ঝাৰখণ্ডত ভাৰতীয় কৃষি গৱেষণা সংস্থা স্থাপনৰ প্রস্তাৱত কেবিনেটৰ অনুমোদন

ঝাৰখণ্ডত ভাৰতীয় কৃষি গৱেষণা সংস্থা স্থাপনৰ প্রস্তাৱত কেবিনেটৰ অনুমোদন

Monday January 30, 2017,

2 min Read

অলপতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দ্বাদশ পৰিকল্পনা আয়োগৰ অধীনৰ ডিএআৰই/আইচিএআৰ পৰিকল্পনা আঁচনিৰ প্ৰস্তাৱ অনুসৰি ঝাৰখণ্ডত ভাৰতীয় কৃষি গৱেষণা সংস্থা(আইএআৰআই) স্থাপনৰ প্রস্তাৱত অনুমোদন জনোৱা হয়।

আনুমানিক ২০০.৭৮ কোটি টকা ব্যয়সাপেক্ষ(১০০শতাংশ আইচিএআৰৰ বৰঙণি) এই প্ৰতিষ্ঠানটোৰ বাবে ঝাৰখণ্ড চৰকাৰে হাজাৰিবাগৰ বাৰ্হি ব্ল’কৰ গৌৰিয়া কৰ্মা গাঁৱত ১,০০০ একৰ ভূমি প্ৰদান কৰিছে।

image


ঝাৰখণ্ডত এই কৃষি গৱেষণা প্ৰতিষ্ঠানটো গঢ়ি উঠিলে খাদ্য-শস্য, উদ্যান শস্য, কৃষি বনানি, পশুপালন, মৎস্য পালন, গাহৰি পালন, হাঁহ-কুঁকুৰা পালন, ৰেচম আৰু পলু পালন আৰু মৌ উৎপাদনকে ধৰি বিভিন্ন দিশৰ প্রসাৰ আৰু উন্নয়ন সম্ভৱ হৈ পৰি বুলি আশা কৰা হৈছে।

ঝাৰখণ্ডৰ ভাৰতীয় কৃষি গৱেষণা সংস্থা(আইএআৰআই)ই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গৱেষণা আৰু উন্নয়ন সংস্থাসমূহৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ সহযোগত পূব ভাৰতৰ কৃষি ক্ষেত্ৰৰ প্ৰত্যাহ্বান তথা জটিলতাবোৰ দূৰ কৰাৰ দিশত কাম কৰিব। ই গৱেষণা, শিক্ষা আৰু বিভিন্ন কাৰ্যসূচী হাতত লৈ মানৱ সম্পদ উন্নয়ন, উৎপানশীলতা বৃদ্ধিৰ বাবে কৃষি উপযোগী উন্নত সঁজুলি উদ্ভাৱন কৰিব ইয়াৰ মানদণ্ড আৰু লাভ বৃদ্ধিত সহায় কৰিব। ইয়াৰ জৰিয়তে কৃষিভিত্তিক সংস্থাপনৰ বাটো প্ৰশস্ত হোৱাৰ লগতে পূৰ্বাঞ্চলত ব্যাপক আৰু বহনক্ষম উন্নয়ন সম্ভৱ হৈ পৰিব। ইয়াৰ অধীনত বিভিন্ন পাঠ্যক্ৰমো আগবঢ়োৱা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ৰইছ' মাত্ৰ এটা চেলু

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

উত্তৰ পূবৰ বিভিন্ন ষ্টাৰ্টআপৰ যোগদানেৰে আপষ্টাৰ্ট -২০১৭ৰ সফল সামৰণি

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ