ভাৰত আৰু পৰ্তূগালৰ মাজত কৃষি ক্ষেত্ৰত বুজাপৰাৰ চুক্তিত কেবিনেটৰ অনুমোদন

0

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু পৰ্তূগালৰ মাজত কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত বুজাপৰাৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই চুক্তিয়ে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত তথ্যৰ আদান-প্ৰদান, গছপুলি আৰু উদ্ভিদৰ পৰা উৎপাদিত সামগ্ৰীৰ বাণিজ্য, উদ্ভিদৰ বিষয়ে বিভিন্ন তথ্য, প্ৰশিক্ষণৰ কাৰ্যক্ৰম, আলেচনা চক্ৰ আৰু বিশেষজ্ঞৰ পৰিদৰ্শন আৰু পৰামৰ্শদান আদি উক্ত ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন বিষয় সামৰি ল’ব।

এই চুক্তিয়ে দুয়োখন দেশৰ প্ৰতিনিধিৰে কৰ্মীগোট গঠনৰ সুবিধা প্ৰদান কৰিব যি ভৱিষ্যতে কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰত বুজাপৰাৰ চুক্তিখনৰ ভিত্তিত নতুন নতুন কাৰ্য আঁচনি প্ৰস্তুত কৰাৰ লগতে চুক্তিৰ প্ৰকৃত ৰূপায়ণৰ প্ৰতি নজৰ ৰাখিব।

এই চুক্তি স্বাক্ষৰিত হোৱাৰ দিনাৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব আৰু অনাগত পাঁচ বছৰলৈকে কাৰ্যকৰী হৈ থাকিব। যদি কোনো এটা পক্ষই এই চুক্তি পাঁচ বছৰৰ পিছতো বন্ধ কৰিব নোখোজে তেন্তে ই পিছৰ পাঁচটা বছৰটো বলবৎ হৈ থাকিব। এই চুক্তি ৰদ কৰিবলৈ হ’লে কোনো এটা পক্ষই ৰাষ্ট্ৰদূতৰ জৰিয়তে ছমাহৰ জাননী দিব লাগিব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে