খুচুৰা ব্যৱসায়ৰ জ্ঞানৰ বাবে বিপণীত কাম কৰাৰ অভিজ্ঞতা লাগিবই: অমীষা প্ৰভু

মূল- বৰ্ষা আডুছুমিল্লি

খুচুৰা ব্যৱসায়ৰ জ্ঞানৰ বাবে বিপণীত কাম কৰাৰ অভিজ্ঞতা লাগিবই: অমীষা প্ৰভু

Thursday October 20, 2016,

4 min Read

দেশত সম্প্ৰতি খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰখন দিনক দিনে অধিক সংগঠিত হ'বলৈ ধৰিছে । মহানগৰ সমূহৰ পৰা আৰম্ভ কৰি সৰু চহৰ সমূহতো আৰম্ভ হৈছে খুচুৰা ব্যৱসায় কেন্দ্ৰ বা প্ৰতিষ্ঠান। গ্ৰাহক সকলো আগ্ৰহান্বিত হৈছে এই ব্যৱসায় কেন্দ্ৰ সমূহৰ প্ৰতি।অমীষা প্ৰভু,ট্ৰাষ্ট ফৰ ৰিটেইলাৰছ এণ্ড ৰিটেইল এছ'চিয়েটছ অৱ ইণ্ডিয়া চমুকৈ TRRAIN নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা। খুচুৰা ব্যৱসায়ীসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ নিজা উদ্যোগত TRRAIN ৰ জন্ম দিছিল অমীষা প্ৰভুৱে। অমীষা প্ৰভুৰ এই উদ্যোগৰ বিষয়ে এক আলোচনা ইয়ৰষ্টৰীৰ পাঠক সকললৈ।

20 বছৰৰ আগতে খুচুৰা ব্যৱসায়ত কেৰিয়াৰ আৰম্ভ কৰা অমীষা প্ৰভু য়ে প্ৰথমে টেছক' হিন্দুস্তান,আদিত্য বিৰলা ৰিটেইল, ক্ৰছৱৰ্ড বুক ষ্ট'ৰছ,স্বাছ গ্ৰুপ এণ্ড ছপাৰছ ষ্টপ লিমিটেড আদি দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত কাম কৰিছিল।অৱশেষত নতুন প্ৰজন্মক স্বাৱলম্বী হবলৈ অনুপ্ৰাণিত কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ কথাত গুৰুত্ব আৰোপ কৰাৰ কথা ভাবিলে। ইয়াৰ ফলস্বৰূপে জন্ম হল TRRAIN ।

নেন্সি ড্ৰিউ পঢ়ি স্বধীনতাৰ পাঠ আয়ত্ব কৰিছিল

গুজৰাটী পৰিয়ালত জন্ম হোৱা অমীষা ডাঙৰ-দীঘল হৈছিল মুম্বাইত।মুম্বাই বিশ্ববিদ্যালয়ত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ শিক্ষা লাভ কৰাৰ পিছত মাৰ্কেটিঙ বিষয়তো শিক্ষা লাভ কৰিছিল।সৰুৰে পৰাই অমীষাই পশ্চিমীয়া সাহিত্য অধ্যয়ন কৰিছিল। শৈশৱত পঢ়া নেন্সি ড্ৰিউ উপন্যাস সমুহে অমীষাৰ মনক গভীৰ ভাৱে প্ৰভাৱিত কৰিছিল। "পশ্চিমীয়া চহৰ সমূহত শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মই যেনেকৈ হোটেলৰ বাচন ধুই বা সামগ্ৰী বিক্ৰেতা হিচাপে নিজৰ পঢ়া বা আন খৰচ উলিয়ায়, এই কথা সমূহ বিভিন্ন কিতাপৰ জৰিয়তে জানি ময়ো প্ৰভাৱিত হৈছিলো।বিশেষকৈ নান্সি ড্ৰিউ ৰ দৰে কিতাপে মোক বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল।"

মাৰ্কেটিঙ বিষয়ত ফাইনেল পৰীক্ষা দিয়াৰ পিছতে অমীষাই ছপাৰছ ষ্টপ নামৰ প্ৰতিষ্ঠানটোত কৰ্মসংস্থাপন লাভ কৰিছিল।"মই ইতিমধ্যে এটা চাকৰিৰ বাবে এপ্লাই কৰিব খুজিছিলো।কিবা এটা কৰি স্বাধানচিতীয়া হোৱাৰ আনন্দই সুকীয়া।" অমীষাই কয়।মোক ইন্টাৰভিউ লোৱা বি এছ নাগেছ ভাৰতবৰ্ষৰ খুচুৰা ব্যৱসায়ৰ জন্মদাতা হিচাপে জ্ঞাত।মই কেৰিয়াৰ আৰম্ভ কৰিছিলো ১১০০ টকাৰে।" অৱশ্যে কেৰিয়াৰৰ পথত সাফল্যৰ জখলা বগাবলৈ অমীষাক বেছি সময় নালাগিল।কামৰ প্ৰতি থকা নিষ্ঠাই অমীষাক আগুৱাই লৈ গৈছিল।

"যেতিয়া Biba ৰ বিষয়ে কোনেও নাজানিছিল, মই Biba ৰ প্ৰথম ক্ৰেতাসকলৰ এজন আছিলো।বৰ্তমান Biba ৰ ১২০০ কোটি এন্টাৰপ্ৰাইজ আছে। এই কথা ভাবিলে অতি আনন্দিত হওঁ।"

image


বাধা অতিক্ৰমী সফলতাৰ যাত্ৰা

ছপাৰছ ষ্টপ ৰ অভিজ্ঞতাৰ পিছত অমীষাই পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই।" pregnancy ৰ কিছু জটিলতাৰ কাৰণে মই এবছৰ কৰ্মবিৰতি লবলগীয়া হৈছিল।পৰৱৰ্তী সময়ত মই ক্ৰছৱৰ্ড বুক প্ৰতিষ্ঠানত Buying and Merchandising head হিচাপে যোগদান কৰোঁ।কৰ্মবিৰতিত থকা সময়তো মই উদ্যোগ ক্ষেত্ৰখনৰ বিষয়ে নিজকে update কৰি ৰাখিছিলোঁ।অমীষাই আৰু কয় " জীৱনত জটিলতা আহিলেই হাৰ মানিব নালাগে।আত্মবিশ্বাসেৰে আগুৱাই যোৱাটো হে আচল কথা।"

ক্ৰছৱৰ্ড বুকৰ পিছত অমীষাই ক্ৰমে আদিত্য বিৰলা আৰু টেছক' হিন্দুস্তানত কাম কৰিছিল। "মই চাৰিওটা প্ৰতিষ্ঠানতে কামত যোগদান কৰোঁতে প্ৰতিষ্ঠান কেইটা আৰম্ভ হৈছিলহে।সেয়ে মই বিভিন্ন ৰিটেইল বেণ্ডৰ জন্মলগ্নৰ ইতিহাস জানো।ইয়াৰ বাবে মই নিজকে সৌভাগ্যবান বুলি ভাবোঁ।"

স্বাৱলম্বিতাৰ পথত TRRAIN কিয়

"মই গ্ৰেণ্ড হায়াটত বি এছ নাগেছক লগ পোৱাৰ সৌভাগ্য ঘটিছিল।তেওঁ মোৰ লগত এটা ৰিটেইল ট্ৰাষ্ট আৰম্ভ কৰাৰ কথা পাতিছিল,যিটো ভাৰতবৰ্ষৰ খুচুৰা উদ্যোগৰ প্ৰথম পৰ্যায়ৰ ট্ৰাষ্ট হোৱাৰ সম্ভাৱনা আছিল।এই পৰিকল্পনাটোৱে মোক অনুপ্ৰাণিত কৰিলে।মই ইয়াক সফল কৰাত লাগি গলোঁ। TRRAIN ৰ মূল উদ্দেশ্য হল খুচুৰা উদ্যোগৰ প্ৰতি মানুহক উৎসাহিত কৰা।যেতিয়া মই আনৰ প্ৰতিষ্ঠানত কাম কৰিছিলো,তেতিয়া মই এটা সময়ত এটা ৰিটেইলাৰ গোটৰ লগত কাম কৰিছিলো। কিন্তু এতিয়া একে সময়তে কেইবাটাও ৰিটেইলাৰ গোটৰ লগত কাম কৰিব লগীয়া হয়।এটা প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট লক্ষ্যৰ বাবে কাম কৰাৰ সলনি এতিয়া একেলগে কেইবাটাও লক্ষ্য আগত ৰাখি কাম কৰোঁ।আৰু বহু মানুহক একগোট কৰি কাম কৰাত এক বিশেষ আনন্দ আছে।" তেওঁ নিজাববীয়াকৈ লোৱা কিছু সফল পদক্ষেপ সন্দৰ্ভত কয় "হাইদৰাবাদৰ এখন খুচুৰা প্ৰতিষ্ঠানত আমি শাৰীৰিকভাৱে অক্ষম লোকক লৈ এটা প্ৰজেক্ট কৰিছিলো।আমি প্ৰশিক্ষণ প্ৰদান কৰা ৫০০ শাৰীৰিকভাৱে অক্ষম লোকে বৰ্তমান বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি জীৱিকা আৰ্জন কৰি আছে।এই লোকসকলক এতিয়া স্বৱলম্বী হোৱা দেখি মই অতিশয় আনন্দিত হওঁ।"

খুচুৰা ব্যৱসায়ত অহা ক্ৰমাগত পৰিৱৰ্তন

নব্বৈৰ দশকত ভাৰতবৰ্ষত খুচুৰা ব্যৱসায়ে বিশেষ জনপ্ৰিয়তা লাভ কৰা নাছিল।" অখ্যাত খুচুৰা ব্যৱসায়ৰ পৰা সুপ্ৰতিষ্ঠিত হোৱা বহু খুচুৰা প্ৰতিষ্ঠানৰ সাফল্যৰ যাত্ৰাৰ মই অংশীদাৰ আছিলো।সেই সময়ৰ পৰা এতিয়ালৈ বহু পৰিৱৰ্তন আহিছে।গ্ৰাহক সকল যথেষ্ঠ সচেতন হৈছে।গ্ৰাহকে এতিয়া বুজে তেওঁলোকক কি লাগে আৰু তাৰবাবে কি মূল্য দিব লাগে।"

অমীষাৰ জীৱনৰ তিনিটা মূল মন্ত্ৰ

মোৰ জীৱনত তিনিটা P য়ে প্ৰাধান্য লাভ কৰি আহিছে-Passion, People and Purpose.

তুমি যি কাম কৰিছা তাক লৈ যদি সুখী নহয় তেন্তে অনতিপলমে সেই কৰ্ম ত্যাগ কৰা।অন্যথা তোমাৰ মাজত উদ্ভৱ হোৱা ঋণাত্মক শক্তিয়ে আনকো প্ৰভাৱিত কৰিব।

তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হল মানুহ বা গোটক লৈ কাম কৰা।মোৰ মনত পৰে আগৰ পৰ্যায়ৰ কেৰিয়াৰত কোনো ব্যক্তিয়ে কামত পাল মৰা দেখিলে যেতিয়া মই মোৰ বছক অভিযোগ কৰিছিলো, তোতিয়া বছে প্ৰত্যুত্তৰত যি কথা কৈছিল সেই কথাই মোৰ জীৱনৰ দিশ সলনি কৰিছিল। বছে কৈছিল "আনৰ যোগ্যতা পৰিমাপ কৰিব পৰা কথাটোৱে প্ৰমাণ কৰে যে তোমাৰ নেতৃত্ব দিব পৰা ক্ষমতা আছে। ইয়ে তোমাক আগুৱাই লৈ যাব।" এই কথাই মোক যথেষ্ঠ উৎসাহিত কৰিছিল।

খুচুৰা ব্যৱসায়ত কেৰিয়াৰ গঢ়িব খোজা সকলৰ প্ৰতি অমীষাৰ উপদেশ

"কোনো খুচুৰা প্ৰতিষ্ঠানত ছমাহ কাম কৰিলে খুচুৰা ব্যৱসায় সম্পৰ্কে যথেষ্ঠ অভিজ্ঞতা লাভ কৰিব পাৰি।এবাৰ অভিজ্ঞতা আহৰণ কৰি ললে এই দিশত কেৰিয়াৰৰ সুবিধা বহু আছে।আৰু এই সুবিধা অহা ২০২০ চনত দুগুন হবগৈ তাত কোনো সন্দেহ নাই।"