মহিলা উদ্যোগীলৈ কেইটামান পৰামৰ্শ

0

“...কিন্তু মই নাভাৱো যে আপুনি এইখন পৃথিৱীত বি.ই. নহৈ প্ৰকৃততেই এগৰাকী মহিলা হ’ব পাৰিব।”- অপৰা উইনফ্ৰে

এসময়ত এজনী কণমানি ছোৱালীয়ে তাইৰ নিজৰ সকলো দায়িত্ব নিজে পালন কৰিছিল আৰু তাই ঠিক সেইটোকে কৰিছিল, যিটো কৰিবলৈ তাইক কোৱা হৈছিল।তাই এজনী ভাল জীয়েক আছিল, এটা ভাল পৰিয়ালত তাই ডাঙৰ-দীঘল হৈছিল আৰু বন্ধু-বান্ধৱবোৰো ভালেই আছিল।বছৰবোৰ বাগৰি গৈ এদিন তাই এগৰাকী মৰমিয়াল মহিলালৈ পৰিণত হৈছিল আৰু তেওঁৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান আৰু দায়িত্ব সুন্দৰকৈ পৰিচালিত কৰিছিল।তেওঁ প্ৰতিটো কামতে নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিছিল আৰু সদায় আনন্দ মনেৰে থাকিছিল।বা এনেকুৱাও হ’ব পাৰে যে, তেওঁ বেপৰোৱা প্ৰকৃতিৰ আছিল আৰু যিটো কৰি ভালপাইছিল সেইটোকে কৰিছিল,আপত্তি তেনেকৈ নকৰিছিল।কিন্তু ইমানখিনি কৰিও যেন তেওঁৰ আহৰি নাছিল, অৰ্থাৎ আৰু কৰিব লাগিছিল।সেয়ে তেওঁ কোনোদিনে নিজকে সম্পূৰ্ণ বুলি ভাবিব পৰা নাছিল।তেওঁ জানিছিল যে, তেওঁ কৰি থকা কামতকৈও বেছি কৰিবলগীয়া আছে।এই কথাবিলাকৰ কাৰণে তেওঁৰ নিজৰ সত্বা বিচাৰি ফুৰিছিল আৰু তেওঁ বুজি উঠিছিল যে, তেওঁ কৰি থকা কামবোৰ বা নিজৰ পৰিয়ালটোৰ বাহিৰেও আন এখন পৃথিৱীও আছে (জাতি,চহৰ,দেশ,বিশ্ব ইত্যাদি)।

মোৰ নাম ভাৱনা, মই এগৰাকী কাৰ্যবাহী প্ৰশিক্ষক আৰু টেলেণ্ট পাৱাৰ পাৰ্টনাৰচ্ নামৰ এটা শিক্ষণ আৰু উন্নয়ন কোম্পানী খুলি উদ্যোগশীলতাৰ জগতখনত প্ৰৱেশ কৰিছো।আজি যদি পিছফালে এবাৰ ঘূৰি চাওঁ, কিছুমান কথা মনলৈ আহে। মহিলা উদ্যোগী হিচাপে কিছুমান কথা মই আপোনালোকক ক’ব খুজিছোঃ

• মোৰ এই যাত্ৰাৰ প্ৰথম খোজ আৰু সমগ্ৰ অভিজ্ঞতা প্ৰকৃততে আছিল আত্মাৰ সন্ধান- আপোনাক জীৱনটো যাপন কৰিবৰ বাবে কি কি প্ৰদান কৰা হৈছে? অতিৰঞ্জিত আনন্দ নহয়, আপোনাক কিহে প্ৰকৃত আনন্দ দিয়ে? ব্যাৱসায় এটা গঢ় দিয়াৰ পাছত আপোনাৰ কি ব্যক্তিগত প্ৰয়োজন পূৰণ হোৱাটো বিচাৰে? কেতিয়াবা এইটো স্পষ্ট হৈ থাকে আৰু কেতিয়াবা সুযোগৰ জৰিয়তে শিকিব পাৰি।যেতিয়া উদ্যোগী হোৱাৰ কাৰণসমূহ আপোনাৰ স্পষ্ট হ’ব, আপুনি বুজিব যে আপুনি এটা টাৰ্নিং পইণ্ট লাভ কৰিছে আৰু এইটো এক ডাঙৰ সফলতা। কিন্তু ৰ’ব!! এইটো আকৌ সমস্যাৰো আৰম্ভণি।কাৰণ এতিয়াৰ পৰা আপোনাৰ আহৰি নোহোৱা হ’ব আৰু অধিক কষ্ট কৰিবলৈ আপুনি পাৰ্যমানে শক্তি সঞ্চয় কৰিব লাগিব।প্ৰচুৰ কষ্ট কৰিব লাগিব আৰু যেতিয়াই প্ৰয়োজন হয় কামত দ্ৰুত হ’ব লাগিব।কাম কৰা আৰু উদ্যোগী হোৱা-এই দুয়োটাই জৰুৰী।

• এটা কথা মই অনুভৱ কৰোঁ যে, আপুনি কোন আৰু আপুনি কি কৰি ভালপায়-সেয়া বুজি পোৱাৰ অৰ্থ এইটো নহয় যে, আপুনি যিবোৰ কামত অপৈণত বা কৰি বেয়া পায়, সেইবোৰৰ পৰা আঁতৰি থাকিব।এগৰাকী উদ্যোগী হিচাপে এটা কথা নিশ্চিত যে আপুনি ব্যাৱসায়টোৰ যিকোনো কথাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব।সেয়া লাগিলে বিত্তীয়ই হওঁক বা বিপণনেই হওঁক।নিজৰ ব্যক্তিগত সামৰ্থ আৰু দুৰ্বলতাৰ প্ৰতি সৎ আৰু সজাগ হ’ব লাগিব আৰু ব্যাৱসায়ত সহায় হোৱাকৈ বিভিন্ন ক্ষেত্ৰত কৌশলী লোকক নিয়োগ কৰিব লাগিব।

• সাৱধানেৰে আৰম্ভণিৰে পৰা কৌশলী মানুহৰ সহায় লৈ আগবাঢ়ি যাব লাগিব আৰু আনকো প্ৰয়োজনত আপোনাৰ সহায়ৰ হাত আগবঢ়াব লাগিব।সাধাৰণতে মহিলাসকলৰ দায়িত্ব আনক সহায় কৰা বা শুশ্ৰষা প্ৰদানতে ন্যস্ত থাকে।তেওঁলোকে এইটো অনুভৱ নকৰে, কিন্তু নিজৰ বেলিকা যেতিয়া সহায়ৰ প্ৰয়োজন হয়, তেতিয়াহে নিজকে অৱহেলিত বুলি ভাৱে। সেয়েহে এই সৃষ্টিশীল যাত্ৰাত নিজকে নিজে সহায় কৰিব পৰাকৈ গঢ়ি ল’ব লাগিব।আপুনি ধীৰ-স্থিৰ হৈ বহক আৰু আপোনাক সহায় কৰিব পৰা দলটো বাচি উলিয়াওক,তাৰপিছত কৌশল থিক কৰক আৰু সেইবিলাক মানুহৰ ওচৰলৈ যাব, যাৰ পৰা আপুনি আপোনাৰ কামৰ বাবে সহায় বিচৰিব পাৰে, কাৰণ আপোনাৰ কামটো সুন্দৰ আৰু সৃজনীমূলক।আপুনি ইয়াৰ বাবে কেতিয়াও লাজ বা অপমানিত বোধ নকৰিব।আপুনি যদি আপোনাৰ মিছনটোৰ প্ৰতি চিৰিয়াচ হয়, অতি সোনকালে মানুহে আপোনাৰ ভিতৰৰ প্ৰজ্জ্বলিত মনটোক চিনি পাব আৰু আপোনাক সহায় কৰিবলৈ নিজেই আগুৱাই আহিব।

• যেতিয়া মহিলাসকল কোনো এক পদোন্নতিৰ বাবে ৰৈ যায় বা ঘৰখনৰ সকলো দায়িত্ব চম্ভালা বা লিংগ বৈষম্য জাতীয় কোনো কথাৰ অৱতাৰণা হ’লে, “এইটো থিকে আছে” বা “এইটো ভালেই” বা “মই গুৰুত্ব নিদিওঁ” জাতীয় কথাবোৰ তেওঁলোকৰ মাজত প্ৰায়েই শুনা যায়। কিন্তু মই ক’ব খোজো যে, তেওঁলোকে যি কৰি আছে, তাক সততাৰে মানি ল’ব লাগে।

• মহিলাসকলে তেওঁলোকৰ নাৰীসুলভ কমনীয়তাৰ বাবে আনন্দিত হ’ব লাগে আৰু ইয়াৰ বাবে কেতিয়াও ভয় খাব নালাগে। নিজৰ আত্মসন্মান বজাই ৰাখি যিমানলৈ সম্ভৱ সুবিধাবোৰ আদায় কৰি ল’ব লাগে।এইটো সৰ্বজনবিদিত আৰু গ্ৰহণীয় কথা যে মহিলাসকলে পুৰুষৰ তুলনাত সহজে আৱেগিকতা দেখুৱায়, যিটোৱে কিছু কিছু ক্ষেত্ৰত পুৰুষশাসিত বিশ্বত তিষ্ঠি থকাত মহিলাক সমস্যাতে পেলাইছে, সেয়েহে আপোনালোকে কথা ক’বলৈ ভয় নকৰিব।আপোনাৰ অনুভৱবিলাক, আপোনাৰ শৰীৰ আৰু আত্মাৰ মাজৰ এক যোগসূত্ৰ-সেইবিলাকলৈও মন কৰিব। এই আত্মসজাগতা নেতৃত্বৰ এক দৰকাৰী গুণ।

• মই এগৰাকী উদ্যোগী হৈ আহিছো যেতিয়া মই ইয়াৰ বাবে সাজু হৈ আছো বা সাজু হৈ থকা নাই।এই দুয়োটা পৰিস্থিতিয়েই সমানে গুৰুত্বপূৰ্ণ।মানুহে এইটোকেই অৰ্থ কৰে যেতিয়া তেওঁলোকে কয় যে, আপুনি অসফলতাৰ পৰাই শিকি ওপৰলৈ উঠিছে।এতিয়া, যেতিয়া পিছলৈ উভতি চাওঁ, মনটোৱে কয় সেই সময়ত মই সাজু বা চিৰিয়াচো নাছিলো। কিন্তু এইটোৱে মোক বহুতো কথা শিকাইছিল, যিবিলাক এতিয়া কামত আহিছে। নিজৰ ওপৰত নিজে বিনিয়োগ কৰক।নজনাটো জানিবলৈ বিচাৰক।অসফলতাক কৌশল আৰু জ্ঞান অৰ্জনৰ চিৰি হিচাপে লওক।সফলতাক উদযাপন কৰক, কিন্তু এই কথাও মনত ৰাখিব যে এয়া ক্ষন্তেকীয়া। নিজৰ অসফলতাৰ কথাত বৰ বেছি গুৰুত্ব দি নাথাকিব, কাৰণ এইবিলাকো ক্ষন্তেকীয়াই।গুৰুত্বপূৰ্ণ কথা হৈছে,আগবাঢ়ি যোৱাটো।আপোনাৰ আশাবোৰক নতুন উদ্যমেৰে সজাই তোলা আৰু এক বৃহৎ সপোনৰ চিন্তাই দুৰ্বল কথাবোৰক পাহৰাই ৰাখিব।নিজকে সদায় সৎ প্ৰশ্ন কৰিব আৰু উত্তৰো সঁচাটোৱেই দিব।সদায় উদ্যমী হৈ ৰ’ব।

• কেতিয়াবা আপোনাৰ কামটো হৈ নুঠা পৰ্যন্ত মিছা মাতিব লগা হ’ব পাৰে।এই ক্ষেত্ৰত আমাৰ মহিলাসকলতকৈ ভাল আৰু কোন হ’ব পাৰে।ডাঙৰ চিন্তা কৰক,কল্পনা কৰক আপুনি সেই লক্ষ্যত উপনীত হ’লেই আৰু এই চিন্তাক আপোনাৰ ভাৱনা, কথোপকথন আৰু কাৰ্যত পৰিণত কৰক।মহিলা উদ্যোগী হিচাপে আপুনি নিজৰ মাজত নেতৃত্ব দিয়াৰ সক্ষমতা গঢ়ি তোলক।বিশ্বৰ বহুতো দেশে ভাৱে, নেতৃত্ব গুণটো জন্মগত যিটো নিজে গঢ় দিব নোৱাৰি। কিন্তু আজি আমি জানিছো যে, এইটো সঁচা নহয়।নেতৃত্ব বস্তুটো আচলতে নিজৰ প্ৰয়োজনীয়তা হে।মহিলাসকলে আকৌ সাধাৰণতে নিজৰ প্ৰয়োজনীয়তাতকৈ আনৰ প্ৰয়োজনীয়তাৰ প্ৰতিহে বেছি গুৰুত্ব দিয়ে।মহিলা নেত্ৰীৰ সংখ্যা কম হোৱাৰ কাৰণ ইয়ো এটা।

এইটো দেখা যায় যে, মহিলা উদ্যোগীসকলে নিজৰ ব্যাৱসায়ত নতুন কিছুমান মূল্যবোধৰ সংযোজন ঘটাইছে। তেওঁলোক স্বাভাৱিকতেই কষ্ট-সহিষ্ণু প্ৰকৃতিৰ। তেওঁলোকে সম্পৰ্ক একোটাক পুৰুষতকৈ বেছি গুৰুত্ব দিয়ে আৰু ব্যাৱসায় এটাত সম্পৰ্কবিলাক কিমান স্পৰ্শকাতৰ হয়, এয়া আমাৰ সকলোৰে জ্ঞাত।মহিলাসকল কামৰ সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰাত বেছ পাকৈত।এই সকলোবোৰ ভাল নেতৃত্ব প্ৰদানৰ গুণ।এইখিনিৰ সহযোগতে মহিলাসকলে তীব্ৰ প্ৰতিযোগিতামূলক পৃথিৱীখনত তিষ্ঠি থাকিব পৰাকৈ সুযোগ আৰু নেটৱৰ্ক লাভ কৰিছে। তদুপৰি আমাৰ লগত আছে সুদৃঢ় শিক্ষাৰ ভেঁটি, গতিকে এই সকলোৰে সহযোগিতাত আমি আমাৰ ব্যাৱসায় আগুৱাই নিয়াৰহে কথা।মই আপোনালোকক আহ্বান জনাইছো, এই সকলো সুন্দৰ বস্তুক আপোনালোকে নিজৰ অধীনলৈ আনক, আপোনাৰ সপোনৰ পম খেদি আগুৱাই যাওক আৰু বিশ্বখনক কৰি তোলক নিজৰ খেল-পথাৰ।

“মই প্ৰতিজনী কণমানি ছোৱালীকে, যাক কোম্পানীৰ ‘বছবিলাকৰ’ দৰে বুলি কৈ ইতিকিং কৰা হয়, তাৰ পৰিৱৰ্তে তেওঁলোকৰ নেতৃত্ব দিয়াৰ সক্ষমতা আছে বুলি কোৱাটোহে বিচাৰিম।”-শ্বেৰিল চেণ্ডবাৰ্গ

মূলঃ ভাৱনা দালাল

অনুবাদকঃ লীনা শইকীয়া