পৰম্পৰা ৰক্ষা কৰি স্বাৱলম্বী হোৱা এজন যুৱক-সিদ্ধাৰ্থ শংকৰ কলিতা

পৰম্পৰা ৰক্ষা কৰি স্বাৱলম্বী হোৱা এজন যুৱক-সিদ্ধাৰ্থ শংকৰ কলিতা

Saturday December 19, 2015,

5 min Read

কৈশোৰ আৱস্থাতেই ঘৰত নোকোৱাকৈ কলকতা পাইছিলগৈ ল'ৰাজন।কলকাতাত অনুষ্ঠিত গ্ৰন্থমেলা চোৱাৰ হেঁপাহ আছিল। ঘূৰি আহিবলৈ হাতত পইচা নথকাৰ বাবে এটা ৰাতি ফুটপাথত কটাব লগীয়া হৈছিল।পিছদিনা এজন অচিনাকি ব্যক্তিয়ে ৰে'লত টিকটৰ পইচা দিয়া বাবে গুৱাহাটী পাইছিলহি।শৈশৱৰ পৰা কিতাপ আৰু মাটিৰ গোন্ধে আচ্ছাদিত কৰি ৰাখিছিল ল'ৰাজনক।ঘৰৰ শৈক্ষিক পৰিবেশেও ইন্ধন যোগাইছিল।দেউতাকে জেঠায়েকৰ নামত ঘৰতে পতা পুথিভড়ালটোৰ প্ৰায়বোৰ কিতাপ শেষ কৰিছিল তেওঁ।অসমীয়াৰ উপৰিও ইংৰাজী আৰু বাংলা ভাষাৰ সাহিত্যৰ প্ৰতি আগ্ৰহান্বিত হৈছিল।'অ' হেনৰীৰ গল্প খুব প্ৰিয় আছিল।'অ' হেনৰীৰ গল্পৰ প্ৰেমত পৰিছিলো।তেওঁৰ জীৱনটো জনাৰ বাবে আগ্ৰহী হৈ উঠিলোঁ।'শৈশৱৰ কথা স্মৰণ কৰি এনেদৰে কৈছিল সিদ্ধাৰ্থ শংকৰ কলিতাই।

পৰম্পৰা ৰক্ষা কৰি এজন কৃষক হোৱাৰ বাটত

এজন উদ্যমী কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সিদ্ধাৰ্থ শংকৰ কলিতাই শৈক্ষিক পাঠ্যক্ৰমৰ প্ৰতি কেতিয়াও আকৰ্ষণ অনুভৱ কৰা নাছিল।'স্নাতক ডিগ্ৰী লোৱাৰ পিছত দেউতাই সুধিছিল-এতিয়া কি কৰিবি? মই কৃষি কৰাৰ ইচ্ছাৰ কথা ক'লোঁ।মোৰ ককাদেউতা এজন নাম থকা খেতিয়ক আছিল।দেউতাই চৰকাৰী চাকৰি কৰিছিল যদিও কৃষিকৰ্ম কৰিছিল।সেয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আন কিবা কৰাতকৈ পৰম্পৰাগত ভাৱে চলি অহা কৃষিকৰ্ম কৰাৰ কথা ভাবিলো।'দেউতাকে তেওঁক কৃষি কৰাৰ বাবে কিছু মাটি লৈ দিছিল।প্ৰথমতে শাক-পাচলি যেনে-আলু,কবি,বেঙেনা,ভেন্দি,তিঁয়হ আদিৰ উপৰি মাত্ৰাধিক হাৰত জলকীয়া আৰু কুহিঁয়াৰ খেতি কৰিছিল।কিন্তু এই খেতিসমূহ তেওঁ কৰিছিল জৈৱিক পদ্ধতিত।'ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পাচলি স্বাস্থ্যৰ কাৰণে অতি হানিকাৰক।সেয়ে,জৈৱিক ভাৱে অধিক উৎপাদনৰ কথা ভাবিছিলো।গো-মূত্ৰ,মহানিমৰ পাত,পনীয়া গুৰৰ মিশ্ৰণ কৰি জৈৱিক সাৰ প্ৰস্তুত কৰিছিলো।'

image


উৎপাদিত সামগ্ৰীৰ উচিত মূল্য কৃষকে নাপায়

এইটো একেবাৰে নতুন কথা নহয় যে আমাৰ দেশত কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়।জৈৱিক সাৰ প্ৰস্তুত কৰোঁতে খৰচ বেছি হয়।সেই অনুপাতে বজাৰৰ দাম পোৱা নাছিলো।কৃষকে পইচা নাপায় কিন্তু মধ্যভোগীয়ে পইচা খায়। অৱশ্যে কুহিঁয়াৰ,নেমু টেঙা খেতিত লাভ পাইছিলো।জৈৱিক সাৰ প্ৰয়োগ কৰা একোটা আলুৰ ওজন এক কেজি পৰ্যন্ত হৈছিল।প্ৰথম অৱস্থাত বজাৰত নিজে ডগা পাল্লা লৈ আলু, ব্ৰক'লী আদি বিক্ৰী কৰিছিলো।তাৰপাছত সৰহীয়াকৈ কৰিবলৈ লোৱাৰ পৰা বেপাৰী আহি ফাৰ্মৰ পৰা লৈ যায়।এই পাচলি সমূহ নিজা অঞ্চলৰ উপৰিও গুৱাহাটী,ডিব্ৰুগড়,তিনিচুকীয়া আদি ঠাইত বিক্ৰীৰ বাবে নিয়া হৈছিল।

image


শাক-পাচলিৰ পৰা গ্ৰীণ টিৰ ব্যৱসায়লৈ

২০০৮ চনত আমি স্থানীয় যুৱক কেইজনমান লগ হৈ 'অৰ্গেনিকা হাৰ্ভেষ্টা' নামৰ এটা এন.জি.অ.আৰম্ভ কৰিলোঁ।সংগঠনটোৰ জৰিয়তে চাহ খেতি কৰা বা কৰিবলৈ ইচ্ছুক লোকসকলক লগত লৈ জৈৱিক চাহ বাগিচা কৰাৰ কথা চিন্তা কৰিলো।আমি মন কৰিছিলো যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উচিত মূল্য নাপায়।ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক উচিত মূল্য প্ৰদান নকৰে।সেই কথা লক্ষ্য কৰি ইয়াৰ সমাধানৰ কথা ভাবিলো।আমাৰ পাতখিনি ফেক্টৰীত নিদিয়াকৈ যদি নিজে গ্ৰীণ টি তৈয়াৰ কৰিব পাৰোঁ,তেতিয়া খেতিয়কসকলে উচিত মূল্য পাব।গ্ৰীণ টি কন্সেপ্ট টো তেনেকৈ আহিল।এন.জি.অ.টোৰ জৰিয়তে সৰু সৰু ইউনিট তৈয়াৰ কৰাত গুৰুত্ব দিলো।তাৰপাছত এটা ব্ৰেণ্ড তৈয়াৰ কৰিলো। গ্ৰীণ টি ব্ৰেণ্ডটোৰ নাম দিলো 'অ' গ্ৰীণ'।কিন্তু আৰম্ভ কৰা বেছি দিন হোৱা নাই বাবে আমি নিজকে ডাঙৰ উদ্যোগী বুলি নাভাৱোঁ।কিন্তু আমি আশাবাদী আৰু সুখী যে ইয়াৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কে উচিত মূল্য পাইছে।অসমত গ্ৰীণ টি ৰ প্ৰতি সজাগতা অহাৰ লগতে আমাৰ ব্ৰেণ্ডটো আদৰি লৈছে।কেছ অন ডেলিভাৰী সুবিধাৰে অসমৰ বিভিন্ন ঠাইৰ উপৰি ভাৰতবৰ্ষৰ চুকে-কোণে গ্ৰীণ টি দিব পাৰিছোঁ।বিশেষকৈ কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা বাবে আমি উৎপাদন কৰা গ্ৰীণ টি মানুহে আদৰি লৈছে।

প্ৰত্যাহ্বান

যিকোনো ব্যৱসায়তে প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয়।আমাৰ উৎপাদন ভাল হোৱা দেখিলে বৃহৎ উদ্যোগী সকল ইৰ্ষান্বিত হয়।কন্টেক্ট ফাৰ্মিং বিষয়টো বুজি নোপোৱা সকলেও অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰে।তেওঁলোকে ভাবে আনৰ পৰা পাত কিনি আনি পেকেটত ভৰাই বিক্ৰী কৰোঁ।প্ৰথম অৱস্থাত হতাশ হৈছিলো যদিও পৰৱৰ্তী সময়ত সেইবোৰক ইন্ধন বুলি ভাবিবলৈ ললো।

এজন সফল কৃষক হবলৈ বিশেষ গুণ

সিদ্ধাৰ্থ শংকৰৰ মতে এজন সফল কৃষক হবলৈ তিনিটা গুণৰ প্ৰয়োজন

১)ধৈৰ্য।ধৈৰ্য নাথাকিলে এজন সফল কৃষক কেতিয়াও হব নোৱাৰে।

২)অধ্যৱসায়।

৩)আত্মনিৰ্ভৰশীলতা।আত্মনিৰ্ভৰশীল হব লাগিব।অৰ্থাৎ নিজে হাতে কামে লাগিব লাগিব।

আজিৰ প্ৰজন্মই খেতি কৰাৰ কথা নাভাবে

নতুন প্ৰজন্ম চাকৰিৰ কাৰণে বাহিৰলৈ যোৱা কথাটো মই সমৰ্থন নকৰোঁ।ইয়াৰ পৰা কেৰালালৈ গৈ তাত পাঁচশ টকাত হাজিৰা কৰাৰ কথাও শুনিছো।চিকিউৰিটি গাৰ্ড কৰিবলৈও বহু ল'ৰা বাহিৰলৈ যায়। মই ভাবোঁ তাৰ সলনি যদি নিজৰ ঘৰৰ চৌহদতে এশ জোপা কাজি নেমু লগাই লয়,বা আন খেতি কৰে।বাৰ মাহে যদি জলকীয়াৰ খেতি কৰে। মোৰ বোধেৰে তেওঁলোকৰ ভাল ইনকাম হৈ থাকিব।একাগ্ৰচিত্তে কৃষিত মনোযোগ দিলে কেতিয়াও বাহিৰত হৈ চিকউৰিটি গাৰ্ড বা ইটা কঢ়িয়াব লগীয়া নহয়।অসমৰ মাটি আৰু জলবায়ু কৃষিৰ বাবে অনুকূল।অসমৰ মাটিৰ বিষয়ে বৃটিছে কৈ গৈছিল যে ইয়াত কিবা এটা গোজ মাৰি দিলেই গছ গজে। গতিকে তেনে ক্ষেত্ৰত অসমৰ মাটি এৰি থৈ আন ঠাইত হাজিৰা কৰিবলৈ যোৱাটো মই সমৰ্থন নকৰোঁ।আচলতে কৰ্মবিমুখতাৰ বাবে এনে হৈছে।

কিন্তু বৰ্তমান যুৱ প্ৰজন্মই কৃষি কাৰ্য কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।আমাৰ কাষৰীয়া বহু ঠাইৰে শিক্ষিত যুৱক কৃষিত স্বাৱলম্বী হৈছে।

অনুপ্ৰেৰণা

কৃষিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা পাইছিলো মোৰ দেউতাৰ পৰা।দেউতা নিজে এজন কৃষক।দেউতা অফিচৰ পৰা আহি পোনেই বাৰীলৈ গৈছিল।মেন্থল লাইট জ্বলাই ৰাতি দহ বজালৈ কবি পুলি ৰুইছিল।তেওঁ কেতিয়াও জিৰণি লোৱা দেখা নাছিলো।সেই কথাই মোক প্ৰেৰণা দিছিল।দেউতা মোৰ আদৰ্শ ব্যক্তি। মোৰ পত্নী কংকী বৰদলৈ পেচাগত ভাৱে এগৰাকী অভিনেত্ৰী হৈও কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী।তেওঁ আমাৰ ফাৰ্ম খনলৈ সদায় যায় আৰু মোৰ সৈতে সমানে সহযোগিতা আগবঢ়ায়।গ্ৰীণ টি ৰ ক্ষেত্ৰতো পেকেটিঙৰ কামখিনি তেওঁ নিজে চায়।গতিকে সকলো ফালৰ পৰা তেওঁ মোক অনুপ্ৰাণিত কৰিছে।

image


কৃষিৰ সমান্তৰালকৈ সাহিত্যৰ কৰ্ষণ

'কবিতা লিখিম বুলি কেতিয়াও ভবা নাছিলো।নীলমণি ফুকনৰ কবিতাৰ সাম্ৰাজ্য খনত যেতিয়া সোমাই পৰিলো, কেনেকৈ মোৰ কলমেদি কবিতা ওলাল গমেই নাপালো।'

কেৱল কলমেদি কবিতা সৃষ্টি হোৱাই নহয়, তেওঁৰ কবিতা পাঠকে আদৰি লৈছে।অসমৰ সাহিত্য ক্ষেত্ৰখনৰ এটা জনপ্ৰিয় নাম সিদ্ধাৰ্থ শংকৰ কলিতা।তেওঁৰ কবিতা ইংৰাজী ভাষাৰ উপৰিও বাংলা, গ্ৰীক,জাৰ্মান,ফ্ৰেন্স আদি ভাষালৈ অনুবাদ হৈছে।'পলিথিনৰ ঢোৰাকাউৰী' শীৰ্ষক তেওঁৰ নিৰ্বাচিত কবিতাৰ কবিতাপুথি শীঘ্ৰে প্ৰকাশ হোৱাৰ পথত।

কৃষিৰ লগতে সাহিত্য ক্ষেত্ৰখনতো সাধনাৰ কৰ্ষণ কৰি যোৱা আৰু নিজকে এজন সাধাৰণ উদ্যোগী যুৱক হিচাপে চিনাকি দিবলৈ ভালপোৱা সিদ্ধাৰ্থ শংকৰ কলিতালৈ য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা থাকিল অশেষ শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা