জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল

Monday September 19, 2016,

3 min Read

ভাৰতৰ ষষ্ঠদশ ধনী ব্যক্তি নৰেশ গোয়েলৰ অতীত আছিল দাৰিদ্য আৰু সংঘাতেৰে ভৰা । তেওঁৰ বয়স যেতিয়া ১২ বছৰ তেতিয়া তেওঁৰ পৰিয়াল দেউলীয়া হৈ গৈছিল আৰু তেওঁলোকৰ সমস্ত সম্পত্তি নিলাম হৈ গৈছিল । "মোৰ খাবলৈ পইছা নাছিল, থাকিবলৈ ঠাই নাছিল আৰু মোৰ শিক্ষাৰ খৰছ বহন কৰিব পৰাকৈও ধন নাছিল ।" চিএনবিচিক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় । 

Image : Arabian Supply Chain

Image : Arabian Supply Chain


পঞ্জাবৰ ছাংগ্ৰুৰৰ এটা অলংকাৰ ব্যৱসায়ী পৰিয়ালত জন্ম হৈছিল নৰেশ গোয়েলৰ । দেউলীয়া হোৱাৰ পাছত তেওঁলোকৰ পৰিয়ালটো তেওঁৰ মাকৰ মোমায়েকৰ ঘৰত থাকিবলৈ গুছি গৈছিল । ঘৰত বিজুলী নথকা বাবে তেওঁ ষ্ট্ৰীট লাইটৰ তলত পঢ়িছিল । 

তেওঁ চাৰ্টাৰ্ড একাউনটেন্ট হবলৈ বিচাৰিছিল যদিও ধনৰ অভাৱত তেওঁ বি কম কৰিবলৈ বাধ্য হয় । ১৯৬৭ চনত তেওঁ মোমায়েকৰ ট্ৰেভেল এজেন্সীত তিনিশ টকা দৰমহাত কেশ্বিয়াৰ হিচাপে যোগদান কৰে । 

কঠোৰ পৰিশ্ৰমী নৰেশে ১৯৬৯ চনত ইৰাকী এয়াৰৱেজৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে যোগদান কৰে । ১৯৭১ আৰু ১৯৭৪ চনৰ মাজৰ সময়ছোৱাত তেওঁ ALIA, ৰয়েল জৰ্ডানিয়ান এয়াৰলাইনছ যোগদান কৰে আঞ্চলিক মহাপ্ৰৱন্ধক হিচাপে । এই সময়ছোৱাত তেওঁ বিমান পৰিবহন আৰু ভ্ৰমণ উদ্যোগৰ বিষয়ে বহু প্ৰশিক্ষণ লোৱাৰ লগতে প্ৰচুৰ অভিজ্ঞতা সঞ্চয় কৰে । 

১৯৭৪ চনত তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । তেওঁ মাকৰপৰা কিছু ধন লৈ নিজাকৈ জেট এয়াৰ নামৰ এটা ট্ৰেভেল এজেন্সী আৰম্ভ কৰে । তেওঁৰ প্ৰতিস্থানে এয়াৰ ফ্ৰান্স, অষ্ট্ৰিয়ান এয়াৰলাইনছ আৰু কেথেই পেচিফিকৰ দৰে সংস্থাক প্ৰতিনিধিত্ব কৰিছিল ।

১৯৫১ চনটো আছিল ভাৰতৰ বিমান পৰিববহণ ক্ষেত্ৰখনৰ উত্থানৰ সময় । নৰেশৰ দৃষ্টিত এয়া আছিল এটা সুন্দৰ সুযোগ । তেওঁ নিজৰ ট্ৰেভেল এজেন্সীক এটা এয়াৰলাইনছ কোম্পানীলৈ পৰিণত কৰে । ১৯৯৩ চনত জেট এয়াৰৱেজে এয়াৰ টেক্সী অপাৰেটৰ হিচাপে কাম কৰা আৰম্ভ কৰে । ২০০৪ চনত ইয়াত আন্তঃৰাষ্ট্ৰীয় বিমান সংযুক্ত কৰা হয় ।

২০০৭ চনত জেট এয়াৰৱেজে এয়াৰ ছাহাৰা অধিগ্ৰহণ কৰে আৰু ২০১০ চনত দেশৰ বৃহত্তম বিমান পৰিবহণ সংস্থা হৈ পৰে । ২০১২ চনৰপৰা এই স্থান ইণ্ডিগ'ই অধিকাৰ কৰি আহিছে । 

নৰেশে বহু উত্থান পতন দেখিছে । বিমান পৰিবহণ ক্ষেত্ৰখনত দেখিবলৈ পোৱা উত্থান পতন সমূহৰ মাজতে তেওঁ নিজৰ ব্যৱসায়ক অহৰহ সকলো প্ৰত্যাহ্বানৰ সন্মূখীন হ'ব পৰাকৈ পৰিৱৰ্তিত কৰি আহিছে । ভাৰতৰ বিমান পৰিবহন ব্যৱসায়ৰ ২১ শতাংশ দখলেৰে আজি জেট এয়াৰৱেজ দেশৰ দ্বিতীয় বৃহত্তম বিমান পৰিবহণ সংস্থা ।

২০১৬ চনত জেট এয়াৰৱেজে নিজৰ বাৰ্ষিক লাভৰ পৰিমাণ ৰাজহুৱা কৰে । এয়া আছিল জেট এয়াৰৱেজৰ ইতিহাসৰ বৃহত্তম লাভ । এটা সাক্ষাৎকাৰত তেওঁ কয়, "জেট এয়াৰৱেজ যোৱা দুটা বছৰত নতুন ৰূপত উদ্ভাষিত হৈছে । আমাৰ এই পৰিৱৰ্তিত ৰূপে আমাক অভিলেখ পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হৈছো ।" 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ