মহানগৰীত যান-জঁটৰ সমস্যাৰ সমাধান কৰিব পাৰিব নেকি বাইক- টেক্সিয়ে

মহানগৰীত যান-জঁটৰ  সমস্যাৰ সমাধান কৰিব পাৰিব নেকি বাইক- টেক্সিয়ে

Friday December 18, 2015,

6 min Read

ভাৰতৰ মহানগৰ সমূহত যান-জঁটৰ বাবে দৈনিক আন বহু লোকে জীয়াতু ভোগাৰ দৰে ঘৰৰ পৰা অফিচ- অফিচৰ পৰা ঘৰলৈ অহা যোৱা কৰাত খুবেই সমস্যাত ভোগে গুৰগাৱৰ বাসিন্দা কৌশিকে নাথে। “অফিচ টাইমত ট্ৰেফিক জাম অতিক্ৰম কৰাতো অলিম্পিকত সোণৰ পদক জয় কৰাৰ দৰে লাগে।”- গুড়গাৱৰ ছোনহা ৰ’ডৰ এটা বহুজাতিক কোম্পানীত কাম কৰা ২৮ বছৰীয়া কৌশিকৰ ট্ৰেফিক জামকলৈ কৰা ৰগৰ এয়া। অফিচৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ নিলগত DLF Phase II ত থাকে কৌশিক। কৌশিকে অফিচত সময় মতে পাবলৈ কেবচ্, অট’, ছাটল ছাভিৰ্ছ সকলোতে চেষ্টা কৰি চালে, কিন্তু কেৱল ট্ৰেফিক জামৰ বাবেই সেয়া হৈ নুঠিলগৈ। কিন্তু কিছুদিনৰ আগৰ পৰা কৌশিকে অহা যোৱা কৰিবলৈ ল'লে বাইক- টেক্সি সেৱাৰ জড়িয়তে। “বাইক- টেক্সিত আধা সময়তে গন্তব্য স্থান পাবগৈ পাৰি”- উল্লাসিত কৌশিকে ক’লে এনেদৰে।

ট্ৰেফিক আৰু ট্ৰেফিক জাম ভাৰতীয় চহৰ সমূহৰ নৈমিত্তিক ঘটনা। বিভিন্ন মহানগৰীত নিৰ্দিষ্ট স্থানৰ মাজত চলা শ্লীপাৰ বাছ ছাটল ছাৰ্ভিছো ট্ৰেফিক জামৰ ৰূঢ় বাস্তৱৰ পৰা সাৰি যাব পৰা নাই। কিন্তু ট্ৰেফিক জামতো বাইকেৰে সুন্দৰকৈ আগবাঢ়ি যাব পাৰি। বিশেষ কষ্ট কৰিব নলগীয়া উদ্যোগ বাইক টেক্সি হিছাপে ব্যৱহাৰ কৰা কেইবাটাও টেক্সি সেৱা শেহতীয়া ভাবে আৰম্ভ হৈছে গুড়গাৱত।

মুম্বাইৰ দৰে মহানগৰত এনে ধৰণৰ সেৱা কিছুমান নিয়ম কানুনৰ বাবে নিষিদ্ধ যদিও হাৰিয়ানা চৰকাৰে ৰাজ্যৰ পৰিবহন চুক্তিৰ অধীনত বাইক টেক্সি সেৱাৰ অনুমতি দিছে।

image


গুড়গাৱত যাতায়তৰ সমস্যাটো অতি গুৰূতৰ। প্ৰায় ২লাখ চাকৰিয়ালে প্ৰতিদিনে গুড়গাৱৰ ভিতৰতে কাৰ্যালয়লৈ বা ব্যৱসায়িক কামকাজত অহা যোৱা কৰে। বাইক-টেক্সি সেৱাৰ সুবিধাৰ কথালৈ এনেদৰে ক’লে M-Taxi ৰ প্ৰতিষ্ঠাপক তথা মূখ্য কাৰ্যবাহী বিষয়া অৰুনাভ মধুৰে। M- Taxi আৰু অন্য এটা বাইক-টেক্সি সেৱা Baxi য়ে ডিচেম্বৰৰ প্ৰথমটো সপ্তাহৰ পৰা গুড়গাৱত সেৱা আৰম্ভ কৰিছে।

“গুড়গাৱৰ ভগ্ন ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ সৈতে নয়দা আৰু ফৰিদাবাদৰ যোগাযোগ ব্যৱস্থা যোগ হৈ যাত্ৰীৰ আৰু নাগুৰ নাকতি কৰিছে। আমি এই হ্ৰস্ব দুৰত্বৰ যাত্ৰীৰ আহুকাল গুছাই এটা পৰিবৰ্তন আনিব বিছাৰিছো।”- Baxi ৰ সহ প্ৰতিষ্ঠাপক আশুতোষ জহৰীৰ ভাষ্য এয়া।

শেহতীয়াভাবে প্ৰতিদিনে M- Taxi য়ে ৪০ জন আৰু Baxi য়ে ১৪০ জন লোক অনা নিয়া কৰিছে বুলি জনাইছে। Baxi য়ে ২৩ খন মটৰ চাইকেলেৰে সেৱা আৰম্ভ কৰাৰ বিপৰীতে M-Taxi য়ে ১০ খন মটৰ চাইকেলেৰে আৰম্ভ কৰি কেই সপ্তাহমানৰ ভিতৰতে ১০০ খন মটৰ চাইকেলেৰে সেৱা আগবঢ়াব বুলি জানিবলৈ দিছে। কোম্পানীকেইটাই এটা মাৰ্কেটপ্লেচ মডেল তৈয়াৰ কৰিব বিছাৰে। কিন্তু তাৰ পূৰ্বেই ব্যৱস্থাটো কাৰ্যক্ষম হয়নে নহয় পৰীক্ষা কৰিবলৈ এই সেৱা আৰম্ভ কৰা হৈছে। বাইক-টেক্সি সেৱা খুউব কম খৰচীও। বাইক-টেক্সিৰ ভাৰা প্ৰথম তিনি কিলোমিটাৰত ২৫ টকা আৰু পৰবৰ্তী প্ৰতিকিলোমিটাৰত ৫টকাকৈ। এই খন ক্ষেত্ৰত আটাইতকৈ কমৰ ভিতৰত অ’লা মিনিয়ে প্ৰথম চাৰি কিলোমিটাৰত ১০০ টকা আৰু পৰবৰ্তী প্ৰতি কিলোমিটাৰত ৮টকাকৈ লোৱাৰ বিপৰীতে Reoneয়ে প্ৰতি মিনিট হিচাবত ভাৰা লয়। M-Taxi ৰ সৰ্বাধিক দূৰত্বৰ সীমা ১০ কিলোমিটাৰ, অৱশ্যে Baxi সেৱাৰ তেনে কোনো সীমাৰেখা নাই।

বিশেষজ্ঞ সকলৰ মতেও মহানগৰ বা ডাঙৰ চহৰ সমূহত ব্যক্তিগত বাহনেৰে চলাচল কৰাতো এটা ডাঙৰ সমস্যা হৈ উঠিছে। এনেক্ষেত্ৰত দুচকীয়া টেক্সি ছাৰ্ভিছ এটা মনঃপুত মডেল। যাতায়াতৰ ক্ষেত্ৰত দেশৰ ডাঙৰ চহৰ কেইখনত সাধাৰণলোকে প্ৰতিদিনে ভুগি অহা কষ্টৰ উপশম ঘটাবলৈ বাইক টেক্সী খুবেই উপযোগী, সময় বচোৱাৰ ক্ষেত্ৰতো লগতে কম খৰচীও।

যি কি নহওক, ৰাজ্য অনুসৰি থকা বিভিন্ন পৰিবহন বিভাগৰ নিয়মে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। M-Taxi আৰু Baxi ৰ বহু পূৰ্বেই মুম্বাইৰ কিছু কিছু অঞ্চল সামৰি Hey-Taxi নামেৰে বাইক-টেক্সি ছাৰ্ভিছ আৰম্ভ হৈছিল। কিন্তু মুম্বাইৰ আঞ্চলিক পৰিবহন কাৰ্যালয়ে দুচকীয়া যান বাহন সেৱা মহাৰাষ্ট্ৰ মটৰ ভেহিকল নিয়মৰ আওতাত নপৰে বুলি বন্ধ কৰি দিলে। চৰকাৰী পক্ষৰ পৰাও মহানগৰ খনক বৰ্তমান মটৰচাইকেল টেক্সি সেৱাৰ প্ৰয়োজন নাই বুলি জাননী জাৰি কৰিলে।

image


বৰ্তমান, Hey Taxi য়ে ৰাইডশ্বেয়াৰিং প্লেটফৰ্মত কাম কৰি থকাৰ লগতে পাৰ্চেল ডেলিভাৰীৰ কামো কৰে। দক্ষিণ মুম্বাইৰ মাহিম, দাদৰ আৰু ক’লাবা অঞ্চলত ১০কিলোমিটাৰ দুৰত্বৰ ভিতৰত সৰ্বাধিক ১০ কিলোগ্ৰাম পৰ্যন্ত পাৰ্চেল, পেকেজ আৰু এনভেলপ ডেলিভাৰী দিয়ে। বৰ্তমান দৈনিক ৫০ টাতকৈও অধিক ডেলিভাৰী দিয়ে Hey Taxi য়ে। Hey Taxi ৰ সহ প্ৰতিষ্ঠাপক মনোজ মহেশ্বৰীয়ে কোৱা মতে তেওঁলোকে চৰকাৰৰ সৈতে বাইক টেক্সিৰ অনুমতি দিব পৰাকৈ নতুন নিয়মৰ ব্যৱস্থা কৰিবলৈ আলোচনাত বহিছে। মনোজ মহেশ্বৰীয়ে অহা বছৰত বাইক-টেক্সি সেৱা গুড়গাৱত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

লক্ষণীয়ভাবে, Baxi আৰু M-taxi য়ে অভিযান আৰম্ভ কৰাৰ আগতেই প্ৰাৰম্ভিক পৰ্যায়ত কৰা বিনিয়োগ (Seed round Funding)সুনিশ্চত কৰিছে। Baxi ৰ সৈতে জড়িত বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, দ্বিতীয় পৰ্যায়ৰ বিনিয়োগৰ (Angel Round) বাবে ইতিমধ্যে ১০ কোটি আগবঢ়োৱা বিনিয়োগকাৰীৰে কথা-বতৰা সম্পূৰ্ণ হৈছে। M-Taxi য়েও দ্বিতীয় পৰ্যায়ৰ বিনিয়োগৰ বাবে ৪লাখৰ পৰা ৫লাখ মাৰ্কিন ডলাৰ ইতিমধ্যে গোটাইছে।

ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ দৰে ট্ৰেফিকে জ্বলা কলা দেখুউৱা চহৰতো হ্ৰস্ব দূৰত্বৰ যাতায়াতৰ বাবে মটৰচাইকেল টেক্সি বহুলভাবে ব্যৱহৃত হৈছে। চীন আৰু ভিয়েটনামতো মটৰ চাইকেল টেক্সি খুবেই জনপ্ৰিয়। চীনদেশৰ Didi Kuaid নামৰ কম্পানীটোৰ দ্বাৰা পৰিচালিত GrabTaxiৰ অন্তৰ্গত Go-Jek, Blue-Jek আৰু GrabBike ইণ্ডোনেছিয়াৰ বজাৰৰ মূল প্ৰতিদ্বন্দী। পৰিবহনৰ লগতে Go-Jek য়ে ব্যৱসায়িক বা ব্যক্তিগত পাৰ্চেল ডেলিভাৰীৰ কামো কৰে।

এতিয়া ভাৰততো এনেধৰণৰ সেৱাৰ প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰিবলৈ ধৰা হৈছে। এই সম্পৰ্কে গুড়গাও আগক্ষীৰ যুটীয়া আয়ুক্ত সৌৰভ সিঙৰ মন্তব্য এনেধৰণৰ-

মহানগৰত যাতায়তৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ ক্ষেত্ৰত মটৰচাইকেল টেক্সি এটা ভাল সমাধান। এনে ধৰণৰ পৰিবহনে যোগাযোগৰ ক্ষেত্ৰত এক ডাঙৰ শূণ্যতা পূৰণ কৰিলে। একেসময়তে সুৰক্ষা, নিৰাপত্তা আৰু যাত্ৰীৰ ভাৰাৰ ক্ষেত্ৰতো মটৰচাইকেল টেক্সিয়ে স্বচ্ছতা বজাই ৰাখিছে।

গুড়গাও আৰক্ষীৰ উপ আয়ুক্ত বলবীৰ সিং

গুড়গাও আৰক্ষীৰ উপ আয়ুক্ত বলবীৰ সিং


Baxi য়ে ইতিমধ্যে গুড়গাৱৰ উপৰিও হাৰিয়ানাৰ অন্যান্য কেইবাওখনো চহৰ, ফৰিদাবাদ, পঞ্চকুলা আৰু বাহাদুৰগড়ত মটৰ চাইকেল টেক্সি সেৱাৰ অনুমতি লাভ কৰিছে।

গুড়গাও আৰক্ষীৰ উপ আয়ুক্ত বলবীৰ সিঙেও Baxi সেৱা গ্ৰহণ কৰিছে।

যদিও সুযোগ বহুত আছে, এইখন ক্ষেত্ৰৰ উদ্যোগসমুহে কিন্তু বৰ্ধিত প্ৰতিযোগিতাৰ বাবেও সাজু থাকিব লাগিব। দক্ষিণ পুব এছিয়াত Grab Taxi য়ে কৰাৰ দৰে অ’লায়ো মটৰচাইকেল টেক্সি ছাৰ্ভিছৰ ওপৰত কাম কৰি থকাৰ কথা জানিব পৰা গৈছে। বাতৰি ওলাইছে UberRUSH ৰ দৰে Softbank য়ে বিনিয়োগ কৰা এটা কোম্পানীয়ে ফুলৰ টোৰা, লণ্ড্ৰী, আইচক্ৰীম আদিৰ অৰ্দাৰ তিনি ঘন্টাৰ ভিতৰত ডেলিভাৰী দিব পৰা এটা ছাৰ্ভিছৰো গুণাগঁঠা কৰিছে।

ভাৰতৰ মূল চহৰ সমুহত ট্ৰেফিক জামৰ বাবে ব্যক্তিগত বাহনত যাতায়াত খুবেই অসহ্যকৰ হৈ পৰিছে। বৰ্তমান ইয়াৰ বিকল্প হিচাপে থকা কেব ছাৰ্ভিছে সময় বছাব নোৱাৰে, লগতে প্ৰতিদিনে অহা যোৱা কৰিব লগীয়া যাত্ৰীৰ বাবে এই সেৱা যথেষ্ট খৰচীও হয়। একেদৰে আন এটা বিকল্প অট’ ৰিক্সাইয়ো প্ৰায় বোৰ মহানগৰতে ফেয়াৰ মিটাৰ মানি নচলে, ফলত যাত্ৰীয়ে অত্যধিক ভাৰা বহন কৰিব লগীয়া হয়।

ট্ৰেফিক জামৰ সমস্যা অতিক্ৰম কৰি সময় বচোৱাৰ ক্ষেত্ৰত মটৰচাইকেল টেক্সি উত্তম বিকল্প। Baxi আৰু M-Taxi ৰ প্ৰাৰম্ভিক বুকিং যথেষ্ট সন্তোষজনক। এয়া উদ্যোগটোৰ বাবেই সম্ভাৱনাপূৰ্ণ কথা। অৱশ্যে বিভিন্ন ৰাজ্যত থকা নীতি নিয়মে উদ্যোগটো সম্প্ৰসাৰণ ঘটাৰ ক্ষেত্ৰত বিধি পথালি দিব পাৰে। Uber আৰু Ola ই এতিয়াও এনে কিছুমান চৰকাৰী নিয়মৰ সৈতে মোকাবিলা কৰি আছে। যি কি নহওক Jairajৰ দৰে অংশীদাৰে হাৰিয়ানা চৰকাৰৰ সিদ্ধান্তৰ দৰে আন আন ৰাজ্যৰ চৰকাৰেও সময় অনুয়ায়ী পদক্ষেপ লব বুলি আশাবাদী। আৰু যদি সেয়া হৈ উঠে, তেন্তে ভাৰততো ইণ্ডোনেছিয়া বা দক্ষিণ পূব এছিয়াৰ অন্যান্য দেশ সমূহৰ দৰে মটৰচাইকেল-টেক্সিৰ এক সম্ভাৱনাপূৰ্ণ উদ্যোগ গঢ়ি উঠিব আৰু ভাৰতৰ চহৰ সমূহত যাত্ৰীয়ে ট্ৰেফিক জামৰ পৰা পাই অহা যাতনাৰ পৰা বহু পৰিমাণে মুক্তি পাব।


মূলঃ জয় বৰ্ধন

অনুবাদঃ মুকুন্দ মাধৱ নেওগ