১৫খন ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা

১৫খন ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা

Friday March 17, 2017,

2 min Read

ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান(ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব) বিধেয়ক, ২০১৭ত কেবিনেটে অনুমোদন জনায় । এই বিধেয়কত নিম্নোলিখিত বিষয়বোৰঅন্তৰ্ভূক্ত হৈছে । 

i. ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান(ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব)বিধেয়ক, ২০১৭ত বিল সদনত উত্থাপন;

ii. ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত ১৫খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক বৈধানিক প্ৰস্থিতি প্ৰদানৰ বাবে সেইবোৰক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা;

iii. এই প্ৰতিষ্ঠানবোৰত অধ্যয়ন কৰা শিক্ষাৰ্থীক প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত পাঠ্যক্ৰমৰ অধীনত ডিগ্ৰী প্ৰদানৰ ক্ষমতা দিয়া।

এই প্ৰস্তাৱিত আইআইআইটি পিপিপি বিধেয়ক, ২০১৭ৰ ফলত কোনো বিত্তীয় বোজা নপৰে।

image


এই বিধেয়কে বৰ্তমানৰ ১৫খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰাৰ লগতে প্ৰতিষ্ঠানসমূহত অধ্যয়নৰত শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদানৰ ক্ষমতা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানে প্ৰদান কৰা ডিগ্ৰী হিচাপে শিক্ষাৰ্থীসকলে প্ৰযুক্তিবিদ্যাৰ স্নাতক( B.Tech) অথবা প্ৰযুক্তিবাদ্যাৰ স্নাতকোত্তৰ (M.Tech) বা ডক্টৰেট ডিগ্ৰী( Ph.D)ধাৰী বুলি লিখিব পাৰিব।

তথ্য প্ৰযুক্তি, অভিযান্তিক আৰু ডক্টৰেটৰ আনুষ্ঠানিক ডিগ্ৰী প্ৰদানৰ এই সুবিধাৰ বাবে ইয়াৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলে চাকৰিৰ বজাৰত নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব পাৰিব আৰু প্ৰতিষ্ঠানসমূহে অধিক শিক্ষাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত দেশত এক সবল গৱেষণা ব্যৱস্থাৰ বিকাশ হোৱাত সহায় কৰিব। উদ্যোগ আৰু অৰ্থনীতি খণ্ডত মাত্ৰাধিক হাৰত দক্ষ কাৰিকৰী মানৱ সম্পদৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিষ্ঠানসমূহে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিভা গঢ় দিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

সকলো প্ৰতিষ্ঠানত লিংগ, জাতি, বৰ্ণ, প্ৰতিৱন্ধী, স্থানীয় আৰু নৃ-গোষ্ঠীয়, সামাজিক অথবা অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণী নিৰ্বিশেষে সকলোৰে বাবে পঢ়াৰ সুবিধা থাকিব। নিম্নোলিখিত ১৫খন প্ৰতিষ্ঠানত পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হ’ব:-

অন্ধ্ৰপ্ৰদেশ (চিট্টুৰ), অসম(গুৱাহাটী), গুজৰাট(বদোদৰা), হাৰিয়ানা(ছোনিপাট), হিমাচলপ্ৰদেশ(উনা), ঝাৰখণ্ড(ৰাঁচি), কৰ্ণাটক(ধাৰৱাড), কেৰালা(কোট্টায়াম), মহাৰাষ্ট্ৰ(নাগপুৰ আৰু পুনে), মণিপুৰ(সেনাপতি), ৰাজস্থান(কোটা), তামিলনাডু(তিৰুচিৰাপল্লী), উত্তৰপ্ৰদেশ(লক্ষ্ণৌ), কল্যানী(পশ্চিমবংগ)।

পটভূমি

কেন্দ্ৰীয় কেবিনেটে ০৭.১২.২০১০ত লোৱা সিদ্ধান্ত অনুসৰি দেশত পিপিপিৰ ভিত্তিত ২০খন নতুন আইআইআইটি স্থাপন কৰা হয় যদিও সেইবোৰত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদানৰ ক্ষমতা দিয়া হোৱা নাছিল। ২০১৩-১৪ বৰ্ষত নামভৰ্তি কৰা প্ৰথমটো শ্ৰেণীৰ প্ৰাক-স্নাতকসকলে ২০১৭ত উত্তীৰ্ণ হ’ব। ইতিমধ্যে ১৫খন আইআইআইটিত পাঠ্যক্ৰমৰ শুভাৰম্ভ হৈছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

অতিৰিক্ত ২% মৰগীয়া বানচ/মৰগীয়া সাহাৰ্যত কেবিনেটৰ অনুমোদন

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক