ভাৰত আৰু থাইলেণ্ডৰ মাজত মাদকদ্ৰৱ্য সৰবৰাহত নিয়ন্ত্ৰণ ৰখাৰ বাবে বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু থাইলেণ্ডৰ মাজত মাদকদ্ৰৱ্য সৰবৰাহত নিয়ন্ত্ৰণ ৰখাৰ বাবে বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

মাদক তথা নিচাজাতীয় দ্রৱ্য প্ৰস্তুতকৰণৰ বাবে উপযোগী ৰাসায়নিক আৰু ভেষজৰ চোৰাং চালানৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে ভাৰত আৰু থাইলেণ্ডৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে যাৱতীয় অনুমোদন প্ৰদান কৰিছে৷

image


এইসমূহ ক্ষেত্রত পাৰস্পৰিক সাহায্য তথা দ্বিপাক্ষিক সহযোগিতাৰ বাবে সংশ্লিষ্ট সকলোধৰণৰ অপৰাধ দমনৰ বাবে এই বুজাবুজি চুক্তি হৈছে এক কার্যকৰী আন্তঃগাঁথনিগত ব্যৱস্থা। ই ভাৰত আৰু থাইলেণ্ডৰ মাজত প্রতিষ্ঠানিক পর্যায়ত মত-বিনিময়ৰ পথ প্রশস্ত কৰিব। এই চুক্তি এবাৰ বলবৎ হ’লে ই আন্তর্জাতিক মাদক দ্ৰৱ্যৰ চোৰাং চালান হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড