4G স্মাৰ্টফোনৰ চাহিদা তিনি মাহত বৃদ্ধি পালে তিনিগুণঃ এক সমীক্ষা

4G স্মাৰ্টফোনৰ চাহিদা তিনি মাহত বৃদ্ধি পালে তিনিগুণঃ এক সমীক্ষা

Friday December 04, 2015,

3 min Read

জুলাইৰ পৰা ছেপ্তেম্বৰ মাহলৈ ভাৰতত স্মাৰ্টফোনৰ বিক্ৰী ২১.৪ শতাংশলৈ বৃদ্ধি পাই বিক্ৰী সংখ্যাই চুইছেগৈ ২৮.৩ নিযুতৰ ঘৰ। IDC ফাৰ্মৰ অধ্যয়ন অনুসৰি স্মাৰ্টফোনৰ বিক্ৰীৰ তিনিগুণলৈ বৃদ্ধি পোৱাৰ মূল কাৰণ 4G অনুকুল স্মাৰ্টফোন। যোৱাটো বৰ্ষৰ এই সময়চোৱাত স্মাৰ্টফোনৰ বিক্ৰীৰ পৰিমাণ আছিল ২৩.৩ নিযুত। ২০১৫ ৰ এপ্ৰিলৰ পৰা জুন মাহৰ ২৬.৫ নিযুতৰ পৰা বিক্ৰী ৬শতাংশ বৃদ্ধি পাইছে।

“স্মাৰ্টফোনৰ বৰ্ধিত চাহিদাৰ মূল কাৰণ হ’ল 4G অনুকূল স্মাৰ্টফোন সাধাৰণ লোকৰ বাবে ক্ৰয়সাধ্য মুল্যত উপলদ্ধ হোৱাটো।” IDC ৰ জ্যেষ্ঠ বজাৰ বিশেষজ্ঞ কাৰ্তিক জে. ৰ বিশ্লেষণ এয়া। বৰ্ধিত বিক্ৰীৰ আৰত 4G অনুকূল স্মাৰ্টফোন বুলি কোৱাৰ কাৰণ হৈছে জুলাই-ছেপ্তেম্বৰ মাহৰ সময়চোৱাত বিক্ৰী হোৱা প্ৰতি তিনিটা স্মাৰ্টফোনৰ এটা 4G অনুকুল স্মাৰ্টফোন।IDC ৰ তথ্য এয়া।

“ফ্লিপকাৰ্ট, স্নেপডীল আৰু আমাজনৰ দৰে ই-টেইলাৰ সমূহে, ভাৰতৰ 4G স্মাৰ্টফোনৰ বজাৰখন দখল কৰিব বিচৰা চীনা কোম্পানীৰ স্মাৰ্টফোন বিক্ৰী কৰি আছে।” কাৰ্তিকে ক’লে এনেদৰে। IDC ৰ মতে বৰ্তমান ভাৰতৰ 4G স্মাৰ্টফোনৰ বজাৰ খনৰ প্ৰতিযোগিতাৰ দৌৰত ছেমছাঙেই আটাইতকৈ আগত আছে। ছেমছাঙৰ USD 150 LTE Galaxy Grand Prime আৰু Galaxy J2 খুবেই জনপ্ৰিয়।

image


২৪ শতাংশ শ্বেয়াৰেৰে স্মাৰ্টফোনৰ বজাৰ খনত ছেমছাং আটাইতকৈ আগত আছে। ছেমছাঙৰ পিছতে ক্ৰমে ১৬.৭ শতাংশ শ্বেয়াৰেৰে মাইক্ৰ’মেক্স, ১০.৭ শতাংশৰে ইনটেক্স, ৯.৫ শতাংশৰে লেন'ভ’ (Lenovo আৰু Motorola), ৪.৭ শতাংশৰে লাভা আছে পৰবৰ্তী স্থান কেইটাত। “বিক্ৰীহোৱা প্ৰায় প্ৰতি দুটা স্মাৰ্টফোনৰ এটাৰ ডিছপ্লে’ ৫ ইঞ্চিতকৈ বেছি। তদুপৰি বজাৰত জনপ্ৰিয় হোৱা 4G অনুকুল প্ৰতিটো স্মাৰ্টফোনৰ স্ক্ৰীণ ডাঙৰ। আৰু আকৰ্ষণীয়ভাবে মুল্যও 200 ডলাৰতকৈ কম।”- IDCৰ বজাৰ বিশেষজ্ঞ জয়পাল সিঙৰ ভাষ্য এয়া।

২০১৫ ৰ জুলাই- ছেপ্তম্বৰ মাহৰ সময়চোৱাত সমগ্ৰ হেণ্ডছেট ( Feature আৰু Smartphone) বজাৰ খনৰ বিক্ৰী বৃদ্ধি হৈছে ২ শতাংশ। যোৱাবৰ্ষৰ এই একে সময়চোৱাৰ বিক্ৰীৰ পৰিমাণ ৭২.৪ নিযুতৰ পৰা বৃদ্ধি হৈ হ’লগৈ ৭৩.৮ নিযুত। ইয়াতো ২১.৬ শতাংশ শ্বেয়াৰেৰে আগত আছে ছেমছাং। বিপৰীতে ঘৰুৱা হেণ্ডছেট ফাৰ্ম ইনটেক্সে ১১.৮ শতাংশ শ্বেয়াৰেৰে পিছ পেলালে ১১.৬ শতাংশ শ্বেয়াৰৰ মাইক্ৰমেক্সক। এই তালিকাত ৯ শতাংশৰে লাভা আৰু ৬.৬ শতাংশৰে কাৰ্বন আছে পৰবৰ্তী দুটা স্থানত। “গ্ৰাহকে বিচৰাটো দিয়াই আমাৰ মুল লক্ষ্য। আমি ইন’ভেটিভ ডিভাইছেৰে প্ৰডাক্ট পৰ্টফলিঅৰ উন্নতি কৰাৰ লগতে দেশৰ প্ৰতিটো কোণৰ ৰিটেইল ষ্ট’ৰত আমাৰ প্ৰডাক্ট উপলদ্ধ কৰি বজাৰত আগবাঢ়িছো।” ইনটেক্সৰ শ্বেয়াৰ বৃদ্ধি সণ্ডৰ্ভত এনেদৰে ক’লে ইনটেক্স টেকন’লজিৰ ম’বাইল বিজনেছ হেড কুমাৰ কেৰ’লিনাই।

আনহাতে ফিচাৰ ফোনৰ বিক্ৰী জুলাই- ছেপ্তেম্বৰ মাহৰ সময়ছোৱাত যোৱা বৰ্ষৰ ৪৯.১ নিযুতৰ পৰা হ্ৰাস পাই হৈছেগৈ ৪৫.৬ নিযুত। IDC ৰ মতে সকলো সুবিধা থকা স্মাৰ্টফোনৰ দাম কমাৰ ধাৰা অব্যাহত থাকিলে ২০১৬ বৰ্ষত ভাৰতৰ বজাৰৰ পৰা ফিচাৰ ফোনৰ শ্বেয়াক স্মাৰ্টফোনে কাঢ়ি নিয়াৰ সম্ভাৱনাই অধিক।

“আমি আশা ৰাখিছো, স্মাৰ্টফোনে অহা কেইবা বছৰলৈ ডাৱল ডিজিট গ্ৰউথ অব্যাহত ৰাখক। সকলোৰে আগত থাকক 4G স্মাৰ্টফোন। কাৰণ অনাগত সময়ত গোটেই বজাৰ খনেই দখল কৰিব 4G স্মাৰ্টফোনে।” IDC ৰ ৰিছাৰ্ছ মেনেজাৰ কিৰণ কুমাৰে 4G স্মাৰ্টফোনৰ বজাৰ সন্দৰ্ভত এনেদৰে কয়।

প্ৰেছ ষ্ট্ৰাষ্ট অৱ ইণ্ডিয়া