চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

4

চাহৰ দেশ অসম । বৃটিছে অসমত চাহখেতিৰ ব্যৱসায়িক আৰম্ভণি কৰিছিল যদিও তাৰ বহু আগৰে অসমত চাহ পানৰ অভ্যাস প্ৰচলিত আছিল জনজাতীয় লোক সকলৰ মাজত । কিন্তু সেইসমূহ আছিল বৰ্তমানৰ মাত্ৰাধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে উৎপাদন কৰা চাহৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক আৰু পাৰ্শ্বক্ৰিয়াবিহীন ।  সময়ৰ  সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছিল এই পৰম্পৰাগত চাহ সমূহ তথা এই সমূহৰ প্ৰস্তুত প্ৰণালী । 

সুখৰ বিষয় কেইগৰাকীমান ব্যক্তিৰ আশাশুধীয়া আৰু নিৰলস প্ৰচেষ্টাত এই সমূহে পুনৰ প্ৰাণ পোৱাই নহয়, বিশ্বৰ বজাৰত প্ৰচুৰ সমাদৃতও হৈছে । প্ৰস্তুত প্ৰণালী ভেদে সোৱাদৰ ভিন্নতা থকা এই চাহ সমূহৰ নামো বিভিন্ন । উদাহৰণ হিচাবে চিংফৌ সকলৰ দ্বাৰা প্ৰস্তুত কৰা চাহক  জনা যায় 'ফালাপ' নামেৰে, অসমৰ চীনামূলৰ লোক সকলে প্ৰস্তুত কৰা চাহক জনা যায় 'উলোঙ' নামেৰে । এই সকলৰ মাজৰে এজন উল্লেখযোগ্য ব্যক্তি হ'ল  সন্দীপ গগৈ । তেওঁ বিশেষকৈ জড়িত হৈ আছে থলুৱা পদ্ধতিৰে নিৰ্মিত এই চাহ সমূহৰ ব্যৱসায়িক প্ৰসাৰ আৰু প্ৰচাৰৰ কামত ।

এহাতে কেমেৰা এহাতে চাহৰ পিয়লা :

সন্দীপ গগৈৰ প্ৰথম পেছা আৰু নিচা আছিল ফট'গ্ৰাফি । অসমৰ আগশাৰীৰ প্ৰকৃতিপ্ৰেমি  স্বেচ্ছাসেৱী সংগঠন 'নেৰ্চাছ বেকন' ৰ এজন সক্ৰিয় কৰ্মী তেওঁ । এই দুয়োটা কামৰ বাবে তেওঁ ঘুৰি ফুৰিব লগা হয়  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল । এই যাত্ৰা সমূহত তেওঁৰ লগত লৈ যায়  এনে থলুৱা চাহপাত আৰু কেমেৰাটো । কাৰণ এই সমূহৰ যোগেদিয়েই তেওঁ লগ পায় দেশ বিদেশৰ বিভিন্ন পৰ্যটকক, যি সকল তেওঁৰ প্ৰধান গ্ৰাহক ।

  • চিংফৌ চাহপাত - ফালাপ
  • টাংচা চাহ

সন্দীপ গগৈ চাহপাতৰ প্ৰেমিক বুলি কলেও বোধকৰো অত্যুক্তি কৰা নহব । পৰম্পৰাগত ভাবে প্ৰস্তুত কৰা এনে চাহৰ সম্ভেদ বিচাৰি তেওঁ কেতিয়াবা মাইলৰ পাছত মাইল খোজ কাঢ়ি উপস্থিত হৈছেগৈ দুৰ্গম অঞ্চলত । সন্দীপৰ ভাষাৰে "ক'ৰবাত এনে পৰম্পৰাগত ভাবে প্ৰস্তুত কৰা চাহ আছে বুলি শুনিলে, তাক স্বচক্ষে নেদেখালৈকে মোৰ শোৱন খাৱন নাইকিয়া হয় । মই সেই ঠাইত গৈ যেনে তেনে তাৰ প্ৰস্তুত প্ৰণালী আৰু sample সংগ্ৰহ কৰিবৰ যত্ন কৰোঁ । "

  • পৰম্পৰাগত ভাবে প্ৰস্তুত কৰা চাহ
  • চাহ কে'ক

কেমেৰা লৈ ফটোগ্ৰাফিৰ বাবে বিভিন্ন মেলা সমূহত যাওঁতেই সন্দীপ গগৈৰ  মগজুত জন্ম লয়  এই ব্যৱসায়িক পৰিকল্পনাটো । সেইসমূহত লগপোৱা দেশী বিদেশী পৰ্যটক সকলে প্ৰায়ে তেওঁক অসমৰ চাহৰ কথা সোধে । কিন্তু তেওঁলোকে বজাৰত সহজে উপলব্ধ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা চাহ সমূহৰ প্ৰতি আগ্ৰহী নহয় । তেওঁলোকক লাগে প্ৰাকৃতিক ভাবে উৎপাদিত চাহ । সন্দীপ গগৈৰ ভাষাৰে " এই লোকসকলৰ মাজৰ বহুতেই জৈৱিক চাহৰ কথা, ফালাপৰ কথা জানে । তেওঁলোক এইবোৰ কিনিবলৈ যথেষ্ট আগ্ৰহী । তেওঁলোকে প্ৰায়ে মোক এইধৰণৰ চাহ যোগাৰ কৰি দিব পাৰিম নেকি বুলি প্ৰশ্ন কৰে । আৰু ইয়েই মোক ব্যৱসায়টো আৰম্ভ কৰিবলৈ  অনুপ্ৰেৰণা দিলে । "  

তাৰ পাছৰে পৰা সন্দীপ গগৈয়ে আৰম্ভ কৰে চাহৰ বিষয়ত অধ্যয়ন আৰু সংগ্ৰহৰ কাম । অসমত প্ৰাকৃতিক আৰু জৈৱিক চাহৰ  উৎপাদনৰ বাটকটীয়া  ধীৰেন ফুকন, সোমেশ্বৰ ফুকন, মণ্টু দেৱশৰ্মা আদিৰ সংস্পৰ্শ লাভ কৰি তেওঁ অধিক উৎসাহিত হয় । এই চাহ সমূহ লৈ  ২০১৫ চনত অংশ লয়  শ্বিলঙত অনুষ্ঠিত 'টেৰা মাড্ৰে ' নামৰ  মহোৎসৱত । এই অভিজ্ঞতাক সাৰথি কৰি তেওঁ চ'চিয়েল মিডিয়াত আৰম্ভ কৰিলে ব্যৱসায়টোৰ  প্ৰচাৰৰ কাম । সমান্তৰালকৈ চলাই গ'ল জনজাতি সকলৰ মাজত পৰম্পৰাগত ভাবে প্ৰস্তুত চাহৰ অনুসন্ধান । ফালাপ, টাংচা, গ্ৰীণ টি, অলঙ  আদি বিভিন্ন পৰম্পৰাগত চাহৰ তেওঁ নিৰ্ভৰযোগ্য বিক্ৰেতা । তেওঁ বৰ্তমান এনে চাহ ৰপ্তানি কৰিছে বিদেশলৈও । 

প্ৰাকৃতিক ভাবে উৎপাদিত এই চাহ সমূহৰ বৰ্তমান বজাৰত আছে সাংঘাতিক চাহিদা । সন্দীপ গগৈৰ মতে অসমৰ সমস্যাজৰ্জৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে ই এক আশাৰ বতৰা । সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইদৰে চাহ প্ৰস্তুত কৰোতে দামী যন্ত্ৰ পাতিৰ প্ৰয়োজন নাই আৰু এই সমূহ ঘৰতে প্ৰস্তুত কৰিব পাৰি । 

"প্ৰয়োজন মাথোঁ কিছু  সজাগতাৰ । বজাৰৰ চাহিদা  অনুসৰি উৎপাদন তেনেই নগণ্য । বহুল ভিত্তিত উৎপাদিত হলে এই প্ৰাকৃতিক চাহে যোগাত্মক প্ৰভাব পেলাব পাৰে চাহ পৰ্যটন আৰু ৰপ্তানিৰ ক্ষেত্ৰখনত। সলনি হৈ যাব পাৰে অসমৰ অৰ্থনৈতিক মানচিত্ৰ ।" আমাক এনেদৰে জনাই সন্দীপ গগৈয়ে ।

 সন্দীপ গগৈৰ এই আশা সোনকালেই ফলৱৰ্তী হওক তাৰেই শুভেচ্ছা থাকিল ।

অৰুনাচলী  butter tea
অৰুনাচলী  butter tea