শ্বেয়াৰ বজাৰক আকৰ্ষণীয় কৰি তুলিছে জিৰোধাই

শ্বেয়াৰ বজাৰক আকৰ্ষণীয় কৰি তুলিছে জিৰোধাই

Thursday December 10, 2015,

4 min Read

ভাৰতৰ নিচিনা এখন দেশ, যি ঠাইৰ জনসংখ্যা ১২০ কোটি, তেনে এখন দেশত ব্যৱসায় বাণিজ্য কৰাতো সদায় লোভনীয়। কিন্তু ইমানৰ পাছতো ভাৰতৰ জনসংখ্যাৰ প্ৰতি ১০ কোটিৰ মাজৰ মাত্ৰ ২০ লাখ মানুহে সক্ৰিয়ভাৱে শ্বেয়াৰ কিনা-বেচা কৰে। শতাংশৰ হিতাপত এয়া মাথো মুঠ জনসংখ্যাৰ শূন্য দশমিক এক শতাংশৰ পৰা শূন্য দশমিক দুই শতাংশ। আৰু এই দুখলগা পৰিসংখ্যা দূৰ কৰাৰ কাৰণেই ডিস্কাউন্ট ব্ৰোকিং সংস্থা জিৰোধাই প্ৰয়াস অব্যাহত ৰাখিছে।

image


২০১০ চনত বাংগালুৰুত জিৰোধাৰ আৰম্ভণী। জিৰোধাৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া নিতীন কামাথে জনায় যে শ্বেয়াৰ বজাৰৰ ব্যৱসায়ত মধ্যস্থতাকাৰীৰ অভাৱৰ বাবেই জিৰোধাৰ জন্ম। জিৰোধা হৈছে দেশৰ একমাত্ৰ অৰ্থনৈতিক সংস্থা যিয়ে ফ্যেট-ফ্ৰী মডেলত কাম কৰে। নূন্যতম অৰ্থৰ বিনিময়ত তেওঁলোকে সেৱা আগবঢ়ায়। দেশৰ প্ৰতিটো ষ্টক এক্সচেঞ্জ, কম'ডিটী আৰু এক্সচেঞ্জৰ সদস্য হৈছে জিৰোধা।

image


শূন্যৰ পৰা আৰম্ভ

সামান্য মূলধন হাতত লৈ ব্যৱসায় আৰম্ভ কৰিছিল নীতিন কামাথে।কম খৰচত সেৱা আগবঢ়োৱা জিৰোধাই কিন্তু ইয়াৰ সেৱাৰ মান নিম্নগামী কৰা নাই। শূন্যৰ পৰা ব্যৱসায় আৰম্ভ কৰা নীতিন কামাথৰ বাবেই প্ৰথম প্ৰত্যাহ্বান আছিল গ্ৰাহকক কম মূল্যত উন্নত সেৱা আগবঢ়োৱাৰ কথাটো প্ৰতিপন্ন কৰাটো। আৰু আজি তেওঁলোক এই ক্ষেত্ৰত সফল হৈছে। ২০০৬ চনত অৰ্থনৈতিক পৰামৰ্শদাতা হিচাপে কাম আৰম্ভ কৰা নীতিন কামাথে নিজৰ ভাতৃ নিখিল কামাথৰ সৈতে মিলি আৰম্ভ কৰিছিল কামাথ এছ’ছিয়েট নামৰ এটা সংস্থা। নিখিলৰ তেতিয়া বয়স আছিল মাথো ১৭ বছৰ। আৰু সেয়াই আৰম্ভণী। আজি জিৰোধাৰ ব্যৱসায়িক কৌশল নিৰ্ধাৰণ কৰাৰ দায়িত্বত আছে নিখিল কামাথ। জিৰোধাৰ মুল নীতি নিৰ্ধাৰণ কৰা দলটোৰ আন এগৰাকী সদস্য হৈছে মুখ্য কাৰ্যকৰী বিষয়া বেণু মাধৱ। ৰিলায়েন্স মানীৰ অৰ্থনৈতিক পৰামৰ্শদাতাৰুপে কাম কৰা বেণী মাধৱ চাকৰি কালত নীতিনৰ সৈতে একেটা কোঠাত আছিল। সেই সময়তে পৰিচয় হোৱা আৰু নিজৰ সংগ্ৰামৰ সময়ত সংগ দিয়া বেণু মাধৱৰ লগত নীতিনৰ আছে এক সুন্দৰ বন্ধুত্ব। আৰু জিৰোধাৰ সফল যাত্ৰাত ই যথেষ্ট সহায়ক হৈছে। তাৰেপৰি জিৰোধাৰ সৈতে জড়িত হৈ আছে হানান ডেলভি। একমাত্ৰ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে শিকিবলৈ আহিছিল ডেলভী। আৰু আজি কোম্পানীটোৰ গ্ৰাহক সমন্বয়ৰক্ষী বিভাগৰ শীৰ্ষ পদবীৰ দায়িত্বত আছে ডেলভী। জিৰোধাৰ সৈতে জড়িত হৈ আছে নীতিন কামাথৰ পত্নী সীমা পাটিল, এওঁৰ দায়িত্ব হৈছে জিৰোধাৰ বিভিন্ন সেৱাৰ গুণগত মান নিৰ্ণয় কৰা। নীতিন কামাথ, বেণু মাধৱ আৰু সীমা পাটিল হৈছে জিৰোধাৰ ক’ৰ টীমৰ সদস্য। ইয়াৰ উপৰি কৈলাস নাথে জিৰোধাৰ কামৰ বাবে ব্যৱহৃত প্ৰযুক্তি আৰ্টিফিচিয়েল ইন্টিলিজেন্সৰ পৰিচালনাৰ দাযিত্ব বহন কৰি আছে।

image


প্ৰযুক্তিগত সহায়

নিতীন কামাথে কব বিচাৰে যে উন্নত প্ৰযুক্তিৰ বাবেই জিৰোধা আজি আন পাঁচটা অনলাইন ষ্টক ট্ৰেডিং কোম্পানীতকৈ আগত থাকিব পাৰিছে। পাই, কোৱান্ট, কিউ আৰু কাইট, এই চাৰিটা প্ৰযুক্তি তথা অনলাইন প্লেটফৰ্মৰ সহায়ত জিৰোধাই সহজেই ব্যৱসায় আগুৱাই নিব পাৰিছে।

পাই- এই প্ৰযুক্তি বৰ্তমান ব্যৱহৃত হৈ থকা প্ৰযুক্তিসমূহতকৈ যথেষ্ট আগবঢ়া। ইয়াৰ সহায়ত বিভিন্ন ৰেখাচিত্ৰ তথা বিশ্লেষণেৰে শ্বেয়াৰ কিনা-বেচা কৰা হয়। এই প্ৰযুক্তিৰ জৰিয়তে গ্ৰাহকে অনুভৱ কৰে যে তেওঁলোকে ২০১৫ চনত নহয়, ২০২০ চনতহে কাম কৰি আছে।

কোৱান্ট- এই প্ৰযুক্তিয়ে প্ৰতিগৰাকী ট্ৰেডাৰক তেওঁৰ পুৰণি ট্ৰেডিং একাউন্টৰ খুঁটি-নাটি মাৰিবলৈ সহায় কৰে। বিশেষকৈ এই প্ৰযুক্তিয়ে ট্ৰেডাৰৰ বাবে অনলাইন জাৰ্নেলৰ কাম কৰে।

কিউ- কিউক ব্যক্তিগত সহায়কাৰী বুলি অভিহিত কৰিব পাৰি। মাউচৰ এটা ক্লিকত ট্ৰেডাৰে লাভ কৰে সমস্ত তথ্য। সেয়া লাগিলে পৰ্ট-ফলিঅই হওক বা একাউন্টচ বহীয়েই হওক, সকলোৰে দায়িত্ব কিউৰ।

কাইট- শ্বেয়াৰ কিনা-বেচাৰ পৰামৰ্শদাতা হিচাপে কাম কৰে কাইট নামৰ প্ৰযুক্তিয়ে। স্মাৰ্ট-ফোনত জৰিয়তেও ব্যৱহাৰ কৰিব পাৰি কাইট।

সাফল্যৰ গ্ৰাফ

ইতিমধ্যে সমগ্ৰ দেশত ৮০ হাজাৰতকৈ অধিক গ্ৰাহক থকা জিৰোধাৰ প্ৰতিটো ত্ৰিমাসিকৰ লাভৰ হাৰ এশ শতাংশ। যোৱা বৰ্ষত জিৰোধাৰ লাভ হৈছিল ৭০ কোটি টকা। আৰু নিতীন কামাথৰ লক্ষ্য ১০০ কোটিৰ ব্যৱসায়িক লাভালাভ।বীমাই হওক বা মিচিউয়েল ফান্ডেই হওক জিৰোধাৰ বিপক্ষে এটা অভিযোগ উথ্থাপিত হোৱা শুনা যায় আৰু সেয়া হৈছে যে এজেন্টসকলে চেল্চ-টাৰ্গেট পূৰ্ণ কৰিবলৈ অপ্ৰয়োজনীয়ভাৱে গ্ৰাহকক পলিচী বিক্ৰী কৰে। এই অভিযোগ খণ্ডন কৰি নিতীন কামাথে কব বিচাৰে যে জিৰোধাই কোনো ধৰণৰ দালালী খৰচ বা ব্ৰ’কাৰেজ নলয়। আৰু এই কথাটো গ্ৰাহকে বুজি পোৱা উচিত।

বৰ্তমান ব্যৱসায়ৰ এক অবিচ্ছেদ্য অংগ হৈছে এনালিটিক্স বা পৰ্যালোচনা। এটা সংস্থাৰ উন্নতি নিৰ্ভৰ কৰে বজাৰৰ গতিৰ সৈতে মিলাই সঠিক পৰ্যালোচনা আগবঢ়োৱা। জিৰোধাই বৰ্তমান দুটাকৈ এনালিটিক্স সংস্থাৰ সৈতে কাম কৰে আৰু এই দুটা হৈছে ট্ৰেডলেব আৰু নিউট্ৰেড। এই দুটা সংস্থাত জিৰোধাই ৪ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ উপৰি আন তিনিটা ষ্টাৰ্ট-আপৰ সৈতেও জিৰোধা জড়িত হৈ আছে।

জিৰোধাৰ লক্ষ্য দেশৰ জনসাধাৰণৰ ৫ শতাংশ লোকক জড়িত কৰা। এই মুহুৰ্তলৈ এক শতাংশও সম্পূৰ্ণ হোৱা নাই জিৰোধাৰ। উল্লেখ্যে যে, যিখন দেশত ৬০শতাংশ মানুহৰ বেংক একাউন্ট নাই তেনে এখন দেশত ইমান সংখ্যক লোকক ডিমেট একাউন্টৰ লগত সংলগ্ন কৰাতো সহজ কাম নহয়। এয়া যদিও আপাত দৃষ্টিত অবাস্তৱ যেন লাগে তথাপিও এনে কল্পনাক বাস্তৱত ৰূপায়ন কৰাতোৱেই হৈছে জিৰোধাৰ লক্ষ্য।

লেখকঃ সিন্ধু কাশ্যপ-আদিত্যভূষণ দ্বিবেদী

অনুবাদঃ শোণিত কুমাৰ গোস্বামী