ব্ৰহ্মপুত্ৰ বৰাক উত্তৰ-পূব নদী উন্নয়ন নিগম গঠনৰ প্ৰস্তুতি

ব্ৰহ্মপুত্ৰ বৰাক উত্তৰ-পূব নদী উন্নয়ন নিগম গঠনৰ প্ৰস্তুতি

Saturday December 03, 2016,

2 min Read

বিভাগীয় মন্ত্ৰালয় আৰু অংশীদাৰী সংস্থাসমূহে যোৱা ০৮.০৬.২০১৬ত আগবঢ়োৱা মতামতৰ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে পশ্চিমবংগতো কাৰ্যকৰী হোৱাকৈ আগত ৰাখি ব্ৰহ্মপুত্ৰ বৰাক উত্তৰ-পূব নদী উন্নয়ন নিগম(BBNERDC) গঠনৰ বাবে এখন সংশোধনী বিধেয়ক প্ৰস্তুত কৰি থকা হৈছে। অৱশ্যে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰাৰ মতামতৰ বাবে অপেক্ষা কৰি থকা হৈছে।

image


প্ৰতিখন ৰাজ্যৰ বান ব্যৱস্থাপনাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ অধীনত বান নিয়ন্ত্ৰণ আৰু খহনীয় প্ৰতিৰোধৰ বাবে ল’ব লগীয়া ব্যৱস্থা আৰু কাৰ্যকৰী কৰাটো সংশ্লিষ্ট ৰাজ্যসমূহে অগ্ৰাধিকাৰভিত্তিক কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে অতি বিপজ্জনাক অঞ্চলসমূহৰ বান ব্যৱস্থাপনাৰ বাবে ৰাজ্যসমূহক কাৰিকৰী সহায়ৰ লগতে বিত্তীয় সাহায্যও আগবঢ়াব।

ব্ৰহ্মপূত্ৰ ব’ৰ্ডে বান আৰু গৰাখহনীয়াক মুখ্য কাৰণ হিচাপে গণ্য কৰি অসমৰ বাবে ৪১টা মাষ্টাৰ প্লেন প্ৰস্তু কৰিছিল। ব্ৰহ্মপূত্ৰ ব’ৰ্ডে ৯টা বহু উদ্দেশ্যগত প্ৰকল্প আৰু বান্ধ প্ৰকল্পকৰ ডিপিআৰ প্ৰস্তুত কৰিছিল, য’ত বান নিয়ন্ত্ৰণৰ সন্দৰ্ভতো প্ৰস্তাৱ ৰখা হৈছিল। তদুপৰি, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে বান আৰু গৰাখহনীয়া ৰোধৰ বাবে ২০১৬ৰ অক্টোবৰ পৰ্যন্ত নিম্নোলিখিত কাম হাতত লৈছিল।

(ক) অসমৰ মাজুলীক বান আৰু খহনীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰা।

(খ) ঢলা হাতীঘুলি(অসম)ত ব্ৰহ্মপুত্ৰক বিচিন্নকৰণ।

(গ) মানকাচাৰ কালাইৰ-আলগা আন্তঃৰাষ্ট্ৰীয় সীমান্তত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ।

(ঘ) ধুবুৰীৰ মচলাবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ।

একাদশ আৰু দ্বাদশ পৰিকল্পনাৰ সময়ত জল ব্যৱস্থাপনা আঁচনিৰ অধীনত বৰ্তমানলৈ অসমৰ বাবে ১৪১টা প্ৰকল্পত মুঠ ৮১৩.৭৫ কোটি টকা অসম চৰকাৰক মুকলি কৰি দিয়া হৈছে।

এই মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় জল আয়োগৰ ১৯৯ টা বানৰ আগজাননীৰ কেন্দ্ৰৰ ২৬টা কেন্দ্ৰ অসমত স্থাপন কৰা হৈছে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জীৱ কুমাৰ বাল্যই।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?