অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ পেকেজ-চিজিটিএমএছইত অনুমোদন কেবিনেটৰ

অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ পেকেজ-চিজিটিএমএছইত অনুমোদন কেবিনেটৰ

Monday January 30, 2017,

1 min Read

অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ পেকেজ-চিজিটিএমএছইত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগসমূহক সহায় কৰাৰ লক্ষ্যৰে চিজিটিএমএছই শীৰ্ষক বিশেষ পেকেজত অনুমোদন জনোৱা হয়।

image


এই প্ৰস্তাৱৰ গুৰুত্বপূৰ্ণ দিশবোৰ হ’লঃ-

i) এই পুঁজিৰ পৰিমাণ পূৰ্বৰ ২,৫০০ টকাৰ পৰা ৭,৫০০ বৃদ্ধি কৰা হয়, য’ত সম্পূৰ্ণ পুঁজি ভাৰত চৰকাৰে ব্যয় কৰিব।

ii) ঋণ নিশ্চিত আঁচনিয়ে সামৰি লোৱা এই আঁচনিৰ অধীনত ঋণৰ পৰিমাণ ১ কোটি টকাৰ পৰা ২ কোটিলৈ বৃদ্ধি কৰা হয়।

iii) এনবিএফচিৰ দ্বাৰাও অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক ঋণ নিশ্চিত আঁচনিৰ অধীনত ঋণ প্ৰদান কৰা হ’ব।

ইয়াৰ পৰা অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহ নিম্নোলিখিত ধৰণে উপকৃত হ’বঃ-

ক) কোনো ব্যক্তিৰ ব্যক্তিগত উদ্দেশ্য সাধনৰ মাত্ৰা হ্ৰাস পাব।

খ) পুঁজিৰ বহনযোগ্যতা উন্নত হ’ব।

গ) বিত্তীয় ব্যৱস্থাপনা উন্নত হ’ব।

কেবিনেটৰ এই অনুমোদনৰ ফলত অতি ক্ষুদ্র আৰু ক্ষুদ্র উদ্যোগসমূহে আৰু অধিক পৰিমাণে ঋণ সাহায্য লাভ কৰাৰ সুযোগ বৃদ্ধি পাব। এনে পৰিপেক্ষিতত এফালে যিমান উৎপাদন আৰু কর্মসংস্থাপন বৃদ্ধি পাব, আনফালে সিমানেই সামগ্ৰিক কাম-কাজো বৃদ্ধি হ’ব।

এই ব্যৱস্থাৰ অধীনৰ সকলো কাম-কাজ অনলাইনৰ মাধ্যমত সম্পন্ন হ’ব। সেয়েহে চৰকাৰী দায়ৱদ্ধতাও নিশ্চিত হ’ব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ