২০১৫ চনৰ ডিচেম্বৰৰ ভিতৰত ইন্টাৰনেট ব্যৱহাৰকাৰী দেশৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হ'ব ভাৰত

২০১৫ চনৰ ডিচেম্বৰৰ ভিতৰত ইন্টাৰনেট ব্যৱহাৰকাৰী দেশৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হ'ব ভাৰত

Thursday November 19, 2015,

3 min Read

অহা ডিচেম্বৰ মাহৰ ভিতৰত ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰক পিছ পেলাই বিশ্বৰ সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰকাৰী দেশৰ তালিকাত ২য় স্থান দখল কৰিব ।ইন্টাৰনেট এণ্ড মবাইল এছ'ছিয়েছন অব্ ইণ্ডিয়া( IAMAI)আৰু IMRB International ৰ 'ইন্টাৰনেট ইন ইণ্ডিয়া-২০১৫' শীৰ্ষক এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

প্ৰকাশিত তথ্য অনুসৰি অহা ডিচেম্বৰ মাহলৈ দেশৰ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৪০২ নিযুত হোৱাৰ সম্ভাৱনা । লগতে যোৱা বছৰৰ তুলনাত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৪৯ শতাংশ ইতিমধ্যে বৃদ্ধি পাইছে। অক্টোবৰ মাহত এই সংখ্যা আছিল ৩১৭ নিযুত।উল্লেখ্য যে ৬০০ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰীৰে চীন এই ক্ষেত্ৰত প্ৰথম স্থানত আছে।

image



ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত মোবাইল ফ'ন ৰ সক্ৰিয় ভূমিকা নুই কৰিব নোৱাৰি।দেশৰ চহৰ সমূহত যোৱা বছৰৰ তুলনাত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৬৫ শতাংশ বৃদ্ধি হৈ অক্টোবৰ মাহত ১৯৭ নিযুত হয়গৈ।আনহাতে গাওঁ অঞ্চলত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা অহা ডিচেম্বৰ মাহৰ ভিতৰত ৮৭ নিযুত বৃদ্ধি হোৱাৰ লগতে ২০১৬ চনৰ জুন মাহলৈ এই সংখ্যা ১০৯ নিযুত হবগৈ বুলি আশা কৰা হৈছে।

ইন্টাৰনেট ব্যৱহাৰকাৰী সকলৰ ৯৪ শতাংশই ইন্টাৰনেট ব্যৱহাৰৰ মাধ্যম হিচাপে মবাইল ফোন ব্যৱহাৰ কৰাৰ লগতে ৬৫ শতাংশ লোকে লেপটপ বা ডেস্কটপত ইন্টাৰনেট ব্যৱহাৰ কৰে।আনহাতে মবাইল ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত নব্বৈ শতাংশ লোকে মবাইলকে ইন্টাৰনেট ব্যৱহাৰৰ প্ৰাথমিক ডিভাইছ বুলি গণ্য কৰা হয়।

ইন্টাৰনেট ব্যৱহাৰকাৰীৰ এই বৃদ্ধিয়ে অৰ্থনীতি, বিনিয়োগ ৰ পৰা স্বাস্থ্য ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।Paytm নামৰ ই-কমাৰ্চ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা তথা মুখ্য সহকাৰী বিষয়া বিজয় শেখৰ শৰ্মাই TechSparks 2015 Report – Tech for a Billion ত মন্তব্য কৰে "মই আশা কৰোঁ,অহা পাঁচ বছৰত ভাৰতবৰ্ষত ম'বাইল ফ'ন ব্যৱহাৰৰ ক্ষেত্ৰতখনত বহু পৰিবৰ্তন আহিব।ভাৰতবৰ্ষক নতুন প্ৰজন্মৰ দেশ বুলিয়েই কব পাৰি কিয়নো মুঠ জনসংখ্যাৰ পঞ্চাশ শতাংশই ২৪ বছৰৰ তলৰ।এই প্ৰজন্মক উপভোক্তা শ্ৰেণীৰ শীৰ্ষত ৰাখি নিৰ্মাণ কৰা স্মৰ্টফোন সমূহৰ প্ৰযুক্তিৰ মানো দিনে দিনে উন্নত হৈছে।"

ইন্টাৰনেট সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানবোৰৰ বাবেও ই এক সু-খবৰ।এক তথ্যৰ পৰা জানিব পৰা গৈছে যে চহৰ অঞ্চলৰ ৭৭ শতাংশ নিবনুৱা মহিলাই মবাইলৰ সহায়ত নেট ব্যৱহাৰ কৰে।

মুঠ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ৩৩ শতাংশই দেশৰ উন্নত আঠখন মেট্ৰ চহৰৰ অন্তৰ্ভুক্ত বুলি বিবেচিত হৈছে।মুম্বাই আৰু দিল্লী সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰকাৰীৰ চহৰ হিচাপে বিবেচিত হোৱাৰ লগতে সৰু মেট্ৰ চহৰ জয়পুৰ,চুৰাট,লক্ষ্ণৌৰ ৬০ শতাংশ লোকে সক্ৰিয়ভাৱে ইন্টাৰনেট ব্যৱহাৰ কৰে।

ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত লিংগ বৈষম্য অতি আশ্চৰ্যজনক।দেশৰ ৭১ শতাংশ পুৰুষে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ বিপৰীতে মাত্ৰ ২৯ শতাংশ মহিলাই ইন্টাৰনেট ব্যৱহাৰ কৰে।কিন্তু চহৰ অঞ্চলত এই ভিন্নতা কিছু কম।চহৰত ইন্টাৰনেট ব্যৱহাৰকাৰী পুৰুষৰ সংখ্যা ৬২ শতাংশ হোৱাৰ বিপৰীতে মহিলা সংখ্যা ৩৮ শতাংশ।চিন্তনীয়ভাৱে, গাঁও অঞ্চলত মহিলা আৰু পুৰুষৰ ইন্টাৰনেট ব্যৱহাৰৰ অনুপাত ৮৮:১২।

ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাফিক তথ্যও মন কৰিবলগীয়া। গাঁও অঞ্চলত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ৭৫ শতাংশ ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ হোৱাৰ লগতে ১১ শতাংশ ১৮ বছৰতকৈ সৰু। আঠ শতাংশ ৩১ ৰ পৰা ৪৫ বছৰৰ ভিতৰত।আনহাতে চহৰ অঞ্চলত ৩২ শতাংশ সক্ৰিয় ইন্টাৰনেট ব্যৱহাৰকাৰী কলেজীয়া ছাত্ৰ-ছাত্ৰী।


image


অনলাইন যোগাযোগ, ছছিয়েল নেটৱৰ্কিং আৰু মনোৰঞ্জনৰ বাবে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ লগতে ২৪ শতাংশ চহৰ অঞ্চলৰ লোক আৰু পাঁচ শতাংশ গাঁও অঞ্চলৰ লোকে অনলাইন শ্বপিঙৰ বাবে ইন্টাৰনেট ব্যৱহাৰ কৰে বুলি এই প্ৰতিবেদনত প্ৰকাশ পাইছে।

লেখক-ৰাধিকা পি. নায়াৰ

অনুবাদ-পূবালী ভাগৱতী

(Image Credit- Shutterstock)