মোডীৰ কাৰ্যকলাপে ইন্দিৰা গান্ধীলৈ মনত পেলাই দিছে

আশুতোষৰ বিশেষ প্ৰৱন্ধ

মোডীৰ কাৰ্যকলাপে ইন্দিৰা গান্ধীলৈ মনত পেলাই দিছে

Monday December 12, 2016,

6 min Read

এতিয়ালৈকে আশীজনতকৈও অধিক লোকৰ মৃত্যু ঘটিছে । সাধাৰণ মানুহে জীয়াতু ভূগিছে । অৰ্থনীতিৰ অৱস্থা তথৈবচ । বেংকিং ব্যৱস্থা স্তব্ধ হোৱাৰ উপক্ৰম হৈছে । বিশেষজ্ঞৰ মতে অৰ্থনীতিৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন আৰু বৰ্তমানৰ ব্যৱস্থাটোৰপৰা ক'লা টকা ঘূৰি অহাৰ সম্ভাৱনা তেনেই সামান্য । তথাপি কিন্তু প্ৰধানমন্ত্ৰীৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই । বিমুদ্ৰীকৰণৰ দৰে ইমান ডাঙৰ এটা পদক্ষেপ কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ কিয় হাতত লোৱা হ'ল সি এতিয়াও এক ডাঙৰ প্ৰশ্ন । ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বৰ বাবে ব্যাপক আন্তঃগাঁথনি, পৰিকল্পনা আৰু প্ৰস্তুতিৰ প্ৰয়োজন আছিল । অথচ আজি এমাহৰ ওপৰ হৈ যোৱাৰ পাছতো আমি কব নোৱাৰোঁ যে এই কাম কৰাৰ আগতে কিবা চিন্তা চৰ্চা কৰা হৈছিল । 

image


ষড়যন্ত্ৰৰ গোন্ধ লৈ ফুৰাসকলে এই পদক্ষেপৰ সময় সম্পৰ্কে বহু প্ৰশ্ন উত্থাপন কৰিছে । এটা সুত্ৰই দাবী কৰে যে মোডীয়ে দুটা বিশেষ ব্যাৱসায়িক গোটৰ পৰা ধন লোৱাৰ তথ্য গাপ দিয়াৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁক প্ৰতিপক্ষই প্ৰশ্ন কৰাৰ আগতেই তেওঁলোকক প্ৰতিহত কৰাৰ ব্যৱস্থা বুলি কোৱা হৈছে এই পদক্ষেপক । আনহাতে একাংশৰ মতে ই হৈছে উত্তৰ প্ৰদেশ নিৰ্বাচনক আগত ৰাখি লোৱা এটা পদক্ষেপ । উত্তৰ প্ৰদেশত তেওঁ আগৰ নিৰ্বাচনত ৭৩ আসন লাভ কৰিছিল আৰু এইবাৰৰ নিৰ্বাচনটো সেয়েহে তেওঁৰ বাবে এটা ব্যক্তিগত সন্মানৰ যুঁজ হৈ পৰিছিল । তেওঁৰ কাৰ্যকালৰ প্ৰথমছোৱাত তেওঁ যি ডাঙৰ ডাঙৰ সপোন দেখুৱাইছিল সেইবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ হোৱা বুলি তেওঁ নিজেই বুজি পায় বুলি তথ্যবিজ্ঞ মহলে কয় । 

তেওঁ কলা ধন ওভতাই অনাৰ কথা কৈছিল যদিও যোৱা দুবছৰে তেওঁ সেই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল । লগতে তেওঁ এইটোও জানে যে অৰ্থনাতিৰ অৱস্থা ভাল নহয় আৰু ২০১৯ চনত দ্বিতীয় বাৰৰ বাবে জনাতাৰ ৰায় বিচাৰি যাবৰ সময়ত তেওঁৰ হাতত দেখুৱাবলৈ বিশেষ একো নাথাকিব । গতিকে বিমুদ্ৰীকৰণৰ পাছত জনসাধাৰণে বেংকত জমা কৰা বিপুল পৰিমাণৰ ধনেৰে তেওঁ একাংশ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ'ব । 

কোনো স্পষ্ট উত্তৰ পোৱা এতিয়াও সম্ভৱ হৈ উঠা নাই । কিন্তু এটা কথা স্পষ্ট যে তেওঁ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দৰে কঠোৰ মানসিক শক্তিৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । মোডীৰ দৰেই ইন্দিৰা গান্ধীও সাহসী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আছিল আগৰণুৱা আৰু তেওঁ বিশ্বাস কৰিছিল যে ফলাফলে পদ্ধতিৰ ন্যাৰ্য্যতা প্ৰতিপন্ন কৰে । প্ৰধানমন্ত্ৰী হ'বৰ সময়ত ইন্দিৰা গান্ধীক ৰাম মনোহৰ লোহিয়া আদি বিপক্ষৰ নেতায়েই নহয় কংগ্ৰেছৰো বহু জ্যেষ্ঠ নেতাই তেওঁক নিমাতী কন্যা আখ্যা দিছিল । প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব এল কে ঝাৰ ভাষাত, আৰম্ভণীতে ইন্দিৰা সাংসদ হিচাপে এক প্ৰকাৰ ব্যৰ্থ আছিল ।" মূলতঃ ইন্দিৰাক নেহৰুৰ জীয়ৰি হিচাপে নহয় কংগ্ৰেছৰ একোটা গোটে সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি ভাবিয়েই এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।

মোডীৰ তেনে কোনো সমস্যা নাই । তেওঁ গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ পৰাই নিজ গুণে এজন নেতা । বি জে পি আৰু আৰ এছ এছৰ একাংশৰ বিৰোধিতা স্বত্তেও তেওঁ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছিল । তেওঁ আছিল সৰব আৰু প্ৰত্যাহ্বানক ভাল পোৱা এজন যুঁজাৰু মানসিকতাৰ ব্যক্তি । এসময়ত ভাৰতৰ ৰাজনীতিৰ খলনায়ক ৰুপে চিহ্নিত হোৱা, পশ্চিমীয়া দেশে ভিছা দিবলৈ অস্বীকাৰ কৰা আদি বিভিন্ন প্ৰত্যাহ্বান স্বত্তেও তেওঁ জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল উন্নয়নৰ শ্লোগানেৰে। কিন্তু প্ৰধান মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল বিশেষ চকুত লগৈ নহয় । সেয়েহে হয়তো আগন্তুক সময়ৰ কথা চিন্তা কৰি তেওঁ ইন্দিৰাৰ দৰেই এটা জুৱা খেলিলে । 

৬০ ৰ দশকত যেতিয়া ইন্দিৰা গান্ধীয়ে অনুভৱ কৰিছিল যে ৰাষ্ট্ৰপতি হিচাপে নীলম সঞ্জীৱা ৰেড্ডি তেওঁৰ বাবে এখ প্ৰত্যাহ্বান হৈ থিয় দিব তেতিয়া তেওঁ ভি ভি গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে থিয় কৰাই কংগ্ৰেছত বিভাজন আনিছিল । তেওঁক নেতৃত্বৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা হৈছিল যদিও ই বিফল হৈছিল আৰু আগতকৈও বেছি বহুমত প্ৰদৰ্শন কৰি তেওঁ নিজৰ স্থান কটকটীয়া কৰিছিল । 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সকলৰ সৈতে সংঘাতক গান্ধীয়ে এটা আদৰ্শগত ৰং দিছিল । তেওঁৰ বিৰোধী অধিকাংশই সোঁপন্থী আছিল । তেওঁ জানিছিল যে নেহৰুৰ জীয়ৰি হিচাপে তেওঁ বাওঁপন্থী সকলৰ সমৰ্থন পাব । শীতল যুদ্ধই বিভাজিত কৰি ৰখা পৃথিৱীখনত বাওঁপন্থী গোটৰ নেতৃত্ব দিছিল ছোভিয়েট ৰাছিয়াই । সেই সময়ত বাওঁপন্থী চিন্তাধাৰা যথেষ্ট শক্তিশালী আছিল আৰু ভাৰততো ইয়াৰ জনপ্ৰিয়তা আছিল । ইন্দিৰাই সমাজবাদৰ পথ ল'লে আৰু দুটা বিষয়ত গুৰুত্ব দিলে । বেংক ৰাষ্ট্ৰীয়কৰণ আৰু ৰাজকীয় সুবিধা সমূহৰ বিলুপ্তিকৰণ । ইয়াৰ পাছতো যেতিয়া তেওঁক আঁতৰোৱাৰ চেষ্টা অব্যাহত থাকিল তেতিয়া তেওঁ সংসদ ভঙ্গ কৰি আকৌ নিৰ্বাচিত হৈ আহিল দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে । তেওঁৰ শ্লোগান আছিল - "তেওঁলোকে কয় ইন্দিৰাক আঁতৰোৱা । মই কওঁ দৰিদ্ৰতা আঁতৰোৱা" (वो कहते हैं इंदिरा हटाओ, मैं कहती हूँ ग़रीबी हटाओ) । এইদৰেই নিজৰ ভাগ্যদেৱীত পৰিণত হৈ পৰিছিল ইন্দিৰা । 

একেটা খেলেই মোডীয়েও খেলিছে । তেওঁ এনে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে যে তেওঁ ক'লা ধনৰ বিৰুদ্ধে যুঁজ দিছে আৰু বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে । তেওঁ দুৰ্নীতি আঁতৰাব খোজে কিন্তু বিৰোধীয়ে তেওঁক আঁতৰাব খোজে । মোডী ইন্দিৰাতকৈ ভাগ্যৱান যে তেওঁৰ দলৰ ভিতৰত তেওঁৰ বিৰোধী নাই বা থাকিলেও তেওঁলোক শক্তিশালী নহয় । তথাপি তেওঁৰ খেলখন যেন জমি উঠা নাই । তেওঁ বিমুদ্ৰীকৰণক ৰাষ্ট্ৰৰ পুনৰ্গঠন আখ্যা দিবলৈ জনতাক আহ্বান জনাইছে । তেওঁ আনকি খুব চতুৰতাৰে জনতাৰ দুৰ্দশাক ৰাষ্ট্ৰীয় সন্মানৰ সৈতে একাকাৰ কৰি পেলাইছে । দুৰ্দশাৰ কোনো অন্ত নাই । ৫০ দিন যেন খুব দিঘলীয়া সময়। চৰকাৰে আদেশ আৰু লক্ষ্য প্ৰতিদিনে সলনি কৰিছে । এতিয়া তেওঁ নগদবিহীন অৰ্থনীতিৰ কথা কৈ এটা নতুন সপোন বিক্ৰী কৰিছে । 

যিটো কথা তেওঁ বুজা নাই সেইটো হৈছে যে সপোন এটা তেতিয়াহে বেচিব পাৰি যেতিয়া তাত সদিচ্ছা আৰু সততা থাকে । বিমুদ্ৰীকৰণ ইতিমধ্যে বিফল হৈছে । ই আন এটা সমান্তৰাল ব্যৱস্থাৰ সৃষ্টি কৰিছে । দুৰ্নীতিগ্ৰস্ত বেংক বিষয়া আৰু মধ্যভোগীৰ এটা বিশাল সেনা গঢ়ি উঠিছে । ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ সঙ্গীসকলে ক'লা টকা বগা কৰাৰ এটা নতুন পদ্ধতি গঢ়ি তুলিছে যিটো ব্যৱস্থাৰ সন্মূখত চৰকাৰ অসহায় । মোডীয়ে নিজকে দুৰ্নীতিৰ বিৰদ্ধে যুঁজৰ এজন সৈনিক বুলি পৰিচয় দি থকাৰ সময়তে তেওঁৰ দলটোৱে পিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ স্বত্ত্বেও তেওঁলোকৰ পুঁজিৰ ৮০ শতাংশৰ হিচাপ দিয়া নাই । তেওঁ লোকপাল নিয়োগ কৰিবলৈ ইচ্ছুক নহয় আৰু এতিয়া উচ্চতম ন্যায়ালয়েও তেওঁক প্ৰশ্ন কৰিছে । সংসদৰ সন্মূখিন হ'বলৈ তেওঁৰ সাহস নাই । তেওঁ মাত্ৰ সংসদৰ বাহিৰতহে কথা কয় আৰু তেওৰ সমৰ্থকসকলে ঘন্টাৰ পাছত ঘন্টা ধৰি এ টি এমৰ আগত লাইন থিয় দি থকা লোকসকলক তাচ্ছিল্য কৰিছে । ইন্দিৰা নিজৰ খেলত সফল হৈছিল কাৰণ তেওঁ সাধাৰণ মানুহৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছিল । মোডীয়ে কিন্তু জনতাৰ বিশ্বাস ভঙ্গ কৰিছে । 

( EDITORIAL DISCLAIMER- মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

অৰ্ধশতিকা ধৰি ঘৰৰ ছাদতে এখন অৰণ্য প্ৰতিপালন কৰি আহিছে গুৱাহাটীৰ লাবু সেনাপতিয়ে

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান