ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত

ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত

Thursday November 26, 2015,

5 min Read

মই এই লিখনিটো মোৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখিছো। কিয়নো মই বিভিন্ন ষ্টাৰ্ট-আপৰ সৈতে জড়িত হৈ লাভ কৰা অভিজ্ঞতাসমূহ ব্যক্ত কৰিলে হয়তো বহুতৰ সহায়ক হব। সঁচা কথা কবলৈ গলে ষ্টাৰ্ট-আপ কোম্পানীৰ বিকাশ তথা নতুন কোম্পানীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত হৈ মই লাভ কৰা অভিজ্ঞতা ৰোমাঞ্চকৰ আছিল। মই সেয়া সঁচাকৈ উপভোগ কৰিছো। নতুন কোম্পানী এটা আৰম্ভ কৰা আৰু ইয়াৰ লগত জড়িত হৈ থকা উৎসাহ আৰু অনুপ্ৰেৰণা সঁচাকৈ মোহনীয়। নতুনৰ প্ৰতি আগ্ৰহ তথা নতুন দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰাতো মই নিয়াৰিকৈ কৰিছো। নতুন কোম্পানী এটাৰ সৈতে জড়িত হৈ বহু নতুন অপৰীসীমিত সম্ভাৱনীয়তা ব্যক্ত কৰাৰ একমাত্ৰ ঠাই হৈছে ভাৰতৰ ছিলিকন ভেলী বাংগালুৰু।

অৱশ্যে মোৰ যোৱাটো অভিজ্ঞতা বৰ সুখকৰ নাছিল। এই কোম্পানীটোত মোৰ প্ৰথম দিনটো যথেষ্ট ধনাত্মক আছিল কিন্তু দ্বিতীয় দিনৰ পৰা এয়া ঠিক তেনেকুৱা নাছিল। কোম্পানীটোৰ বিকাশৰ বাবে মোৰ হাতত যথেষ্ট কাৰিকৰী জ্ঞান আছিল কিন্তু কোম্পানীটোৰ ব্যৱসায়িক দিশৰ সৈতে জড়িত বাতাবৰণ মোৰ পছন্দ হোৱা নাছিল।

কোম্পানীটোৰ কাৰ্যালয়ৰ ৰেফ্ৰিজেৰেটৰত বীয়াৰৰ বটল ঠাক ঠাক কৈ ভৰ্তি কৰি থোৱা আছিল। তাৰোপৰি আছিল সুৰাপান কাৰৰ বাবেই বিশেষ ঠাই। বিশেষকৈ কোম্পানীত যোগদানৰ এক সপ্তাহৰ পূৰ্বে কোম্পানীটোৰ মুখ্য কাৰ্যাবাহী বিষয়াৰ সৈতে মোৰ সাক্ষাৎকাৰটো কোনো প্ৰকাৰেই প্ৰফেছ’নেল আছিল বুলি কব নোৱাৰি। কিয়নো মোৰ সম্মুখতেই বহি থকা কাৰ্যবাহী বিষয়াগৰাকীক যেতিয়া মোৰেই মহিলা সহকৰ্মী এগৰাকীয়ে মূৰত তেল মালিচ কৰি আছিল তেতিয়া মোৰ তেওঁৰ সৈতে কোনো ধৰণৰ ব্যৱসায়িক বাৰ্তালাপ কৰিবলৈ মন নগ'ল। মোৰ সেইদিনা সচাঁকৈয়ে খুব বেয়া লাগিছিল।

এনে ধৰণৰ অনুশাসন নথকা এটা কোম্পানীত বেছিদিন আগবঢ়াৰ আগতেই মই এই ষ্টাৰ্ট-আপ কোম্পানীটোৰ পৰা আঁতৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। ষ্টাৰ্ট-আপ কোম্পানী এটা সফল হবলৈ বিশেষ কঠোৰ নিয়মৰ প্ৰয়োজন নাই যদিও সফল কোম্পানী এটাৰ অনুশাসন এটা থকা ভাল। বিশেষকৈ কোম্পানীটোৰ কৰ্মীসকলক এই অনুশাসনৰ মাজত ৰখাটো যথেষ্ট প্ৰয়োজনীয়। আৰু সফল কোম্পানীৰ বাবে এয়া অতীৱ প্ৰয়োজন।

image


কোম্পানীৰ প্ৰতিষ্ঠাতাই মনত ৰাখিবলগীয়া ১০টা গুৰুত্বপূৰ্ণ নিয়ম

১নং নিয়ম

বন্ধু সদায় বন্ধু হয় আৰু সহকৰ্মী সদায় সহকৰ্মী

এয়া হৈছে যিকোনো ষ্টাৰ্ট-আপ কোম্পানীৰ প্ৰতিষ্ঠাতাই মনত ৰাখিবলগীয়া প্ৰথম নিয়ম। হয়তো আপোনাৰ কেইজনমান বন্ধুপ্ৰাণ উদ্যোগশীল ব্যক্তি আপোনাৰ সৈতে আপোনাৰ কোম্পানীত কাম কৰিব পাৰে। কিন্তু তেওঁলোককো আপুনি সহকৰ্মী হিচাপে জ্ঞান কৰিব আৰু তেওঁলোকক কৰিবলৈ দিয়া কাম সময়মতেই পাবলৈ চেষ্টা কৰিব।

২নং নিয়ম

ব্যৱহাৰিক নিয়ম আৰু আইনী নিয়মৰ পৰা দূৰত নাথাকিব

আপুনি এইটো ভালদৰে বুজি পায় যে নতুন কোম্পানী এটাৰ আৰম্ভনিতেই সকলো নিয়ম সঠিকভাৱে নহব পাৰে কিন্তু কোম্পানীৰ কৰ্মীসকলক ৰখাৰ ক্ষেত্ৰত আপুনি নিয়মবোৰ সঠিকভাৱে পালন কৰিব। এয়া হয়তো হব পাৰে যে আপোনাৰ বন্ধুসকলে কোনো প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ আপোনাৰ কোম্পানীৰ অংশীদাৰ হব বিচাৰিব পাৰে বা আপোনাৰ কোম্পানীত কাম কৰিব বিচাৰিব পাৰে। কিন্তু আপুনি এই ক্ষেত্ৰত সক্ৰিয় হোৱা উচিত। কোনো অফাৰ লেটাৰ বা অংশীদাৰী পত্ৰ নোহোৱাকৈ আপুনি কোনো ব্যক্তিকেই নিজৰ লগত নাৰাখিব। কিয়নো কাগজৰ নিয়ম সম্পূৰ্ণ নকৰাকৈ কোনো ব্যক্তিক আপোনাৰ লগত ৰাখিলে আৰু ভৱিষ্যতে তেওঁ আপোনাৰ পৰা আঁতৰি গলে তেনে ব্যক্তিয়ে আপোনাক বিপদত পেলাব পাৰে।

৩নং নিয়ম

আপোনাৰ কৰ্মচাৰীসকলক আপুনি সন্মান কৰক কিয়নো এক বিশেষ কাৰণত তেওঁলোকক আপুনি নিজৰ লগত ৰাখিছে

আপুনি আপেনাৰ কৰ্মচাৰীসকলক তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱাৰ সুবিধা দিয়ক। আপুনি শীঘ্ৰেই কোনো এক সিদ্ধান্তত উপনীত নহব। সকলোকে এটা বাতাবৰণত নিজক ঢাল খুৱাবলৈ অলপ সময়ৰ প্ৰয়োজন হয়। আপুনি আপোনাৰ কৰ্মচাৰীৰ কামৰ ওপৰত বিশ্বাস ৰাখক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰাৰ বাবেই প্ৰস্তুত থাকক।

৪নং নিয়ম

এনে এটা কাৰ্যপদ্ধতি প্ৰস্তত কৰক যাতে সেয়া আচৰিত নহওক কিন্তু মনোৰঞ্জক হওক

যিকোনা কাৰ্যালয়ত শীৰ্ষ বিষয়াৰ তলতীয়া কৰ্মচাৰীৰ দ্বাৰা মূৰৰ মালিচ হোৱাতো গ্ৰহণযোগ্য হ’ব নোৱাৰে। কোম্পানীৰ কামৰ উচ্চ চাপৰ সময়ত অলপমান মনোৰঞ্জন হোৱাতো বাঞ্চনীয় কিন্ত তাত অনুশাসন থকাতো প্ৰয়োজনীয়। কৰ্মচাৰীৰ লগত বন্ধুত্বপূৰ্ণ হোৱাতো জৰুৰী কিন্তু ইয়াত এক সীমাবদ্ধতা থাকিব লাগে।

৫নং নিয়ম

নিজক সদায় আকৰ্ষণীয় কৰি ৰাখক যাতে আপোনাৰ কৰ্মচাৰীয়ে আপোনাক পছন্দ কৰে আৰু আপোনাৰ কোম্পানীত অধিক সময় থাকে

কোম্পানীৰ বিকাশৰ লগে লগেই প্ৰতিষ্ঠাতাই নিজৰ কৰ্মচাৰী বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ বাবে বিশেষ কাৰ্যপ্ৰণালী প্ৰস্তুত কৰাতো প্ৰয়োজনীয়। কোম্পানীত কামৰ গুৰুত্ব আছে কিন্তু কামৰ লগতে জীৱনৰো সম্পৰ্ক আছে। তাৰ বাবেই মহিলা কৰ্মচাৰীৰ ব্যক্তিগত জীৱনৰ ওপৰতো গুৰুত্ব দিব লাগে। আপুনি এয়া সুনিশ্চিত কৰা অতীৱ প্ৰয়োজন যে কৰ্মচাৰীসকলৰ ঘৰুৱা জীৱন আপোনাৰ কোম্পানীৰ কামৰ বাবে চাপত নপৰে।

৬নং নিয়ম

পক্ষপাতমূলক দৃষ্টিভংগী ভুলতো পোষণ নকৰিব

সকলো লোক সমান নহয়। সকলোৰে নিজৰ নিজৰ প্ৰতিভা থাকে আৰু তেওঁলোক তেনেধৰণেই বিকশিত হয়। সকলোৰে প্ৰতিভা আৰু কাম কৰাৰ ধৰণ একে নহয় বাবেই আপুনি এটা কথা মনত ৰাখিব আৰু এয়া আপোনাৰ কৰ্তব্য যে আপুনি কি ধৰণে নিজৰ কৰ্মচাৰীৰ প্ৰতিভা চিনাক্ত কৰিব পাৰিছে আৰু তেওঁলোকক তেনেধৰণে কামত খটুৱাব পাৰিছে। যদিহে এজন প্ৰতিষ্ঠাপকে নিজৰ কৰ্মচাৰীৰ প্ৰতিভা চিনাক্ত কৰিবলৈ অসমৰ্থ হয় তেন্তে সেয়া তেওঁৰ সীমাবদ্ধতা।

৭ নং নিয়ম

সদায় বিনয়ী হোৱা

আপুনি কেতিয়াও এই কথাটো লৈ গৰ্ব কৰা উচিত নহয় যে আপোনাৰ কোম্পানীয়ে কিমান শতাংশ লাভ অৰ্জন কৰিছে তথা কোম্পানীয়ে কিমান বিনিয়োগ লাভ কৰিছে। আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ লগত সদায় বিনয়ী হৈ থাকিব কিয়নো এই সকল কৰ্মচাৰীয়ে আপোনাৰ কোম্পানীৰ লাভ-লোকচান সকলো সময়তেই লগত থাকে।

৮নং নিয়ম

আপুনি আপোনৰ গুণবোৰৰ ওপৰত নিজৰ ধ্যান কেন্দ্ৰীভূত কৰি ৰাখিৱ

এটা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ অৰ্থ এয়ে হ’ল যে আপুনি প্ৰতিমুহুৰ্তত কিবা এটা নতুন কৰাৰ বাবে আগ্ৰহী হৈ থাকিব লাগে। কেতিয়াবা এনে হ’ব পাৰে যে ব্যৱসায়ৰ কিছুমান দিশ আপোনাৰ জ্ঞাত নহ’ব পাৰে, আৰু তেনে দিশবোৰ জানিবলৈ আৰু শিকিবলৈ আপুনি সদায় আগ্ৰহী হোৱাতো আপোনাৰ সফল হোৱাৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ব পাৰে। আপোনাৰ অধীনত কাম কৰা কৰ্মচাৰীসকলে সদায় আপোনাক এক আদৰ্শ হিচাপে চাব বিচাৰে।

৯নং নিয়ম

নিজৰ ব্যৱহাৰিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিব

যিকোনো কাৰ্যালয়ৰ এক প্ৰধান গুৰুত্বপূৰ্ণ দিশ হৈছে ব্যৱহাৰিক পৰিচয়। কোম্পানীত কথা-বাৰ্তা তথা সুষ্ঠ ব্যৱহাৰিক পৰিচয় বজাই ৰখাতো গুৰুত্বপূৰ্ণ। কোম্পানীৰ কৰ্মচাৰীৰ মাজত এক সদ্ভাৱ থকা তথা কোনো ব্যক্তিকেই উচ-নীচ প্ৰতিপন্ন নকৰা ইত্যাদি এটা কোম্পানীৰ সফলতাৰ অন্যতম উপাদান।

১০নং নিয়ম

আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে সহানুভুতি

প্ৰতিষ্ঠাপক এগৰাকীয়ে সদায় নিজৰ কৰ্মচাৰীৰ প্ৰতি সহানুভূতিৰ ভাৱ ব্যক্ত কৰিব লাগে। যিকোনো প্ৰয়োজনৰ সময়ত কৰ্মচাৰীক সহায় কৰাতো অতীৱ প্ৰয়োজন। এনে কৰিলে আপোনাৰ ষ্টাৰ্ট-আপৰ বাবেই এই কৰ্মচাৰীসকলে সদায় হিত চিন্তা কৰিব। যদিহে আপোনাৰ কোম্পানীত কোনো কৰ্মচাৰীৰ কামৰ মান উন্নত নহয় আৰু তেওঁক কোম্পানীৰ বৰ্খাস্ত কৰিব লাগে তেন্তে সেই কামটো আপুনি সন্মানসহকাৰে কৰক।

ভাৰতত শেহতীয়াকৈ যথেষ্ট পৰিমাণৰ ষ্টাৰ্ট-আপৰ আৰম্ভণী হৈছে। এই সমূহ ষ্টাৰ্ট-আপে ওপৰত উল্লেখ কৰা নিয়মসমূহ মনত ৰখাটো প্ৰয়োজনীয়। কেতিয়াবা এনে দেখিবলৈ পোৱা যায় যে কোনো ষ্টাৰ্ট-আপৰ ক্ষীপ্ৰ সফলতা তথা ধনপ্ৰাপ্তিত সেই কোম্পানীৰ সৈতে জড়িত প্ৰতিষ্ঠাপক সকলৰ ব্যৱহাৰ ৰূঢ় হৈ যায়। এয়া কদাপি উচিত নহয়। কোম্পানীৰ সফলতাৰ লগে লগেই কোম্পানীটোৰ মান উন্নত কৰাৰো অধিক প্ৰয়োজনীয়তা আছে।

ষ্টাৰ্ট-আপবোৰে নিজৰ উন্নত মানৰ জৰিয়তে আনৰ আগত এক উদাহৰণ দাঙি ধৰিবৰ চেষ্টা কৰিব লাগে। যিধৰণে ফেচবুক বা গুগলে আজি কৰ্মচাৰীসকলৰ বিকাশৰ দিশত গুৰুত্ব দি সেয়া প্ৰতিপন্ন কৰিছে আৰু ইয়াৰ জৰিয়তে মাৰ্ক জুকাৰবাৰ্গ বা লেৰী পেজে নিজকে শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে প্ৰতিষ্ঠা কৰি দেখুৱাইছে।

মূল-শুচি অগ্ৰৱাল

অনুবাদ- শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী