ভাৰতীয় দূৰসংযোগ সেৱাৰ গ্ৰুপ-‘এ’ ৰ বিষয়ে দলীয় পৰ্যালোচনাৰ প্ৰতি কেবিনেটৰ অনুমোদন

ভাৰতীয় দূৰসংযোগ সেৱাৰ গ্ৰুপ-‘এ’ ৰ বিষয়ে দলীয় পৰ্যালোচনাৰ প্ৰতি কেবিনেটৰ অনুমোদন

Monday December 26, 2016,

2 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰতীয় দূৰসংযোগ সেৱাৰ গ্ৰুপ-‘এ’ ৰ বিষয়ে দলীয় পৰ্যালোচনাৰ প্ৰতি অনুমোদন জনোৱা হয়।

image


প্ৰস্তাৱত উল্লেখ থকা বিষয়সমূহ হ’লঃ-

ক) দূৰসংযোগৰ সঞ্চালক প্ৰধানৰ দৰে উচ্চতম পদৱীৰ সৃষ্টি

খ)৮৫৩ টা নতুন পদ নিৰ্দ্ধাৰণ

গ)তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন বিভাগৰ ৩১০ টা পদত অধিষ্ঠিত ব্যক্তিলৈ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা

ঘ) BSNL/MTNL ত বিশেষ তথ্য-প্ৰযুক্তি বিষয়াৰ নিযুক্তি

ঙ)কৰ্মীগোটৰ সংখ্যা বৰ্তমানৰ ১৬৯০ তে সীমাৱদ্ধ ৰখা

এই অনুমোদনে দূৰসংযোগৰ মূখ্য কাৰ্যালয় তথা ক্ষেত্ৰ সমূহক সাংগঠনিকভাৱে সবল কৰাৰ লগতে BSNL/MTNL ত কৰ্মৰত দক্ষ ব্যক্তিসকলৰ প্ৰয়োজন পূৰণ কৰিব।ইয়াৰ ফলত দূৰসংযোগৰ বিষয়াসকলৰ বৰ্তমানৰ স্থৱিৰতা হ্ৰাস পাব।

পটভূমিঃ

১৯৬৫ চনতে দূৰসংযোগৰ লগত জড়িত বিভিন্ন নীতি, প্ৰযুক্তিগত তথা প্ৰশাসনিক কাৰ্যাৱলীৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় বিচাৰৰ উদ্দেশ্যে ভাৰতীয় দূৰসংযোগ সেৱাৰ গ্ৰুপ-‘এ’ গঠন কৰা হৈছিল। ভাৰতীয় প্ৰশাসনিক সেৱা পৰিষদৰ যোগেদি অভিযান্ত্ৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰি দূৰসংযোগ আৰু ইয়াৰ অধীনৰ ৰাজহুৱা খণ্ড যেনে BSNL, MTNL, TCIL আদি, ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ প্ৰাধিকৰণ (TRAI), টেলিকম ডিচপিউট চেটেলমেন্ট এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল, কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আদিত কৰ্মৰত দূৰসংযোগৰ বিষয়াসকলক নিযুক্তি দিয়া হয়।

দূৰসংযোগৰ বিষয়াসকলৰ বিষয়ে ১৯৮৮ চনৰ পিছত সুদীৰ্ঘ ২৮ বছৰৰ বিৰতিৰ অন্তত পৰ্যালোচনা কৰা হৈছে।এই ক্ষেত্ৰত BSNL, MTNL আদিত কৰ্মৰত বিষয়া সকলকো সাঙুৰি লোৱা হৈছে। এই অনুমোদনৰ জৰিয়তে দূৰসংযোগৰ মূখ্য কাৰ্যালয় তথা ক্ষেত্ৰ সমূহক সাংগঠনিকভাৱে সবল কৰাৰ লগতে BSNL/MTNL ত কৰ্মৰত দক্ষ ব্যক্তিসকলৰ প্ৰয়োজন পূৰণ কৰিব।ইয়াপ ফলত দূৰসংযোগৰ বিষয়াসকলৰ বৰ্তমানৰ স্থৱিৰতা হ্ৰাস পাব বুলি আশা কৰা গৈছে।

কৰ্মীগোটৰ সংখ্যা বৰ্তমানৰ সংখ্যাতে সীমাৱদ্ধ ৰখা হৈছে আৰু চৰকাৰৰ ফালৰপৰা কোনোধৰণৰ নতুন বিত্তীয় সহায় সহযোগৰ প্ৰতিশ্ৰুতি দিয়া হোৱা নাই। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

আঙুলিৰ চাপেৰেই বিমান বন্দৰত প্ৰবেশ কৰিব পৰা যাব

২০১৭ চনৰ পৰা সৌৰ আৰু বায়ু শক্তিৰে চলিব গুগল

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য