পতি-পত্নীয়ে গোৱাত আৰম্ভ কৰিলে অনলাইন শিল্প সঁজুলি যোগানৰ প্ৰতিস্থান Craft Gully:

পতি-পত্নীয়ে গোৱাত আৰম্ভ কৰিলে অনলাইন শিল্প সঁজুলি যোগানৰ প্ৰতিস্থান Craft Gully:

Tuesday November 24, 2015,

4 min Read

পাঁচ বিলিয়ন ডলাৰৰ বজাৰ খনলৈ লক্ষ্য ৰাখি, ২০১৪ চনৰ আৰম্ভনিতে ভাৰতৰ বৃহত্তম Online only Craft store খন মুকলি কৰা হয়। দুবছৰৰো কম সময়তে তেওঁলোকৰ তাত ১৫০০ বিধতকৈ অধিক সামগ্ৰী (বাঢ়িয়েই আছে) সংগ্ৰহ আছে আৰু পৰিস্কাৰ ভাৱে ই শিল্প সঁজুলিৰ আগ্ৰহী ক্ৰেতাৰ এক পচণ্ডৰ ঠিকনাত পৰিণত হৈছে।

শিল্পসঁজুলি সহজেই পাব পৰাকৈ এটা সুবিধাজনক ব্যৱস্থাৰ ধাৰণাটো অচিৰেই দেশৰ শিল্প-ভাস্কৰ্যৰ প্ৰয়োজনীয় সঁজুলি যোগানৰ এটা অভিযানত পৰিণত হ'ল। জন্ম হ'ল craft gully.com- ৰ। মজাৰ কথাটো হ'ল Craft Gully ৰ গুদাম আছে গোৱাত, আৰু কাম কাজো তাৰ পৰাই পৰিচালিত হয়। আনহাতে প্ৰশাসনিক কাৰ্যালয় আছে মুম্বাইত।

image


Craft Gully ত পোৱা সৃজনশীল সামগ্ৰীসমূহঃ

গোৱা কিয় ? 'গোৱা কিয় নহ'ব'- পলকতে উত্তৰ দিয়ে ধীৰেন্দৰে। 'ইমান সুন্দৰ ঠাই, মন জুৰাই দিয়া পৰিৱেশ কাম কৰিবলৈ গোৱা আমাৰ বাবে আছিল স্বাভাবিক পচণ্ড'- তেওঁ জনালে।

আৰম্ভণিৰ সময়ৰ পৰা তেওঁলোকে আন্দামানৰ পৰা অৰুণাচল প্ৰদেশলৈ আনকি সুদূৰ জম্মু কাশ্মীৰলৈও সামগ্ৰী প্ৰেৰণ কৰিছে।

প্ৰতিষ্ঠাপক দম্পতীৰ প্ৰফাইলো আকৰ্ষণীয়। Craft Gully -ৰ মস্তিস্ক আৰু হৃদয়, ক্ৰমে ধীৰেন্দৰ কুঞ্জল নিৰৱানিয়ে Craft Gullyত বিনিয়োগ কৰিবলৈ লোভনীয় কেৰিয়াৰ বিসৰ্জন দিছিল। শৈল্পিক যিকোনো কাম বা কথাই কুঞ্জলক সদায় আকৰ্ষণ কৰিছিল। শিল্প বিষয়ক কৰ্মশালাৰ প্ৰতি পূৰ্বৰে পৰা তেওঁৰ এক সৃষ্টিশীল আকৰ্ষণ আছিল। তেনেসময়তে তেওঁ এদিন অনুভৱ কৰিলে যে ভাৰতত অন্ লাইন শিল্প সামগ্ৰী যোগানৰ কোনো মানসম্পন্ন যোগান ধৰোতা নাই।

ডিজিটেল মিডিয়াৰ বিশাল অভিজ্ঞতাৰে পুষ্ট ধীৰেন্দৰে কাৰিকৰী দিশটো চোৱা-চিতা কৰে। পূৰ্বে কানাডাৰ এক ই-গৱৰ্ণেন্স প্ৰকল্পৰ সৈতে জড়িত ধীৰেন্দৰে শাদী ডট কম আৰু শ্বেয়াৰখান ডট কমৰ দৰে আগশাৰীৰ ভাৰতীয় অনলাইন প'ৰ্টেলতো কাম কৰিছিল। IBM India- ৰ Country Leader-Developer Relations-ৰ পদবীত অন্তিম চাকৰিটোত তেওঁৰ দায়িত্ব আছিল দেশৰ ডেভেলপাৰ সম্প্ৰদায়ৰ মাজত কোম্পানীৰ ছফ্টৱেৰ প'ৰ্টফ'লিঅৰ প্ৰচাৰ কৰা। 'মোৰ শেষৰ চাকৰিটোৱে মোক ইমান শিক্ষা আৰু আত্মবিশ্বাস দিলে যে মই এই কামটো আৰম্ভ কৰিলো'- ধীৰেন্দৰে কয়। Quilling বা punch craftৰ দৰে নতুন যুগৰ উন্মাদনাই হওঁক বা গহনা প্ৰস্তুতকৰণ আৰু কৃত্ৰিম ফুল প্ৰস্তুতকৰণৰ দৰে চিৰসেউজ শিল্পই হওঁক, বিশেষ সঁজুলিয়ে হওঁক বা মৌলিক সঁজুলিয়েই হওঁক, Craft Gully ক্ৰেতাক সহজেই তেওঁৰ পচণ্ডৰ সামগ্ৰীবিধৰ কাষ পোৱাই দিয়ে।

কি কি পাব:

পুঁজিৰ সীমাবদ্ধতা স্বত্তেও কোম্পানীটোৱে পঞ্চাশটা ৰঙৰ Quilling Paper, ১৫ বিধ কেৱল Carring findings আৰু ৪০ বিধ প'লেন যোগান ধৰিব পাৰে। তদুপৰি শিল্পৰ পৃথিৱীৰ বৰ্তমান ট্ৰেণ্ডৰ চাহিদা পূৰাবলৈ আছে তেওঁলোকৰ নিজৰ সজুঁলিৰ বাকচ। প্ৰথমটো অৰ্ডাৰ পোৱাৰ মুহুৰ্তটো আমাৰ অতি প্ৰিয় মুহুৰ্তবোৰৰ অন্যতম। তাৰ পিছৰ পৰা এয়া এক উত্তেজক যাত্ৰা।ভাৰতৰ প্ৰতিখন ৰাজ্যলৈ সামগ্ৰী প্ৰেৰণ কৰা বুলি জনাৰ পিছত এক আচৰিত অনুভূতি হৈছিল। এই সময়ছোৱাত আমি বহু কথা শিকিলো, গুৰুত্বপূৰ্ণ পাঠটো হ'ল- প্ৰতিশ্ৰুতি কম আৰুdeliveryবেছি, ই আমাৰ টীম সময়মতে গ্ৰাহকৰ কাষ পোৱাৰো নিশ্চিত কৰে- মন্তব্য ধীৰেন্দৰৰ।

Craft Gully- য়ে Itsy Bitsy.in, The Hobby, Craft and Arts Megastore- আদিৰ পৰা প্ৰতিযোগীতাৰ সন্মুখীন হৈছে। বিশাল ট্ৰেণ্ডৰ সামগ্ৰীৰে এই বিপণীসমূহো Craft Gully-ৰ সমপৰ্যায়ৰ। Craft Gully-ৰ শক্তি অনলাইন উপস্থিতি, যাৰ বাবে প'ৰ্টেলটো অফ্ লাইন উপস্থিতি ষ্ট'ৰ মুকলি কৰিবলৈ অধিক আগ্ৰহী খিনিয়েই প্ৰতিদ্বন্দী সকলতকৈ প'ৰ্টেলটো সামান্য হ'লেও আগবাঢ়ি আছে।

যাত্ৰাটোৰ এইখিনিলৈ:

Craft Gully-ৰ প্ৰতিষ্ঠাপকসকলে জনোৱা মতে, যিকোনো নতুন কোম্পানীৰ (startup) ক্ষেত্ৰত হোৱাৰ দৰে এই পৰ্যন্ত তেওঁলোকৰ যাত্ৰাও উত্থান-পতনেৰে ভৰপুৰ। '১০,০০০ নং অৰ্ডাৰটো লাভ কৰাৰ সময়ত হোৱা সম্ভ্ৰমৰ অনুভূতিৰ পৰা ২০,০০০ নং অৰ্ডাৰটো পাবলৈ অস্থিৰতালৈকে আমি সকলো অভিজ্ঞতাৰ সন্মুখীন হৈছো। উপযুক্ত লোক বা প্ৰতিভা বিচাৰি হাঁহাকাৰ কৰাৰ পৰা, সেৱাত সন্তষ্ট গ্ৰাহকৰ এখন ই-মেইলে প্ৰদান কৰা তৃপ্তিলৈ, সেই সৰু-সৰু মুহুৰ্তবোৰে আমাক ডাঙৰ হোৱাত সদায় ভীষণভাৱে সহায় কৰিছে'- ধীৰেন্দৰে কয়। প্ৰতিষ্ঠাপক দম্পতিয়ে জনোৱা মতে, কামটো আৰম্ভ কৰোতে এক ধৰণৰ অনিচ্ছা আছিল যদিও বৰ্তমান দুয়ো তেওঁলাকৰ সিদ্ধান্ত দৃঢ়তাৰে সমৰ্থন কৰে। বেলেগ কিবা এটা কৰাৰ ক্ষেত্ৰত দুয়ো লোৱা ভূমিকা, আৰু প্ৰত্যাহ্বানৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰত্যয়েই তেওঁলোকক সৰ্বাধিক তৃপ্তি দিয়ে।

ভৱিষ্যতৰ পথ:

গ্ৰাহকে যিকোনো সময়তে আৰু যিকোনো স্থানৰ পৰা অৰ্ডাৰ দিব পৰাকৈ নতুন মোবাইল App এটা মুকলি কৰাকে ধৰি কোম্পানীৰ বহুতো নতুন আঁচনি আছে। Craft Gully ম'বাইল App গুগল প্লেষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰি। অনুৰূপ আৰু কেইবাবিধো সুবিধা অচিৰেই মুকলি কৰা হ'ব, যাৰ দ্বাৰা পেছাদাৰী শিল্পী বা ৰসগ্ৰাহীসকলে বিপুলভাৱে লাভান্বিত হ'ব। সামৰণিত দুই প্ৰতিষ্ঠাপকে জনালে। আমাৰ লক্ষ্য হ'ল প্ৰতিগৰাকী শিল্পীয়ে সম্পূৰ্ণৰূপে তেওঁলোকৰ সৃজনশীল প্ৰতিভাৰ অন্বেষণ আৰু ব্যৱহাৰ কৰিব পৰাকৈ প্ৰতিটো পৰ্যায়তে তেওঁলোকৰ সঁজুলি আৰু সামগ্ৰীৰ যোগান ধৰা।


মূল: শাশ্বতী মুখাৰ্জী।

অনুবাদ: লুইত পাঠক

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কামাল হাজ : ৩২০০ কিলোমিটাৰ চাইকেল চলোৱা যুৱকজন

অভ্ৰমিত পথেৰে ভ্ৰমণ কৰি ৰীমাদেৱী থ’ট্টাঠিল হৈ পৰিল ভাৰতীয় নৌ-সেনাৰ প্ৰথম গৰাকী মহিলা এ.টি.চি

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ