২০১৬ চনত আপোনাৰ উৰ্বৰাশক্তি কিমান হ'ব?

২০১৬ চনত আপোনাৰ উৰ্বৰাশক্তি কিমান হ'ব?

Monday January 11, 2016,

6 min Read

হয় ! এইটো এটা পোনপটীয়া প্ৰশ্ন । মোৰ বয়সৰ বেছিভাগ মহিলাৰ দৰেই মই যিটো প্ৰশ্নৰ মূখামূখি সঘনাই হওঁ, বিশেষকৈ যেতিয়া মোৰ আইতা আমাৰ ঘৰলৈ আহে আৰু সকলোৱো শুনাকৈ মোক শোধে, সেইটো হ'ল - মই কেতিয়া সন্তান জন্ম দিম?

তেওঁ মোক কয় যে আজিকালি বিভিন্ন ধৰণৰ পৰীক্ষা উপলব্ধ । মই বিৰক্ত হওঁ । কাজিয়া কৰোঁ আৰু নেৰানেপেৰাকৈ কাজিয়া কৰোঁ । এই কাজিয়াত প্ৰকৃত নাৰীত্ব, আধুনিকতা, কৰ্মজীৱন, বিবাহ আদি বিভিন্ন প্ৰসঙ্গ উথ্থাপন হয় । প্ৰতিবাৰৰ কাজিয়াত তেওঁৰ বিজয়ী উক্তি হ'ল - তুমি যদি সন্তান জন্ম দিবলৈ অক্ষম তাক লৈ অস্বস্তিত ঘোগাৰ কাৰণ নাই । আজিৰ দিনত এই সমস্যা দূৰ কৰিবলৈ বহুত ক্লিনিক আছে । সঁচাকৈয়ে ।

image


মই তেওঁক কওঁ যে মই অস্বস্তিত ভোগা নাই । মোৰ স্বাস্থ্য ঠিকেই আছে । তেওঁ মোক পুতৌৰ দৃষ্টিৰে চায় আৰু এই কাজিয়া আকৌ আৰম্ভ হয় যেতিয়া আমি পুনৰ লগ হওঁ ।

এই প্ৰশ্নটোৱে আমাৰ পৰিয়ালৰ সকলোকে একগোট কৰে । এজন ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন টেলিভিছন এংকৰে শোধা প্ৰশ্নৰ দৰে এইটোৱেই হ'ল "পৰিয়ালটোৱে জানিব খোজা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন" ।

পিছে আজি মই ক'বলৈ বিচৰা বিষয়টো আমাৰ দৰে বহুতেই সন্মূখীন হোৱা উৰ্বৰতাৰ প্ৰশ্নটো নহয় বৰঞ্চ আমি প্ৰতিদিনে চিন্তা কৰিবলগীয়া এক বিশেষ ধৰণৰ উৰ্বৰতাৰ কথা মই ক'বলৈ বিচাৰিছো। কিন্তু তাৰ আগতে আন এটা কাহিনী অকণমান ধৈৰ্য ধৰি শুনিবলৈ মই আপোনালোকক অনুৰোধ জনালো ।

এই লেখাটো পঢ়ি থকা বহুতেই ইতিমধ্যে জানে যে ২০১৫ বৰ্ষটো য়ৰ ষ্ট'ৰীৰ বাবে অভূতপূৰ্ব আছিল । সাতবছৰৰ ভিতৰত আমি ছিৰিজ এ পুঁজি লাভ কৰিছিলো, ২৩০০০ মৌলিক কাহিনী প্ৰকাশ কৰিছিলো, আৰু এতিয়া আমি ১২ টা ভাষাত উপলব্ধ । আমি এতিয়া ৬৫ জনীয়া এটা শক্তিশালী গোট । আমি নতুন প্ৰডাক্ট, নতুন ব্ৰেণ্ড আৰু চৰকাৰী সংস্থাৰ সৈতে কাম কৰা আৰম্ভ কৰিলো । এবছৰত এয়া বহুত বেছি উপলব্ধি । এটা পৰ্য্যায়ত মোৰ অনুভৱ হৈছিল যে বহু হছৰৰ দৌৰাদৌৰিৰ কিছু ফল অৱশেষত মই পাবলৈ আৰম্ভ কৰিছো ।

তথাপিও, প্ৰতিটো মাইলৰ খুঁটি অতিক্ৰম কৰাৰ সময়ত, প্ৰতিটো সফলতাৰ সময়ত মই ভিতৰি এক গভীৰ বেথা আৰু নিসংগতা অনুভৱ কৰিছিলো । ষ্টাৰ্ট আপ ইক' ছিষ্টেমত যিটো কথাক সৰ্বাধিক আনন্দদায়ক বুলি বিবেচনা কৰা হয় সেই ফান্দ ৰেইজিং মোৰ বাবে আছিল হৃদয়বিদাৰক অভিজ্ঞতা । ৰাতিটোৰ ভিতৰতে বহু বন্ধু-বান্ধৱ, বহু সম্পৰ্ক আৰু বহুতৰে ব্যৱহাৰ সলনি হৈ যোৱা মই দেখিছিলো । ব্যক্তিগতভাৱে ই মোৰ মনটোক ৰক্তাক্ত কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ত এচাম যুৱ উদ্যোগীয়ে আনক অপকাৰ কৰিও কিদৰে কোনো পৰিণাম ভোগ লকৰে আৰু কিদৰে এচামৰ শলাগৰ পাত্ৰ হয় সেয়া সচাকৈ আশান্তিকৰ । ই মোক যেন নৰকৰ অটল গহ্বৰলৈ ঠেলি দিছিল আৰু মই ভাবিবলৈ আৰম্ভ কৰিছিলো - এই নিৰ্মম, আক্ৰোশমূলক প্ৰতিযোগিতাৰ

লগতে সদায় আগত থকাৰ ইচ্ছাই মোক অহৰহ দৌৰাই ৰাখিছিল বছৰজুৰি। শেষবাৰ যেতিয়া হিচাপ কৰিছিলো মই ৬৪ টা অনুষ্ঠানত বক্তব্য ৰাখিছিলো । এইবোৰ সাধাৰণতে সপ্তাহান্তত হৈছিল । মোৰ মেজত জমা হৈ থকা বিজনেছ কাৰ্ডসমূহৰপৰা মই দেখিছো যে মই প্ৰায় ৬০০০ ব্যক্তিক লগ পাইছিলো এই বছৰটোত । মই প্ৰায় ৬০০০ ই-মেইলৰ উত্তৰ দিছিলো আৰু ১০,০০০ ৰ কোনো উত্তৰ দিয়া নাছিলো । এই উত্তৰ লিদিয়া মেইল আৰু ওলোটাই কৰিম বুলি প্ৰতিশ্ৰুতি দিও নকৰাকৈ থকা প্ৰতিটো ফোন কলে মোক অধিক বিবিৰত কৰিছিল । মই আক্ষৰিক অৰ্থত এক জম্বিত পৰিণত হৈছিলো । সকলোকে সন্তিষ্চ কৰিবলৈ চেষ্টা কৰোঁতে মই বহুতকে ৰুষ্ট আৰু হতাশ কৰিছিলো ।

সংক্ষেপে, মই যিমানে দিলো সিমানেই মানুহ অসন্তুষ্ট হ'ল । তেওঁলোকে ক'বলৈ ধৰিলে মই আগৰ দৰে সতকাই সঁহাৰি নিদিয়া হ'লো । তেওঁলোকে মোক পৰিত্যাগ কৰিলে । মোৰ মনত এক বিশাল শুন্যতাৰ সৃষ্টি কৰি গ'ল তেওঁলোকে ।

বহু হছৰৰ পিছত মই অসহায় অনুভৱ কৰিলো । একাংশ সতাৰ্থৰ পৰা আৰম্ভ কৰি অধিকাংশ আত্মীয়লৈকে বহুতেই ভাবিলে মই কেতিয়াও তেওঁলোকৰ কাষত নাছিলো । আৰু মোৰ মনটোৱে অহৰহ এই সংকেতবোৰ গ্ৰহণ কৰি গ'ল: এয়া তেওঁলোকৰ বাবে ভল নহয় । বচ ।

সকলো সীমা অতিক্ৰম কৰি গ'ল যেতিয়া এখন সফল বৈঠকৰ পাছত মই কেৱল ৰিক্ততা অনুভৱ কৰিলো আৰু মই ভাগি পৰাৰ উপক্ৰম হ'ল ।

মোৰ মনৰ ভিতৰখনযেন কিবা এটাই জোঁকাৰি গ'ল আৰু সেইদিনা মই কান্দিলো । বহুত কান্দিলো। এইবোৰ কি হৈছে । ২০১৫ চনটো এইদৰে যোৱাটোৱেই মই বিচাৰিছিলো নে ? ৩৬৫ দিন ধৰি মোৰ এই ২৪/৭ দৌৰা-ধপৰাক লৈ মই গৌৰৱ কৰিব পাৰোঁ নে ?

বছৰটোৰ শোষৰফালে, নৱেম্বৰৰ আগভাগত মই নিজকে ব্যক্তি আৰু পৰিস্থিতিৰপৰা আঁতৰাই নিজৰ ওপৰত মনোনিবেশ কৰিবলৈ ধৰিলো । মই নিজৰ মনৰ ভিতৰত চলি থকা কথা-বাৰ্তাবোৰ শুনিবলৈ চেষ্টা কৰিলো আৰু তাতেই বিচাৰি পালো নিজৰ প্ৰশ্নৰ উত্তৰ আৰু শান্তি ।

অাত্মানুসন্ধানৰ এই সময়ছোৱাত মোৰ মনত পৰিল কলেজীয়া জীৱনত লগ পোৱা এজন মনোৰোগ বিশেষজ্ঞলৈ । মোৰ মনত আছে মই সেই সময়তো এনে এক মানসিক অৱস্থাৰ মাজেদি পাৰ হৈছিলো আৰু তেওঁ মোক এটা অতি সৰল উদাহৰণেৰে সহায় কৰিবলৈ সক্ষম হৈছিল ।

ভাৰতৰ উত্তৰৰ সমভূমি অঞ্চল বিশ্বৰ ভিতৰতে এক উৰ্বৰ অঞ্চল । খনিজ পদাৰ্থৰে ভৰা এই অঞ্চল প্ৰতিবাৰ শষ্য আহৰণৰ পাছত চহ কৰি ৰখা হয় বাবে ই পুনৰ স্বাভাবিক অৱস্থালৈ আহিবলৈ সময় পায় । ইয়াকে নকৰি যদি লগে ইয়াত কৃষিকাৰ্য কৰা হয় তেনেহলে শষ্য বেয়া হোৱাৰ লগতে মাটি অনুৰ্বৰ হোৱাৰো ভয় থাকে । মানুহৰ ক্ষেত্ৰতো একেই । নিজৰ ভিতৰৰ মানসিক আৰু আবেগিক ভুমিৰ যত্ন নল'লে ই অনুৰ্ব্বৰ হৈ পৰাৰ ভয় থাকে । বহুদিন ধৰি নিজৰ আভ্যন্তৰীণ ভূমিৰ যত্ন নল'লে আপোনাৰ মনতোও ৰিক্ত, তিক্ত আৰু বিষাক্ত হৈ পৰাৰ সম্ভাৱনা থাকে । সেইবাবেই অকণমান থমকি ৰওক, কিছু স্বাৰ্থপৰ হওক আৰু নিজৰ সত্বাক অলপ মৰম আৰু আদৰ যত্ন কৰক । আপুনি যদি নিজৰ সত্বাক মনোযোগ নিদিয়ে তেনেহলে আনক কেনেকৈ মনোযোগ দিব ? নিজৰ সত্বাক আল নাপালে আনক কেনেকৈ ভাল পাব? নিজৰ আঘাত আৰু বিচ্যুতিসমূহ চিনি নাপালে আৰু এইবোৰ দূৰ নকৰিলে আনৰ দোষবোৰ গ্ৰহণ কৰিব কেনেকৈ ?

আৰু এইটোৱেই মই কৰিবলৈ পাহৰিছিলো । ফলত হৈ পৰিছিলো এটা ৰিক্ত খোলাৰ দৰে যি নিজকে আবদ্ধ কৰি পেলোৱাৰ ভয় থাকে । সেয়েহে ডিচেম্বৰ মাহটো মই পাৰ কৰিলো নিজকে শুনা, গ্ৰহণ কৰা, আৰু ভাল পোৱাত । বিশ্বাস কৰক, ই সহজ নাছিল । কিন্তু এইটো আটাইতকৈ সহজ কাম হ'ব নালাগিছিলনে বাৰু ?

বৌদ্ধ সন্যাসী থিচ ন্হাট হানৰ The Miracle of Mindfulness নামৰ কিতাপখনে ( যিখন কিতাপ মবি হোৱে ইংৰাজীলৈ অনুবাদ কৰিছে ) মোক যথেষ্ট প্ৰভাবিত কৰিছে । মই বুজিছো যে মই মাজে সময়ে ফোন অফ কৰি ৰাখিলে পৃথিৱীখন ধ্বংস হৈ নাযায় । মোৰ FOMO ( Fear of Missing Out) বৰ্তমান নিয়ন্ত্ৰণত । অকলে বহি একাপ চাহ খোৱাৰ আনন্দ সূকীয়া । এতিয়া মই নিয়মিতভাৱে অকলে বহি পুৱা একাপ কফি খাওঁ আৰু মোৰ চৌদিশে মোৰ দুয়োটা কুকুৰ দৌৰি ফুৰে । মই প্ৰতিদিনে এখোজ একোজকৈ আগবাঢ়ি গৈছো নিজৰ সৈতে একান্ম হোৱাৰ দিশত ।

গতিকে উদ্যোগীসকলক মই ক'ব খোজা কথা এইটোৱেই । আমি প্ৰত্যকেই কিবা নহয় কিবা এটাৰ পিছত দৌৰিছো । আমি আমাৰ প্ৰভাৱৰ কথা চিন্তা কৰিছো, আনক সহায় কৰিছো, ডাঙৰ ডাঙৰ কাম কৰিছো । কিন্তু আমি পাহৰি গৈছো নিজৰ লগত সময় দিয়াৰ কথা । নিজকে অকণমান আদৰ যত্ন কৰাৰ কথা । গতিকে এই বছৰটোত, যেতিয়া আমি সফলতা, জয় আৰু সকলোবোৰ হাতৰ মুঠিলৈ অনাৰ সপোন দেখিছো, আমি যাতে পাহৰি নাযাও নিজৰ কথা । আমি যাতে নিজকে অনুৰ্বৰ কৰি পেলোৱাৰ বিপদ মাতি নানো । নিজৰ যত্ন নল'লে ভিতৰি অনুৰ্বৰ হৈ যোৱাৰ ভয় থাকে । নিজৰ মনৰ ভিতৰত এখন উৰ্বৰা পথাৰ থকাটো এটা ডাঙৰ শক্তি । আপুনি আপোনাৰ কহিনীৰ নায়ক । গতিকে আপোনাৰ বাবে আন কোনোবাই কিবা যাদু কৰি দিব বুলি নাভাবিব । আগবাঢ়ক আৰু ২০১৬ চনত নিজৰ এখন উৰ্বৰা পথাৰ সৃষ্টি কৰক । নিজৰ যত্ন লওক ।

( শ্ৰদ্ধা শৰ্মা য়ৰ ষ্টৰীৰ প্ৰতিষ্ঠাপক মূখ্য কাৰ্যবাহী আৰু মূখ্য সম্পাদক )

মূল- শ্ৰদ্ধা শৰ্মা

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী