গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

Thursday February 18, 2016,

5 min Read

“খাদ্যৰ দ্বাৰা আপুনি সহজেই কাৰোবাৰ হৃদয়ত থিতাপি ল’ব পাৰে। সুন্দৰকৈ ৰন্ধা এসাজ আহাৰে সদায় ভালপোৱাৰ বাট মুকলি কৰে।পতি-পত্নীৰ মাজৰ বান্ধোন নিকপকপীয়া কৰাতো আপোনাৰ ৰন্ধন শৈলীৰ ভূমিকা প্ৰচুৰ। কামৰ পৰা ভাগৰে-জোগৰে অহা আপোনাৰ স্বামীৰ হাতত সযতনে তুলি দিয়া চৰবত বা এগিলাচ লাচ্চিয়ে নিমিষতে তেওঁৰ ভাগৰ-অৱসাদ দুৰ কৰিব। যদি আপোনাৰ সৈতে স্বামীৰ কিবা কথাত তৰ্ক হৈ মাত বোল বন্ধ হৈছে তেনেহ’লে তেওঁৰ সমস্ত খং দুৰ কৰিবলৈ ভাতৰ পাতত আপোনাৰ হাতৰ যাদুৱেই যথেষ্ট। একেদৰে অসুখীয়া বা ভাগৰুৱা পত্নীক সকাহ দিবলৈ পাকঘৰত পতিৰ অকণমান চেষ্টা সদায় প্ৰশংসাৰ পাত্ৰ।” মুখত মিঠা হাঁহি লৈ কৈ গ’ল অনুৰাগীৰ পৰা ‘পাকঘৰৰ সম্ৰাজ্ঞী’ খিতাপ পোৱা জুমি আহমেদে।

image


মোগলাই বিৰিয়ানিক অসমীয়া আখললৈ অনাৰ সময়বোৰ...

মৰম আৰু হেঁপাহেৰে পৰিয়ালৰ বাবে ৰন্ধা-বঢ়া কৰা এগৰাকী সাধাৰণ গৃহিণী। এফালে স্বামীৰ ব্যৱসায়িক ব্যস্ততা আৰু আনফালে দুজনীকৈ উঠি অহা কনমানি জীয়ৰিৰ পঢ়া-শুনা, চোৱা-চিতাৰ দায়িত্ব। আন দহগৰাকী অসমীয়া মহিলাৰ দৰেই দিনবোৰ পাৰ হৈ গৈ আছিল জুমি আহমেদৰ। কিন্তু প্ৰতিভা আৰু দক্ষতা এদিন নহয় এদিন সকলোৰে সন্মুখলৈ আহিবই। জুমি আহমেদৰ ভাগ্যই তেওঁৰ বাবে নিৰ্ধাৰণ কৰিছিল সুকীয়া বাট। ঘৰলৈ অহা আলহীক হেঁপাহ পলুৱাই সুস্বাদু ব্যঞ্জন পৰিৱেশন কৰা জুমি আহমেদে প্ৰথমবাৰ টেলিভিজনৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সুযোগ লাভ কৰে ২০০৯ চনত। আৰম্ভ হ’ল এক সফল পৰিক্ৰমাৰ।

image


“মোৰ প্ৰথম টেলিভিজন শ্ব’ কৰিছিলো ডি ৱাই ৩৬৫ চেনেলত। চেটেলাইট চেনেলটোৰ এংকৰ তথা সাংবাদিক পাপৰি বৰাই মই ৰন্ধা আহাৰ খাই ভালপাই প্ৰস্তাৱ দিছিল চেনেলটোত শ্ব’ কৰিবলৈ। ইয়াৰ পিছতে ‘ডি ৱাই সোৱাদ’ নামৰ অনুষ্ঠানটোৰ সৈতে মই জড়িত হৈ পৰো। অনুষ্ঠানটোৰ প্ৰায় ৩০-৩৫টা এপিছ’ডত মই অংশ লওঁ। চেনেলটোৰ জুহাল নামৰ দৰ্শকৰ প্ৰিয় অনুষ্ঠানৰো মই অংগ আছিলো।ডি ৱাইৰ পিছত ফ’কাছ এন ই, নিউজ টাইম চেনেলতো মোৰ অনুষ্ঠান মানুহে আগ্ৰহেৰে আদৰি লয়। ইয়াৰ মাজত মই সকলোতকৈ উপভোগ কৰিছিলো ফোন-ইন অনুষ্ঠানসমূহ। দৰ্শকৰ সৈতে লাইভত পোনপটীয়াকৈ সংযোগ স্থাপন কৰা এই অনুষ্ঠানত কেতিয়াবা একেটা ৰেচিপি ১৫ মিনিটৰ ব্যৱধানত ৫-৬বাৰলৈকৈ আওৰাব লগীয়া হৈছিল।কিন্তু মই অধৈৰ্য হোৱা নাছিলো বৰং ভালদৰে প্ৰতিবাৰ খুটি-নাঁটি মাৰি শিকাবলৈ চেষ্টা কৰিছিলো।” আৰম্ভণীৰ দিনবোৰ সুঁৱৰি জুমি আহমেদে কয়।

বিৰিয়ানি-কাবাবৰ দৰে মোগলাই ৰেচিপিৰ পৰা অসমীয়া থলুৱা পৰম্পৰাগত আহাৰলৈকে, কেক-টাৰ্ট-মিঠাইৰ পৰা অসমীয়া পৰম্পৰাগত পিঠা-পনালৈকে সকলোতে জুমি আহমেদৰ কিটিপ গ্ৰহণ কৰি উপকৃত হৈছে অগণন অসমীয়া গৃহিণী।দক্ষতা-অভিজ্ঞতাৰে পুষ্ট সকলোৰে মৰমৰ ‘জুমি বা'ই অকনো আমনি নোপোৱাকৈ সহায় কৰে ন-শিকাৰু গৃহিণীক। ৰন্ধন প্ৰকৰণৰ অসংখ্য অনুষ্ঠানেৰে ডি ৱাই, নিউজ টাইম(এতিয়া প্ৰতিদিন টাইম), ফ’কাছ এন ইৰ পিছত নিউজ লাইভৰ দৰ্শকৰ বুকুত জুমি আহমেদে নিজৰ বাবে গঢ়িছে সুকীয়া আসন। সকলো সাফল্যৰ বাবে নেদেখাজনক কৃতিত্ব দিয়া জুমি আহমেদে য়'ৰ ষ্ট'ৰীৰ আগত প্ৰকাশ কৰি গ’ল মনৰ অনুভৱ,

“মই সদায় অসমীয়া মধ্যবিত্ত লোকৰ পাকঘৰত সাধাৰণভাৱে উপলব্ধ সামগ্ৰীৰে সুস্বাদু ব্যঞ্জন কেনেকৈ ৰান্ধিব পাৰি তাৰ বাবে চিন্তা কৰোঁ। আমি বিৰিয়ানি খাই ভালপাওঁ কিন্তু সকলো সময়তে ঘৰত বাচমতি চাউল নাথাকিবও পাৰে, গতিকে ঘৰত প্ৰায়ে থকা জহা চাউলমুঠিৰেও আমি বিৰিয়ানিৰ সোৱাদ ল’ব পাৰো ধুনীয়াকৈ। মই শিকোৱা ৰন্ধন শৈলীৰে যদি কাৰোবাৰ মুখত অকণমান হ’লেও হাঁহি বিৰিঙিছে মোৰ সন্তুষ্টি তাতেই। আল্লাই মোক সকলো দিছে আৰু ইয়াতকৈ মই বেছি একো নিবিচাৰোঁ।”

টেলিভিজন চেনেলৰ লগতে বিভিন্ন দৈনিক কাকত, আলোচনীত জুমি আহমেদৰ ৰেচিপি আমি সকলোৱে পাই থাকো। প্ৰতিদিন কাকতত নিয়মীয়াকৈ খাদ্য সংক্ৰান্তীয় কলম প্ৰকাশ পোৱা জুমি আহমেদৰ ৰেচিপি এতিয়া আপুনি পঢ়িবলৈ পাব অনলাইন মেগজিনতো।

“খাদ্য সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যসন্মত হোৱাত চকু দিওঁ। খাদ্যৰ গুণাগুণ ৰান্ধোতে নষ্ট নোহোৱাকৈ ৰখাটো এটা কলা। ৰন্ধন প্ৰকৰণত পৰিষ্কাৰ-পৰিচ্চন্নতা সমানেই গুৰুত্বপূৰ্ণ।”জুমি আহমেদে কয়।

মাষ্টাৰ চেফৰ চিৰস্মৰণীয় মুহুৰ্ত...

খাদ্যৰসিকৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু বহুল সমাদৃত গ্ৰেট ব্ৰিটেইনৰ মাষ্টাৰ চেফ অনুষ্ঠানৰ ভাৰতীয় সংস্কৰণ আমূল মাষ্টাৰ চেফত প্ৰৱেশ জুমি আহমেদৰ বাবে সকলোতকৈ পাহৰিব নোৱাৰা মুহূৰ্ত। ব্যতিক্ৰমী ব্যঞ্জনেৰে সঞ্জীৱ কাপুৰ, বিকাশ খান্নাৰ দৰে দিগ্গজ চেফৰ পৰা ভূয়সী প্ৰশংসা বুটলি আনিছিল এইগৰাকী অসম জীয়ৰীয়ে। ২০১২ চনত মাষ্টাৰ চেফ ইণ্ডিয়াৰ অডিচনৰ বাবে শাৰী পতাৰ পৰা প্ৰিয় চেফৰ পৰা পোৱা আদৰৰ সময়লৈকে সকলো আজিও সজীৱ তেওঁৰ মনত।

“স্কোৱাছেৰে ৰন্ধা হালোৱা মই ইয়াৰ পৰা ৰান্ধি ফ্লাইটত লৈ গৈছিলো কলকাতালৈ। দিনটো শাৰী পাতি অৱশেষত তেওঁলোকৰ সন্মুখত তুলি ধৰিছিলো মোৰ ৰেচিপি। অনভিজ্ঞতাৰ বাবে বহুত নাৰ্ভাছ কৰিছিলো। ৰেচিপি পচন্দ কৰিছিল তেওঁলোকে, লগতে ৰেচিপিটোক লৈ সোধা প্ৰশ্নৰ মোৰ উত্তৰো আদৰি লৈছিল তেওঁলোকে। মোৰ বাবে আটাইতকৈ ভাল লগা মুহুৰ্ত হৈ ৰ’ব দীঘলীয়া শাৰীৰ মাজত ৰ’দত থিয় হৈ থাকোতে চেফ বিকাশ খান্নাৰ আদৰ। মই তেওঁক সদায় শ্ৰদ্ধা কৰি আহিছিলো।” ৰাষ্ট্ৰীয় টেলিভিজনত প্ৰতিভাৰ স্বাক্ষৰ দেখুওৱা উদ্যমী মহিলাগৰাকীৰ মন্তব্য।

image


মাষ্টাৰ চেফ ইণ্ডিয়াত তেওঁ তৃতীয় ৰাউণ্ডলৈকে গ’ল। বিভিন্ন কাৰণত চূড়ান্ত পৰ্যায় পোৱাৰ পৰা তেওঁ বঞ্চিত হয়, কিন্তু এই অভিজ্ঞতাই তেওঁক উত্তৰণ ঘটায় অধিক পৰিপক্কতাৰ দিশে। মনত দৃঢ়তা বাঢ়িল নতুন কিবা এটা কৰাৰ।

প্ৰতিভা, সফলতা আৰু পৰিশ্ৰমৰ বৰ্ণিলতাত উজ্জীৱিত অভিজ্ঞ জুমি আহমেদে মন স্থিৰ কৰিলে নিজাকৈ কিবা আৰম্ভ কৰাৰ।এফালে স্বামীৰ ব্যৱসায়িক ব্যস্ততা আৰু কনমানি পৰিয়ালটোৰ জঞ্জাল সামৰি জুমি আহমেদে আৰম্ভ কৰিলে নিজৰ ৰেষ্টুৰাঁ ‘Foodie Lovers’। উলুবাৰীৰ উৰণীয়া সেঁতুৰ তলত ২০১৩ চনৰ মে’ মাহত আৰম্ভ কৰা ৰেষ্টুৰাঁ জি.এছ ৰোডৰ আন দহখন ৰেষ্টুৰাঁতকৈ বহুত পৃথক। জুমি আহমেদে ব্যক্তিগতভাৱে ৰেচিপি আৰু ৰন্ধন প্ৰকৰণ নিৰীক্ষণত চোকা দৃষ্টি দিয়া ‘Foodie Lovers’ এবাৰ আহিলে দ্বিতীয়বাৰ অহাটো ১০০শতাংশই নিশ্চিত।

Foodie Lover's ৰেষ্টুৰেণ্ট

Foodie Lover's ৰেষ্টুৰেণ্ট


“মই এটা কথাতে গুৰুত্ব দিব বিচাৰিলো সেয়া হৈছে কম দামত সুস্বাদু আহাৰ। দৰমহাৰ টকাকিটাৰে কেৱল মাহটোৰ প্ৰথম কেইদিনত ৰেষ্টুৰাঁত বহাৰ আইডিয়া সলনি কৰিব বিচাৰিছিলো। মোৰ সপোন আছিল এখন ‘Pocket friendly’ ৰেষ্টুৰেণ্ট য’ত আপুনি সদায় আহিবলৈ বিচাৰিব। আমাৰ ইয়াত মাত্ৰ ৪০টকাত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি আপুনি এটা ৰ’লৰ সোৱাদ ল’ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন চাকৰিয়াল আমাৰ ইয়াত নিয়মীয়া গ্ৰাহক।” সফল উদ্যোগী জুমি আহমেদে কৈ যায়।

স্বামী বাবলু আহমেদৰ সৈতে

স্বামী বাবলু আহমেদৰ সৈতে


ঢাপে ঢাপে সাফল্যৰ বাটত অগ্ৰসৰ হোৱা জুমি আহমেদৰ বাবে এই সকলোবোৰ কেৱল অদৃষ্টজনৰ আশীৰ্বাদ।পৰিয়ালক সকলোতকৈ আগত স্থান দিয়া জুমি আহমেদে স্বামীৰ পৰাও পাইছে প্ৰচুৰ সমৰ্থন। প্ৰতিটো ক্ষেত্ৰত স্বামী বাবলু আহমেদৰ অৱদানক আগস্থান দিয়ে সকলোৰে মৰমৰ ‘কিটচেন কুইন’গৰাকীয়ে। জুমি আহমেদৰ সাফল্যৰ এই জয়যাত্ৰা অব্যাহত থাকক। অসমীয়া খাদ্যক নতুন ৰূপত সকলোৰে সন্মুখত তুলি ধৰিব বিচৰা জুমি আহমেদ হওক প্ৰতিগৰাকী অসমীয়া গৃহিণীৰ বাবে আদৰ্শ, য়'ৰ ষ্ট'ৰীৰ তৰফৰ পৰা তেওঁলৈ থাকিল অলেখ শুভেচ্ছা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ

কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

    Share on
    close