প্ৰত্যাহ্বানৰ বাবে সদাপ্ৰস্তুত নাজনীন জালালুদ্দিন

প্ৰত্যাহ্বানৰ বাবে সদাপ্ৰস্তুত নাজনীন জালালুদ্দিন

Friday November 27, 2015,

5 min Read

এই কাহিনী হৈছে গহণাৰ নামজ্বলা ব্ৰেণ্ড টনিষ্কে প্ৰচলন কৰা বিশেষ Mia Women শৃংখলাৰ অংশ।এই শৃংখলাত আমি সাহস আৰু অনুপ্ৰেৰণাৰ উৎস নাৰীৰ বৰ্ণিল কাহিনী তুলি ধৰোঁ। (এই শৃংখলাৰ ওপৰত হাৰ ষ্টৰীৰ সম্পুৰ্ণ সম্পাদকীয় নিয়ন্ত্ৰণ আছে । )

নাজনীন জালালুদ্দিন হৈছে ধৈৰ্য আৰু সাহসৰ প্ৰতীক এগৰাকী বিশেষ নাৰী।নাজনীন হৈছে এনে এগৰাকী সুন্দৰী আৰু আত্মবিশ্বাসী নাৰী যিয়ে নিজৰ প্ৰতিটো কাম নিজেই সম্পন্ন কৰাৰ বাবে আগ্ৰহী।অজানা বাট আৱিষ্কাৰ কৰি সফলতাৰ সোপান আনিবলৈ সদা যত্নপৰ এগৰাকী নাৰী।

আইআইএম বাংগালোৰৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী আৰু কৰ্পৰেট ক্ষেত্ৰৰ বহল অভিজ্ঞতাৰে পুষ্ট নাজনীন বৰ্তমান ভিন্ন ক্ষমতাসম্পন্ন দুটা startup গোটৰ সৈতে জড়িত।এক সম্ভাৱনীয় ক্ষেত্ৰৰূপে ইয়াৰ সৈতে জড়িত সকলো প্ৰত্যাহ্বান নাজনীনে হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।সকলো ধৰণৰ প্ৰকল্পভিত্তিক অভিযান, প্ৰযুক্তিৰ মাত্ৰা নিৰ্ণয়,শৈলী নিৰ্ধাৰণ অথবা উৎপাদিত সামগ্ৰী বজাৰত মুকলি কৰি দিয়া আদি দিশ নাজনীনে সুন্দৰকৈ চোৱা-চিতা কৰি আহিছে।

image


নাজনীনে নিজৰ স্কুলীয়া শিক্ষাৰ অধিকাংশ সময় পাৰ কৰিছে উত্তৰ আফ্ৰিকাৰ লিবিয়াত।লিবিয়াতে নিজৰ শৈশৱৰ এচোৱা সুন্দৰ সময় পাৰ কৰিছে নাজনীনে।তেওঁৰ ভাষাত, “আমি যিহেতু ভাৰতৰ পৰা আঁতৰত আছিলো সেয়ে লিবিয়াৰ ভাৰতীয় সম্প্ৰদায়ে অতি সক্ৰিয়ভাৱে নিজৰ সংস্কৃতি ৰক্ষা কৰিছিল।তাত আমি বহুতো সুন্দৰ অনুষ্ঠানত অংশ লৈছিলো।”

চেন্নাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বাংগালুৰুৰ আইআইএমৰ পৰা নাজনীনে এমবিএ সম্পূৰ্ণ কৰে। startup ecosystemত প্ৰৱেশ কৰাৰ পূৰ্বে নাজনীনে ইনফ’চিছ গোটৰ সৈতে কাম কৰিছিল আৰু এটা বছৰ কটাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। ৰিটেইল আৰু টেলিকম ক্ষেত্ৰসহ বিভিন্ন দিশৰ তথ্য প্ৰযুক্তিৰ দিশ পৰিচালনা কৰাৰ অভিজ্ঞতা আহৰণ কৰিছিল নাজনীন জালালুদ্দিনে।উৎপাদিত সামগ্ৰীৰ বিকাশতো তেওঁ চকু ফুৰাইছিল। startup ecosystemত প্ৰতিষ্ঠা লাভ কৰাৰ পূৰ্বে বাংগালুৰুৰ SAPৰ সৈতেও তেওঁ কিছুবছৰ কাম কৰিছিল।

বৰ্তমান তেওঁ পালন কৰা এক অন্যতম ভূমিকা হৈছে Applied Robotics নামৰ এটা কোম্পানীৰ মুখ্য প্ৰযুক্তি বিষয়াৰ। ৰবটিকছৰ উপভোক্তাৰ বজাৰত এক দমনীয় ভূমিকা ল’বলৈ ৰচা এক বৃহৎ সপোনৰ অংশীদাৰ তেওঁ। বিশ্বমানৰ প্ৰযুক্তিবিদৰ দ্বাৰা মত বিনিময় কৰিব পৰা ৰবট নিৰ্মাণ কৰি এই লক্ষ্য নিৰ্ধাৰণ কৰিব বিচাৰে Applied Roboticsয়ে।

তেওঁৰ আনটো ভূমিকা হৈছে Thoughtpultৰ মুখ্য উদ্ভাৱনী বিষয়াৰ।তেওঁৰ মতে,“আমি Thoughtpultৰ মাধ্যমত ভাৰতলৈ বৃহৎ পৰিমাণৰ ৰাজহুৱা বৰঙনি আনিব বিচাৰো।আমি একো নথকাৰ পৰা এই ভেঁটি প্ৰস্তুত কৰিছো।পৰিকল্পনা,ব্যৱসায়ৰ বিকাশ,অভিযানৰ পৰা বিপণনলৈকে মই ইয়াৰ সকলো দিশৰ সৈতে জৰিত হৈ আছো।”

image


কৰ্পৰেট জগতৰ এক শক্তিশালী আৰু স্থিৰ চাকৰিৰ পৰা আহি startup ক্ষেত্ৰৰ দুটা আকৰ্ষণীয় ভূমিকাৰ সৈতে জডিত হৈ এক সুকীয়া আনন্দ লাভ কৰা বুলি কয় নাজনীনে।

Startup ক্ষেত্ৰত উত্থান-পতন হৈ থাকে আৰু ইয়াত প্ৰতিটো দিনেই ভিন্ন প্ৰত্যাহ্বানমূলক। “কোনো দিনা যদি যোগাত্মক চিন্তাৰ ঢল বোৱাৰ লগতে কামে হেঁচা মাৰি ধৰে তেনেহ’লে ইয়াৰ পিছদিনাই নৈৰাশ্যই সকলো ছানি ধৰিব পাৰে।এনেধৰণৰ অস্থিৰতাৰ সৈতে মোকাবিলা কৰি আৰু এক যোগাত্মক মনোভাৱ অটুট ৰখাটো মই ভবাতকৈ বহু বেছি প্ৰত্যাহ্বানমূলক।কিন্তু ইয়াৰ নিজস্ব মজা আছে।” নাজনীনৰ মন্তব্য। নাজনীনৰ মতে জীৱনত নতুন উদ্যমেৰে আগুৱাই যোৱাৰ লগতে দুবাহু প্ৰসাৰিত কৰি বিশ্বখনক জানিবলৈ চেষ্টা কৰাটো দৰকাৰী।তেওঁৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছে তেওঁৰ আইতাক।নাজনীনৰ দৃষ্টিভংগী মতে,“মোৰ আইতা এগৰাকী শক্তিশালী আৰু ধৈৰ্যশীলা নাৰী।তেওঁ সকলো ধৰণৰ প্ৰতিবন্ধকতাক নেওচি কামত সফলতা লাভ কৰিছিল।তেওঁ নিজৰ কুটিৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল, ৰন্ধন শৈলীৰ ওপৰত কেইবাখনো কিতাপ লিখিছিল আৰু নিজৰ দক্ষতা থকা বিষয়ত ব্যৱসায়ক লৈ এতিয়াও আনৰ সৈতে আলোচনা কৰে।জীৱনৰ পোৱা-নোপোৱাৰ মাজতো তেওঁ এইপৰ্যন্ত আশাবাদী।”

সাধাৰণতে প্ৰযুক্তিৰ ক্ষেত্ৰলৈ অতি কমসংখ্যক মহিলাইহে অহাৰ বিষয়ে চিন্তা কৰে, ইয়াৰ মাজতে নাজনীনৰ ব্যতিক্ৰমী ভাৱ, “ৰবটিকছৰ দৰে অতি আকৰ্ষণীয় প্ৰযুক্তিৰ ক্ষেত্ৰলৈ কোনে আহিব নুখুজিব?'' লগতে তেওঁ কয় “এই ecosystemৰ সৈতে নিজকে খাপ খুৱাই লৈ উদ্ভাৱনীমূলক কাৰ্যপ্ৰণালী গ্ৰহণ কৰিবলৈ মোৰ কিছু সময় লাগিল।Startupৰ বিষয়ে মই এটা শিকা এটা প্ৰাথমিক কথা হৈছে যে ইয়াত কোনো কথাই আপুনি পাতলকৈ ল’ব নোৱাৰে আৰু বিক্ৰেতাৰ দৃষ্টিত নামী ব্ৰেণ্ডৰ গুৰুত্ব অনুধাৱন কৰাটো দৰকাৰ।”

ভিন্নভাষী সংস্কৃতিৰ সংস্পৰ্শলৈ অহা নাজনীনে সদায়ে নতুন কথা শিকিবলৈ আগ্ৰহী। প্ৰযু্ক্তিৰ ভাষাৰ ক্ষেত্ৰত তেওঁ নতুন ভাষাৰ সংযোজন ঘটাব বিচাৰে।ইয়াৰ লগতে তেওঁৰ ৰুচিৰ বিষয় হৈছে-বাগানত কাম কৰা, বাদ্য বজোৱা অথবা তৈল চিত্ৰ অংকন।

নাজনীনে লিখা-মেলা কৰে যদিও সেয়া ৰাজহুৱা জীৱনৰ বিপৰীতে তেওঁৰ ব্যক্তিগত জীৱনৰ অংশ বুলিহে স্বীকাৰ কৰিলে। শব্দৰ মালাৰে গাঁথি উলিয়াব পৰা নিজৰ আগ্ৰহৰ সকলো বিষয়তে তেওঁ লিখা-মেলা কৰে। বহল অৰ্থৰ সাংবাদিকতাপ্ৰীতি হৈছে তেওঁৰ কামৰ প্ৰতি থকা আগ্ৰহৰ আন এক কাৰণ।

নাজনীন হৈছে এক গম্ভীৰ ব্যক্তিত্বৰ অধিকাৰিণী আৰু তেওঁক নীলা ৰঙৰ সৈতে জড়িত কৰিব পাৰি। নীলা ৰঙৰ সাজেৰে তেওঁৰ আলমাৰিও ভৰি আছে। তেওঁৰ পচন্দৰ কাপোৰসাজ হৈছে এজোৰ শুধ বগা চেলোৱাৰ-কামিজ-এই সাজ আৰামদায়ক হোৱাৰ লগতে তেওঁৰ মতে তেওঁৰ ব্যক্তিত্বক ইয়ে সুন্দৰকৈ ফুটাই তুলিব পাৰে।ভাৰতীয় সাজৰ সমানে তেওঁ পশ্চিমীয়া সাজো পৰিধান কৰে।কামলৈ যাওঁতে নাজনীনে অতি কম পৰিমাণৰ সোণৰ গহণাহে পিন্ধি ওলায়।

কঠোৰ পৰিশ্ৰমেই হৈছে নাজনীনৰ সফলতাৰ চাবি-কাঠী।এগৰাকী মহিলা হিচাপে নিজৰ জীৱন আৰু কামৰ মাজত তেওঁ কেনেদৰে সমতা ৰক্ষা কৰে?নাজনীনৰ মতে ঘৰ আৰু কাম উভয়তে এক শক্তিশালী সমতাৰ পৰিৱেশ থকাটো প্ৰয়োজনীয়।“কামৰ প্ৰতি স্পৃহা বুজি পোৱা অথবা অন্তত বুজিবলৈ চেষ্টা কৰা এজন সংগী, আৰু এনে সহকৰ্মী যিসকলে মোৰ ঘৰুৱা দায়িত্ব অনুভৱ পাৰে যিহেতু বৰ্তমান মোৰ এটি ছমহীয়া সন্তানো আছে।মই এই সকলোবোৰেই পাই নিজকে ভাগ্যৱান অনুভৱ কৰোঁ।”এনেদৰে কৈ যায় নাজনীনে।

আব্দুল কালামৰ এক বিশেষ ভাষণে নাজনীনৰ জীৱনৰ গতি সলনি কৰিছিল।নাজনীনৰ দৰে ক’বলৈ গ’লে,

“তেওঁ হৃদয়ৰ পৰা ব্যক্তব্য ৰাখিছিল যাৰ বাবে মোৰ বাবে এয়া সঁচা অনুপ্ৰেৰণাৰ উৎস হ’ল।তেওঁ দলীয় স্পৃহাৰ কথা কৈছিল আৰু উল্লেখ কৰিছিল যে কেনেদৰে এটা শক্তিশালী দলে আনকি মেনেজমেণ্টৰ সিদ্ধান্তকো চেৰাই অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে।তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা কথা কৈছিল আৰু মই যেতিয়া তেওঁৰ কথা শুনিছিলো তেতিয়া অনুধাৱন কৰিব পাৰিছিলো যে যোগাত্মক চিন্তাৰে আগবাঢ়িলে এজন ব্যক্তিয়ে কিমান দূৰলৈকে সফল হ’ব পাৰে।সেয়াই আছিল মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট আৰু তাৰ পিছৰে পৰা মই এই নীতি জীৱনৰ সকলো দিশত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আহিছো।”

শেষত নাজনীনে কয় যে, “নাৰীৰ স্বাভাৱিক প্ৰৱণতা হৈছে একেসময়তে বহুতো ভূমিকা পালন কৰা। ব্যক্তিগত আৰু কৰ্মস্থলীৰ বিভিন্ন দায়িত্বৰ মাজত সুষমতা ৰক্ষা কৰিব পৰাটো নাৰীৰ কৃতিত্ব।এটা startupত আন ক্ষেত্ৰৰ তুলনাত বিফলতাৰ হাৰ বহুত বেছি আৰু ইয়ে জীৱনটো কেতিয়াবা অশান্তিময় কৰি তুলিব পাৰে।কিন্তু মই বিশ্বাস কৰো চেষ্টা কৰিলে যিকোনো মানুহে এই ঋণাত্মক দিশ নেওচি আগুৱাই যাব পাৰে।এনেধৰনৰ অসম্ভৱক সম্ভৱ কৰি তোলা বিশ্বত বৰ্তমানে থকা অতিমানৱীৰ সংখ্য ভৱিষ্যতলৈ বাঢ়িব বুলি মই আশাবাদী।”

মূলঃতনৱী ডুবে

অনুবাদঃতুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত