ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু

ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু

Thursday December 03, 2015,

5 min Read

আপোনাৰ যদি কোনো এটা বস্তুৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকে তেন্তে আপুনি সেই বস্তুটো আয়ত্ত কৰি লোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰাখে ঠিক তেনেদৰে আপোনাৰ কিবা এটা কাম কৰি দেখুৱাৰ বা কৰাৰ হাবিয়াস থাকে তেন্তে আপুনি নিজৰ মাজত জাগ্ৰত কৰা ইচ্ছা শক্তিৰ জৰিয়তে নিশ্চিতভাৱে নিজৰ ইস্পিত লক্ষ্যত উপনীত হব।

আমি এনে এগৰাকী ব্যক্তিৰ কথা আপোনালোকক কব বিচাৰিছো যাৰ নাম ৰচনা প্ৰভু।

image


ডুডল ডুৰ প্ৰতিষ্ঠাতা ৰচনা প্ৰভুৱে বুজিব পৰা হোৱাৰ পৰাই হাতত পেঞ্চিল তুলি লৈছিল আৰু ছৱি আঁকি গৈছিল ।

মই সৰুকালৰ পৰাই ছৱি আঁকিবলৈ আৰম্ভ কৰিছিলো, অৱশ্যে চিত্ৰকলাত মই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিলো।মই স্কুলত টিফিনৰ খাদ্যৰ বাবে বন্ধুৰ বাবেই ছৱি আঁকিছিলো আৰু মোৰ নিজৰ বহীত ডুডল প্ৰস্তুত কৰিছিলো। এই ক্ষেত্ৰত মোৰ পিতৃ-মাতৃয়ে যথেষ্ট প্ৰেৰণা যোগাইছিল। যোৱা কেইটা বছৰত মই নিজৰ ছৱি অঁকাৰ ধৰণক লৈ যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিছো আৰু কলেজত পঢ়ি থকাৰ সময়ত এখন ছৱিক লৈ হোৱা উপলব্ধিয়ে মোক ছৱি আঁকি যাবলৈ যথেষ্ঠ প্ৰেৰণা দি আহিছে, নিজৰ সম্পৰ্কত এইদৰে কয় ৰচনা প্ৰভুৱে।

image


ৰচনা প্ৰভুৰ আছে নিজৰ এক অনলাইন ষ্ট'ৰ, যাৰ জৰিয়তে তেওঁ গ্ৰাহকৰ লগত কথা পাতে আৰু তেওঁলোকৰ প্ৰয়োজন অনুযায়ী ছৱি অংকন কৰে।

ৰচনা প্ৰভুৰ গ্ৰাহক বিশেষত মহিলাসকল। যুৱতীসকলৰ মাজত তেওঁৰ ছৱিৰ যথেষ্ট জনপ্ৰিয়তা আছে। ইয়াৰ একমাত্ৰ কাৰণ হল যুৱতীসকলৰ সত্বা প্ৰতিফলিত কৰা কিছুমান ছৱি, যাৰ জৰিয়তে ৰছনা প্ৰভুই জনপ্ৰিয়তা লাভ কৰিছে।

বিবাহৰ পাছত কৰ্ণাটকৰ মহীশূৰৰ কুৰ্গত বসবাস কৰা ৰচনা প্ৰভুৱে ঘৰতে নিজৰ ষ্টুডিঅ' চলায়। উটীৰ বোৰ্ডিং স্কুলত থাকি পঢ়া শুনা কৰা ৰচনা বিজনেছ মেনেজমেন্টত স্নাতক আৰু বাংগালুৰুৰ কমিটছৰ পৰা সাংবাদিকতা আৰু গণ সংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

প্ৰভুৱে কয় যে সাংবাদিকতাৰ পাঠ্যক্ৰম পঢ়ি থকাৰ কালত তেওঁৰ শিক্ষকে কলেজৰ নিউজ লেটাৰ প্ৰস্তুত কৰিবৰ সময়ত তেওঁক তাৰ অংকনৰ কামত নিয়োগ কৰিছিল আৰু তেতিয়াই তেওঁবুজি উঠিছিল যে ছৱি অংকনৰ জৰিয়তে তেওঁ ভৱিষ্যতে আন বহুতো কাম কৰিব পাৰিব।

বাংগালুৰুত গণ-সংযোগ কাৰ্যালয় এটাত কাম কৰি থকাৰ সময়ত তেওঁ গোপনে সকলো প্ৰকাশন গোষ্ঠীক ই-মেইল প্ৰেৰণ কৰি শিশুৰ কিতাপৰ বাবে অংকনৰ কামৰ সন্ধানত আছিল। আৰু কোনো ধৰণৰ অভিজ্ঞতা নোহোৱাকৈ নিজৰ প্ৰথম কাম বিচাৰি পাইছিল। আৰু তাৰ পাছত তেওঁ পিছলৈ চোৱা নাই।

ৰচনাই নিজৰ প্ৰথম কাম সম্পৰ্কত কয় যে, “যুগৰ পৰিবৰ্তনৰ লগে লগেই সকলো ক্ষেত্ৰতেই প্ৰযুক্তিগত পৰিবৰ্তন আহেই আৰু তাৰ বাবেই মোক কামত নিয়োগ কৰা প্ৰকাশন গোষ্ঠীটোৱে কামবোৰ ডিজিটেল মাধ্যমত প্ৰেৰণ কৰিবলৈ কৈছিল। কোনো ধৰণৰ ছফটৱেৰৰ জ্ঞান নথকাৰ বাবেই মই ইন্টাৰনেটৰ সহায় ললো আৰু ইউ টিউবৰ জৰিয়তে ফটোশ্বপ জাতীয় ছৱি অংকনৰ বিভিন্ন ছফটৱেৰ শিকি পেলালো আৰু এইদৰেই মোৰ দিনৰ চাকৰিৰ পাছত নিশাৰ কৰ্মব্যস্ততা বৃদ্ধি পাইছিল। মই সেই বৰ্ষতেই শিশুৰ বাবেই তিনিখন ‘ইলাষ্ট্ৰেছন বুক’ বা ‘অংকনধৰ্মী কিতাপ’ সম্পূৰ্ণ কৰি পেলাইছিলো। তাৰ পাছত মই সঁচা অৰ্থত আৰু ঘূৰি চাবলগীয়া হোৱা নাই। মই সদায় কাম পাই আহিছো। বিশেষত মোৰ ছৱি অংকনৰ শিক্ষা কামৰ জৰিয়তেই হৈছে। মোক এই উপলব্ধিটোৰ বাহিৰে বেলেগ সফলতাৰ কোনো প্ৰয়োজন নাই।”

ইমানৰ পাছতো ৰচনাই কিন্তু কাম কৰিবলৈ এৰি দিয়া নাছিল। ৯ বজাৰ পৰা ৫ বজালৈ কৰা তথাকথিত কামৰ মাজত ব্যস্ত থাকিও তেওঁ নিশাৰ ভাগত আৰু সাপ্তাহিক বন্ধত বিভিন্ন ছৱি অংকনৰ কামসমূহ সম্পূৰ্ণ কৰিছিল। এগৰাকী ইলাষ্ট্ৰেটৰ হিচাপে তেওঁৰ জনপ্ৰিয়তা গঢ় লৈ উঠিছিল।

ৰচনা প্ৰভুৰ ব্যস্ততাভৰা কামৰ এই পৰিক্ৰমাৰ অন্ত পৰিছিল তেওঁৰ বিবাহৰ জৰিয়তে। তেওঁৰ স্বামীৰ সহায়ত চাকৰি জীৱন পৰিত্যাগ কৰি তেওঁ একাণপতীয়াকৈ ছৱি অংকনৰ কামত মনোনিৱেশ কৰিবলৈ সকাহ পাইছিল। আৰু তেতিয়াই আৰম্ভ হৈছিল ডুডল ডু নামৰ ষ্টাৰ্ট আপটো। তেওঁ কয় এয়া তেওঁৰ সঠিক সিদ্ধান্তৰ ফচল আছিল।

বিবাহৰ পূৰ্বে যেতিয়া ৰচনা প্ৰভুৱে নিশাৰ ভাগত ডিজিটেল ছৱি অংকনৰ কামত ব্যস্ত আছিল তেতিয়াই তেওঁ বিভিন্ন বস্তত ছৱি অংকনৰ কথাটো চিন্তা-চৰ্চা কৰি আছিল। বিশেষত ছোৱালীবোৰে নিজৰ ভেনিটী বেগত লব পৰা সুন্দৰ চিত্ৰকলা সম্বলিত আইনাৰ অভাৱে ৰচনা প্ৰভুক তেওঁৰ ষ্টাৰ্ট-আপৰ প্ৰথমটো প্ৰডাক্তৰ সন্ধান দিছিল। বাংগালুৰুৰ ফ্লী-মাৰ্কেটলৈ সঘনে গৈ থকা ৰচনাই জানিছিল গ্ৰাহকৰ পছন্দৰ বস্তুসমূহ কি?

image


সেইবাবেই নিজৰ চাকৰি এৰাৰ পাছত তেওঁ ভালদৰে বুজি পাইছিল নিজৰ পৰৱৰ্তী লক্ষ্যৰ কথা। নিজৰ বেনাৰত চিত্ৰ কলাৰ প্ৰচলনেই আছিল তেওঁৰ ষ্টাৰ্ট-আপৰ আৰম্ভণীৰ কাৰক। ডুডল-ডুৰ শিপা আছিল সেয়াই, আৰু এই ডুডল-ডুৰ বেনাৰত ৰচনা প্ৰভুৱে প্ৰস্তুত কৰিছে, পকেট মিৰৰ, ফ্ৰীজ্ মেগনেটচ, ডুডল কিটচেন টাৱেল, লেপটপ শ্লীভ, ৱীৱেৰ অৱ ডগছ ছাইন-বোৰ্ড তথা সুন্দৰ ছৱি থকা ৰন্ধনৰ কিতাপৰ বেটুপাত। ইয়াৰ উপৰি তেওঁ টেবুলত থব পৰা ছৱি সম্বলিত ২০১৬ চনৰ কেলেণ্ডাৰো প্ৰস্তুত কৰি উলিয়াইছে।

এই মুহুৰ্তত ডুডল ডু একমাত্ৰ ৰচনা প্ৰভুৰ প্ৰচেষ্টাত চলি আছে। ছৱি অংকনৰ পৰা বস্তুৰ বিক্ৰী আৰু গ্ৰাহকলৈ যোগান ধৰাৰ সকলো কাম ৰচনাি নিজেই কৰে। তেওঁ কয় যে তেওঁ এটা কাম কেতিয়াবা একে বহাতেই সম্পূৰ্ণ কৰে আৰু কেতিয়াবা এটা সপ্তাহো লগায়। সংগীত শুনি কাম কৰা ৰচনাই কয় যে তেওঁ প্ৰথমে নিজৰ স্কেছ বহীত আঁকি লয় আৰু তাৰ পাছত ফটোশ্বপত তাৰ সৌন্দৰ্যবৰ্দ্ধন কৰে। তেওঁ কয় যে তেওঁৰ শিল্পীমনলৈ কেতিয়াবা মানসিক অৱসাদো নহা নহয়।

ৰচনা প্ৰভুৰ সফলতা ঠিক এনেদৰেই আৰু সুখকৰভাৱেই অহা নাছিল। প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায়ত সফলতা পাবলৈ উৎকণ্ঠা থকা ৰচনাই এটা কথা ভৱিছিল যে তেওঁৰ ব্যৱসায়টো তেওঁৰ পৰিচয় হওক আৰু ইয়াৰ এক বজাৰ মূল্যও থাকক। কিন্তু নিজৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীয়ে ৰচনাক যথেষ্ট উৎসাহিত কৰি তুলিছিল। তেওঁৰ সামগ্ৰীয়ে বজাৰ মূল্য পোৱাৰ লগতে ই গ্ৰাহকক সন্তষ্টিও দিয়ে। এই কথাটোৱে ৰচনাক কাম কৰি যাবলৈ প্ৰেৰণা দি আহিছে। তেওঁ কয় যে ইন্টাৰনেটে তেওঁক সদায় সহায় কৰি আহিছে। বিশেষত ফেচবুকৰ দৰে ছচিয়েল মিডিয়াই তেওঁৰ গ্ৰাহক বৃদ্ধি কৰাৰ লগতে তেওঁৰ অনলাইন ষ্ট'ৰৰ জনপ্ৰিয়তা আনিছে।

মই ভাৱো যে উদ্যোগশীল ব্যক্তিৰ বাবে কোনো এটা কাম আৰম্ভ কৰাৰ সময়খিনিয়েই যথেষ্ট কষ্টকৰ। আৰু এই সময়খিনি অতিক্ৰম কৰাৰ পাছতেই সকলো নিজৰ ঠাই গ্ৰহণ কৰি লয়। আৰু ইয়াৰ পাছত আৰম্ভ হয় নিজে ভাল পোৱা কামটো কৰি যোৱা। এইদৰে কয় ৰচনা প্ৰভুয়ে।

ৰচনাৰ বাবে নিজৰ ব্যৱসায়িক মন্ত্ৰ এটাই এটাই আৰু সেয়া হৈছে সদায় ব্যতিক্ৰমী হৈ নিজৰ প্ৰকৃত সৃষ্টি উলিয়াই যোৱা। সফলতা পাবাই।

তেওঁ কামত নিজে নিজৰ সৰ্বেসৰ্বা হোৱা কথাটো যথেষ্ট উপভোগ কৰে, কিযনো কাম আৰু বিনোদনৰ মাজৰ সীমা নিৰ্ধাৰণ কৰি জীৱন আৰু কৰ্ম সমানেই উপভোগ কৰিব পাৰি।

নিজৰ কামক লৈ ৰচনা প্ৰভু যথেষ্ট সুখী আৰু তেওঁ আশা কৰে যে আগন্তুক বৰ্ষ কেইটাত তেওঁ বহুতো নতুন সামগ্ৰী প্ৰস্তুত কৰি যাব। মই অনাগত দিনত অইন ব্যক্তিৰ লগত কাম কৰিবলৈও আগ্ৰহী।

নিজকে সদায় মনোগ্ৰাহী আৰু কামত মনোনিৱেশ কৰি ৰখা ৰচনা প্ৰভুৰ সকলো নৱতম উদ্যোগশীললৈ এটাই পৰামৰ্শ, 'নিজৰ কাম কৰি যোৱাৰ লগতে ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে । তেতিয়াহে নিজৰ প্ৰডাক্তৰ এটা গ্ৰাহক গোট প্ৰস্তুত হ’ব যিয়ে প্ৰতি মুহূৰ্তত আপুনি প্ৰস্তুত কৰা সামগ্ৰী পছন্দ কৰি যাব। আৰু সেয়াই হ’ব প্ৰতিগৰাকী সফল উদ্যোগশীলৰ পৰিচয়।'

লেখকঃ তনৱী ডুবে

অনুবাদঃ শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান