উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ  ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

Wednesday February 17, 2016,

4 min Read

ঘৰ এটা সুন্দৰকৈ সজোৱাৰ ক্ষেত্ৰত আন কেতবোৰ দিশৰ লগতে ফাৰ্নিচাৰ বা আচবাবৰ বহু গুৰুত্ব থাকে।ঘৰৰ আৰ্হিৰ লগত মিলাকৈ ফাৰ্নিচাৰ কিনি সঠিকভাৱে সজোৱাৰ ক্ষেত্ৰত বহুতে ইন্টেৰিঅ'ৰ ডিজাইনাৰৰ পৰামৰ্শ লয়।সুন্দৰকৈ ঘৰ এখন সজোৱাটো এটা কলা।এই কলাক ভিত্তি কৰি ব্যৱসায় গঢ় লৈ উঠিছে।অসমো এই দিশত পিছপৰি থকা নাই।অসমৰ আগশাৰীৰ এক ফাৰ্নিচাৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ নাম বহুতেই শুনিছে।অসমৰ জখলাবন্ধাৰ লগতে খানাপাৰাস্থিত দুটা আটকধুনীয়া শ্ব'ৰুমৰ সৈতে কেনক্ৰাফটে অসমৰ লগতে, উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।কেনক্ৰাফটে কেৱল গ্ৰাহকক ফাৰ্নিচাৰ বিক্ৰী কৰাই নহয়, সেই ফাৰ্নিচাৰ ঘৰত সঠিকভাৱে সজোৱাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে।এই ক্ষেত্ৰত কেনক্ৰাফটৰ লগত জড়িত ইন্টেৰিঅ'ৰ ডিজাইনাৰ সকলে গ্ৰাহকক সহযোগিতা আগবঢ়ায়।

image


আৰম্ভণীৰ পৰা তেইশ বছৰীয়া যাত্ৰা

১৯৯৩ চনত জখলাবন্ধাত স্থাপিত হৈছিল 'কেনক্ৰাফট' প্ৰতিষ্ঠান।এই প্ৰতিষ্ঠানৰ জন্মদাতা আৰু সঞ্চালক প্ৰধান ৰাজীৱ পদ্দাৰ।বাণিজ্য বিষয়ত স্নাতক পঢ়ি থকাৰ মাজতেই তেওঁ নিজা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰি প্ৰথম অৱস্থাত বেতৰ আচবাব তৈয়াৰ কৰাৰ কথা চিন্তা কৰিলে।তেওঁৰ পিতৃয়ে বেতৰ কেঁচামাল যোগানৰ ব্যৱসায় কৰিছিল।গতিকে সেই বেঁতৰ পৰাই ফাৰ্নিচাৰ তৈয়াৰ কৰি ব্যৱসায় কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল।দহ বছৰ চালুকীয়াভাৱে ব্যৱয়াস চলি থকাৰ মাজতে ২০০০ চনত নতুন দিল্লীৰ প্ৰগতি মৈদানত আয়োজিত হোৱা 'ইণ্ডিয়ান হেণ্ডি ক্ৰাফট এণ্ড গিফট ফেয়াৰ'ত তেওঁ যোগদান কৰিছিল।সেই প্ৰদৰ্শনীত আন্ত:ৰাষ্ট্ৰীয় ডিজাইনাৰৰ পৰা তেওঁ বহু কথা শিকিব পাৰিছিল।মেঘালয়, ত্ৰিপুৰা, মনিপুৰ আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৬০-৭০ জন উদ্যমীয়ে অংশগ্ৰহণ কৰিছিল।পৰৱৰ্তী সময়ত 'দিল্লী এক্সপৰ্ট প্ৰম'চন কাউন্সিল ফৰ হেণ্ডিক্ৰাফট'ৰ তৰফৰ পৰা জাৰ্মানী, ফিলিপাইনছ, ছুইডেন আদিৰ পৰা ডিজাইনাৰ আহি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিল।

'তেওঁলোকৰ পৰা বহু কথা শিকিলো।ডিজাইন কনচেপ্ট,ছাইজ, ফিনিচিঙ আদিৰ লগতে বিভিন্ন ধৰণৰ ফাৰ্নিচাৰৰ আইডিয়া পালোঁ।তাৰপাছত মই কেন এন উড কম্বাইন কৰিলো।উডেন ফাৰ্নিচাৰ বনালো।মেটেকাৰ ফাৰ্নিচাৰ আৰম্ভ কৰি ভাল ৰেছপন্স পালো।'মেটেকাৰ ফাৰ্নিচাৰ সন্দৰ্ভত তেওঁ কয় যে অসমৰ গাঁৱে-ভূঞে পুখুৰী, বিল আদিত মেটেকা ভৰি থাকে।কিন্তু আমি ইয়াৰ ব্যৱহাৰ নাজানো।মেটেকাৰ পৰা বিভিন্ন সামগ্ৰীৰ লগতে ফাৰ্নিচাৰ তৈয়াৰ কৰিব পাৰি।এইবোৰ কেঁচামাল আমাৰ অসমতে আছে।

image


উল্লেখ্যোগ্য যে ফাৰ্নিচাৰ তৈয়াৰৰ বাবে কেনক্ৰাফটে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা মেটেকা ক্ৰয় কৰে।ইয়াৰদ্বাৰা বহু লোক এই প্ৰতিষ্ঠানৰ জৰিয়াতে স্বাৱলম্বী হৈছে।পোনপটীয়াকৈ আৰু আওপকীয়াকৈ 'কেন ক্ৰাফট'ৰ লগত ১৫০ জন লোক জড়িত হৈ কৰ্মস্ংস্থাপন লাভ কৰিছে।

ব্যৱসায়ৰ প্ৰসাৰ

কেনক্ৰাফটৰ মেনুফেকচাৰিঙ ইউনিট জখলাবন্ধাত আছে।জখলাবন্ধাত এটা শ্ব'ৰুম থকাৰ উপৰি গুৱাহাটীৰ খানাপাৰত ২০১৪ চনত কেনক্ৰাফটৰ আন এটা শ্ব'ৰুম স্থাপন কৰা হয়।প্ৰথমে কেৱল কেন ফাৰ্নিচাৰেৰে আৰম্ভ কৰা কেনক্ৰাফটৰ বৰ্তমান চাৰিটা শ্ৰেণীৰ ফাৰ্নিচাৰ-কেন, কেন এণ্ড উড কম্বাইন,উডেন আৰু ৱাটাৰ হায়াচিন বা মেটেকাৰ ফাৰ্নিচাৰ উপলদ্ধ।কোনো মেচিন ব্যৱহাৰ নকৰাকৈ হাতেৰে তৈয়াৰী এই ফাৰ্নিচাৰ সমূহ কেৱল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত সমাদৃত।ডাঙৰ ব্যৱসায়ীৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহক, হোটেল,প্ৰতিষ্ঠান আদিয়ে কেনক্ৰাফটৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰি আহিছে।ৰাজীৱ পদ্দাৰে জনোৱা মতে,ইটানগৰৰ ৰাজ্যপাল ভৱন,অসমৰ ৰাজভৱন,আই.আই.টি. যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আদি আগশাৰীৰ প্ৰতিষ্ঠানে কেনক্ৰাফটৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰি আহিছে।

image


আকৰ্ষণীয় গৃহসজ্জাৰ বাবে গ্ৰাহকক সহায় কৰে কেনক্ৰাফটে

'We want to help people to make beautiful house.' কেৱল ফাৰ্নিচাৰ বিক্ৰী কৰাই নহয়, সেই ফাৰ্নিচাৰ সুন্দৰকৈ সজোৱাৰ ক্ষেত্ৰত গ্ৰাহকক পৰামৰ্শ আগবঢ়ায় কেনক্ৰাফটে।ইয়াৰ বাবে কেনক্ৰাফটৰ লগত জড়িত হৈ আছে আগশাৰীৰ ইন্টেৰিঅ'ৰ ডিজাইনাৰ সকল।ফাৰ্নিচাৰৰ মূল্য সন্দৰ্ভত ৰাজীৱ পদ্দাৰে কয়-'আমাৰ মেটেৰিয়েল প্ৰাকৃতিক আৰু মেচিন মেড নহয়।সেয়ে প্ৰডাকশ্যন কষ্ট অলপ বেছি।কিন্তু গ্ৰাহকক উন্নত মানৰ সামগ্ৰী সঠিক মূল্যত দিবলৈ চেষ্টা কৰোঁ।বহু গ্ৰাহকে আমাৰ পৰা ফাৰ্নিচাৰ কিনি নিয়াৰ পিছত ঘৰ সজাই ফটো পঠিয়ায়।তেতিয়া আমাৰ ভাৱ হয় যে আমি গ্ৰাহকক সন্তুষ্টি দিব পাৰিছো।কিয়নো গ্ৰাহকক সন্তুষ্ট কৰাটো আমাৰ প্ৰধান লক্ষ্য।'

'ব্যৱসায়ত সফল হবলৈ ব্যৱসায়ীয়ে দুটা কথাত গুৰুত্ব দিব লাগে-quality and commitment. গ্ৰাহকক কুৱালিটি প্ৰডাক্ট দিব লাগিব।অৰ্ডাৰ লৈ সময়ত আমি দিয়াৰ চেষ্টা কৰোঁ।কিন্তু কিবা কাৰণত দিব নোৱাৰিলে প্ৰকৃত কাৰণ গ্ৰাহকক জনাই দিওঁ।'

image


তেওঁৰ ব্যৱসায়ত পৰিবাৰ ৰেখা পদ্দাৰৰ সম্পূৰ্ণ সহযোগিতা থকা বুলি মন্তব্য কৰে-'মই বাহিৰে বাহিৰে থাকিব লগীয়া হয়।গতিকে মাৰ্কেটিঙৰ পৰা আদি কৰি সকলো দিশ মোৰ পৰিবাৰে চায়।'

ভৱিষ্যত পৰিকল্পনা

'I want to give my customer good product at reasonable rate. এই বছৰৰ শেষৰ ফালে আমি নিজাকৈ এটা বেৱছাইট খোলাৰ কথা ভাবিছোঁ।আমাৰ পৰা পোনপটীয়াকৈ সামগ্ৰী কিনিলে গ্ৰাহকে অতিৰিক্ত মূল্য ভৰিব লগীয়া নহয়।বেৱছাইটৰ প্ৰায়খিনি কাম ইতিমধ্যে হৈ উঠিছে।লোকেল ব্ৰেণ্ড এটাৰ পৰা আমাৰ মানুহ খিনি লাভান্বিত হওঁক, সেয়া আশা কৰোঁ।'

image


চালুকীয়া অৱস্থাৰ পৰা অসমৰ জনপ্ৰিয় ব্ৰেণ্ড হৈ পৰা কেনক্ৰাফটৰ এই যাত্ৰা এদিনৰ নহয়,বহু বছৰৰ।সামগ্ৰীৰ উন্নত মানেৰে গ্ৰাহকক সন্তুষ্টি দিয়াৰ লক্ষ্য আগত লৈ আগবঢ়াৰ বাবেই নিশ্চয় কেনক্ৰাফটলৈ এবাৰ অহা গ্ৰাহক বাৰে বাৰে আহে।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী