ভাৰত আৰু নাইজেৰিয়াৰ মাজত সংশোধিত বিমান সেৱা চুক্তি স্বাক্ষৰলৈ কেবিনেটৰ অনুমোদন

ভাৰত আৰু নাইজেৰিয়াৰ মাজত সংশোধিত বিমান সেৱা চুক্তি স্বাক্ষৰলৈ কেবিনেটৰ অনুমোদন

Monday December 26, 2016,

1 min Read

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰত আৰু নাইজেৰিয়াৰ মাজত সংশোধিত বিমান সেৱা চুক্তি স্বাক্ষৰৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে৷ ইয়াৰ পূৰ্বে এই চুক্তি স্বাক্ষৰ হৈছিল ১৯৭৮ চনৰ ৩১ জানুৱাৰী তাৰিখে৷ বর্তমান এই চুক্তিখনকে দুয়োখন দেশৰ মাজত বিমান যোগাযোগ উন্নত কৰাৰ লক্ষ্যৰে আন্তর্জাতিক অসামৰিক বিমান পৰিবহন সংস্থা ICAO অনুযায়ী বর্তমান সময়ত অসামৰিক বিমান পৰিৱহন ক্ষেত্রৰ সর্বাধুনিক মান অনুযায়ী আধুনিক কৰি তোলা হৈছে৷

image


সংশোধিত চুক্তিখন ভাৰত আৰু নাইজেৰিয়াৰ মাজত অসামৰিক বিমান পৰিৱহন সম্পর্কৰ ক্ষেত্রত এক বিশেষ মাইলৰ খুটি হিচাপে বিবেচিত হ’ব তথা এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, পর্যটন আৰু সাংস্কৃতিক বিনিময়ক আৰু অধিক উজ্জীৱিত কৰি তুলিব৷ বিমান সেৱা চুক্তিৰ গুৰুত্বপূর্ণ কিছু বিষয় হৈছে, দুয়োখন দেশেই এক বা তাতোধিক বিমানক মনোনীত কৰিব পাৰিব৷ এই বিমান সেৱাৰ বিক্ৰী আৰু প্রচাৰৰ বাবে দুয়োখন দেশেই দুয়োখন দেশতেই বিভাগীয় কাৰ্যালয় স্থাপন কৰিব পাৰিব৷ বাণিজ্যিক দৃষ্টিভঙ্গীৰে যুক্তিসঙ্গতভাৱে ভাড়া নির্ধাৰণ কৰিব পাৰিব৷ প্রয়োজন সাপেক্ষে সমবায় বিপণন ব্যৱস্থাতো জড়িত হ’ব পাৰিব৷

(উৎস - পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

ভাৰতত বৰ্তমানলৈকে ১১,৪২৯ খন গাঁৱলৈ বিদ্যুৎ যোগান

আঙুলিৰ চাপেৰেই বিমান বন্দৰত প্ৰবেশ কৰিব পৰা যাব

বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া