লিংগ বৈষম্যৰ পৰা সুদূৰ পৰাহত, ৭৫ শতাংশ মহিলা কৰ্মচাৰী নিযুক্তি পিংক লেম’নেডৰ

লিংগ বৈষম্যৰ পৰা সুদূৰ পৰাহত, ৭৫ শতাংশ মহিলা কৰ্মচাৰী নিযুক্তি পিংক লেম’নেডৰ

Thursday November 26, 2015,

6 min Read

ভাৰতীয় প্ৰতিষ্ঠানত লিংগভিত্তিক নিযুক্তিৰ অনুপাত নিশ্চিতভাৱে এক বিতৰ্কিত বিষয়।সাধাৰণতে প্ৰতিষ্ঠানসমূহত মহিলাৰ বিপৰীতে পুৰুষ কৰ্মচাৰীৰ সংখ্যাই অধিক হয়।কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত উদ্ভাসিত হৈছে পিংক লেম’নেড। বৰ্তমান প্ৰতি ৮জন পুৰুষৰ বিপৰীতে তেওঁলোকে ২৫গৰাকী মহিলাক নিযুক্তি প্ৰদান কৰা দেখা যায়। এই অনুপাতে হয়তো বহুতৰ চকু কপালত তুলিব। পিংক লেম’নেডৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া টিনা গাৰ্গে হাঁহিমুখেৰে দিলে সকলো জিজ্ঞাসাৰ উত্তৰ।

বিষয়বস্তু,(CONTENT), যোগাযোগ (COMMUNICATION) আৰু শৈলী (DESIGN) প্ৰস্তুত কৰাৰ এক প্ৰতিষ্ঠান হৈছে পিংক লেম’নেড।ইয়াৰ গুৰি ধৰোতা টিনাৰ নেতৃত্বত তেওঁলোকে বিভিন্ন কৰ্পৰেট গোটসমূহৰ পৰিচয় সৃষ্টি, বিপণন নীতি, শৈলী আৰু ৱেব সেৱা আদি সকলো দিশ চোৱা-চিতা কৰে। এসময়ত সেনাবাহিনীত থকা টিনাই নিজৰ অদমনীয় উদ্যম আৰু পিছলৈ নোচোৱাকৈ আগুৱাই যোৱা মনোবৃত্তিৰ আঁৰত সৈনিকৰূপে কাম কৰাৰ অভিজ্ঞতাকে কৃতিত্ব দি আহিছে। ‘JAM’নামৰ আলোচনীত টিনাই প্ৰথম লেখিকাৰূপে পৰিচয় লাভ কৰে। সৃষ্টিশীল লিখনীত নিজৰ চোক অধিক কৰিবলৈ টিনা লণ্ডনলৈ যায় আৰু তাতে সাংবাদিকতাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰে।পিংক লেম’নেডত নিযুক্তিৰ এই আকৰ্ষণীয় অনুপাতৰ বিষয়ে আমি টিনাৰ সৈতে কথা পাতিছিলো আৰু জানিবলৈ চেষ্টা কৰিছিলো যে কিয় মহিলাৰ এই আধিপত্য?

image


হাৰষ্টৰীঃ পিংক লেম’নেড কেনেকৈ গঠন হ’ল?

টিনাঃ লিখা-মেলা আৰু শৈলী তৈয়াৰ কৰাৰ প্ৰতি মোৰ আগ্ৰহ অতি পুৰণি।আৰ্নষ্ট এণ্ড ইয়ং গোটৰ হৈ যোগাযোগৰ কাম কৰি থকাৰ সময়ৰে পৰা মই এই দিশত অনুৰক্ত হওঁ। ইয়াৰ পিছত আন এটা এজেন্সীৰ হৈও মই কাম কৰিছিলো। প্ৰকৃততে এটা সময়ত কামৰ সোঁত ইমানেই বেছি আছিল যে স্বতঃস্ফূৰ্তভাৱে পিংক লেম’নেডৰ দৰে এটা সৃষ্টিশীল এজেন্সীৰ গঠন অৱধাৰিত হৈ পৰিছিল।এই সিদ্ধান্তক লৈ মই কেতিয়াও অনুতপ্ত হ’ব লগা হোৱা নাই।প্ৰতিদিনে মই মোৰ পচন্দৰ কাম কৰি গৈছো আৰু কোম্পানীটোৰ উন্নত প্ৰদৰ্শনৰ লগতে সেৱা গ্ৰহণকাৰীৰ সন্তুষ্টি এই দুয়োটাৰ মাজেৰে ভাললগা অনুভৱ কৰো।নিজৰ ভাললগা কাম কৰি গ’লে আপোনাৰ এদিনলৈও কৰ্মক্লান্তি নাহে এই কথা মই মনে-প্ৰাণে বিশ্বাস কৰো।

হাৰষ্টৰীঃ পিংক লেম’নেড নামটো কেনেকৈ মনলৈ আহিল?

টিনাঃ প্ৰতিটো কোম্পানীয়ে নিজৰ কামৰ মাজত সতেজতা আনিব বিচাৰে সেয়া লাগিলে আভ্যন্তৰীণেই হওক বা বহিঃভাগৰে হওক। পিংক লেম’নেডে সেই ভিন্নতা আৰু সতেজতা আনিব বিচাৰে নিজৰ কামৰ মাজেৰে। এটা ব্ৰেণ্ডৰ বাবে প্ৰয়োজনীয় সতেজতা এই নামটোৱে ফুটাই তুলিবলৈ সক্ষম হৈছে। আমাৰ এনেকুৱা বহুতো গ্ৰাহক পাইছো যিসকলক আনে আমাৰ কথা এইকাৰণেই কৈছিল যে তেওঁলোকৰ এই নামটো মনত ৰৈ গৈছিল।

হাৰষ্টৰীঃ পিংক লেম’নেডত লিংগভিত্তিক অনুপাতৰ বিশেষ ধাৰা কেনেকৈ বৰ্তাই ৰাখিছে?

image


টিনাঃ সঁচা কথা ক’বলৈ গ’লে আমি পুৰুষ-মহিলা উভয়কে সমানে সুযোগ দিয়াত বিশ্বাসী। কিন্তু আমাৰ তালৈ অধিকসংখ্যক দক্ষ মহিলা আহি ইয়াত কৰ্মচাৰীৰূপে ৰৈ গৈছে আৰু মইও তেওঁলোকৰ কামত যথেষ্ট সন্তুষ্ট।

পিংক লেম’নেডত মহিলাসকলৰ বাবে কাম কৰাৰ এক অনুকূল পৰিৱেশ বিৰাজমান। প্ৰথমৰে পৰা আমি ইয়াত মহিলাক অধিক গুৰুত্ব দিম বুলি ঠিক কৰা নাছিলো যদিও ক্ৰমাৎ এই কোম্পানীত মহিলাসকলক আগুৱাই যাবলৈ সুযোগ দিয়া আৰু তেওঁলোকৰ মূল্যবোধক প্ৰাধান্য দিয়া পৰিৱেশ এটা গঢ়ি উঠিল।আমি মহিলাসকলক বহুতো সুযোগ-সুবিধা প্ৰদান কৰি আহিছো। আমাৰ ইয়াত যথেষ্টসংখ্যক মাতৃয়ে কাম কৰাৰ লগতে দীঘলীয়া বিৰতিৰ পৰা উভটি অহা বহুতো মহিলা কৰ্মচাৰী আছে।

হাৰষ্টৰীঃএই লিংগভিত্তিক নিযুক্তিৰ বিপৰীত অনুপাতে আপোনাৰ কাৰ্যপ্ৰণালীত প্ৰভাৱ বিস্তাৰ কৰা নাই নে?ইয়াৰপৰা কি সুবিধা হৈছে?

টিনাঃ মই ভাবো ইয়াৰ পৰা আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে আমাৰ কাম কৰা স্থানত এক সমমৰ্মিতাৰ ভাৱ গঢ়ি উঠিছে। এয়া হৈছে নাৰীয়ে কৰ্মক্ষেত্ৰত সৃষ্টি কৰা এক স্বাভাৱিক পৰিৱেশ।কৰ্মস্থলীত অনানুষ্ঠানিক আৰু বন্ধুত্বসুলভ মনোভাৱ যথেষ্ট বিস্তৃত হৈছে কাৰণ নাৰীয়ে চাকৰি সংক্ৰান্তীয়ৰ লগতে দৈনন্দিন বিভিন্ন দিশক লৈ সহজেই আত্মীয়তা গঢ়ি তুলিব পাৰে। মোৰ আটাইতকৈ ভাল লাগে এই কথাত যে আমি মৰম আৰু সহানুভূতিৰ এক বাতাৱৰণ সৃষ্টি কৰিব পাৰিছো য’ত পৰচৰ্চাৰ কোনো স্থান নাই আৰু লিংগভিত্তিক অনুপাতৰ হিচাপ-পত্ৰক আওকাণ কৰি একেলগে ভালদৰে কাম কৰিব পাৰিছো।এজনে আনজনক তললৈ নিয়াৰ পৰিৱৰ্তে যেতিয়া এটা দলৰূপে একেলগে কাম কৰে তাৰ ফলাফল সুমধুৰ হোৱাটো অনিবাৰ্য।

হাৰষ্টৰীঃ আনক আপুনি এইক্ষেত্ৰত কি কিটিপ শিকাব খোজে?

টিনাঃ কৰ্মচাৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকাটো অতিশয় দৰকাৰী।সকলো ঠাইতে মানুহৰ প্ৰকৃতি একে।আমি পিংক লেম’নেডত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা দিশসমূহ হৈছেঃ

ক)বিশ্বাস আৰু স্বচ্ছতা-প্ৰতিজন কৰ্মচাৰীক বিভিন্ন অগ্ৰগতি, কাম-কাজ, নতুন গ্ৰাহক আদিৰ বিষয়ে অৱগত কৰাই থকাটো দৰকাৰী যাতে প্ৰতিষ্ঠানটোত কি সংঘটিত হৈ আছে সেয়া তেওঁলোকে ভালদৰে জানিব পাৰে। তেওঁলোকক আস্থাত লৈ যিমানপাৰে তেওঁলোকৰ সৈতে মত বিনিময় কৰক। সততাৰে সকলোৰে সৈতে ব্যৱহাৰ কৰিলে আপুনিও হতাশ হ’বলগীয়া নহয়।

খ) শিক্ষণ আৰু বিকাশ- মন কৰক যাতে আপোনাৰ সৈতে আপোনাৰ কৰ্মচাৰীসকলৰো বিকাশ হয়। এইক্ষেত্ৰত কাম শিকাৰ হাৰ আৰু আৰ্থিক বিকাশ দুয়োটাতে গুৰুত্ব দিয়াটো দৰকাৰ।পিংক লেম’নেডত আমি চকু দিও যাতে প্ৰত্যেকেই বিভিন্ন ধৰণৰ প্ৰকল্পৰ সংস্পৰ্শলৈ আহে।সমগ্ৰ বছৰটোতে আমি আমাৰ লাভাংশ কৰ্মচাৰীৰ সৈতে ভগাও। আমাৰ বিকাশ মানেই তেওঁলোকৰ বিকাশ গতিকে তেওঁলোকে বছৰৰ বিভিন্ন সময়ত ব’নাছ লাভ কৰে।

গ) উদযাপন আৰু ফূৰ্তি- কামৰ মাজত হাঁহি-তামাচাৰ পৰিৱেশ থাকিলেহে ব্যক্তিসকলে ভালদৰে কাম কৰিবলৈ মন কৰে।কৰ্মস্থলীত অনানুষ্ঠানিক পৰিৱেশ এটা ৰক্ষা কৰাৰ লগতে কৰ্মচাৰীসকলক একাদিক্ৰমে পিংক হলিডে’ নামৰ বিশেষ বন্ধ প্ৰদান কৰা হয়। এই বন্ধত তেওঁলোকক পাৰিশ্ৰমিকসহ কামৰ পৰা ৰেহাই দি কোনো স্পা বা বিপণীত যাবলৈ অথবা সংগীৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সুবিধা দিয়া হয়। পিংক লেম’নেডে এই সমগ্ৰ ব্যয় বহন কৰে।ইয়াৰ ওপৰিউ কৰ্মচাৰীসকলক বিভিন্ন গোটত ভগাই বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হয়।প্ৰায়ে আমি নিৰ্ধাৰিত সময়তকৈ আগত কাৰ্যালয় বন্ধ কৰো যাতে প্ৰত্যেকেই নিজৰ পৰিয়ালৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ লাভ কৰে।এটা সৃষ্টিশীল এজেন্সীৰূপে কাৰ্যালয়ৰ বাহিৰতো যে সকলোৰে এটা জীৱন আছে সেয়া গণ্য কৰাটো প্ৰয়োজনীয়।

হাৰষ্টৰীঃ মহিলাৰে গিজ খাই থকা এটা সংস্থাৰ সৈতে কাম কৰিবলৈ আহিলে গ্ৰাহকৰ মাজত প্ৰথম কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখা যায়?এই মনোবৃত্তিৰ পিছলৈ পৰিৱৰ্তন হয়নে?

টিনাঃ আমি যেতিয়া বৃহৎ ফাৰ্মৰ সৈতে কাম কৰোঁ তেতিয়া অতি হাস্যস্পদভাৱে আমাক তেওঁলোকে ৱাশ্বিং মেচিন বা মাইক্ৰ’ৱেভৰ উদাহৰণ দি প্ৰযুক্তিৰ বিষয়ে বুজায়।ইয়ে আমাক হাঁহিৰ খোৰাকহে দিয়ে।

অৱশ্যে এনেধৰণৰ প্ৰাথমিক ধাৰণাৰ পিছত যেতিয়া তেওঁলোকে আশা কৰাতকৈও ভাল সেৱা লাভ কৰে তেতিয়া আমাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী হৈ পৰে। সমগ্ৰ ৰাতি শ্বুটিং কৰিব পৰা,কোনো ফটোশ্বুটত পুৰুষৰ সৈতে সমানে ফেৰ মাৰিব পৰা,উৎপাদনকাৰী প্লাণ্টৰ পৰিচালনাভিত্তিক যোগাযোগৰ শৈলীৰ পৰিৱৰ্তন কৰিব পৰা অথবা পুৰুষৰ আধিপত্য থকা কোনো সংস্থাৰ বাবে বিশেষীকৃত কৰ্মশালাৰ আয়োজন কৰিব পৰা এটা কৰ্মঠ নাৰীৰ দল থকাটো অতি গৌৰৱৰ বিষয়।কামৰ ক্ষেত্ৰত পুৰুষ-মহিলা সকলো সমান সেয়া ইয়াৰ পৰাই প্ৰমাণ হয়।

হাৰষ্টৰীঃ পিংক লেম’নেডৰ পুৰুষ কৰ্মচাৰীসকলৰ মনৰ ভাৱ কেনেকুৱা?

টিনাঃআমাৰ পুৰুষ সহকৰ্মীসকলক লৈ আমি গৌৰৱ কৰোঁ।নাৰীৰ প্ৰতি তেওঁলোকৰ সন্মান আৰু মনোভাৱ আমাৰ কামৰ ক্ষেত্ৰত স্পষ্টৰূপত প্ৰকাশ পায়। আনকি এইবছৰৰ স্বাধীনতা দিৱসৰ উদযাপনত উলিওৱা এক মৌন সমদলত তেওঁলোকে হাতে হাতে লৈছিল ‘ধৰ্ষণ বন্ধ কৰক’, ‘গাৰ্হস্থ্য হিংসা বন্ধ কৰক’, ‘যৌতুক প্ৰথাৰ বিৰোধ কৰক’ আদি বিভিন্ন শ্ল’গান থকা বেনাৰ। নাৰীৰ প্ৰতি থকা তেওঁলোকৰ অপৰিসীম শ্ৰদ্ধাই ইয়াৰ পৰা ফুটি উঠে।

image


হাৰষ্টৰীঃ ইয়াৰ বাহিৰেও লিংগভিত্তিক ভিন্নতাৰ বিষয়ে আপুনি জনাব বিচৰা আন কোনো বিশেষ কথা আছে নেকি?

টিনাঃ মহিলাই সাধাৰণতে নিজে আগবাঢ়ি আহিবলৈ সংকোচ কৰে।আনহাতে পুৰুষে কোনো সুযোগৰ প্ৰস্তাৱ পোৱালৈ অপেক্ষা নকৰে।কিন্তু মহিলাই কিবা কামৰ বিষয়ে জানিবলৈ হাজাৰ বাৰ চিন্তা কৰে।যেতিয়া মহিলাই আত্মবিশ্বাসেৰে কৰ্মস্থলীত আগুৱাই আহে তেতিয়াই লিংগভিত্তিক দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে আমাৰ সংস্থাত অতি কমবয়সীয়া যুৱতীয়েও প্ৰথম দিনৰ পৰাই সহজ অনুভৱ কৰে। পুৰুষ-মহিলা উভয় লিংগৰ সহযোগিতাতহে এটা সংগঠনৰ সৌষ্ঠৱ ৰক্ষা হয়।এফালে নাৰীয়ে সমমৰ্মিতা আৰু কৰ্মস্পৃহাৰ সুষম মাত্ৰা প্ৰদান কৰে আৰু আনফালে পুৰুষে সাহস আৰু কৰ্ম সম্পাদনৰ সঠিক ভাৰসাম্য ৰক্ষা কৰে।

মূলঃতনৱী ডুবে

অনুবাদঃতুলিকা দেৱী