অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

Saturday January 02, 2016,

5 min Read

পৃথিৱীত দুই ধৰণৰ মানুহ আছে। কিছুমান মানুহ সদায় সফলতাৰ পিছত দৌৰি থাকে,কিন্তু কিছুমানৰ পিছত সফলতা আপোনা-আপুনি দৌৰে।দ্বিতীয় পৰ্যায়ৰ লোকসকলৰ দৃষ্টি কেৱল লক্ষ্যত নিবদ্ধ থাকে।জীৱনৰ বাট যিমানেই জটিল হওক এই সকল লোকক লক্ষ্যপ্ৰাপ্তিৰ পৰা কোনেও বিচলিত কৰিব নোৱাৰে।Yupp টেলিভিছনৰ প্ৰতিষ্ঠাপক, পৰিচালন সঞ্চালক উদয় ৰেড্ডিৰ বিষয়ে কবলৈ গলে প্ৰথমেই ক'ব লাগিব যে আমি উল্লেখ কৰা দুটা শ্ৰেণীৰ ভিতৰৰ তেওঁ দ্বিতীয় শ্ৰেণীৰ লোক।প্ৰযুক্তি তথা ইয়াৰ লগত জড়িত উদ্যোগক এক নতুন মাত্ৰা দিয়া এজন ব্যক্তি উদয় ৰেড্ডি ।

হাইদৰাবাদৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত তিনিখন চহৰ-কাজীপেট,হনমকুণ্ডা আৰু বৰঙ্গল।ইয়াৰে হনমকুণ্ডা চহৰৰ এক কৃষক পৰিয়ালত জন্ম হৈছিল উদয় ৰেদ্দী ।এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা উদয়ৰ সপোন আছিল ছিভিল ছাৰ্ভিছ উত্তীৰ্ণ হৈ উচ্চ বৰ্গীয় বিষয়া হোৱা।আই.এ.এছ বিষয়া হিচাপে ভাৰতবৰ্ষৰ গাঁওসমূহ সকলো দিশৰ পৰা উন্নত কৰাৰ সপোন দেখিছিল উদয়ে।এই সপোন বুকুত বান্ধি তেওঁ গুছি গৈছিল ৰাজধানী দিল্লীলৈ।পৰৱৰ্তী সময়ত ছিভিল ছাৰ্ভিছ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষৰে দিল্লী কলেজ অৱ ইঞ্জিনীয়াৰিঙত ভৰ্তি হৈছিল।ইয়ৰ ষ্ট'ৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উদয়ে কয়-

image


'হনমকুণ্ডাৰ গভৰ্নমেন্ট জুনিয়ৰ কলেজত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে ছিভিল ছাৰ্ভিছত যোগদানৰ কথা ভাবিছিলো।মোৰ পৰিয়ালৰ লোকৰো এই ইচ্ছা আছিল।মই গাঁওবাসীৰ সমস্যাবোৰ দেখি তেওঁলোকৰ বাবে কিবা এটা কৰিব বিচাৰিছিলো।কিন্তু দিল্লী কলেজ অৱ ইঞ্জিনীয়াৰিঙত ইলেকট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যনৰ ডিগ্ৰী লোৱাৰ পিছত মই কেম্পাছ চিলেকশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা ডিজিটেল কম্পেনী চিমেন্সত জইন কৰিলো।ভাবিছিলো এবছৰ কাম কৰি ছিভিল ছাৰ্ভিছলৈ যাম।কিন্তু যি ভাবিছিলো সেয়া হৈ নুঠিল।সেই সময়ত কম্পেনীটো ভাৰতবৰ্ষতো প্ৰসাৰ হোৱাত মই ভাৰতৰ বিভিন্ন ঠাইত কাম কৰিব লগা হ'ল।পৰৱৰ্তী সময়ত নাৰটেলত যোগদান কৰাৰ পিছত মই মই টেলিকমিউনিকেশ্যন বিভাগতে থাকি গ'লো।'

উদয়ৰ মতে নাৰটেলৰ দৰে বৃহৎ কৰ্পৰেট খণ্ডৰ লগত জড়িত হোৱা সময়খিনি তেওঁৰ কাৰণে গুৰুত্বপূৰ্ণ সময় ।এই সময়তে তেওঁ এম.বি.এ ডিগ্ৰীও লাভ কৰে।১৯৯৫ চনৰ পৰৱৰ্তী সময়খিনি যেন তেওঁৰ জীৱনৰ দিগন্তৰ সময়।'এই সময়খিনি আছিল অভূতপূৰ্ব পৰিবৰ্তনৰ প্ৰাৰম্ভিক স্তৰ।এই সময়তে ৱায়াৰলেছ নেটৱৰ্ক আৰম্ভ হৈছিল।ছিংগাপুৰ,অষ্ট্ৰেলিয়া,মালায়েছিয়া আদি বিভিন্ন দেশত কাম কৰিছিলো। ছেল্স ডাইৰেক্টৰ হিচাপে এঘাৰ বছৰ বিভিন্ন ঠাইত কাম কৰাৰ অভিজ্ঞতা হল।এইখিনি সময়তে মই প্ৰযুক্তিৰ জ্ঞান আয়ত্ব কৰিছিলো।'

কিন্তু এজন উদ্যমশীল ব্যক্তিক কোনো প্ৰলোভনেই বেছি দিন বান্ধি ৰাখিব নোৱাৰে।তেওঁ সদায় নিজৰ মতে কিবা এটা কৰিব খোজে।উদয় ৰেদ্দীয়েও নিজাকৈ এক সপোন দেখিছিল।আমেৰিকাতে ২০০৬ চনত YP টেলিভিছন স্থাপন কৰি তেওঁৰ নিজা সপোনক বাস্তৱ ৰূপ দিলে।নতুন কাম এটা আৰম্ভ কৰিবলৈ কেৱল পুঁজি হলেই নহয়,ইয়াৰ বাবে কাৰিকৰী কৌশল,মানব সম্পদ আদিৰ প্ৰয়োজন। YP টেলিভিছন স্থাপন কৰিবলৈ গৈ তেওঁ সংঘৰ্ষ কৰিবলগীয়া হৈছিল।'মই যি সময়ত আমেৰিকাত টেলিভিছন স্থাপন কৰিছিলো,সেইসময়ত ব্ৰডবেণ্ড টেকনলজীৰ বিস্তাৰ হোৱা নাছিল।স্মাৰ্ট টি.ভি.,স্মাৰ্ট ফনো জনপ্ৰিয় নাছিল।মই নিজা জমা পুঁজিৰেই এই উদ্যোগটো আৰম্ভ কৰিলো।মোৰ ইচ্ছা আছিল যাতে মানুহে ব্ৰডবেণ্ড ইন্টাৰনেটৰ সহায়ত লাইভ টি.ভি. চাব পাৰে।মই ভাবিছিলো টি.ভি.ত টেলিকাষ্ট হোৱা যিকোনো কাৰ্যসূচী মানুহে যাতে সুবিধা অনুসৰি চাব পাৰে।এই চিন্তাই 'লাইভ টি.ভি. কেচ আপ টি.ভি.' ধাৰণাটোৰ জন্ম দিলে যিটো ধাৰণা আজি বাস্তৱ ৰূপ পাইছে।'

উদয়ৰ বাবে সকলো ইমান সহজ নাছিল।আমেৰিকা বা আন দেশত থকা ভাৰতীয় লোকসকলে যাতে ভাৰতীয় টেলিভিছনৰ মনোৰঞ্জনৰ কাৰ্যসূচী সমূহ উপভোগ কৰিব পাৰে,সেই কথা চিন্তা কৰি তেওঁ Yupp টেলিভিছন আৰম্ভ কৰিলে।তেওঁৰ এই যাত্ৰাত বহু ঘাত-প্ৰতিঘাতৰ মুখামুখি হবলগীয়া হৈছিল।তেওঁৰ এই উদ্যোগত যিটো কম্পেনীয়ে সহযোগ কৰিছিল পৰৱৰ্তী সময়ত সেই কম্পেনীয়েই তেওঁৰ সৈতে প্ৰতিযোগিতাত নামিল।'আমাৰ ভাগ্য ভাল আছিল যে সেই সহযোগী কম্পেনীয়ে আমাৰ সৈতে সম্পৰ্ক এৰাৰ আগতে কিছু সময় আমাক দিছিল।আমাৰ যিমান গ্ৰাহক আছিল তেওঁলোকক আমাৰ সৈতে ৰাখিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল।সফলতাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছিল।২০১০ চনত মই মোৰ প্লট বিক্ৰী কৰিলো।পৰিয়ালবৰ্গৰ লগতে বন্ধু বৰ্গইয়ো মোক সহায় কৰিছিল।ইতিমধ্যে লোকসকলৰ মাজত সজাগতা বৃদ্ধি পাইছিল আৰু আমাৰ সফলতাৰ বাট মুকলি হল।'

বৰ্তমান য়াপ টেলিভিছন আমেৰিকাৰ লগতে ভাৰতসহ আন কেইবাখনো দেশৰ তেৰটা ভাষাৰ ২০০ ৰো অধিক টেলিভিছন চেনেলক সেৱা প্ৰদান কৰিছে। আজিৰ তাৰিখত য়াপ টেলিভিছন এক সফল উদ্যম।এই সফলতাৰ আঁৰত আছে অনেক ৰহস্য।এজন ব্যক্তিক বজাৰৰ বিষয়ে জ্ঞান দিয়া,নতুন টেকনলজীৰ বিষয়ে অৱগত কৰোৱা আদি কাৰ্যৰে য়াপ টেলিভিছনে সামাজিক আৰু অৰ্থনৈতিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।এই সফলতাৰ বিষয়ে উদয়ে মন্তব্য কৰে-'আজি এই স্তৰলৈকে আহিব পাৰি অতি আনন্দিত হৈছো।যেতিয়া কাৰোবাক লগ পাওঁ, য়াপ টেলিভিছনৰ সফলতাৰ কথা পাতে।কিন্তু মোৰ ভাব হয় লক্ষ্য এতিয়াও বাকী আছে।এই খিনিলৈকে আহিবলৈ বহু কঠিন পৰিস্থিতিৰ মুখামুখি হব লগা হ'ল।আনকি নিজৰ পৰিয়ালবৰ্গৰ পৰা অধিক সময় আঁতৰত থাকিব লগীয়া হৈছিল।মই নিজকে ষ্টাৰ্ট আপ ৰ এক অংশ বুলিহে ভাবোঁ।মই নিজা অভিজ্ঞতাৰ পৰা দেখিছো যিসকল লোক খুব সোনকালে লক্ষ্যপ্ৰাপ্তিৰ দিশত আগবাঢ়ে,তেওঁলোকে সিমান সোনকালে পিছুৱাইও আহে।গতিকে লাহে-ধীৰে আগুৱাই যোৱাটোৱে মই বিচাৰোঁ।মোৰ ক্ষেত্ৰত বহু কঠিন সময় পাৰ হৈছে।এটা টি.ভি. চেনেলক ৰাজী কৰাবৰ কাৰণে সেই চেনেললৈ আঠবাৰলৈকে গৈছো।আন এটা চেনেলক ৰাজী কৰাবলৈ এবছৰ সময় লাগিছিল।কিন্তু এবাৰ সম্পৰ্ক হৈ যোৱাৰ পাছত ই যথেষ্ঠ মজবুত হৈছিল।আনহাতে প্ৰথম অৱস্থাত আমাৰ লগত যোগদান নকৰা কিছুমান চেনেল পিছলৈ আমাৰ লগত কাম কৰিছিল।'

ব্ৰডবেণ্ডত টেলিভিছন চেনেলক সেৱা প্ৰদান কৰা উদয় ৰেড্ডিৰ কম্পেনী প্ৰথম স্থানত আছে।মনোৰঞ্জন কাৰ্যসূচীৰ পিছত তেওঁ বাতৰি সম্প্ৰচাৰৰ কথাও চিন্তা কৰিলে।মিডিয়াত প্ৰয়োজন হোৱা সামগ্ৰীও তেওঁ বিতৰণৰ ব্যৱস্থা কৰিলে।নতুন প্ৰজন্মক উদয়ে কব খোজে যে লক্ষ্যস্থানত স্থিৰ দৃষ্টি নৰখাৰ বাবে সফলতা দূৰলৈ আঁতৰি যায়।কি কৰিম,কি নকৰিম,সেই বিষয়ে নিজৰ এক স্পষ্ট ধাৰণা থকা উচিত।আজিৰ তাৰিখত কোনো উদ্যমী কাম কৰিবলৈ আমেৰিকালৈ নগৈ ভাৰততে আৰম্ভ কৰিব পাৰি।

এই সফলতাৰ যাত্ৰাত উদয় ৰেড্ডিৰ সেই সপোনটোৰ কি হল যিটো তেওঁ শৈশৱত দেখিছিল-এজন আই.এ.এছ.বিষয়া হিচাপে সমাজৰ সমস্যা সমূহ সমাধান কৰাৰ সপোন?এই প্ৰশ্নৰ উত্তৰত উদয় ৰেদ্দীয়ে কয় যে আজিও তেওঁ এই সপোনটোৰ বাবেই কাম কৰি আছে।চি.এচ.আৰ.ৰ অন্তৰ্গত এখন গাঁৱত তেঁও কাম আৰম্ভ কৰিছে।টেলিমেডিচিনৰ দ্বাৰা সৰু সুৰা ৰোগৰ চিকিৎসাৰ লগতে শিক্ষাৰ দিশতো তেওঁ কাম কৰিছে।এই কাৰ্যসূচী কেৱল দেশতেই নহয় সমগ্ৰ পৃথিবীলৈ ভৱিষ্যতে আগবঢ়াই নিয়াৰ তেওঁৰ আশা আছে।

মূল- অৰৱিন্দ য়াদৱ

অনুবাদ: পূবালী ভাগৱতী