কৃত্ৰিম তেজ: অতীত হ'ব ৰক্তদান

কৃত্ৰিম তেজ: অতীত হ'ব ৰক্তদান

Wednesday June 29, 2016,

2 min Read

চিকিৎসা সেৱাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি তেজৰ গুৰুত্ব অপৰিসীম । কিন্তু বহু সময়ত ৰোগীৰ জীৱন বচাবৰ বাবে প্ৰয়োজনীয় তেজৰ অভাৱ দেখিবলৈ পোৱা যায় । এই সমস্যা দূৰ কৰিবলৈ আগবাঢ়ি আহিছে জাপানৰ এটা ষ্টাৰ্টআপ । জাপানৰ জনসংখ্যাৰ প্ৰায় ৩৫ শতাংশ লোকৰ বয়স ৬৫ৰ উৰ্দ্ধত । ২১০০ লৈ জাপানৰ জনসংখ্যা ৮৩ নিযুত কমি যাব বুলি থাৱৰ কৰা হৈছে । ফলত প্ৰয়োজন হ'লে ৰক্তদান কৰিব পৰা মানুহৰ সংখ্যা ব্যাপকভাৱে কমি যাব । এই সমস্যা দূৰ কৰিবৰ বাবে জাপানৰ এই প্ৰতিষ্ঠানটোৱে কৃত্ৰিম তেজ উৎপাদনৰ প্ৰস্তুতি চলাইছে ।  

Image - India Times

Image - India Times


মেগাকাৰ্য়ন নামৰ এই কোম্পানীটোৰ মূৰব্বী গেঞ্জিৰ' মিৱাই কৃত্ৰিমভাৱে তেজ সৃষ্টি কৰাৰ প্ৰযুক্তিৰ ক্ষেত্ৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ২০০৮ চনত স্কুলৰ প্ৰক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত তেওঁৰ মনলৈ এই কথা আহিছিল ক্য'ট' বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ আইপিএছ চেল ৰিচাৰ্ছ এণ্ড এপ্লিকেছনৰ অধ্যাপক ক'জি এট'ৰ সৈতে কৃত্ৰিমভাৱে প্লেটলেট সৃষ্টি কৰাৰ গৱেষণআত লিপ্ত তেওঁৰ সহপাঠী হিৰমিষ্টু নাকাউচিয়ো তেওঁক কৈছিল এই প্ৰকল্পত বিনিয়োগৰ প্ৰয়োজনৰ কথা । ইয়াৰ পাছতেই এই প্ৰকল্পত জড়িত হৈ পৰিছিল গেঞ্জিৰ' । 

মেগাকাৰ্য়নে জাপানৰ ইনভেছন নেচৱৰ্ক কৰ্পৰেচনৰপৰা বিনিয়োগ পাবলৈ সক্ষম হৈছে । ২০১১ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল মেগাকাৰ্য়ন । মেগাকাৰ্য়নে জাপানৰ ঔষধ নিৰ্মাতাসকলৰ সৈতে কৃত্ৰিম তেজৰ ব্যাৱসায়িক উৎপাদনৰ প্ৰস্তুতি চলাইছে াৰু ২০২০ চনত ই কাৰ্যক্ষম হৈ উঠিব বুলি ধাৰণা কৰা হৈছে । এই কৃত্ৰিম তেজে উন্নত আৰু উন্নয়নশীল দুয়োধৰণৰ দেশক সকাহ দিব বুলি ভাবে গেঞ্জিৰ'ই । লগতে বিশ্বত ৰক্তৰ অবৈধ ব্যৱসায় ৰোধৰ ক্ষেত্ৰতো ই সহায় কৰিব বুলি তেওঁ দাবী কৰে ।

এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এইধৰণৰ অন্যান্য কাহিনী 

গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী

বাঙ্গালুৰুৰ ৪০০ অট'চালকে প্ৰযোজনা কৰিছে এখন বাণিজ্যিক ছৱি