অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ আহি জৈৱিক চকলেট প্ৰস্তুত কৰা উদ্যোগী মহিলা-জেন মেছন

অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ আহি জৈৱিক চকলেট প্ৰস্তুত কৰা উদ্যোগী মহিলা-জেন মেছন

Friday December 25, 2015,

3 min Read

বৃদ্ধৰ পৰা শিশুলৈকে সকলোৰে এবিধ প্ৰিয় খাদ্য চকলেট।বিশেষকৈ শিশুসকলৰ অতি প্ৰিয় চকলেট।চকলেট স্বাস্থ্যৰ বাবেও উপকাৰী বুলি কোৱা হয়।কিন্তু বজাৰত উপলব্ধ হোৱা বিভিন্ন প্ৰকাৰৰ চকলেটত যি পৰিমাণৰ কেফেইন আৰু চৰ্বি থাকে সেয়া স্বাস্থ্যৰ বাবে উপকাৰী নহয় বুলি গৱেষণাই প্ৰমান কৰিছে। কিন্তু এই গৱেষণাই লগতে এই কথাও প্ৰমাণ কৰিছে যে চকলেটৰ উপাদান cacao স্বাস্থ্যৰ বাবে উপকাৰী যদিহে ইয়াক জৈৱিক ভাৱে প্ৰস্তুত কৰা হয়।আপুনিও সন্তানৰ হাতত নিচিন্তমনে তুলি দিব পাৰিব সিহঁতৰ প্ৰিয় খাদ্যবিধ।আপোনাক এই নিশ্চয়তা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে অষ্ট্ৰেলিয়াৰ এগৰাকী যুৱতী জেন মেছন। জেনে প্ৰস্তুত কৰি উলিয়াইছে জৈৱিক চকলেট।

অষ্ট্ৰেলিয়াৰ ছিডনীত জন্মগ্ৰহণ কৰা জেন মেছনে তেইশ বছৰ বয়সত বিশ্ব ভ্ৰমণৰ বাবে ওলাই আহিছিল।পেছাগত ভাবে এগৰাকী উকীল জেনে বিশ্বৰ বিভিন্ন লোকক যোগ প্ৰশিক্ষণ দিয়াৰ বাবে বিশ্ব ভ্ৰমণ কৰিছিল।পৰৱৰ্তী সময়ত তেওঁ উপস্থিত হৈছিলহি ভাৰতবৰ্ষৰ তামিলনাডুত যৰ পৰা তেওঁৰ জীৱনৰ আন এক পৰিক্ৰমা আৰম্ভ হৈছিল।

image


'মই তামিলনাডুৰ Auroville ত যোগ শিকাবলৈ আহিলো।মই নিৰামিষাহাৰী আৰু স্বাস্থ্য সচেতন হোৱাৰ বাবে ইয়াত প্ৰস্তুত কৰা চকলেট খাব নোৱাৰিছিলো।এইবোৰত যথেষ্ট পৰিমাণৰ গাখীৰ, চেনি আৰু আন প্ৰিজাৰ্ভেটিভ থাকে যি স্বাস্থ্যৰ বাবে হানিকাৰক।এইবোৰ জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা নহয়।'

Mason & Co.

মেছন এণ্ড কো. হল তামিলনাডুৰ Auroville স্থিত জৈৱিকভাৱে প্ৰস্তুত কৰা চকলেট কম্পেনী।ইয়াত cacao গুটিৰ পৰা হাতেৰে জৈৱিক পদ্ধতিত চকলেট প্ৰস্তুত কৰা হয়।ইয়াৰ বাবে এই কোম্পেনীয়ে পোনপটীয়াকৈ cacao খেতি কৰা কৃষক সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পৰা কেঁচা cacao গুটি ক্ৰয় কৰে।

'খেতিয়কৰ পৰা গুটি ক্ৰয় কৰি প্ৰডাক্ট বজাৰলৈ পঠোৱালৈ আমি এক প্ৰক্ৰিয়াৰে আগবাঢ়ো।কোনো বস্তু যাতে পেলনি নাযায় আমি সেই কথা লক্ষ্য ৰাখোঁ।আমি জৈৱিক কৃষিক সমৰ্থন কৰাৰ লগতে স্থানীয় কৃষক সকলৰ লগত কাম কৰাত গুৰুত্ব দিওঁ।'

এই চকলেট প্ৰস্তুত কম্পেনীটোৰ লগত কাষৰীয়া গাঁৱৰে পাঁচগৰাকী মহিলা জড়িত হৈ আছে।জেনে তেওঁৰ কামৰ লগত জড়িত কৰিব খোজে কেৱল মহিলা কৰ্মচাৰীক।লগতে তেওঁলোকক কামৰ বাবে এক নিৰাপদ পৰিবেশ দি আত্মনিৰ্ভৰশীল কৰাৰ কথাও চিন্তা কৰে জেন মেছনে।

জৈৱিক পদ্ধতিৰ প্ৰতি জেনৰ আকৰ্ষণ

image


জৈৱিক কৃষক সকলৰ লগত কাম কৰি বহু অভিজ্ঞতা লাভ কৰিছো। তেওঁলোকে নতুন কিবা এটা কৰাৰ লগতে আমাৰ নতুন পদ্ধতিৰ প্ৰতি আগ্ৰহী। যেতিয়া চকলেট প্ৰস্তুতৰ মূল উপাদান জৈৱিক cacao একে দামতে অজৈৱিকভাৱে প্ৰস্তুতৰ বাবে বেপাৰীয়ে নিয়া দেখোঁ, এই কাৰ্যই মোক দুখ দিয়ে।জৈৱিক cacao ৰ পৰা উৎপাদিত সামগ্ৰীৰ এক সুলভ বজাৰৰ লগতে সুলভ মূল্যৰ কথা আমি চিন্তা কৰিছো।

বাধা অতিক্ৰম

সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহি ইয়াত ব্যৱসায় কৰোতে জেনৰ কাৰণে প্ৰধান সমস্যা আছিল ভাষা।চকলেট উৎপাদনৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা কেঁচা মাল সংগ্ৰহ কৰোতে তেওঁ ভাষাৰ সমস্যাত পৰিছিল।কিন্তু পৰৱৰ্তী সময়ত তেওঁ খেতিয়ক সকলৰ লগত ব্যক্তিগত ভাৱে সম্পৰ্ক ৰাখি এই বাধা অতিক্ৰম কৰিছিল।জেনে বিশ্বাস কৰে যে ভাৰতবৰ্ষত ব্যৱসায় কৰিবলৈ যথেষ্ট প্ৰাকৃতিক উপাদান আছে।মাত্ৰ অলপ কষ্ট কৰাৰ মানসিকতা থকাৰ প্ৰয়োজন।'খেতিয়ক সকলক বিচাৰি উলিয়াই তেওঁলোকৰ লগত সম্পৰ্ক গঢ়িবলৈ বহু বছৰৰ প্ৰয়োজন হৈছিল।আমি ইয়াৰ বাবে ফাৰ্মবোৰত যথেষ্ট সময় ব্যয় কৰিছো।'

ডাৰ্ক চকলেটৰ পৰা জৈৱিক চকলেট প্ৰস্তুত কৰিবলৈ বা এই ধৰণৰ চকলেট মানুহৰ মাজলৈ লৈ যোৱাটো জেনৰ বাবে আছিল এক ডাঙৰ প্ৰত্যাহ্বান।প্ৰথম অৱস্থাত জেনে কিছু ভয় খাইছিল যে তেওঁৰ প্ৰডাক্ট মানুহে আদৰি নল'ব।কিন্তু জেনক আচৰিত কৰি তেওঁ প্ৰস্তুত কৰা চকলেটে মানুহৰ সমাদৰ লাভ কৰিলে।এই কথাই জেনক সুখী কৰাৰ উপৰি ভৱিষ্যতে আৰু ভাল প্ৰডাক্ট তৈয়াৰ কৰিবলৈ উৎসাহিত কৰিলে।

এই যাত্ৰা অবিৰত

তেওঁৰ অবিৰত যাত্ৰাৰ ইন্ধন 'চকলেট আৰু মহিলা কৰ্মচাৰীসকল।তেওঁলোকে ইমান বেছি পৰিশ্ৰম কৰে, 'তেওঁলোকক লৈ মই গৌৰৱ অনুভৱ কৰোঁ।এনে এটা টিমৰ লগত কাম কৰিবলৈ পাই মই সুখী।মই ভাবো এগৰাকী উদ্যোগী মহিলাৰ ক্ষেত্ৰত বাধ্যবাধকতা কিছু কম বা থাকিলেও বেলেগ ধৰণৰ।স্বাৱলম্বিতাৰ লগত স্বাধীনতা জড়িত।কিন্তু সমাজৰ কিছুমান প্ৰাচীৰ সকলো মহিলাই সন্মুখীন হব লগীয়া হয়। কিন্তু এয়া নিৰ্ভৰ কৰে তেওঁলোকৰ আত্মবিশ্বাসৰ ওপৰত যে তেওঁলোকে কেনেকৈ সেই বাধা অতিক্ৰমী আগবাঢ়ি যাব পাৰে।'

অষ্ট্ৰেলিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহি ইয়াত ব্যৱসায় আৰম্ভ কৰাই নহয় ব্যৱসায় ক্ষেত্ৰত এক নতুন আৰ্হি দাঙি ধৰা আত্মবিশ্বাসী জেন মেছন সকলো মহিলাৰ বাবে প্ৰেৰণাৰ উৎস।


মূল: দিব্য চন্দ্ৰা

অনুবাদ: পূবালী ভাগৱতী