।

লেখক- বিজয় প্ৰতাপ সিং

অনুবাদ- অৰুন্ধতী বেজবৰুৱা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিন্দু উপাধ্যায়: খালী ভৰিৰে দৌৰি সপোন পূৰাব খোজা ছোৱালীজনী

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

মানৱ সম্পদ বিভাগকে কৰ্ম-সংস্কৃতি গঢ়াৰ দায়িত্ব দি হাত সাৱতি বহি নাথাকিব- নবীন তিৱাৰী

আপোনাৰ ষ্টাৰ্ট আপৰ বিজ্ঞাপনৰ বাবে ৬টা ফলপ্ৰসূ উপায়।