বিভূতি লহকৰলৈ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ' ২০১৬ পুৰষ্কাৰ

বিভূতি লহকৰলৈ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ' ২০১৬ পুৰষ্কাৰ

Sunday September 04, 2016,

2 min Read

বিশ্ববাসীৰ ৰায় স্পষ্ট হ'ল । অসম নহয়, ভাৰতবৰ্ষ নহয়, সমগ্ৰ এছিয়া মহাদেশক প্ৰতিনিধিত্ব কৰা ড° বিভূতি লহকৰ সমগ্ৰ বিশ্বৰ পাঁচজনৰ মাজৰপৰা নিৰ্বাচিত কৰা হ'ল ২০১৬ চনৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ' ২০১৬ পুৰষ্কাৰৰ বাবে । বিশ্বজোৰা অনলাইন ভোটদানৰ ফলাফল ঘোষণা কৰি হাৱাইত অনুস্থিত IUCN ৱৰ্ল্ড কনজাৰ্ভেছন কংগ্ৰেছত ড° বিভূতি লহকৰক এই পুৰষ্কাৰেৰে সন্মানিত কাৰ হয় । দীৰ্ঘদিন ধৰি মানস আৰু দাতিকাষৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ বাবে কাম কৰি অহা ড° বিভূতি লহকৰে মানসৰ সংৰক্ষণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে আৰু তেওঁৰ চেষ্টাৰ এক অন্যতম ফল হৈছে ২০১১ চনত সংকটাপন্ন বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাৰপৰা মানস ৰাষ্ট্ৰীয় উদ্যান বাদ পৰাটো । 

Imgage- IUCN ASIA

Imgage- IUCN ASIA


এই পুৰষ্কাৰ লাভ কৰাৰ পাছত য়'ৰ ষ্ট'ৰী অসমীয়াৰ সৈতে হোৱা এক অনলাইন বাৰ্তালাপত ড° বিভূতি লহকৰে কয়, 

এই পুৰষ্কাৰ লাভ কৰি মই আনন্দিত হোৱাৰ লগতে সূখী অনুভৱ কৰিছো । এই পুৰষ্কাৰ মই মানস ৰাষ্ট্ৰীয় উদ্যান আৰু সেই অঞ্চলটোৰ ৰাইজৰ নামত উৎসৰ্গা কৰিছো । এই বঁটাই মোক অনুপ্ৰাণিত কৰাৰ লগতে মানস আৰু দাতিকাষৰীয়া অঞ্চলটোৰ ৰাইজৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিব । 


তেওঁ লগতে কয় কয় যে এই পুৰষ্কাৰে মানস তথা কাষৰীয়া অঞ্চলসমূহক আন্তঃৰাষ্ট্ৰীয় স্তৰত উপস্থাপন কৰাত সহয়া কৰিব । "এই অঞ্চলটোৰ সম্পৰ্কে বিভিন্ন নেতিবাচক কথা যেনে হত্যা, হিংসা, সন্ত্ৰাসবাদ আদি সতেতে প্ৰচাৰ হৈ থাকে । এই পুৰষ্কাৰে সেই নেতিবাচক তথ্যসমূহৰ বিপৰীতে ইয়াৰ যোগাত্মক দিশ সমূহৰ ওপৰত আলোকপাত কৰাত সহায় কৰিব।" তেওঁ কয় ।

উল্লেখযোগ্য যে ১৯৯৯ চনৰপৰাই মানস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ লগতে কাষৰীয়া অঞ্চলটোৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবেও কাম কৰি আহিছে ড° বিভূতি লহকৰে ।

লগতে পঢ়ক-  বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

image


ড° বিভূতি লহকৰক য়ৰ ষ্টৰী অসমীয়াৰ তৰফৰ পৰা এই বিৰল সন্মানৰ বাবে আমি অভিনন্দন জ্ঞাপন কৰিছো ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী 

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

    Share on
    close