সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ কনটেষ্টত জিলিকিল অসমৰ চন্দামিতা শইকীয়া, বন্তি নাথ... সৌন্দৰ্যৰ সৈতে সমাজো যাৰ বাবে গৌণ নহয়...

সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

Wednesday April 13, 2016,

2 min Read

নিত্যনৈমিত্তিক গৃহকৰ্মৰ সৈতে ব্যস্ত হৈ থকা অসমীয়া মহিলাই ৰাষ্ট্ৰীয় পৰ্যায়তো শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰে। তাৰেই এক সুন্দৰ উদাহৰণ হৈ অসমলৈ উভতি আহিল গুৱাহাটীৰ চন্দামিতা শইকীয়া আৰু বন্তি নাথ। ফেশ্বন গুৰুকুল নামৰ সংস্থাটোৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ কণ্টেষ্টত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠত্ব দাঙি ধৰিবলৈ সক্ষম হ’ল। সৌন্দৰ্যৰ সন্ধানৰ উপৰি এই মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ কণ্টেষ্টৰ আন এক তাৎপৰ্য আছে।


image


‘এই সৌন্দৰ্য প্ৰতিযোগিতাৰ আঁৰত আছে এক বিশেষ কাৰণো। বাহ্যিক সৌন্দৰ্যৰ সমান্তৰালভাৱে কিবা সমাজৰ বাবে এটা কৰাৰ হেঁপাহ জাগ্ৰত কৰিবলৈ এই চেষ্টা চলোৱা হৈছে এই প্ৰতিযোগিতাৰ মাধ্যমেৰে।’ চন্দামিতা শইকীয়াই কয়।

চন্দামিতা শইকীয়াই তৃতীয় ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰাৰ সমান্তৰালভাৱে ’বেষ্ট স্মাইল’ ছাব-টাইটেলো লাভ কৰিবলৈ সক্ষম হয়। আনহাতে বন্তি শইকীয়াই চতুৰ্থ ৰাণাৰ্ছ আপৰ লগতে ‘মিছেছ পপুলাৰ’ ছাব টাইটেল লাভ কৰে।


image


গুৱাহাটীৰ এডিছ ৰাণৱে নামৰ প্ৰতিষ্ঠানটোৰ নীহাৰিকা ঢলুৱাৰ প্ৰশিক্ষণত দুয়োগৰাকী মহিলাই এনেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে। নিজৰ দুগৰাকী শিক্ষাৰ্থীয়ে এনেদৰে ৰাষ্ট্ৰীয় স্তৰত সন্মান লাভ কৰাৰ বাবে নিতান্তই উচ্ছাসিত নীহাৰিকা ঢলুৱা। 


image


য়’ৰষ্টৰী অসমীয়াক দিয়া এক সাক্ষাৎকাৰত নীহাৰিকা ঢলুৱাই কয় যে,

 ‘বিহুৰ বতৰতে অসমৰ দুগৰাকী মহিলাই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। মোৰ বাবে তাতোকৈ ডাঙৰ কথাটো হৈছে দুয়োগৰাকী মহিলাই এডিছ-ৰানৱেত প্ৰশিক্ষণপ্ৰাপ্ত। চন্দামিতা শইকীয়া আৰু বন্তি নাথে ৰাষ্ট্ৰীয় পৰ্যায়ত যি প্ৰতিযোগিতাত অসমৰ নাম উজলাই তুলিলে সেই প্ৰতিযোগিতাই প্ৰমাণ কৰিছে যে সৌন্দৰ্যৰ সৈতে বুদ্ধিমত্তাৰো গুৰুত্ব অপৰিসীম।’

দুয়োগৰাকীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিহু আৰু বিয়াৰ বতৰত ডিজাইনাৰ বুটিকে বুটিকে

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ জুলিয়েনে বিহু পাতিলে অসমত

সৰ্থেবাৰীৰ ব্যতিক্ৰমী কাঁহ শিল্পী খনিন ডেকা