ফ্লিপকাৰ্টৰ মুকেশ বানচাল আৰু অংকিত নাগোৰিৰ বাবে উদ্যোগশীলতাৰ নতুন আহ্বান উলাই কৰাটো কঠিন হৈ পৰিল। ই-কমাৰ্চৰ ক্ষেত্ৰখনৰ বিয়াগোম কোম্পানীটো ত্যাগ কৰি দুয়ো অহা কেইটামান মাহৰ ভিতৰত এতিয়া নিজৰ নিজৰ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা ভাবিছে।
ফ্লিপকাৰ্টৰ কমাৰ্চ প্লেটফৰ্মৰ হেড মুকেশে নিজৰ ষ্টাৰ্ট আপ আৰম্ভ কৰাৰ পূৰ্বে আৰু দুমাহ কাম কৰিব।তেওঁৰ বৰ্তমানৰ বৃত্তি আৰু নতুন কৰ্মকয় যাত্ৰাৰ পূৰ্বে তেওঁ কেইটামান মাহৰ বাবে জিৰণি লব। তেওঁ ফ্লিপকাৰ্টৰ লগতে সহ প্ৰতিস্থাপক হিচাপে আৰম্ভ কৰা মিন্ত্ৰাও ত্যাগ কৰিব। তেওঁ কেৱল এজন উল্লেখযোগ্য শ্বেয়াৰহল্ডাৰ আৰু পৰামৰ্শদাতা হিচাপেহে কোম্পানীটোৰ সৈতে জড়িত হৈ থাকিব। মুকেশে কয়ঃ
মুকেশ, এগৰাকী স্বাস্থ্য সচেতন ব্যক্তি। তেওঁ কয় যে তেওঁ কোনটো ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিব এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও সেয়া যে কাৰিকৰী আৰু প্ৰযুক্তিৰ দিশতেই হব সেয়া নিশ্চিত। ফ্লিপকাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া বিনি বানচালে কয় যে মুকেশে কোম্পানীটোত এক সুস্বাস্থ্যকৰ কৰ্মৰ পৰিবেশ গঢ়ি তুলিছিল। তেওঁ তদুপৰি কয়ঃ
চিফ বিজনেছ অফিচাৰ অংকিতে নিজাকৈ ক্ৰীড়া প্ৰতিভা বিকাশ ফাৰ্ম এখন আৰম্ভ কৰিবলৈ ওলাইছে।ফ্লিপকাৰ্টৰ প্ৰতিস্থাতা শচীন বানচাল আৰু বিনি বানচাল হব এই ফাৰ্মখনৰ প্ৰথম বিনিয়োগকাৰী। অতি শীঘ্ৰেই অংকিতে ফ্লিপকাৰ্ট ত্যাগ কৰিব।কিন্তু এইক্ষেত্ৰত আমোদজনক দিশটো হল সহ প্ৰতিস্থাপক শচীন বানচালে চিইঅ'ৰ পদ এৰি তুলনামুলকভাবে নিস্ক্ৰিয় কাৰ্যবাহী সঞ্চালকৰ পদটো চম্ভালি থাকিব বুলি ঘোষণা কৰাৰ এটা সপ্তাহৰ ভিতৰতেই এই ঘোষণা সমুহ প্ৰকাশ কৰিছে সংস্লিষ্ট শীৰ্ষ কৰ্মী সকলে।
বিনিয়ে এতিয়াৰে পৰা কমাৰ্চ আৰু এডভাৰ্টাইজিঙৰ দিশদুটা প্ৰত্যক্ষভাবে চোৱাচিতা কৰিব। আনফালে কোম্পানীৰ ভিতৰত আৰু বাহিৰতো অংকিতৰ স্থলাভিষিক্ত কৰাব পৰা উপযুক্ত ব্যক্তিৰ সন্ধান কোম্পানীয়ে অব্যাহত ৰাখিছে। বিনিয়ে কয়ঃ
যি সময়ত ফ্লিপকাৰ্টে আমাজন , স্নেপডিল, পেইটিএম আদিৰ পৰা নিত্য নতুন প্ৰত্যাহ্বান লাভ কৰি আহিছে, সেই সময়তেই কোম্পানীটোৰ শীৰ্ষ মহলত এই সাল সলনি সংঘটিত হৈছে। কিন্তু মুকেশে কয় যে দুবছৰ পূৰ্বে মিন্ত্ৰা আহৰণ কৰাৰ সময়তকৈ বৰ্তমান এক শক্তিশালী স্থিতিত তেওঁ ফ্লিপকাৰ্টক এৰি যাবলৈ ওলাইছে। কোম্পানীটোৱে গুগলৰ দুই শীৰ্ষ আৰু জ্যেষ্ঠ কৰ্মী ক্ৰমে পিযুষ ৰঞ্জন আৰু পুনিত চোনীক ক্ৰমে চিটিঅ' আৰু চিপিঅ' হিচাপে নিযুক্ত কৰিবলৈ সক্ষম হৈছে যোৱা বছৰটোত। নিজৰ সাফল্য সন্দৰ্ভত মুকেশে কয়ঃ
কিন্তু প্ৰত্যাহ্বানৰ এতিয়াও অন্ত পৰা নাই । যদিও ফ্লিপকাৰ্টে ভাৰতৰ ই-কমাৰ্চৰ ক্ষেত্ৰখনত নিজৰ উল্লেখযোগ্য স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে,তথাপিও বিগত কেইটামান মাহত কোনো কোনো দিশত ই ক্ষতিৰো সমুখিন নোহোৱা নহয়। ফ্লিপকাৰ্টে দাবী কৰে যে তেওঁলোকৰ mobile-first পদক্ষেপে যঠেষ্ট সমাদৰ লাভ কৰিছে,তথাপিও ই এক প্ৰশ্নৰ অৱকাশ ৰাখে যে তেওঁলোকে ৱেবৰ জগতখনত কিছু উলাই কৰিব বিচাৰিছে নেকি। একেধৰণে কিন্তু ফ্লিপকাৰ্টে নিজৰ সেৱাৰ মানো অক্ষুন্ন ৰাখিছে। আনফআলে এইক্ষেত্ৰত আমাজন কিছু অসুবিধাৰ সমুখীন হৈছে। বিনিৰ মতে যি স্থানত ফ্লিপকাৰ্টে খোজ দিছে সেই স্থানত জয়লাভ কৰিবলৈ সক্ষম হৈছেঃ
মনোনিবেশ কৰা ক্ষেত্ৰসমুহৰ কথা নতুন চিইঅ' গৰাকীয়ে এইদৰে কয়ঃ
বৰ্তমান দেশৰ ৩০০চহৰত ফ্লিপকাৰ্টে অব্যাহত ৰাখিছে ই-কাৰ্টৰ ব্যৱস্থা। বিনিয়ে কয় যে ডেলিভাৰীৰ ক্ষেত্ৰত ক্ষীপ্ৰতা বৃদ্ধি কৰাত মনোনিবেশ কৰা হব। লগতে দেশৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ ৱেৰহাউচ স্থাপন কৰি অৰ্ডাৰৰ পিছদিনাই ডেলিভাৰী দিব পৰা ব্যৱস্থা দেশৰ ৯০শতাংশ স্থানত কৰি তোলাত মনোনিবেশ কৰা হৈছে। শেহতীয়া এক গুজৱ মতে ফ্লিপকাৰ্টে স্নেপডিল আৰু পেইটিএমৰ বিনিয়োগকাৰী আলিবাবাৰ পৰা বিনিয়োগ আহৰণ কৰিছে। তদুপৰি ভেল্যুৱেশ্বনৰ এক চাপ ফ্লিপকাৰ্টে লাভ কৰাৰ লগতে বৰ্তমান ১৫বিলিয়ন ডলাৰলৈ নিজৰ মূল্য উন্নীত কৰাৰ গুজৱো ওলাইছে। বিনিয়ে আলিবাবাৰ লগত যোগাযোগ কৰাৰ কথা অশ্বীকাৰ কৰে যদিও ভেল্যুৱেশ্বন চাপ সন্দৰ্ভত কয়ঃ
মূলঃৰাধিকা পি.নায়াৰ
অনুবাদঃপ্ৰাঞ্জল শৰ্মা
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস
চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?
বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া
পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?
Related Stories
Stories by Team YS Asamiya
March 14, 2017
March 14, 2017
March 14, 2017
March 14, 2017