এগৰাকী উদ্যোগী ৰূপে খোপনি লোৱাৰ বিপৰীতে ব্যৱসায় সঞ্চালন

0

“মানুহে মুক্ত হোৱাৰ শাস্তি লভি থৈছে, কাৰণ এবাৰ পৃথিৱীলৈ অহাৰ পিছত তেওঁ যি কৰে তাৰ বাবে তেওঁৱেই দায়ী।” - জাঁ পল ছাৰ্ত্ৰে (Being and Nothingness)

এজন উদ্যোগী সৰ্বপ্ৰথমে এজন উদ্যোগীয়েই হয়। তেওঁ যেতিয়া আত্মা আৰু বিবেকৰ দ্বাৰা জাগতিক তথা নিয়মিত জীৱন মানি চলিবলৈ অস্বীকাৰ কৰে, তেওঁ শূন্যৰ পৰা অস্তিত্বৰ দিশে এখোজ আগবাঢ়ি যায়। একেবাৰে স্পষ্টৰূপত নহ’লেও আৰম্ভণিৰ প্ৰক্ৰিয়া এই কথা অনুভৱ কৰাৰ পৰাই আৰম্ভ হয় যে- “মই এজন উদ্যমী উদ্যোক্তা।” কি বস্তু উত্‍পাদন কৰিব লাগিব, কাৰ কাৰণে উৎপাদন কৰিব লাগিব আৰু কিমান পৰিমাণৰ কৰিব লাগিব- এই প্ৰশ্নবোৰ অনেক পিছত আহে।

এই স্ব-অৱলোকন তেওঁৰ সত্বাৰ আৰু পৰিচয়ৰ এটি অংশ হৈ পৰে, যি নিতান্তই বিদ্যমান। এই পৰিচয়ৰ উদ্ভাস কিন্তু পিছত কামত লাগে আৰু তাৰেই তেওঁ নিজৰ পৃথিৱীখনৰ অৰ্থ নিৰূপণ কৰিব পাৰে। তেওঁ যে এগৰাকী উদ্যোক্তা, সেই পৰিচয় আৰু অনুভৱহে প্ৰথমতে আহে আৰু তাৰ নিস্কৰ্ষ তেওঁৰ কৰ্মৰ মাজেৰে পিছত দেখিবলৈ পোৱা যায়। ছাৰ্ত্ৰে, হাইডেগাৰ আৰু বিংশ শতিকাৰ অন্যান্য বস্তুবাদী দাৰ্শনিকৰ মত অনুসৰি নিস্কৰ্ষতকৈ আগতে অস্তিত্বৰ জন্ম হয়।

শিল্পী বনাম মোবাইল-এপ ডেভেল’পাৰ

এগৰাকী ব্যক্তি ভাল স্ৰষ্টা হ’লেই এগৰাকী অস্তিত্ববাদী দাৰ্শনিক নহ’বও পাৰে। কিন্তু আপুনি যদি এনে এগৰাকী উদ্যোক্তাৰ কথা বিবেচনা কৰে যি মোবাইল-এপৰ নিৰ্মাণ কৰে, তেন্তে এই ক্ষেত্ৰত ব্যক্তিজনে সৃষ্টি কৰাৰ পূৰ্বেই এক প্ৰাথমিক ধাৰণা নিশ্চয়েই ৰাখে। তেওঁৰ কাষত এটা পূৰ্ব-পৰিকল্পিত ফৰ্মূলা নাইবা এটি ডিজাইন থাকিব যাৰ সহায়ত তেওঁ কামটোত আগবাঢ়িব পাৰিব। গতিকে সেই মোবাইল-এপটো একেসময়তে এক নিৰ্দিষ্ট পদ্ধতিত তৈয়াৰ কৰিব পৰা এক সামগ্ৰী হোৱাৰ লগতে এক নিৰ্দিষ্ট ঊদ্দেশ্য পূৰ্ণ কৰাৰো এক মাধ্যম হৈ পৰে।

যদিও এগৰাকী অত্যাধুনিক শিল্পী নাইবা এগৰাকী surreal শিল্পীৰ হাতত এই প্ৰ্শ্নৰ উত্তৰ নাথাকিব পাৰে, এগৰাকী উদ্যোক্তাৰ ওচৰত কি ঊদ্দেশ্য আগত ৰাখি মোবাইল-এপটো নিৰ্মাণ কৰা হৈছিল, তাৰ উত্তৰ সদায়েই থাকিব। এপটোৰ মূলতত্বখিনি- অৰ্থাত্‍ তাৰ সংজ্ঞা, নক্সা আৰু যুক্তি ইয়াৰ অস্তিত্বতকৈও আগতে আহিছিল। অথবা এগৰাকী বিনা-আদৰ্শবাদী বস্তুবাদী ব্যক্তিয়ে ক’ব খুজিব যে ইয়াত অস্তিত্বৰ পূৰ্বেও উৎপাদনৰ ভূমিকা আহি পৰে।

এই একেটা সিদ্ধান্তকেই সৃষ্টিকৰ্তা হিচাপে ঈশ্বৰ নাইবা প্ৰকৃতিৰ ওপৰতো জাপি দিব পৰা যায়। এইয়া ঘটে ডেকাৰ্টে আৰু লেইবনিত্জৰ দৰে অস্তিত্ববাদী দাৰ্শনিকৰ ধাৰণা অনুযায়ী, যি বিশ্বাস কৰিছিল যে কম বেছি পৰিমাণে হ’লেও বোধশক্তিৰ পৰাই ইচ্ছাৰ জন্ম হয়। যেনেদৰে মোবাইল-এপ নিৰ্মাণ কৰা উদ্যোক্তাজনে জানিছিল, সেইদৰে ঈশ্বৰেও নিৰ্দিষ্টকৈ জানিছিল তেওঁ কি সৃষ্টি কৰিব খুজিছে।

ওঠৰ শতিকাৰ দাৰ্শনিক নাস্তিকতাবাদৰ ঐতিহ্যতো ঈশ্বৰৰ ধাৰণাক দবাই ৰখা হয়, কিন্তু মূলতত্ব যে অস্তিত্বতকৈ পূৰ্বতে আহি পৰে, তাক অমান্য কৰা নহয়। লাগিলে ভলটেয়াৰ, ল’ক বা কেন্টৰ ধাৰণাকেই লোৱা হওক, প্ৰতিটো ক্ষেত্ৰতে মানুহে এক প্ৰবুদ্ধ মানৱৰ (enlightened human being) ধাৰণা প্ৰাপ্ত কৰে, যিটো এক বিশ্বজনীন “মানৱ প্ৰকৃতি”। কীৰ্কাগৰ (ডেনিছ ভাষাত Kierkegaard ৰ উচ্চাৰণ)ৰ Preoccupation with Choice আৰু নীৎচেৰ Challenge to universal bases for moral evaluationতো মানৱৰ মূলতত্ব অথবা নিস্কৰ্ষ ঐতিহাসিক অস্তিত্বৰ আগতে আহি পৰে।

অস্তিত্ববাদী দাৰ্শনিকসকলৰ মতে মানুহ পাথৰতকৈ ভিন্ন, যিহেতু মানৱ মুক্ত। এটি পাথৰ হৈছে নিজেই নিজৰ মাজতে অস্তিত্ব ৰখাৰ ধাৰণা। ইয়াৰ বিপৰীতে মানুহ কেতিয়াও মূলতত্ব বা নিস্কৰ্ষ হ’ব নোৱাৰে যিহেতু তেওঁ স্ব-তাত্বিকতাবাদৰ বাবে যত্ন কৰি যায়। তেওঁ কেনেদৰে নিজৰ অতীতক ব্যাখ্যা কৰে আৰু কেনেদৰে নিজৰ ভৱিষ্যতক চাব খোজে সি হৈছে তেওঁৰ পছন্দবিলাকৰ এক ক্ৰম। তেওঁৰ মৃত্যুৰ পিছতহে তেওঁৰ মূল অৰ্থৰ নিৰূপণ কৰা হয়।

মানৱেই হৈছে মানৱৰ ভৱিষ্যত্‍

অস্তিত্ববাদৰ দৰ্শন নিশ্চিত ৰূপত উদ্যোগিক যুগৰ (Industrial era) ক্ৰমবৰ্দ্ধমান পাৰ্থক্যৰ পৰিণাম আছিল। অস্তিত্ববাদৰ প্ৰতি ক্ৰমবৰ্দ্ধমান অৱমাননা ৰোধ কৰিবৰ বাবে ছাৰ্ত্ৰেই মানবতাবাদ নামৰ এক চৰমপন্থী চিন্তাৰ অৱতাৰণা কৰে, যিটো তেওঁৰ মতে এটি সাধাৰণীকৰণ কৰা শব্দ যাক মানুহক কেন্দ্ৰত ৰাখি সৃষ্টি কৰা যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ স্বৰূপে নৱজাগৰণৰ সময়ৰ মানৱতাবাদক বিশেষ এক আন্দোলন বুলি ধৰা হৈছিল যি আধ্যাত্মিক চিন্তাভাৱনাৰ পৰা আঁতৰত আছিল, বিশেষকৈ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত।

আধুনিক অৰ্থনৈতিক প্ৰেক্ষাপটত চাবলৈ হ’লে উদ্যোক্তাসকলে চিৰাচৰিত ব্যৱসায়ৰ ধাৰণাক লৈও প্ৰশ্ন তোলে। ই হৈছে মুক্ত প্ৰতিশ্ৰুতিৰ এক নিৰপেক্ষ চৰিত্ৰ য’ত এজন উদ্যমী ব্যক্তিয়ে নিজকে চিনিব পাৰে। কেতিয়াবা এক কঠিন সমস্যাক সমাধান কৰাটোৱেই এজন উদ্যোক্তাৰ ব্যৱসায় যোজনাৰ মূল লক্ষ্য হৈ পৰে। এনেকুৱা অনেক নবীন ধাৰণাৰ দ্বাৰা মানৱ জাতিৰ জীৱন সহজতৰ কৰিব পৰাকৈ লাভ হয়। বুক অফ লাইফে ন্যায়সংগতভাবেই কৈছে, “এজন উদ্যোক্তাই এজন শিল্পীৰ দৰেই মানুহৰ আত্মাৰ মাজৰ দুৰ্বল কম্পনবিলাকক চিনি পাই তাৰ কাৰণ তথা প্ৰকৃতি নিৰ্দ্ধাৰিত কৰিব পাৰিব লাগিব।”

যেতিয়া এজন উদ্যোক্তাই সাহসেৰে কোনো অচিনাকি ব্যৱসায়িক খণ্ডত প্ৰৱেশ কৰে, তেতিয়া তেওঁ নিজৰ ওপৰতে জুৱা খেলাৰ নিচিনা হয়। এনে এজন মানুহে যেতিয়া এটি টেক্সি এপৰ নিৰ্মাণ কৰি মানুহে টেক্সি ভাড়া কৰাৰ প্ৰক্ৰিয়াকেই সলনি কৰি পেলায়, তেতিয়া তেওঁ মানৱতাৰ ভৱিষ্যতকেই নিজৰ হাতত তুলি লোৱাৰ নিচিনা হয়। যদিও পুঁজি আৰু বস্তুবাদে ইয়াত ভূমিকা পালন কৰে, তথাপিও ইয়াক আশাবাদ নুবুলি নো কি বুলিব পাৰি?

আপুনি যি নহয় তাৰ বিপৰীতে আপুনি যি হয় সেইয়া হ’ব নোৱাৰাটো

অস্তিত্ববাদৰ দৰ্শনক উদ্যোক্তা এজনৰ সিদ্ধান্ত গ্ৰহণত মূখ্য ভূমিকা পালন কৰা বহুতো প্ৰশ্নৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰিব পাৰি, যেনে- এজন উদ্যোক্তাৰ নিজৰ ব্যৱসায়ত ব্যক্তিগত দায়িত্ব কি কি থাকে? তেওঁ সৃষ্টি কৰা কৰ্মক্ষেত্ৰখনত তেখেতৰ জীৱনৰ বিকল্প কি? তেওঁৰ কৰ্মচাৰীসকলে কিমান পৰিমাণৰ স্বাধীনতা আৰু দায়িত্ব উপভোগ কৰিবলৈ পায়? আমি সিদ্ধান্ত গ্ৰহণত কেনেদৰে “অসত্‍-ভাৱ” পৰিত্যাগ কৰিব পাৰোঁ? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে- তেওঁৰ বিশ্বাসযোগ্যতাৰ স্তৰ কি?

বিশ্বাসযোগ্যতাৰ প্ৰশ্ন অস্তিত্ববাদী দাৰ্শনিক, যেনে ছাৰ্ত্ৰে আৰু হাইডিগাৰৰ বাবে এটি মূল বিষয়। ডষ্টয়েভস্কিয়ে একেটি প্ৰশ্নকে Crime and Punishmentতো সুধিছিল। এইয়া এক মানৱিক অৱস্থা- আপুনি যি নহয় সেইয়া হোৱাৰ আৰু আপুনি আচলতে যি হয়, সেইয়া হ’ব নোৱাৰাৰ মাজৰ দ্বন্দ্ব।

এগৰাকী উদ্যোক্তাৰ কাৰণে খাঁটি হৈ থাকিবলৈ হ’লে পৃথিৱীখনৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আৰু তেওঁৰ প্ৰকৃত সত্তা গঠন কৰোঁতে পোৱা দ্বিধাসমূহ বুজি পোৱাৰ প্ৰতি সজ হৈ থাকিব লাগিব আৰু তাৰ পিছত তেওঁ সমুখীন হোৱা অস্তিত্ববাদৰ বিকল্পবোৰৰ সৈতে খাঁটি ৰূপত ব্যস্ত হৈ পৰিব লাগিব। আত্মপ্ৰতাৰণা বা “অসত্‍-ভাৱ”ক সদায়েই ৰাডাৰৰ দৃষ্টিত ৰখা উচিত। পাইন আৰু গিলম’ৰে এই ধাৰণাক এখোপ আগলৈ নি “The Experience Economy”ত এই তৰ্ক দিয়ে য়ে “প্ৰতিটো ব্যৱসায়েই হৈছে এখন মঞ্চ আৰু প্ৰতিটো কামেই এখন থিয়েটাৰ।”

সততাৰ প্ৰশ্ন প্ৰায়েই নেতৃত্বৰ বাবে হোৱা তৰ্কতো প্ৰতিফলিত হয়। এতেকে অস্তিত্ববাদে ভৱিষ্যতৰ সময়ত নৈতিকতাৰ সংজ্ঞা জ্ঞাপন কৰিবলৈ যাওঁতে এক সত্যাপনকৰ্তাৰ ভূমিকা পালন কৰিব। লৰা নাশ্বে তেওঁৰ গ্ৰন্থ “Ethics without the Sermon”ত ব্যৱসায়ত সিদ্ধান্ত গ্ৰহণক লৈ বাৰটা বিখ্যাত প্ৰশ্ন কৰিছে-

1. আপুনি সমস্যাটো সঠিককৈ নিৰ্দ্ধাৰণ কৰিব পাৰিছে নে?

2. যদি আপুনি সীমাৰ আনটো পাৰে থাকিল হেতেন, তেতিয়া আপুনি কেনেদৰে এই সমস্যাটো নিৰ্দ্ধাৰণ কৰিলেহেতেন?

3. এনে পৰিস্থিতিৰ সৃষ্টি কেনেকৈ হ’বলৈ পালে?

4. এজন ব্যক্তি আৰু এই অনুষ্ঠানৰ সদস্য হিচাপে আপুনি কাক আৰু কি ধৰণৰ আনুগত্য প্ৰদান কৰে?

5. এই সিদ্ধান্ত লোৱাৰ আঁৰত আপোনাৰ উদ্দেশ্য কি?

6. আপোনাৰ উদ্দেশ্য আৰু ফলাফলৰ মাজত তুলনা কেনেধৰণৰ হৈছে?

7. আপোনাৰ সিদ্ধান্ত নাইবা কৰ্মই কাক আঘাত হানিব পাৰে?

8. আপুনি সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে আক্ৰান্ত পক্ষৰ সতে এটি আলোচনাত বহিব পাৰে নে?

9. আপুনি নিশ্চিত নে আপোনাৰ বৰ্তমানৰ স্থান এক সুদীৰ্ঘ সময়ৰ পিছতো একেই থাকিব?

10. আপুনি আপোনাৰ বছ, CEO, পৰিচালক, পৰিয়াল আদিক কোনো সংশয় নথকাকৈ আপোনাৰ সিদ্ধান্ত নাইবা পদক্ষেপৰ বিষয়ে জনাব পাৰে নে?

11. যদি বুজি পোৱা হয়, আপোনাৰ কৰ্মৰ প্ৰতীকাত্মক ক্ষমতা কিমান? যদি ভুল বুজা হয়?

12. কেনে পৰিস্থিতিত আপুনি নিজৰ স্থিতিত ব্যতিক্ৰমৰ অনুমতি দিব?

বৃহত্‍ কোম্পানীবিলাকত সিদ্ধান্ত লওঁতাসকলে কঠোৰ নিয়ম নীতি অনুসৰণ কৰি চলিব লাগে। কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এজন উদ্যোক্তাই সমুখীন হ’বলগীয়া প্ৰত্যাহবান সম্পূৰ্ণ পৃথক হয়। তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্তবিলাকেই তেওঁলোকৰ কোম্পানীৰ আৰু মান নিৰূপণ কৰে। কাৰোবাৰ অৱচেতন মনত অস্তিত্ববাদ মানে এক আশাবাদৰ সঞ্চাৰ হ’ব পাৰে। প্ৰখ্যাত উদ্যোক্তাসকল যেনে ইভান উইলিয়ামছ, ষ্টিভ জ’ব, এল’ন মাস্ক আৰু পিটাৰ ডায়মণ্ডৰ জীৱনলৈ ভুমুকিয়ালেই এই কথা ধৰিব পাৰি। ব্যৱসায়ক এক অৰ্থনৈতিক কাৰ্যক্ৰমৰ নিচিনাকৈ পালন কৰিবলৈ যাওঁতে এজন উদ্যোক্তা হিচাপে কৰ্মনিৰ্বাহ কৰাটো নিতান্তই এক মৌলিক তথা অপৰিহাৰ্য অংগ।

মূল: সৌৰভ ৰয়

অনুবাদ: শান্তনু চাংমাই

(Image : Salvador Dali; The Persistence of Memory, Visions of Eternity, Swans Reflecting Elephants)


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন

কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ