প্ৰযুক্তি আৰু কৃষিয়ে অসমৰ অৰ্থনীতিলৈ আনিব পাৰে ব্যাপক পৰিবৰ্তন

প্ৰযুক্তি আৰু কৃষিয়ে অসমৰ অৰ্থনীতিলৈ আনিব পাৰে ব্যাপক পৰিবৰ্তন

Sunday November 29, 2015,

2 min Read

প্ৰযুক্তি আৰু কৃষিয়ে অসমৰ অৰ্থনীতিলৈ আনিব পৰা ব্যাপক পৰিবৰ্তন সন্দৰ্ভত বিভিন্ন দিশ চালি-জাৰি চাবলৈ ইন্সটিটিউট অৱ ইঞ্জিনীয়াৰছৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত আৰু ষ্টাৰ্টআপ আছামৰ সহযোগত শনিবাৰে অনুস্থিত হয় এক ষ্টাৰ্টআপ মীট । ষ্টাৰ্টআপ ছাটাৰ্ডে গুৱাহাটী টকছ নামেৰে আয়োজিত এই অনুস্থান ন- উদ্যোগীক উদগণি যোগাবলৈ আয়োজন কৰা হয় । বৰুৱা ইনফটেকৰ সঞ্চালক অমিতাভ বৰুৱাই উদ্বোধন কৰা অনুস্থানটোত সভাপতিত্ব কৰে ইন্সটিটিউট অৱ ইঞ্জিনীয়াৰছৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ড° অৰুপ কুমাৰ মিশ্ৰই । অসমত উদ্যোগশীলতাৰ সংস্কৃতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ফাৰ্ম টু ফুড ফাউণ্ডেছনৰ প্ৰতিস্থাপক তথা সাংসদ গৌৰৱ গগৈয়ে ।

চাহ উদ্যোগৰ সম্ভৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰঙ্গনী টিৰ সঞ্চালক দেৱজিৎ চলিহাই কয় যে বৰ্তমান হাতেৰে নিৰ্মিত চাহৰ চাহিদা বাঢ়ি আহিছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই ক্ষেত্ৰত অৰ্থনীতিৰ প্ৰতি প্ৰভূত বৰঙণি যোগাব পাৰে ।

image


অসম কৃষি বিশ্ববিদ্যালয়ৰ হৰ্টিকালচাৰ ৰিচাৰ্ছ চেন্টাৰৰ মূখ্য বিজ্ঞানী নলিন কুমাৰ মহনে কঁঠালৰ বীজৰ ঔদ্যোগিক সম্ভাৱনীয়তাৰ বিষয়ে ব্যাখ্যা কৰে । ইফালে পাভৈ গ্ৰীণৰ নীলম দত্তই নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে ।

বিশিষ্ট উদ্ভাৱক মিলনজ্যোতি দাসে তেওঁৰ কিছু উদ্ভাৱন যেনে - পল্ট্ৰি ইনকিউবেটৰ, গ্ৰীণ ট্ৰিডিং মেচিন আদি প্ৰদশৰ্ন কৰে । অৰ্গেনিক মাজুলিৰ মানস চলিহাই তেওঁলৈ ষ্টাৰ্টআপ আছামে আগবঢ়োৱা সহায়ৰ কথা বিশদভাৱে ব্যাখ্যা কৰে । তেওঁ জনাই যে অৰ্গেনিক মাজুলিয়ে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ দুখনকৈ কেণ্টিনলৈ জৈৱিকভাৱে উৎপন্ন শাক-পাচলি যোগান ধৰি আহিছে । গুৱাহাটী বায়'টেক পাৰ্কৰ বিজ্ঞানী ড° মদন গোপাল বৰঠাকুৰে বায়'টেক পাৰ্কত ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ বিভিন্ন সা-সুবিধা আৰু ষ্টাৰ্টআপৰ বিভিন্ন সম্ভাৱনীয়তাৰ বিষয়ে সবিশেষ কয় ।

image


অনুস্থানটোত বহুসংখ্যক বিজ্ঞানী, উদ্যোগী আৰু বিনিয়োগকাৰী আৰু বিশেষজ্ঞই যোগদান কৰে । উল্লেখযোগ্য যে ষ্টাৰ্টআপ আছামে ষ্টাৰ্টআপ আছামে এই বছৰৰ মে মাহৰ পৰাই ষ্টাৰ্টআপ ছাটাৰ্ডে গুৱাহাটী টকছৰ আয়োজন কৰি আহিছে ।