শাৰীৰিক অক্ষমতাই সফল ক্ষুদ্ৰ উদ্যোগীত পৰিণত কৰিলে বাবুল মজুমদাৰক

0

শাৰীৰিক বা অন্যান্য বাধাগ্ৰস্ততাই কিছুমান মানুহক হতাশ কৰি তোলে কিন্তু আন কিছুমানৰ ক্ষেত্ৰত এনে বাধাই ওলোটাই আগতকৈও বঢ়াই তোলে কৰ্মোদ্যম আৰু জীৱনৰ প্ৰতি প্ৰেম । আজি ক'ম তেনে এজন মানুহৰ কথা । পত্নী,পুত্ৰ আৰু এগৰাকী কন্যাৰে এক সুখী জীৱন-যাপন কৰা বাবুল মজুমদাৰৰ জীৱনলৈ বিভীষিকাময় দিনটো আহিছিল ১৯৯৪ চনৰ অক্টোবৰ মাহত। ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ দুয়োখন ভৰিৰ চলন শক্তি হেৰুৱাব লগীয়া হৈছিল তেওঁ । জীৱনলৈ যেন এক প্ৰকাৰৰ অন্ধকাৰ নামি আহিছিল। কিন্তু নিজ পৰিয়ালৰ ভৰণ-পোষণৰ কথা চিন্তা কৰি মনৰ শক্তিৰে শাৰিৰীক বাধা নেওচি জীৱনত আগবাঢ়ি যোৱাৰ কথা তেওঁ চিন্তা কৰিলে।

'সেই সময়ত মোৰ মনত এটাই চিন্তা আছিল যে মই বহি থাকিলে পৰিয়ালটো কেনেকৈ চলিব। মোৰ এখন গেলামালৰ দোকান আছিল । তাতে আন সামগ্ৰীৰ লগতে আচাৰ তৈয়াৰ কৰি বিক্ৰী কৰাৰ কথা চিন্তা কৰিলো। বাৰীৰ ফল-মূলৰ অপচয় ৰোধ কৰাৰ লগতে থলুৱা ভাৱে তৈয়াৰী আচাৰৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মই এই ব্যৱসায় আৰম্ভ কৰিলো।'

শাৰীৰিক অক্ষমতাৰ প্ৰত্যাহ্বান নেওচি আচাৰৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা বাবুল মজুমদাৰ এতিয়া এজন লেখত ল'বলগীয়া ক্ষুদ্ৰ ব্যৱসায়ী।ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰী গাঁৱৰ বাসিন্দা বাবুল মজুমদাৰে আচাৰৰ ব্যৱসায়েৰে কেৱল নিজৰ পৰিয়াল পোহপাল দিয়াই নহয়,কাষৰীয়া অঞ্চলৰ বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আদিত আচাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে উদ্যোগশীলতাৰ ক্ষেত্ৰখনত তেওঁ নতুন নাছিল ।

উদ্যোগশীলতাৰ আৰম্ভণী

পূৰ্বতে ভাৰতীয় ৰেল বিভাগত চাকৰি কৰিছিল বাবুল মজুমদাৰে । কিন্তু মনটোৱে যেন অহৰহ কৈছিল- চাকৰি নহয় নিজাকৈ কিবা এটা কৰিব লাগে । সেয়ে তিনি মাহ চাকৰি কৰি ৰেলৰ চাকৰি বাদ দিছিল বাবুল মজুমদাৰে । আৰম্ভ কৰিছিল ৰঙিয়া চহৰত কাপোৰৰ ব্যৱসায় ।পৰৱৰ্তী সময়ত কাপোৰৰ ব্যৱসায় বাদ দি খুচুৰা ব্যৱসায়ত মনোনিবেশ কৰিছিল।আবাস গৃহ সংলগ্ন দোকানখনত আন সামগ্ৰীৰ লগতে নিজ হাতে তৈয়াৰ কৰা বাঁহৰ আৰু নাৰিকল পাতৰ ঝাড়ু বিক্ৰী কৰিছিল। কিন্তু দুৰ্ঘটনাটোৱে যেন তেওঁক অনুপ্ৰাণিত কৰিলে আৰু বহল পৰিসৰত চিন্তা কৰিবলৈ ।

নতুন এক অধ্যায়

দুৰ্ঘটনাটোৰ পিছত আবাসগৃহ সংলগ্ন দোকান খনেই হৈ পৰিল বাবুল মজুমদাৰৰ বাবে সংগ্ৰাম থলী।পুৱা আঠ বজাৰ পৰা নিশা আঠ বজালৈ দোকানতে থাকি খোৱা-লোৱা কাৰ্য সম্পন্ন কৰে।আচাৰ তৈয়াৰৰ ক্ষেত্ৰত পৰিয়ালবৰ্গৰ লগতে বন্ধু বৰ্গই তেওঁক সহযোগিতা আগবঢ়াইছে।

প্ৰথম অৱস্থাত তেওঁ ঘৰতে থকা আমলখি, জলফাই, অমৰা, ঔটেঙা,বগৰী আদি সংগ্ৰহ কৰি ঘৰুৱাভাৱে আচাৰ প্ৰস্তুত কৰি বিক্ৰী কৰিছিল। তেওঁ তৈয়াৰ কৰা আচাৰে সেই অঞ্চলটোত জনপ্ৰিয়তা অৰ্জন কৰাত এই ব্যৱসায় সৰহীয়াকৈ কৰাৰ কথা ভাবিলে। সেয়ে বাৰীৰ ফল-মূলৰ উপৰিও আনৰ পৰা ফল-মূল ক্ৰয় কৰি নিজস্ব পদ্ধতিৰে আচাৰ তৈয়াৰ কৰাত মনোনিবেশ কৰিলে। কম সময়তে আচাৰ প্ৰস্তুতকাৰী হিচাপে বাবুল মজুমদাৰ জনপ্ৰিয় হৈ পৰিল নিজা অঞ্চলৰ উপৰি পাৰ্শ্বৱৰ্তী অঞ্চলত।আনকি বিয়া-সবাহ আদিতো আচাৰৰ চাহিদা পূৰণ কৰে বাবুল মজুমদাৰে।এই কামত তেওঁক সহযোগ কৰে পত্নী চন্দা মজুমদাৰ,পুত্ৰ আৰু কন্যাই।প্ৰতি বছৰে ডেৰ-দুই কুইন্টল আচাৰ প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগী হিচাপে পৰিচিত হবলৈ সক্ষম হৈছে বাবুল মজুমদাৰ।


শাৰীৰিক অক্ষমতাৰ প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰাত তেওঁ কয়-'নিজৰ দেহটো অক্ষম যদিও মনটো সক্ষম কৰি লৈ কৰ্মোদ্যমেৰে সৰু পৰিয়ালটোৰ দ্বায়িত্ব নিয়াৰিকৈ পালন কৰিবৰ বাবে অহৰহ সংগ্ৰাম কৰি গৈছো।কৰ্মব্যস্ততাৰ মাজতে ৰেডিঅ',বাতৰি কাকত আদিৰ মাধ্যমেৰে দেশ-বিদেশৰ খবৰ ৰাখো।ইয়াৰ দ্বাৰা মনটো সক্ৰিয় হৈ থাকে।'

জীৱনটো কি দৃষ্টিৰে গ্ৰহণ কৰে বাবুল মজুমদাৰে?

'জীৱন অনুপম।কিন্তু নাম অথবা দামেৰে নহয়,কামেৰেহে।কিয়নো কৰ্মই ধৰ্ম।' মজুমদাৰৰ মন্তব্য ।

উল্লেখযোগ্য যে, নিজে শাৰীৰিৰিক অক্ষমতাৰ বলি হৈ তেওঁৰ দৰে আন লোকসকলৰ অৱস্থাৰ কথা অনুভৱ কৰি মৃত্যুৰ পিছত দেহদান কৰাৰ ইচ্ছা ইয়ৰষ্ট'ৰীৰ আগত ব্যক্ত কৰে উদ্যমী মনৰ গৰাকী বাবুল মজুমদাৰে।পৃথিৱীত এনে লোকৰ সংখ্যা কম হলেও এই লোকসকলৰ ব্যতিক্ৰমী চিন্তাই আনকো জীয়াই থকাৰ প্ৰেৰণা দিয়ে।বাবুল মজুমদাৰ তেনে এজন ব্যক্তি।তেওঁৰ মতে জীৱনত জয়ী হবলৈ ধৈৰ্য,কৰ্ম্মোদ্যম আৰু অধ্যয়ন পুষ্ট মনৰ প্ৰয়োজন।


(কৃতজ্ঞতা: ভাস্কৰ কলিতা)

With over 8 years experience in print and electronics I am doing freelance as a feature writer. I believe in humanity and love people. I like to do story about people. I believe learning is a never ending process.

Related Stories

Stories by Pubali Bhagowati