চাকৰিৰ উৰ্দ্ধত উদ্যোগশীলতা, কিন্তু ইয়াৰ উৰ্দ্ধত কি?

চাকৰিৰ উৰ্দ্ধত উদ্যোগশীলতা, কিন্তু ইয়াৰ উৰ্দ্ধত কি?

Friday March 11, 2016,

4 min Read

মই এনে এটা পৰিবেশত ডাঙৰ হৈছোঁ, যত শিক্ষাৰ অৰ্থই হল এটা চাকৰি। ইয়াত অৱশ্যে আচৰিত হ''বলগীয়া একো নাই। এয়া আমাৰ সমাজৰ পৰম্পৰা বা বেছি শুদ্ধকৈ ক'বলৈ গলে সমাজৰ DNA।

স্বাধীনতাৰ পাছত চৰকাৰী চাকৰি পোৱাটো একেবাৰে সহজ আছিল।আনকি মেট্ৰিক পাছ এজনেও ভাল চৰকাৰী চাকৰি পাইছিল। এটা চৰকাৰী চাকৰিৰ অৰ্থ হ'ল জীৱনৰ নিৰাপত্তা।আৰ্থিক স্বাৱলম্বিতা, সামাজিক পৰিচিতিৰ বাবে চাকৰিটো গুৰুত্বপূৰ্ণ হৈ পৰে।

কিন্তু আশীৰ দশকৰ পৰা চৰকাৰী চাকৰিৰ ক্ষেত্ৰখনত পৰিৱৰ্তন আহি পৰিল। শিক্ষিত যুৱক-যুৱতীৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে প্ৰতিযোগিতা আহি পৰিল। বেছিভাগ যুৱক-যুৱতীয়ে ব্যক্তিগত খণ্ডৰ চাকৰিত সোমাবলৈ বাধ্য হৈছিল। গোলকীকৰণ আৰু ইন্টাৰনেট প্ৰসাৰৰ বাবে নব্বৈৰ দশকটো ব্যক্তিগত খণ্ডৰ বাবে সোণালী সময় হিচাপে বিবেচিত হৈছিল। আনকি ব্যক্তিগত খণ্ডত চাকৰি কৰা সকলে চৰকাৰী চাকৰিয়ালতকৈ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু একেসময়তে চাকৰি ক্ষেত্ৰত নিৰপত্তাহীনতাতো ভুগিছিল।


image


জীৱনত একঘেয়া চাকৰিৰ প্ৰভাৱ

প্ৰত্যাশাখিনি বাদ দি গতানুগতিক চাকৰি কৰা লোক এজনে সদায় উৰ্দ্ধতম বিষয়াৰ কথামতে চলিব লাগে।কেতিয়াবা নিজৰ ইচ্ছাৰ বিপৰীতে কিছুমান কাম কৰিবলৈও বাধ্য হয়।

চৰকাৰী চাকৰিয়াল সকলে বুজি পায় যে তেওঁলোকৰ গঠনমূলক পৰামৰ্শক কোনেও গুৰুত্ব নিদিয়ে।সেয়ে তেওঁৰোকে চাকৰিৰ কেইবছৰ মানৰ পিছত নিজাকৈ চিন্তা কৰিবলৈ এৰি দিয়ে। এটা সময়ত গঠনমূলক চিন্তাবোৰ তেওঁলোকৰ মগজুত গোট মাৰি যায়।


image


প্ৰত্যেকেই (মই নিজেও) মাহৰ দৰমহাটোৰ ওপৰত নিৰ্ভৰশীল। সেয়ে দৰমহাত প্ৰত্যাহ্বান আহি পৰা কোনো কাম তেওঁলোকে চেষ্টা কৰি চাবলৈও ভয় কৰে।

তেওঁলোকে সদায় বছৰ নিৰ্দেশ লৈ চলিব লাগে। গতিকে নিৰ্দেশ-আদেশ তেওঁলোকৰ জীৱনৰ অংশ হৈ পৰে যিটো পিছত তেওঁলোকে সন্তান আৰু পৰিবাৰৰ ওপৰতো প্ৰয়োগ কৰাত অভ্যস্ত হৈ পৰে।

বছ যিদিনা ছুটিত থাকে সেইদিনা কাম কৰাৰ প্ৰশ্ন নাথাকে।

সকলোৰে প্ৰতিভা আছে। কিন্তু কৰ্তৃপক্ষক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত এই প্ৰতিভা একেবাৰে মৰহি যায়। মই নিজে সাত বছৰ ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিলো। কিন্তু মোৰ মাজৰ প্ৰতিভাখিনি মই বিছাৰি পোৱা নাছিলো। মই কেতিয়াও ভাবিব পৰা নাছিলো যে মই এজন লেখক,গল্পকাৰ আৰু বিক্ৰেতা কেতিয়াবা হ'ব পাৰিম।

আমাৰ সমাজতে কিছুমান লোক আছে যি নিজকে চাকৰি সংস্কৃতিটোৰ পৰা আঁতৰাই আনিব খোজে।তেওঁলোকে চাকৰি ত্যাগ কৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰে।এই সকল লোককে উদ্যোগী বুলি কোৱা হয়।

এজন উদ্যোগীৰ জীৱন

তেওঁলোকৰ নিজা স্বাভিমান থাকে। তেওঁলোকে এনেকুৱা কাম কৰে যিবোৰ কাম পৃথিৱীখনে অসম্ভৱ বুলি কয়।

যিসময়ত আন সকলোৱে কয় যে ভাৰতীয় উপভোক্তাই অনলাইন মাৰ্কেট ব্যৱহাৰ নকৰে সেইসময়ত তেওঁলোকে ভাৰতীয় লোকক অনলাইল মাৰ্কেট(ফ্লিপকাৰ্ট,স্নেপডীল)ৰ প্ৰতি আকৰ্ষিত কৰি ব্যৱসায় কৰি থাকে।যিসময়ত সকলোৱে কয় মধ্যবিত্ত ভাৰতীয়ই যাতায়তৰ বাবে টেক্সি ব্যৱহাৰ নকৰে,সেই সময়ত তেওঁলোকে ভাৰতীয়ৰ বাবে টেক্সি(ওলা,অবেৰ)ৰ সুবিধা প্ৰদান কৰে।আনে সপোনতো ভাবিব নোৱাৰা ছফটৱেৰ আৰু হাৰ্ডৱেৰৰ আকৰ্ষণীয় সামগ্ৰী(এপ'ল) বজাৰত মেলি দিয়ে।

প্ৰতিজন উদ্যোগীয়ে উপভোক্তাৰ সমস্যা সমূহ সমাধান কৰি জীৱন প্ৰণালী সহজ কৰিবলৈ চেষ্টা কৰে।তেওঁলোকে পৃথিবীখন জীয়াই থকাৰ বাবে উন্নত ঠাই কৰিবলৈ চেষ্টা কৰে।কিছুলোক এই উদ্দেশ্যত সফল হয়,কিছুলোক সফল নহয়।

এখন নতুন পৃথিবীৰ সংজ্ঞা দাঙি ধৰা এওঁলোক সৃষ্টিশীল ব্যক্তি।হাজাৰ হাজাৰ লোকক কৰ্ম সংস্থাপনেৰে জীৱিকাৰ পথ নিৰ্দেশ কৰাৰ প্ৰত্যাহ্বান এওঁলোকে গ্ৰহণ কৰে।

সমাজে তেওঁলোকৰ বিষয়ে কি কয়-সেই কথা এজন উদ্যোগীয়ে গন্য নকৰে।সঁচা কথা কবলৈ গলে ভাৰতীয় উদ্যোগী সকলৰ বাবে আমাৰ সমাজ ব্যৱস্থা ডাঙৰ শত্ৰু।

এটা স্থায়ী চাকৰি ত্যাগ কৰি জীৱনত ডাঙৰ প্ৰত্যাহ্বান লোৱাৰ লগতে দুৰ্বল ধাৰণা এটাত সকলো সাঁচতীয়া ধন বিনিয়োগ কৰে এজন উদ্যোগীয়ে। ইয়াৰোপৰি তেওঁৰ ধাৰণাটোৰ লগত মানুহক জড়িত কৰা, ক্ৰেতাৰ লগত দৰ-দাম কৰা আৰু বজাৰত তেওঁৰ সামগ্ৰী বিক্ৰীৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

কিন্তু যেতিয়া এজন উদ্যোগীয়ে বিনিয়োগকাৰীৰ পুঁজিৰে ব্যৱসায় আৰম্ভ কৰে তেতিয়া প্ৰক্ৰিয়াটো কিছু বেলেগ হয়।বিনিয়োগকাৰীৰ পুঁজি ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ ব্যৱসায়ৰ লাভ-লোকচানৰ তালিকা বিনিয়োগকাৰীৰ আগত দাঙি ধৰিব লগীয়া হয়।

বহু সময়ত বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ তেওঁলোকে হস্ৰম্যাদী লক্ষ্য বা লাভ আগত ৰাখি ব্যৱসায় কৰিব লগীয়া হয়।তেওঁলোকে ব্যৱসায়ৰ লক্ষ্যৰ সৈতে আপোচ কৰিব লগীয়া হয়। বহু সময়ত ক্ৰেতাতকৈ বিনিয়োগকাৰীক অধিক গুৰুত্ব দিব লগীয়া হয় যাৰবাবে তেওঁলোকৰ সৃষ্টিশীল চিন্তাত বাধা আহি পৰে।

কিন্তু বহু উদ্যোগীয়ে টকাতকৈ সৃষ্টিশীলতাক আগস্থান দিয়ে।সমাজত সেইসকল শিল্পী হিচাপে পৰিচিত হয়।

কিন্তু কি বিচাৰে আমাৰ সমাজে

শিল্পীমনৰ শিশু সকলক লৈ পিতৃ-মাতৃৰ বহু অসুবিধা হয়। কিয়নো শিল্পীসকলে নিজৰ পথ বিচাৰি লয়। সমাজে দেখুৱাই দিয়া পথত তেওঁলোক যাব নিবিচাৰে। তেওঁলোকে পুথিগত বিদ্যাকো বেছি গুৰুত্ব নিদিয়ে।শিল্প সাধনাত মগ্ন হোৱাৰ বাহিৰে তেওঁলোকে প্ৰতিযোগিতাৰ নিগনি দৌৰতো ব্যস্ত হ'ব নিবিচাৰে।

স্বভাৱগতভাবে সকলো শিশুৱে শিল্পী। কিন্তু সমাজে তেওঁক এজন কৰ্মচাৰী হোৱাটো বিচাৰে। বিশেষকৈ চৰকাৰী কৰ্মচাৰী।চৰকাৰী চাকৰি নহলে অন্তত: ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী।

মানুহে ভাবে যে এখন বিলাসী গাড়ী বা এটা আটকধুনীয়া ঘৰ বনাবলৈ ষ্টাৰ্ট আপ এটা চমু পথ। পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক ষ্টাৰ্ট আপ বুলি কৈ গৌৰৱ অনুভৱ কৰে। কিন্তু এই কথাই সমস্যাবোৰ সমাধান কৰা নাই। আমি এতিয়াও লোভ আৰু ভয়ৰ বশৱৰ্তী হৈ আছোঁ। মই দুখ অনুভৱ কৰোঁ যেতিয়া শিক্ষা ব্যৱস্থা, পিতৃ-মাতৃ,আত্মীয়...সকলোৱে এজন শিশুক নিৰাপদ আৰু প্ৰতিশ্ৰুতিসম্পন্ন কেৰিয়াৰ বাছি লবলৈ পতিয়ন নিওয়াৰ চেষ্টা কৰে।

হয়, শিল্পী বা উদ্যোগী হবলৈ যোৱাটো প্ৰত্যাহ্বানমূলক। কিন্তু জীৱনত প্ৰত্যাহ্বান গ্ৰহণ নকৰাকৈ কোনো ষ্টিভ জবছ, ধিৰুভাই আম্বানি, শচীন তেণ্ডুলকাৰ, এ.আৰ ৰহমান, ৰবিন্দ্ৰ নাথ ঠাকুৰ, এম.এফ.হুছেইন, অমৃতা শ্বেৰগিল অথবা বিৰজু মহাৰাজ হ'ব পৰা নাই।

আমাৰ দেশত লৰা-ছোৱালীয়ে দৈনিক স্কুলৰ পিছত অতিৰিক্ত তিনি-চাৰিটা কচিং ক্লাছৰ বোজা বহন কৰিবলগীয়া হয়। কিন্তু আমি আশা কৰোঁ তেওঁলোকে শিল্পৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাওক। ইয়াৰ দ্বাৰা আমি তেওঁলোকৰ ইচ্ছাবোৰক উশাহ নোপোৱা সঁজা এটাত হেঁচি ভৰাই থোৱা নাইনে?

মূল প্ৰদীপ গোয়েল

অনুবাদ পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই